ফটাঢোল

ফটা প্ৰেম-প্ৰণৱ সিংহ

কাৰোবাৰ প্ৰেমত বৰ বেয়াকৈ পৰিব খোজা সময়ৰ প্ৰেম এয়া। ৰাতি ৰাতি দেৰিলৈকে অনলাইন থাকি মৰম বঢ়োৱাৰ সময়ৰ প্ৰেম এয়া।

*****

বন্ধু এজনৰ খুড়ায়েকৰ বিয়াত লগ পাইছিলোঁ তাইক। আধাঘণ্টামান কথা পাতিছিলোঁ তাইৰ সৈতে। কিবা এটা ভাল লাগি গৈছিল। ফেচবুকতে “চাৰ্চ” কৰি বন্ধুত্বৰ প্ৰস্তাৱ পঠাইছিলোঁ তাইলৈ। দুদিনমানৰ পাছত তাই আদৰি লৈছিল। ভাললগা-বেয়ালগা, পছন্দ-অপছন্দৰ ভাগ বতৰা কৰিব পৰা হৈছিলোঁ। এটা মেচেজ গৈ ১০ টা হৈছিলগৈ দিনটোত, পিছলৈ হাজাৰটা। মিনিট ঘণ্টালৈ অতিক্ৰম কৰিছিল। মেছেজ নকৰিলে অভিমান কৰিব পৰা হৈছিলোঁ। বুজি উঠিছিলোঁ ইজনে সিজনক ভাল পাই পেলাইছোঁ। তাইৰ মাতটো শুনিবলৈ, প্ৰাণভৰি কথা পাতিবলৈ মন গৈছিল। কিন্তু ঘৰৰ কোঠাবোৰ ওচৰা ওচৰি হোৱাত ধৰাত পৰাৰ ভয়। শেষত উপায় হিচাপে উলিয়াই লৈছিলোঁ পৃথিৱীৰ আটাইতকৈ সুৰক্ষিত স্থানডোখৰ। মা দেউতা ভাত খাই শুৱাৰ পিছত পিছদুৱাৰেদি বাট লৈছিলোঁ “শ্মশান”ৰ জিৰণি কোঠালৈ। তাইৰ মাতষাৰে পাহৰাই তুলিছিল ভূত আৰু ভয়ক।

*****

যদিও জানিছিলোঁ তায়ো মোকেই ভাল পাই বুলি, তথাপি আনুষ্ঠানিকতাৰ স্বাৰ্থত ভাবিলোঁ তাইক প্ৰেম নিবেদন কৰোঁ। অসমীয়া ভেলেণ্টাইন ডে “সৰস্বতী পূজা”ৰ দিনা পৰিকল্পনা কৰি লগৰজনক লৈ ওলালোঁগৈ তাইৰ কলেজত। ৰেষ্টুৰেণ্ট এখনলৈ লগ ধৰিলোঁ। কিন্তু তাইৰ বোলে ব্ৰত, সেয়েহে নাযায় ৰেষ্টুৰেণ্টলৈ। শেষত ভাবিলোঁ কলেজতে কৈ দিওঁ নেকি মনৰ কথা। কিন্তু পৰিৱেশ পৰিস্থিতি অনুকূলে নথকাত ঠোট মুখ চেলেকি দেৱীসকলক চাই ঘৰমুৱা হ’ব লগা হ’ল। আহোতে বুকুৰ কষ্ট অলপ কমাবলৈ ধাবাতে গাহৰি দুবাটি খালোঁ।

*****

Mere Pehla Pelha Pyar ( MP3) বোলছবিখন চাই মোৰা মন গ’ল প্ৰেম নিবেদনটো অলপ নাটকীয় কৰিবলৈ। আইফেল টাৱাৰৰ তলত প্ৰেম নিৱেদন নকৰি ওচৰে পাজৰে ক’ৰবাত মনৰ কথা কৈ বোলছবিৰ দৰে মৰম ভাগ ল’বলৈ মোৰো মন গ’ল। দিল্লীত কলেজৰ পৰা ফুৰিবলৈ যাওঁতে মনটো বৰ বেয়া লাগিছিল, তায়ো যদি একেখন কলেজত পঢ়িল হয়, তেন্তে তাজমহলৰ সন্মুখতে তাইক কৈ দিলোঁহেতেন মনৰ কথা। শেষত অসমতে সপোনৰ ঠাইখন পাই গ’লো। দুদিন মেচেজ নকৰি তাইক মান্তি কৰালোঁ। দুয়ো লগ হ’ম, কিন্তু তাই আৰু মোৰ জিলাত নহয়। আন এখন জিলাতহে। সিদ্ধান্ত হ’ল ১ ফেব্ৰুৱাৰীৰ দিনা লগ হ’ম। আগবেলাটো তাইৰ মতে আৰু ভাটিবেলাটো মোৰ মতে কটাম দুয়ো।

*****

১০:৩০ বজাত দেখিছিলোঁ তাইক, বাছ ষ্টেণ্ডত ৰৈ আছিল মোৰ বাবে। বগা কাপোৰ সাজৰ সৈতে তাইক বৰ মৰম লাগিছিল। তাইৰ মতেই প্ৰথম মহাভৈৰৱ মন্দিৰলৈ গৈছিলোঁ। নেদেখাজনৰ ওচৰত মূৰ দোৱাওঁতে এটাই প্ৰাৰ্থনা, দিনটো যাতে ভবা মতে পাৰ হয়। মন্দিৰত অলপ সময় বহি চিত্ৰলেখা উদ্যানলৈ গৈছিলোঁ। নাৱত বহোতে যেতিয়া তাই কাষ চাপি আহিছিল বুকুখনে অবাধ্য হৈ মুখলৈ মনৰ কথা আনিব খুজিছিলেই। ধৈৰ্য ধৰিহে মনটোক সম্বৰণ কৰিলোঁ। কিবা কিবি খোৱাৰ পিছত ঘড়ী চাই দেখোঁ সময় ৩:৪০ মিনিট।

*****

দিনটোৰ শেষ আৰু প্ৰধান কাৰ্যসূচী, যিকণ সময়ৰ বাবে দুই তিনিমাহ অধৈৰ্যৰে অপেক্ষা কৰি আছোঁ সেই সময়খিনি আৰু ঠাইডোখৰত উপস্থিত হৈছিলোঁগৈ। নিজকে স্বৰ্গদেউ প্ৰণৱ সিংহ আৰু তাইক মহাৰাণী ৰূপত ভাবিছিলোঁ। অগ্নিগড়ত সোমাওঁতে বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰিছিল। ভূ পৃষ্ঠৰ পৰা ওপৰত থকা সেই ঠাইডোখৰ পাই তাইক ওপৰলৈ উঠিবলৈ দি নামি আহিছিলোঁ তললৈ। তলত থকা কৰ্মচাৰীজনক মনৰ কথা বুজাই ১০০ টকা হাতত গুজি দি আধা ঘণ্টাৰ বাবে কিনি লৈছিলোঁ যাতে বিশেষ সময়কণত কোনো নাহে ওপৰলৈ!

******

ওপৰলৈ গৈ দেখোঁ তাই জপিয়াই ফুৰিছে সৰু ছোৱালীৰ দৰে, বিশাল ব্ৰহ্মপুত্ৰ, সূৰ্যাস্তৰ ৰং, বিশাল আকাশ, সমগ্ৰ তেজপুৰখন দেখি। কিমানবাৰ ধন্যবাদ দিছিল মোক হিচাপ নাই। স্থিৰ হৈ দুহাত মেলি মুগ্ধ হৈ চাই ৰৈছিল তাই আকাশখন। হাত এখন চুইছিলোঁ তাইৰ। আকাশৰ পৰা দৃষ্টি নমাই চাইছিল মোৰ চকুলৈ। তাইক অনুৰোধ কৰিছিলোঁ চকুযোৰ মুদিবলৈ। একো নকৈ দুচকু মুদিছিল তাই। তাইক বহিবলৈ সুবিধা কৰি দি পকা খুটাটোতে বহুৱাই মই প্ৰেম নিবেদনৰ চিৰপৰিচিত প’জটোত আঠুকাঢ়ি লৈছিলোঁ তলত। চকু মেলি তাই অন্তৰে শুনিবলৈ বিচৰা বুকুৰ কথাবোৰৰ উমান পাই লাজত, উৎকণ্ঠাত, আনন্দত মুখ ঢাকি লৈছিল। আলফুলকৈ হাত দুখন আনি মুখত তুলি লৈছিলোঁ। চকুৱে চকুৱে বুকুৰ কথা শুনাৰ সময় সেয়া। নীৰৱে ৰৈছিলোঁ দুই তিনি মিনিট। অনুভৱ কৰিবলৈ দিছিলোঁ তাইক ভাল লগা সময়কণ। বুকুৰ সাঁচি ৰখা কথাবোৰ মনলৈ আহি ভিৰ কৰাত মুখেৰে কৈছিলোঁ তাইক ভালপোৱাৰ কথা। চকু থৰ কৰি শুনি গৈছিল তাই মোৰ মুখলৈ চাই। একো উত্তৰ দিয়া নাছিল। মনলৈ আহিছিল মোৰ MP3 বোলছবিখনৰ নায়ক নায়িকাৰ আইফেল টাৱাৰৰ তলত কৰা মৰম ভাগৰ কথা। শেষত তায়ো বহাৰ পৰা উঠি মোৰ দৰেই তলত বহিছিল। তায়ো প্ৰকাশ কৰিছিল অতদিনে ক’ব বিচৰা মনৰ সমস্তখিনি। তাইৰ মৰমলগা মুখখনলৈ স্থিৰ হৈ চাই ৰৈছিলোঁ মই। সূৰ্যাস্তৰ শেষ পোহৰকণ তাইৰ গালত পৰি আৰু মোহনীয় কৰি তুলিছিল। বতাহে অবাধ্য কৰা চুলিত হাত ফুৰাইছিলোঁ। ক্ৰমাৎ কাষ চাপি আহিছিল তাই। উশাহবোৰ ছুটি হৈ আহিছিল, দূৰত্ব কমি আহিছিল। কাষ চাপি গৈছিলোঁ ময়ো। চকু মুদ খাই আহিছিল। সোঁগালত অনুভৱ কৰিছিলোঁ উত্তাপ।

“কিমান নুশুৱ তই আৰু! তেজপুৰত বেংকৰ পৰীক্ষা দিবলৈ নাযাৱ?”

চকু মেলি দেখোঁ বায়ে সোঁগালত দ্বিতীয়টো চৰ দিবলৈ হাত ওপৰলৈ দাঙিছে।


☆ ★ ☆ ★ ☆

3 Comments

  • দীক্ষিতা বৰা।

    বেংকৰ পৰীক্ষাটোৱেই চিনেমাৰ কাহিনীভাগ আধৰুৱা কৰি এৰিলে পাই ?

    Reply
  • বন্দিতা জৈন

    অহ অহ, সপোন হে।

    Reply
  • জিতু

    মজাআ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *