ফটাঢোল

আপদীয়া পদ্য-দেবজিত শৰ্মা

(১)

চৰকাৰী অফিচ আৰু চাইন,

ভেকচিন আৰু লাইন

তুমি আৰু মই(যেন)

হাইৱে আৰু ফাইন

(২)

গাড়ী আৰু ট’লগেট,

মন্ত্ৰী আৰু ব্লেককেট

তুমি আৰু মই (যেন)

জিম আৰু বঢ়া পেট৷

(৩)

কিতাপ আৰু কলম

বিষ আৰু মলম

তুমি আৰু মই(যেনে)

সভা আৰু পলম

☆ ★ ☆ ★ ☆

error: Content is protected !!