হাজৰিকাদাৰ বাজাজ চুপাৰ ১৯৮০-অনন্ত বৰা
এটা সময় আছিল যেতিয়া এখন বাজাজ চুপাৰ কিনিবলৈ, বুকিং কৰা দিনৰ পৰা বােলে প্রায় তিনি চাৰি বছৰ অপেক্ষা কৰিব লাগিছিল। আৰু চৰকাৰী চাকৰিয়াল হ’লেহে তেনেকুৱা ধৰণৰ যান-বাহন কিনিব পাৰিছিল। চাকৰিত জইন কৰােঁতে হাজৰিকাদাই তেৰ হাজাৰ টকা দি বাজাজ চুপাৰ কিনাৰ কথা ভাবিবই পৰা নাছিল। কলেজত পঢ়াৰ দিনৰে পৰা হাজৰিকাই এখন বাজাজ চুপাৰ কিনাৰ সপােন দেখিছিল কিন্তু চাকৰিত জইন কৰি যেতিয়া চাৰে সাতশ টকাৰ মাহেকীয়া দৰমহাটো পালে, তেওঁৰ সপােনটো লাহে লাহে ধূসৰ হৈ আহিল। গাঁৱৰ খেতিয়কৰ ঘৰৰ ডাঙৰ ল’ৰা হিচাপে ঘৰখনৰ প্রতি অনেক দায়বদ্ধতা। তথাপি আশা এৰা নাছিল আৰু লাহে লাহে এদিন বাজাজ চুপাৰ কিনিব পৰাকৈ তেওঁৰ হাতত তেৰ হাজাৰ টকা জমা হ’ল।
এতিয়া কথা হ’ল পইচা হ’লেই নহ’ব! চৰকাৰী চাকৰিয়াল বাৰু হয়, কিন্তু স্কুটাৰখন বুক কৰিবলৈ হ’লে তিনি চাৰি বছৰৰ পাছতহে তেওঁৰ সপােনৰ স্কুটাৰখন চলাবলৈ পাব। নাই মনে নামানে, চাৰি বছৰ ৰ’বলৈ হ’লে দেখােন বুঢ়াই হ’বগৈ! কি কৰা যায়! সপােনটো বুকুত সাবটি হাজৰিকাদাৰ টোপনি নহা হয়।
ৰাস্তাৰে কোঁ-কোঁৱাই মিঠা পেট্ৰলৰ গােন্ধ উৰুৱাই পাৰ হৈ যােৱা বাজাজ চুপাৰবােৰ দেখিলে হাজৰিকাদাৰ মূৰ বেয়া হৈ যায়। মাজে মাজে ওচৰৰ গাঁৱৰ হেড মাষ্টৰৰ সৰু জীয়েক তৰুলতাৰ অভিমানী মুখখন মনত পৰিলে খং উঠি আহে। তৰুলতাৰ উপেক্ষা অজ্ঞবােৰ বাজাজ চুপাৰৰ চকাৰ ধূলিত মিহলি কৰি দিয়াৰ চেলেঞ্জটো পূৰণ কৰিবলৈ হাজৰিকাদাৰ মনটো চটফটাই উঠে। নিজকে কি বুলি ভাবে তৰুলতাই! অৱশেষত খবৰ এটা আহিল। মুকেশ মাৰােৱাৰীৰ নামত এখন বাজাজ চুপাৰ আহিব। এক হাজাৰ বেছিকৈ দিব লাগিব। চৰকাৰী নিয়ম মতেএবছৰলৈ মুকেশৰ নামতে ৰেজিষ্ট্ৰেশ্যন হৈ থাকিব। এবছৰৰ পাছতহে নিজৰ নামত ৰেজিষ্টাৰ হ’ব।
সেইবােৰ মতলব নাই। মুঠতে বাজাজ চুপাৰ লাগে। যেনে-তেনে বাকীকেইটা পইচা যােগাৰ কৰি হাজৰিকাদই তেওঁৰ সপােনৰ বাজাজ চুপাৰখন আনি শিৱসাগৰৰ ভাড়া ঘৰ সুমুৱালেহি। ৰঙটোহে কিবা ধোঁৱা ৰঙৰ দৰে। হ’ব চলি যাব। ৰং চং কি আছে। এতিয়া কথা হ’ল হাজৰিকাদাই চলাবতাে নাজানে। ওচৰৰ ভাড়াঘৰত থকা মণিপুৰী সিং ড্রাইভাৰক লৈ ৰাতিয়েই অলপ ট্রেইনিং এটা ল’লে। পাছদিনা দিনৰ দিনটো ওচৰৰ খেলপথাৰত হাজৰিকাদাৰ বাজাজ চুপাৰ চলােৱা অনুশীলন চলিল। অলপ অলপ চলাব পৰা হ’ল। অসম আন্দোলনৰ সময়। দিন-কাল ভাল নহয়। তথাপি পিছদিনা ৰাতিপুৱা তিনিমান বজাতেই লগৰ এজনক পাছৰ চিটত বহুৱাই হাজৰিকাদাই তেওঁৰ সপােনৰ বাজাজ চুপাৰ যােৰহাটৰ ঘৰ অভিমুখে চলাই দিলে। প্ৰথম অৱস্থাত এক নম্বৰ গিয়াৰতেই বিকট শব্দ কৰি বাজাজ চুপাৰ চলিল। অলপ দূৰ যােৱাৰ পাছত হাত দুখন পকাই-মেলি দিয়াত মাতটো অলপকমিল, লগতে অলপ ফ্রি মানে কোমল হােৱা যেন লাগিল। তাৰমানে গিয়াৰটো সলনি হৈ তিনি নম্বৰ মানত লাগিল চাগে। এৰা এতিয়াহে বাজাজ চুপাৰ চলােৱা যেন লাগিছে। যেনে তেনে গৈ হাজৰিকাদা ঘৰ পালেগৈ। ওচৰৰ মানুহে আহি বেৰি ধৰিলেহি। হাজৰিকাদাৰ দেউতাকে স্কুটাৰখন হাতেৰে চুই চাইছে, পুতেকৰ সাফল্যত তেওঁ আজি বহুত সুখী।ভাত-পানী খাই অলপ জিৰণি লৈ লগৰটোক লৈ এপাক ওলাই যােৱাৰ কথা ভাবিলে। উদ্দেশ্য তৰুলতাৰ পদূলিৰ ধূলি উৰুৱাই তাইৰ অহংকাৰ চুর্ণ কৰা।
চোতালত বাজাজ চুপাৰ ষ্টার্ট কৰি পদূলি পােৱাৰ আগতেই লাগিল গণ্ডগােল। একেলগে ওচৰা-ওচৰিকৈ থকা কলগছ দুজোপা মহতিয়াই দুইজোপা কলগছৰ মাজত বাজাজ চুপাৰ সােমাই লাগি ধৰিল। আগ চকা ঘূৰি আছে। হাতত অলপআঘাতো পালে হাজৰিকাদাই। ধেততেৰি ইমানদূৰ আহিলে একো নহ’ল অহংকাৰীজনীৰ কথা মনলৈ আহােঁতেই খেলি মেলি লগিল। টনা আঁজোৰা কৰি শেষত কলগছ কাটি বাজাজ চুপাৰ উদ্ধাৰ কৰা হ’ল। দুই এঠাইত অলপ ৰঙো এৰাল। ধেই, লাগিলেই নহয় কুফা। যি হ’ল হ’ল আকৌ স্কুটাৰ ষ্টার্ট দি তৰুলভাৰ ঘৰৰ ফলে লাহে লাহে আগবাঢ়িল। হাজৰিকাদাই ভাবিলে বাজাজ চুপাৰ দেখি আজি তৰুলভাৰ মন বেয়া হৈ যাব। ইমানদিনে মানুহ বুলি নভবা হাজৰিকাদাক আজি বাজাজ চুগাৰ চলাই যােৱা দেখিলে তৰুলতাৰ মনটো চাগে অলপ হ’লেও কুমলিব। এপাকত নেদেখিলে দুই তিনি পাক মাৰিব লাগিব।
এই তৰুলতাৰ ঘৰ পাওঁ পাওঁ, আৰে তৰুলতাৰ ঘৰৰ পদূলিত দেখােন বগা ফিয়েট গাড়ী এখন ৰৈ আছে সৰু সৰু ল’ৰা ছােৱালীবােৰে গড়ীখন বেৰি ধৰিছে। গাড়ীৰ গ্লাচত লাগি থকা ধূলিত দুটামানে কিবা কিবি আখৰ লিখিছে। হাজৰিকাদা বাজাজ চুপাৰ লৈ তৰুলতাৰ পদূলি পাৰ হৈ গৈ তিনিআলিৰ দোকানৰ সন্মুখত ৰখাই ষ্টেণ্ড কৰি দিলে। আগচকা দাং খাই মাথাটো মােটোকা মাৰি বাজাজ চুপাৰ ৰৈ আছে। এনেতে কোনােবাই কোৱা শুনিলে। মাষ্টৰৰ সৰু জীয়েকক চাবলৈ কোনােবা বাগানৰ মেনেজাৰ আহিছে। বহাগত বিয়া ফাইনেল। হাজৰিকাদাই বাজাজ চুপাৰখনলৈ চালে, চাই এনেকুৱা লাগিল, সেইখনে ডিঙিটো বেঁকা কৰি তেওঁৰ ফালে চাই যেন দাঁত নিকটাই হাঁহি আছে।
☆ ★ ☆ ★ ☆