ফটাঢোল

কণাৰ ফৰ্মুটি আৰু দুখন চিনেমা-নয়নমণি হালৈ

(নব্বৈৰ দশকত জন্মা কোনো শিশুকে বোধহয় “ভিচিআৰ (Video Cassette Recorder)” বোলা বস্তুবিধৰ সৈতে চিনাকি কৰাই দিব নালাগে৷ আমাৰ শৈশৱ, কৈশোৰত ভিচিআৰ বোলা দৈৱ বস্তুটোৱে আমাৰ মনত যিধৰণৰ চঞ্চলতা আৰু উদ্দীপনাময় কৰি তুলিছিল, তাৰ উত্তেজনা যেন এতিয়াও শাম কটা নাই৷ আমাৰ কল্পনাৰ জগতখনক এঢাপ এঢাপকৈ ই ওপৰলৈ তুলি লৈ গৈছিল আৰু জীৱন কৰি তুলিছিল চিনেমাময়৷যিয়ে নহওক, তলৰ ঘটনা দুটাই আপোনাকো হয়তো ভিচিআৰৰ কথা মনত পেলাই দিব পাৰে৷)

(১)

সিদিনা গাঁৱৰে মোৰ লগৰ এটাৰ ভনীয়েকৰ তুলনি বিয়া৷ তুলনি বিয়াৰ দিনা সন্ধিয়াৰ পৰাই বিয়াঘৰৰ পদূলি আৰু তাৰ আশে-পাশে সদ্য কৈশোৰ উত্তীৰ্ণ এজাক ল’ৰা, চেঙেলীয়া আৰু আদহীয়া মানুহ কিছুমানে জুম বান্ধি থকা দেখা যায়৷ সেই জুমৰ মাজতে হঠাৎ কোনোবা এজনে খবৰ দিয়ে “ভিচিআৰ আনিব”৷ লগে লগে চঞ্চল এজাক মৌমাখিয়ে যেন বিয়াঘৰৰ পদূলিমুখৰ পৰা ঘৰৰ ভিতৰলৈ মিঠা গুণগুণনি এটাই ঢৌ তুলি যায়৷ দিনটোৰ আনন্দক দুগুণ কৰি তুলিবলৈ যেন ভিচিআৰ বোলা বস্তুবিধে অপেক্ষা কৰি থাকে৷ তাৰোপৰি দুৰণিবটীয়া আলহীক বহুৱাই ৰাখিবলৈও ই এটা কৌশলৰ কাম কৰে৷ ডেকাল’ৰাৰ জাকটোৰ মাজত গুণগুণনিয়ে ক্ৰমাৎ তুংগত উঠি এটা কোলাহলৰ সৃষ্টি কৰি দিয়ে৷ এই কোলাহলৰ আঁৰৰ বিষয় হ’ল “সদ্যহতে কি চিনেমাই মুক্তি পাইছে আৰু সেইকেইখনত ফাইটৰ লেভেলটো কেনেকুৱা”৷ মুঠতে কোন হিৰোৰ কি চিনেমা লৈ আহিলে ৰাতিটো ষোল্লঅনাই মনোৰঞ্জক হৈ উঠিব সেইটো কথাই উত্তেজনাৰ সীমা অতিক্ৰম কৰি যাব খোজে৷ ঠিক সেইখিনি সময়তে মোৰ গুৰুত্ব বাঢ়ি আহে৷ কোনোবা এজনে মোক বিচাৰি মাত দিয়ে “মাত৷, ধনক মাত ধনক মাত”৷

গাঁৱত মোক ‘ধন’ বুলি মাতে৷ সেই ডেকা ল’ৰাৰ জাকটোত সোমাই চিনেমা সম্পৰ্কত মাত দিব পৰা বয়স মোৰ তেতিয়ালৈ হোৱা নাই৷ মেট্ৰিকৰ দেওনা তেতিয়াও পাৰ হোৱাই নাই৷ কিন্তু মোৰ যোগ্যতাক লৈ কোনেও প্ৰশ্ন নকৰে৷ বাইদেৱে কলেজৰ পৰা আহোঁতে ‘বিষ্ময়’ কিনি আনে আৰু ঘৰত মই শেষপৃষ্ঠাটো আগতে দৰ্শন কৰি লওঁ আৰু চিনেমাৰ পৃষ্ঠাকেইটা গো-গ্ৰাসে গিলিবলৈ ধৰোঁ৷ ফলত মোৰ চিনেমা সম্পৰ্কীয় জ্ঞান ইতিমধ্যেই কুমলীয়াৰ পৰা পূৰঠ অৱস্থা এটালৈ উত্তীৰ্ণ হৈছে৷ মই ‘ৰিকমেণ্ড’ কৰা অজয় দেৱগনৰ ‘এক হী ৰাস্তা’ আৰু সুনীল চেট্টীৰ ‘ৰক্ষকে’ ইতিমধ্যে গাঁৱে-ভূঞে মোৰ নাম ৰজনজনাই গৈছে৷ ইমান সৰুতে হালৈ মাষ্টৰৰ পুতেক চিনেমাত পকি গৈছে বুলি সকলোৱে মোক বাঃবাঃ দিয়ে৷ কিন্তু ‘হস্তীৰো পিচলে পাৱ সজ্জনৰো বুৰে নাও’৷

মোৰো ভুল হৈ গ’ল৷ ডেকা ল’ৰাৰ জাকটোৱে মোক বেঢ়ি ধৰি মোৰ মুখৰ পৰা কি চিনেমাৰ নাম ওলায়, সেইটো শুনিবলৈ দুয়োকাণ থিয় কৰি দিলে, যেন চিনেমাৰ নাম নহয় শব্দৰূপী ব্ৰহ্মাহে আৰু সেইখিনি সময়তে মই চকুদুটা মুদি মোক্ষ লাভ কৰাৰ দৰে যিটো উত্তৰ দিলোঁ, সেইটো হ’ল- হাম দিল দে চুকে চনম৷ 

: হিৰো কোন আছে?

কোনোবা অত্যুৎসাহী এটাই মাত দিলে৷

: চলমান খান আৰু অজয় দেৱগন৷

: ফাইট?

: মিনিমাম আঠ দহটাতো থাকিব লাগে৷

বচ্‌ ল’ৰাহঁতক আৰু কোনে পায়!

আহি পালে ভিচিআৰ, আহি পালে ‘হাম দিল দে চুকে চনম’৷ ওপৰত চামিয়ানা, তলত একপাল মানুহ৷ প্ৰথমতে ‘শকুন্তলা শংকৰ যোচেফ আলি’ দেখুওৱা হ’ল৷ তিৰোতাবোৰে চাদৰৰ আঁচলেৰে চকুপানী মচি মচি চকুৰপানী নাকৰপানী একাকাৰ কৰি দিলে৷ সেইখন চায় তিৰোতাবোৰ ঘৰাঘৰি যাব, হিন্দী তেওঁলোকে নাচায়৷ বৰজনাকৰ লগতে সৰু ডাঙৰ এমখা মানুহৰ লগত তেওঁলোকে লেংটা নাচবোৰ চাব নোৱাৰে, লাজ লাগে৷ এইফালে ল’ৰাহঁতে আঙুলিৰ জোৰা হিলাই বহি আছে৷ সিহঁতক ফাইট লাগে, ভিলেইন লাগে৷ অৱশেষত আৰম্ভ হ’ল ‘হাম দিল দে চুকে চনম’৷ ৰাজহাড় চিধা কৰি ল’ৰাহঁত বহি আছে৷ দহমিনিট গ’ল, বিশমিনিট গ’ল, আধাঘণ্টাও গ’ল, নাই ফাইট নাই৷ মই বোলো এইখনৰ লক্ষণ ভাল নহয়৷ মাত্ৰ কেইমাহমান আগত অজয় দেৱগনৰ ‘দিলৱালে’ আৰু ‘বিজয়পথ’ চায় উঠিছোঁ, আৰু আজি এয়া মই কি দেখিছোঁ! আৰু চলমান! মই যেন নিজৰ ওপৰতে বিশ্বাস হেৰুৱাই পেলালোঁ৷ এঘণ্টামান যোৱাৰ পিছত চোতালৰ মাজৰ পৰা কোনোবা এটাই চিঞৰিলে- ‘ভিচিআৰ ভাঙি পেলাম আজি মই’- সেইটো কইনাৰ ভিনিহিয়েক, সিয়ে ভিচিআৰৰ অৰ্ধেক খৰচ বহন কৰিছে৷ মই অলপ পিচ হুঁহুকি আহিলোঁ৷ এইবাৰ আন এটাই চিঞৰিলে- ‘এই মূৰাখন কোনে আনিব দিছিলনো’! মই এইবাৰ লাহেকৈ পদূলিটো পাৰ হ’লোঁ৷ এইবাৰ এটাৰ মাত স্পষ্ট শুনা পালোঁ- ‘মাত, ধনক মাত ধনক মাত’৷ 

মই আৰু নৰ’লোঁ৷ এনেয়ে এন্ধাৰলৈ মোৰ বৰ ভয় লাগে৷ কিন্তু সেইদিনা এন্ধাৰেমুন্ধাৰে মই এনেকৈ খোজ দিলোঁ, কোন মুহূৰ্তত ঘৰ পায় বিছনাত পৰি উশাহটো ঘূৰাই লৈছোঁ গমকে নাপালোঁ৷

(২)

মাঘৰ পূৰ্ণিমা। মোৰ গাঁৱতে লাগি থকা বালগোপাল দেৱালয়ত সভা৷ লোকে লোকাৰণ্য৷ জেলেপী, ঘুগুনিৰ দোকান, মনিহাৰী, হৰেকমাল, তীৰখেল, জিকমিকিয়া লাইট, মুঠতে শৈশৱ কৈশোৰত সেয়াই আছিল আমাৰ সৰগ৷ নক’লেও হ’ব এই সৰগতো আমাৰ বাবে আটাইতকৈ আকৰ্ষণীয় বস্তুটোৱেই আছিল ‘ভিচিআৰ’৷ সমীপৰ স্কুলঘৰ এটাত ভিচিআৰ প্ৰদৰ্শন৷ টিকটৰ হাৰ পাঁচটকা আৰু দহটকা৷ দহটকাত চকী, পাঁচটকাত বস্তা। মানে মজিয়াত পাৰি দিয়া বস্তাৰ ওপৰত বহিয়ে চিনেমা দৰ্শন৷ মই আৰু মোৰ লগৰ এটা খৰ গতিৰে স্কুলঘৰ অভিমুখে খোজ দিছোঁ। প্ৰথমে ভিচিআৰত চিনেমা, তাৰপৰাহে সভা। গৈ দেখিলোঁ দুটা ভিচিআৰত দুখন চিনেমা৷ এটাত আমিৰ খানৰ ‘মেলা’, আনটোত মিঠুনৰ ‘শ্বেৰা’৷ তেজেৰে লুতুৰিপুতুৰি হৈ মিঠুনে দাতমুখ কৰচি পোষ্টাৰত জিলিকি আছে, দেখিলেই গম পায় জবৰদস্ত এক্সন৷ আৰু এইখনত আমিৰৰ নৃত্যৰত ভংগীমা, কাষত স্বল্পবসনা নায়িকা৷ মহাভাৰতৰ যুদ্ধত ‘অশ্বত্থমা হত’ কোৱাৰ সময়তো কিজানি যুধিষ্ঠিৰে ইমান ধৰ্ম সংকটত পৰা নাছিল, মোৰ সেইখিনি সময়ত যিটো অৱস্থা হ’ল৷ লগৰটোৱে মোৰ মুখলৈ এনেকৈ চায় আছে, যেন মোৰ মুখেৰে ওলোৱা এটা কথাত সি পাঁচটকা নহয়, জীৱনটোকে বাজী লগাবলৈ ৰৈ আছে৷ দুই ছেকেণ্ড সময় লৈ মই উত্তৰ দিলোঁ- ‘মেলা’৷ মই তেতিয়া প্ৰেমপিৰিতি অলপ অচৰপ বুজা হৈছোঁ৷ টিউছনৰ ছোৱালী দুজনীমানে ইতিমধ্যে মোৰ বুকুত সাগৰ নহ’লেও সৰুসুৰা জানজুৰিৰ ঢৌ তুলেছেহি৷ গতিকে মই আমিৰ খানক পচন্দ কৰিলোঁ৷ সি বেটা তামাম ৰোমাণ্টিক৷ কিন্তু মোৰ লগৰটো নিৰাশ হ’ল৷ মিঠুনক এৰি এই চেৰাপাগলটোৰ চিনেমা! তাৰ অৱস্থাটো ‘কি কৰোঁ গোপাল ক’লৈ যাওঁ কৃপাল’ তেনে হ’ল। অৱশেষত তাৰ মোৰ প্ৰতি থকা বিশ্বাসটোৱেই জয়ী হ’ল৷ হ’লেও এবাৰ নিশ্চিত হৈ ল’লে সি – ‘ফাইট আছেন?’ মই বোলো ‘পূৰা ফাইট আছে’৷ সি বিশ্বাস অবিশ্বাসেৰে দুটা টিকট কিনি আনিলে৷ মই মনতে ভাবিছোঁ চিনেমা শেষ হোৱাৰ পিছত গালি খালেও খালোঁ, কিন্তু আমিৰক নেৰোঁ৷ অৱশেষত বস্তাত বহিলোঁ, আৰম্ভ হ’ল ‘মেলা’৷ মোৰ সকলো ৰোমাণ্টিক বিলাস আৰু প্ৰেমপিৰিতিক নস্যাৎ কৰি এইখনত আৰম্ভ হ’ল হাই ভল্টেজ এক্সন, ভয়ংকৰ চেহেৰাৰ ভিলেইন আৰু জবৰদস্ত ফাইট৷ মোৰ লগৰটোৱে একোবাৰ আনন্দ আৰু উত্তেজনাতে মোৰ পিঠিত থাপ্পৰ মাৰি দিয়ে, থাপ্পৰটো মাৰিয়ে সি যেন ক’ব খোজে ‘চাব্বাচ’!

চিনেমাৰ শেষত আমি যেতিয়া ওলাই আহিলোঁ, মোৰ লগৰটোৰ মুখত যেন সভাৰ গোটেই জিকমিকিয়া লাইটবোৰ জ্বলি উঠিছিল৷ উজ্জ্বল হৈ থকা মুখেৰে সি কৈছিল- ‘তই সঁচাকে চিনেমাৰ বিষয়ে তামাম জান, তোক আজি মই ঘুগুনি আৰু আলুৰ চপ খুৱামেই’৷ 

ৰোমাণ্টিক চিনেমাৰ আবেশ নাপালেও গৰম ঘুগুনি আৰু আলুৰ চপৰ সোৱাদ সেইদিনা অনন্য হৈ পৰিছিল৷

☆ ★ ☆ ★ ☆

2 Comments

  • ৰাজশ্ৰী শৰ্মা

    হা হা, তোলনি বিয়াত ভি চি আৰ চোৱা মজাই বেলেগ আছিল কিন্তু। মজা লাগিল পঢ়ি।

    Reply
  • বন্দিতা জৈন

    চাইছো দেই। কিন্তু দুখৰ বিষয় কোনো দিন এখনো চিনেমা সম্পূৰ্ণ চাব নাপালো।

    Reply

Leave a Reply

Your email address will not be published.

error: Content is protected !!