পুতুকণৰ প্ৰেম- দিব্যজ্যোতি কলিতা
বাপুকণৰ কথা বহুত হ’ল। পিচে বাপুকণৰ পুত্র পুতুকণো বাপেকৰ সকলো গুণৰে গুণৱান হৈ উঠাৰ কথা হয়তো সকলোৱে নাজানে। স্কুলীয়া শিক্ষা বিশেষ নাথাকিলেও কোনোবা এগৰাকী ডাঙৰ অফিচাৰৰ কৃপাত চৰকাৰী অফিচ এটাতেই চতুর্থ বৰ্গৰ কৰ্মচাৰী হিচাপে চাকৰি এটা পাইছে আৰু তেতিয়াৰ পৰা তাৰ দেহত এটা চাহাবী ঢঙে ঠিকেই থিতাপি লৈছে। মুখতো দুই এটা ইংৰাজী। সেইফালে বাক্যৰ সৈতে খাপ খাওক নাখাওক, ৰাইজে বুজি পাওক নাপাওক তাৰ কোনো কথা নাই। হ’লেও পিচে পুতুকণ কিছুদিনৰ আগলৈ কাৰো প্ৰেমত পৰা নাছিল। কিন্তু ঘটনাটো ঘটিল সেইদিনা।
হঠাৎ খুটুংকৈ বজা শব্দটো শুনি পুতুকণে মোবাইলটো খুচৰি চালে। এটা ফ্ৰেইণ্ড ৰিকুৱেষ্ট। ভালদৰে চাই দেখিলে কোনোবা প্ৰিঞ্চ এলিজা। এখন সুন্দৰ, একপ্ৰকাৰ চমৎকাৰ ফটোৱে আইদেউ গৰাকীৰ প্ৰফাইল শুৱনি কৰি ৰাখিছে। পুতুকণৰ মনটো কিবা ৰাই-জাই কৰি উঠিল। শুভস্যঃ শীঘ্রম। গতিকে সি বিলম্ব নকৰি সেই বন্ধুত্বৰ অনুৰোধটি গ্ৰহণ কৰি থ’লে। তাৰে দুই কি তিনি মিনিটমানৰ পাছতেই টং কৈ বাজি উঠিল মেচেঞ্জাৰ আৰু পুতুকণে দেখে এয়া দেখোন এলিজাৰ মেচেজ। “হাই” শব্দটি ট্ ট্ কৈ জিলিকি আছে। পুতুকণক আৰু পাই কোনে! ছোৱালীয়ে উপযাচি খবৰ লৈছে যেতিয়া ৰিপ্লাই নিদিয়াৰ কথাই নাহে। গতিকে পলম কিহৰ? “হেল্ল'” ৰে ৰিপ্লাই দিলে পুতুকণে। কিছু পিছতেই অন্য এটা মেচেজ। পিচে ইংৰাজীত। কিন্তু ইতিমধ্যে ইংৰাজীৰ অ আ ক খ শিকি পেলোৱা পুতুকণৰ বাবে মেচেজৰ অৰ্থ বুজাত সময় নালাগিল। গতিকে তাহানি অসমৰ শাসনৰ দায়িত্বত থকা ইংৰাজে অসমীয়া কোৱাৰ দৰেই পুতুকণেও ইংৰাজীত উত্তৰ দিলে। পিচে পুতুকণৰ ভাল লাগিল তেতিয়া যেতিয়া তাৰ ইংৰাজী সেইজনীয়ে বুজি পোৱাৰ উমান পালে। সিফালৰ পৰা এলিজাই পুতুকণক ক’লে যে আচলতে তাই ভালদৰে অসমীয়া নাজানে। কিন্তু প্ৰয়োজন হ’লে শিকিব। তাকে শুনি বাপুকণ নন্দনক আৰু পাই কোনে? আৰু সঁচাকৈয়ে এদিন তাই অসমীয়া ভালদৰেই ক’ব পৰা হৈ গ’ল। মনৰ আনন্দতে পুতুকণে তাইলৈ ইংৰাজীতেই মেচেজ কৰিলে, “অহ মাই এলি, ইউ ভেৰী ভেৰী জল্দী লাৰ্ণিং!”
এনেদৰেই এদিন লাহে লাহে সিহঁতৰ কথোপকথন মেচেঞ্জাৰৰ পৰা হোৱাটচএপ আৰু হোৱাটচএপৰ পৰা ফোনলৈকে বাগৰিল। আজিকালি দিনটোত এবাৰ ফোন নকৰিলে এজনৰো হেনো পেটলৈকে ভাতেই নাযায়। সিদিনা হঠাৎ এলিয়ে তালৈ ফোন কৰিলে “মাই ডিয়েৰ, তুমি এবাৰ মোক লগ কৰা না! তোমাক চাবলৈ মোৰ যে কিমান হেঁপাহ!” এনে অৱস্থাত তাক পাই কোনে? সেইদিনা টাউনত কাম আছে বুলি অফিচত জনাই দুপৰীয়াই আহি বেচেৰা ছিপাঝাৰ খাৰখোৱা ধাবাত উপস্থিত। এলি ৰৈয়েই আছিল। পৰস্পৰে চিনি পোৱাত কোনো খেলি মেলি নালাগিল। পুতুকণে ভবাৰ ধৰণেই এলি ধুনীয়া। উফ, সি যেন সৰগখনহে ঢুকি পালে! দুয়ো ধাবাত সোমাই বিধে বিধে ফৰমাইচ দিয়াত লাগিল। ইতিমধ্যে তাৰ কথা বতৰা আৰু ৰেহ-ৰূপত ধাবাত উপস্থিত দুই এজনে ঠিকেই বুজিলে যে পুতুকণ একেবাৰে ওৱাচিং পাউদাৰ নিৰ্মাৰে এইমাত্র ধুই অনা বগা চাৰ্ট হেন পিঅ’ৰ প্ৰেমিক। বিল পৰিশোধৰ সময় হৈছিল। সি এলিক হাত দঙাৰ সুবিধা নিদি আটাইখিনি বিল পৰিশোধ কৰিলে। এলিয়ে ইচ্-আচ্ কৰিছিল। সি গুৰুত্ব নিদিলে।
প্ৰেম সাগৰৰ শত ঢৌ অতিক্রমী পুতুকণ-এলিৰ প্ৰেম চলি থাকিল। আগতে সিহঁতৰ ফোন আছিল দিনত এবাৰ। আজিকালি তিনি সাঁজৰ পাছত তিনিবাৰ। এলিয়ে কিবা এটা কৰ্চত নামভৰ্তি কৰিব বিচাৰিছে। অলপ পইচাৰ প্ৰয়োজন হৈছিল। পুতুকণে টকা তিনি হাজাৰ উলিয়াই দিছিল। এনেদৰেই তাই প্ৰয়োজনত পইচাও বিচাৰে। সি দি দিয়ে। তাই মাজে মাজে ওভটাব বিচাৰে। পুতুকণে কয় “থাকক দিয়া। এদিনটো মোৰ হ’বাই। গতিকে নিজৰ মানুহজনীক জানো পইচা ধাৰে দিয়া যায়!” গতিকে পইচা থাকি যায়।
সেইদিনা হঠাৎ ফোন কৰিলে এলিয়ে। তেতিয়া সি অফিচত। দুবাৰ ৰিং হোৱাৰ পিছত ৰিচিভ কৰিলে সি। সিফালে এলিজনী আউলি-বাউলি। কি হ’ল তাইৰ! পুতুকণ যেন চিন্তিত হৈ পৰিল। শেষত অলপ সুস্থিৰ হৈ তাই ক’লে যে, তাই তাইৰ নতুন স্কুটিখনৰ ইএমআই দিব আহিছিল। কিন্তু মানিবেগটো হেৰাল। ক’ত, কেতিয়া, কেনেদৰে হেৰাল তাই নাজানে। এতিয়া ঘৰত ক’লেও গালি খাব। কি কৰিব তাই ভাবি পোৱা নাই। মনৰ মানুহজনীৰ মনৰ কথা বুজিবলৈ ইয়াতকৈ আৰু বেছি কোৱাৰ প্ৰয়োজন নাই। সি লগে লগেই তাইক লগ ধৰিলেহি। মঙলদৈ ভেবাৰঘাট চকৰ হোটেল এখনত তাই বহি আছে। মহা চিন্তাৰে বহি ৰোৱা এলিয়ে তাক দেখিহে যেন অলপ উশাহ পালে। দুয়ো বহিল চাহৰ মেজ এখনৰ সন্মুখত। মানি বেগটো উলিয়াই সি তাইক দি দিলে টকা আঢ়ৈ হাজাৰ। অলপ সময় তাই টকাখিনি হাতত লৈ থাকি বেগত ভৰালে আৰু ক’লে –
: এই আঢ়ৈ হাজাৰ টকাৰে তোমাৰ পৰা লোৱা মোৰ মুঠ টকা পোন্ধৰ হাজাৰ হ’ল। : এহ! হ’ব হ’ব তুমি সেইবোৰ ভাবিব নালাগে।
সি লগে লগে উত্তৰ দিলে। : নহয় মানে মই বেলেগ এটা কথাৰ কাৰণেহে ক’লোঁ। আচলতে তুমি অমলক চিনি পোৱা নহয়? সেই যে তোমাৰ বাল্য বন্ধু! : অঁ পাওঁতো। কিয় বা সুধিলা?
পুতুকণ কিছু আচৰিত হ’ল। : সি কোৱা মতে আজি চাৰি বছৰ আগতেই হেনো তাৰ পৰা তুমি পোন্ধৰ হাজাৰ টকা ধাৰে লৈ এতিয়াও ওভতোৱা নাই আৰু এতিয়া তোমাৰ পৰা লোৱা এই টকাখিনি মই তাকেই দিব লাগিব। তাৰ লগত মোৰ ইতিমধ্যে বিয়া ঠিক হৈছে। বিয়াত টকাখিনি নিশ্চয় কামত আহিব।
নাটকীয় ভংগীমাৰে কথাখিনি কৈয়েই তাই উঠিল। পুতুকণে ঠিকেই দেখিলে হোটেলৰ দুৱাৰ মুখত হাস্যবদনে থিয় দি আছে অমল। তাৰ মূৰটো টিঙিচকৈ উঠিল। “বেটা তই হে তাৰ মানে…..! ধুৰন্ধৰ এলি…. তয়ো তাৰমানে ইমান দিনে…. হেৰৌ তই যদি সঁচাকৈয়ে টকাকেইটাৰ কাৰণেহে এইসোপা অভিনয় কৰিলি তেনেহ’লে ইংৰাজীত অভিনয় কৰাৰ কি প্ৰয়োজন আছিল….?”
মনত ভবা কথাখিনি সি কিন্তু খুলি ক’ব নোৱাৰিলে।
উফ! তাৰ বুকুখন হম্-হমাই উঠিল। পিচে এনেদৰে এলিৰ সৈতে প্ৰেম বিচ্ছেদ হোৱাৰ বাবে নহয়। সি নিদিওঁ বুলি ভাবি থকা টকাকেইটা এনেদৰে কমলে চাতুৰিৰে সৰকাই নিয়াৰ কাৰণেহে আৰু ইতিমধ্যে অমলেও নিশ্চয় এই পাষণ্ডী এলিৰ পৰা তাৰ ইংৰাজীৰ জ্ঞানকণৰো সম্ভেদ পালে। এতিয়া তাৰ অন্তিম লাজকণ ক’ত থ’ব?
হাতৰ মুঠিত থকা গিলাছটোৱে টেবুলত সাংঘাতিক ভাবে খটং কৈ শব্দ কৰিলে। কিছু আঁতৰত থকা হোটেলৰ মালিকৰ ৰঙা চকু তাৰ ওপৰত পৰাৰ সম্ভেদ সি ঠিকেই পালে। হয়তো আৰু অলপ সময় ৰ’লেই সি অন্য এক অপমানৰো সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
☆ ★ ☆ ★ ☆
1:04 am
বঢ়িয়া
3:29 pm
এইটো বৰ বেলেগ ৰহস্যময় প্ৰেম কাহিনী কিন্তু ?
6:52 pm
কিছু মজা প্ৰেম কাহিনী?