ফটাঢোল

পিকনিক, মূল লেখক- অজ্ঞাত, অনুবাদ-বিজু বুঢ়াগোহাঁ‌ই

এবাৰ এটা কাছ পৰিয়ালে পিকনিকলৈ যাবলৈ থিৰাং কৰিলে। ক’লৈ যাব, কি কৰিব এইবোৰ ভাবোঁ‌তেই ছয় বছৰ আৰু কেনেকৈ যাব, ক’ত বিশ্ৰাম ল’ব এইবোৰ ভাবোঁ‌তে এবছৰ লাগিল। ভ্ৰমণৰ বাবে প্ৰস্তুত হ’বলৈ তেওঁলোকক মুঠতে সাত বছৰ সময় লাগিল। অৱশেষত কাছ পৰিয়ালটোৱে উপযুক্ত ঠাই বিচাৰি ঘৰ এৰিল। তেওঁলোকৰ যাত্ৰাৰ দ্বিতীয় বছৰত তেওঁলোকে নিৰ্বাচিত কৰা ঠাইত উপস্থিত হ’ল। প্ৰায় ছয় মাহ ধৰি তেওঁলোকে অঞ্চলটো পৰিষ্কাৰ কৰিলে। পিকনিকৰ ব্যৱস্থাবোৰ সম্পূৰ্ণ হোৱাত তেওঁলোকে খাদ্যবস্তুৰ বাস্কেটটো খুলি দেখিলে  যে তেওঁলোকে নিমখেই নানিলে! নিমখ অবিহনে পিকনিকত খাব কি এতিয়া তেওঁলোকে! কাৰণ, নিমখ অবিহনে খাদ্যৰ সোৱাদেই বা ক’ত! গতিকে কি কৰা যায়, এইবিষয়ে সকলোৱে মিলি দীঘলীয়া আলোচনা কৰিবলৈ আৰম্ভ কৰিলে। দীঘলীয়া আলোচনাৰ অন্তত তেওঁলোক এইটো সিদ্ধান্তত উপনীত হ’ল যে তেওঁলোক ধীৰ গতিৰ হ’লেও আটাইতকৈ কনিষ্ঠ কাছটোৱে সেই ধীৰগতিৰ ভিতৰৰ দ্ৰুততম আছিল আৰু সেয়ে সেই কনিষ্ঠ কাছটোৱেই ঘৰলৈ ঘূৰি যাব আৰু ঘৰৰপৰা নিমখ আনিব।সিদ্ধান্তটো শুনি সৰু কাছটোৱে কান্দিবলৈ ধৰিলে। আনকি বাকীবোৰে কাছটোক যাবলৈ খাটনি ধৰাত সি নথকাৰ অৱস্থাত বাকীবোৰে মিলি আটাইবোৰ খাদ্যবস্তু খাই শেষ কৰি পেলাব বুলি কৈ মনৰ দুখতে আকৌ কান্দিলে।

অৱশেষত, সৰু কাছটো এটা চৰ্তত যাবলৈ সন্মত হ’ল যে সি ঘূৰি নহালৈকে কোনেও একো খাব নোৱাৰিব। পৰিয়ালটোৱে কাছটোৰ চৰ্তত সন্মতি দিলে আৰু সৰু কাছটো নিমখ আনিবলৈ গুচি গ’ল।

এবছৰ। দুবছৰ। এনেকৈ তিনি বছৰ পাৰ হৈ গ’ল– আৰু সৰু কাছটো ঘূৰি নাহিল।পাঁচ বছৰ। ছয় বছৰ। তাৰ পিছত সৰু কাছটোৰ অনুপস্থিতিৰ সপ্তম বছৰত, আটাইতকৈ বয়োজ্যেষ্ঠ কাছটোৱে তেওঁৰ ভোক আৰু সহ্য কৰিব নোৱাৰিলে। তেওঁ সকলোকে ক’লে যে তেওঁ আৰু ৰ’ব নোৱাৰে। গতিকে নিমখ নোহোৱাকৈয়ে খাদ্য খাবলৈ লৈছে বুলি কৈ তেখেতে টিফিন এটা খুলি লৈছিলহে মাত্ৰ! তেনেতে সৰু কাছটো হঠাতে গছৰ পিছফালৰ পৰা ওলাই আহিল আৰু ক’বলৈ ধৰিলে,:চাওক মই জানিছিলোৱেই যে আপুনি মই অহালৈ অপেক্ষা নকৰে। সেয়ে মই নাযাওঁ‌ বুলি কৈছিলোঁ। তথাপি আপোনালোকে আশ্বস্ত কৰাতহে মই যাবলৈ প্ৰস্তুত হৈছিলোঁ‌। এতিয়া আৰু মই কাৰোৰেই কথা শুনাত নাই আৰু নিমখ আনিবলৈতো এক্কেবাৰেই নাযাওঁ!!

☆ ★ ☆ ★ ☆

6 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *