ফটাঢোল

ফটা লিমাৰিক -ধনজিৎ বৰুৱা

কাুবুলীৱালাৰ দেশী কন্যা ধাৰত
মোবাইল শাৰী
কাম নাজানিলেও লাগে চাকৰিয়াল
দৰা গাড়ী
চংভাও অহ  ৱাও
পচা টিং ভগা নাও
লাইনত নৰৈ  দম্ভ মাৰে ইক্সিউজ মি
আই এম নাৰী

আগে আছিল কেঞা গোলা ধান দে
কৰ বজাৰ
এতিয়া আমি হিতাধিকাৰী প্ৰিয়পাত্ৰ
সকলো ৰজাৰ
খেতি মানে খৰচ কষ্ট
লোণ অফাৰ মষ্ট মষ্ট
কাণিয়াৰ নাতি ধৰুৱাৰ লাইফটো  যে
কি মজাৰ।

প্ৰেমৰ সূত্ৰ লিখিছিলোঁ তেতিয়া
কৈশোৰ কালতে
প্যাৰ কিয়া তৌ ডৰণা কিয়া চিনেমা
আছিল হলতে
গম পাই ঘৰ হ’ল যম নগৰী
চিঠিত লিখা জনী ক’ৰ লগৰী
সৰস্বতী শপত একুৰি  ফাঁকি পঢ়া
টেবুলৰ তলতে।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *