ফটাঢোল

লিমাৰিক-স্বপ্নালী কলিতা

১//

ভকতীয়া গাঁৱৰ ভীমৰাজ বৰুৱা
চুবুৰীটোৰ লগতে সম্পৰ্ক ঘৰুৱা
ভীমকলৰ ৰজা তেওঁ
একোবত দহটা দেও
কামৰ বেলিকাহে পিচে গতি পৰুৱা৷

২//

মেলে মিটিঙে খাৰঘৰিয়ানী আগত
কাগজৰ দ’ম থাকে কান্ধৰ বেগত
গাই চিৰিয়াছ্‌ মুডত
খোকোজাও লাগে মাজত
কামিলাকহে নকৰে ঘৰত স্বাগত৷

৩//

ষাঠী বছৰীয়া বাসৱ বৰফুকন
কাউৰী পুৱাতেই ঘূৰে গোটেইখন
ফুটনি কিনো চাবা
বহিলে এসেকা খাবা
ডেকাহঁতে দেখিলে খহে হাতৰ বন।

৪//

নতুন ধনী জোনালীমা তালুকদাৰ
ক্লাৱলৈ যাওঁতে কিনো চাবা টেম্পাৰ
স্কাৰ্ট আৰু হাইহিল
হাঁহি মাৰে খিল-খিল
মেম্বাৰ কৰি সকলোৰে হ’ল হাম্পাৰ।

৫//

জ্যোতি সংঘৰ আছে সম্পাদকদ্বয়
বিহু মেলা পাতিবলৈ মোটা টকা লয়
পুৱাতে বাটত বহে
ৰ’দৰ তাপেও দহে
হিচাপ দিবলৈহে ভালেবছৰ ৰয়৷

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *