কাণতলীয়া চৰ-অসমী গগৈ
এনেবোৰ কথাতে মোৰ খঙে চুলিৰ আগ পায়গৈ। মৰম বুজি নোপোৱা মানুহবোৰৰ ওপৰত মোৰ ভীষণ খঙ উঠে। ইমান মৰম কৰোঁ, তথাপিও নুবুজে। পিন্ধা-উৰা, ওলোৱা-সোমোৱা, খোৱা-বোৱা একোতে হাত নধৰোঁ কাহানিও। নুবুজে, তথাপিও নুবুজে। মৰমৰ প্ৰতিদান বা কৃতজ্ঞতাবোধ বোলা বস্তুটো একেবাৰেই নাই। স্বাৰ্থপৰ মানুহ। ইমানেই স্বাৰ্থপৰ যে নিজৰ বাহিৰে আমাৰ কথা নাভাবে কাহানিও। এদিন বুলি কৈ দুই তিনিদিন নহাকৈ থাকে।
মানুহটো এদিন নাহিলেই মোৰ উচপিচ লাগে। হাত ভৰি নচলা যেন হয়। কঁপনি এটাই ভৰিৰ পৰা মূৰলৈকে চেপি আনে। মানুহটোৰ খবৰ জানিবলৈ মনটোৱে হাঁহাকাৰ কৰি উঠে। নহয় নহয়, মানুহটো কুশলে আছেনে জানিবলৈ নহয়, সি নহ’লে যে আমাৰ এখোজো নচলে সেইবাবেহে। আজি দুবছৰ ধৰি মানুহজন বিছনাত। পক্ষাঘাটত আক্ৰান্ত ল’ৰাহতঁৰ দেউতাকক অকলে আলপৈচান ধৰাটো মোৰ দৰে পয়ষষ্ঠি বছৰীয়া মানুহজনীৰ বাবে সম্ভৱ নহয়। তাতে মোকো বহুমূত্ৰ ৰোগে লগ দিয়েই আছে। সেয়ে বিদেশত থকা ল’ৰাহঁতেই মানুহটো বন্দবস্ত কৰি থৈ গৈছে। প্ৰথমে সিহঁতে বৃদ্ধাশ্ৰমত থকাৰ কথাই কৈছিল। আমাৰহে ঘৰৰ ভেটিটো এৰিবলৈ সত নগ’ল। কেনেকৈনো এৰোঁ বাৰু! তেজক পানী কৰি হাড়ক মাটি কৰি সজা ঘৰ এটাৰ প্ৰতি মানুহৰ কেনে মায়া থাকিব পাৰে সেয়া সিহঁতে কেনেকৈ বুজিব! অৱশ্যে পঢ়াৰ নামত সিহঁতে গোটেই জীৱন বাহিৰতে কটালে। এতিয়াও পঢ়ি শুনি চাকৰিও ল’লে বিদেশত, সংসাৰো কৰিলে বিদেশতে। গতিকে আপোন ঘৰৰ প্ৰতি মোহ কেনেকুৱা হ’ব পাৰে সেয়া সিহঁতৰ অনুভৱৰ বাহিৰত। সেয়ে এতিয়া মানুহটোৱেই আমাৰ ভৰষা৷
যোৱামাহতো মানুহটো দুদিন অহা নাছিল। বিয়াৰ বয়স উকলিবলৈ লোৱাৰ সময়তে বিয়া পাতিছিল সি। কথাষাৰ পাছতহে গম পাইছিলোঁ। বিয়ানো কি! বহুত দূৰসম্পৰ্কীয় দদায়েকে কম বয়সীয়া গৰ্ভৱতী ঘৈণীয়েকক সদায় মাৰপিট কৰিছিল। এইটো সকলোৱে জনা আৰু দেখি থকা কথা আছিল। কিন্তু কোনেও মাত মতা নাছিল। গিৰিয়েক ঘৈণীয়েকৰ কথা বুলি আটায়ে গা এৰা দিছিল। কিন্তু গা-ভাৰী মানুহজনীক সদায় এনেকৈ মাৰ পিট কৰি থকাটো শুনি সি সহ্য কৰিব পৰা নাছিল। আৰু এদিন গৈ সি লৈ আহিছিল মানুহজনীক। মানি ল’ব পৰা নাছিল কোনেও কথাটো। কিন্তু আমি সহজে মানি ল’ব নোৱাৰা কামটো কৰি মানুহটো সুখী হৈছিল, ভীষণ সুখী। তাৰ চকুৱে মুখে সেই সুখৰ চাপ স্পষ্টকৈ ফুটি উঠিছিল। কথাষাৰ শুনি মোৰো খঙ উঠিছিল। কিন্তু খঙ কৰি মানুহটোক পঠিয়াই দিলে মোৰে হাত চিঙে। গতিকে আছে মানুহটো আমাৰ সাৰথি হৈ।
আজি ওলাইছেহি মানুহটো, নিৰ্দিষ্ট সময়তকৈ অলপ দেৰিকৈ। উঠি অহা খঙটো জোৰকৈ দমাই ৰাখি কিয় অহা নাছিল সুধিলোঁ। স্বাভাৱিকতেই কিছু কৰ্কশকৈ ওলাইছিল মোৰ মাতটো।
: মানুহজনীয়ে এৰি থৈ অহা জীয়েকজনীৰ কাৰণে কান্দি আছিল।
: কান্দিবলৈ কিহে পাইছে?
: মাকৰ মন যে!
: তই কি কৰিবি? লৈ আহিবতো নোৱাৰ!
: লৈ আহিলোঁগৈ।
: কি?…
: অঁ…থাকিব মাকৰ লগ হৈ।
: বাপেকটোৱে একো নক’লে নেকি?
: কি ক’ব! ভালহে পাইছে।
: কিয় ভাল পাইছে?
: বোজা কমিছে যে…
: তেন্তে কালিনো কিয় নাহিলি?
: পৰহি অপাৰেচনো কৰাই আহিলোঁ। ডাক্তৰে এদিন জিৰণি ল’বলৈ ক’লে।
: কি অপাৰেচন কৰালি?
: ল’ৰা ছোৱালী নোহোৱা।
: কি? বলিয়া হ’লি নেকি?
: ভাল হ’ব বুলিয়ে ভাবি পালোঁ।
: তোক নিজৰ ল’ৰা-ছোৱালী নালাগে?
: কিনো লোকৰ নিজৰ আছে! দুটা হ’বই দেখোন।
: তথাপিও নিজৰ বুলি লাগে দেচোন।
: আপোন কৰি ল’ব পাৰিলেই হ’ল।
: হ’লেও, নিজৰবোৰ সদায় নিজৰ…
: নিজৰবোৰে কি কৰি আছে দেখিয়ে আছোঁ নহয়…
এপাত কাণতলীয়া চৰৰ দৰে কোবাই গ’ল মানুহটোৰ কথাষাৰে মোক।
☆ ★ ☆ ★ ☆
2:20 pm
বঢ়িয়া
7:05 pm
বৰ ভাল লাগিল৷