কুফা-লুণা বৰা
বাইকখনত বহিবলৈ লৈয়ে মানৱৰ মূৰটো বেয়া হৈ গ’ল। : চাল্লা আজিৰ দিনটোৱেই কুফা। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিবলৈ গেছৰ পাইপ ফাটিল, গা ধুবলৈ দমকল বেয়া হ’ল, দমকলত লাগি থাকোঁতে দিনটো গ’ল, এতিয়া বচন্তিৰ নখৰামিত খোৱা-লোৱাও বন্ধ কৰিব লাগিব …..। বেয়া মাত মাতিয়ে ভোৰভোৰালে মানৱে। এতিয়া দোকানবোৰ বন্ধ হোৱাৰ আগতেই আটাইবোৰ বস্তু গোটাই ল’ব নোৱাৰিলে আজি লঘোণ দিব লাগিব। সি গা ধোৱাৰ পিছতে দমকলটো বেয়া হ’ল। পানী নহ’লে নচলে বাবে কামলৈ ওলাই যোৱাৰ সলনি একেলগে থকা ল’ৰাটোৱে মিলি দমকল ভাল কৰাত লাগিল সি। এতিয়া আজৰি হৈ ওলাই যাবলৈ লৈহে তাৰ মনত পৰিছে যে কালিৰে পৰা তাৰ বচন্তিয়ে মুখ ফুলাই মাত-বোল বন্ধ কৰি আছে। দেউতাক মহেন্দ্ৰ দত্তৰ ওপৰত খঙটো উঠি আহিল মানৱৰ। সকলো আছে বাপেকৰ, কিন্তু একমাত্ৰ পুতেকক একো নিদিয়ে। তেওঁৰ মতে তেওঁ নিজে কষ্ট কৰি আৰ্জিলে, পুতেকক পঢ়াই -শুনাই দিলে, এতিয়া সিও নিজৰ দমত আৰ্জি খাব লাগিব। পুতেকৰ মতে যি আৰ্জিছে একমাত্ৰ পুতেকে শেষ কৰিব নোৱাৰে গতিকে পুতেকক মাজে মাজে দি থাকিব লাগে। এইবোৰ কাৰণতেই দুয়োটা সন্মুখীন হ’লেই কুকুৰ-মেকুৰীৰ দৰে হয়।
: পুতেকে চেকেণ্ড হেণ্ড বাইক আৰ্জি ছেন্দেলৰ তলি ফুটাইছে, বাপেকৰ বাম ফুটনি চা… দাদাগিৰি হুঃ।
নিজৰ ভিতৰতে বকিলে মানৱে।
: ঐ নিবিড়, তোৰ বচন্তিখন লৈ গৈছোঁ। মোৰ বচন্তিৰ ঠেঁহ। কেইদিন বা থাকে।
এইবুলি চিঞৰিয়ে মানৱে তাৰ নাৱৰে যাত্ৰী নিবিড়ৰ চাইকেলখন ধৰিলেগৈ।
: উঃ, দিনটো ৰ’দত থিয় কৰাই থৈ চাইকেল উতলাই থৈছে। এইটোও এটা মানে….।
মানৱহঁত থকা ঘৰটো তাৰে মাকৰ ফালৰ দূৰ সম্পৰ্কীয় এজন মোমায়েকৰ। কোনো নাথাকে। চাকৰি সূত্ৰে তেওঁলোক কৰ্মস্থলীতে থাকে। সি টাউনত থাকিবলৈ অহাৰ পৰা মাকে ঠিক কৰি দিয়া মতে সেই ঘৰটোৰে দুটা ৰূম লৈ আছে। অকলে থকাতকৈ লগৰ এটাৰ ভায়েকটো তাৰ লগত ৰাখি লৈছে। দুইটাৰ বহুত মিলো আছে। বহুত দিনৰ মূৰত চাইকেল চলাবলৈ পাই মানৱৰ কিবাখন লাগিল।
…..গেছৰ পাইপডাল কিনিব লাগে, মেগী, আলু দুই কিলো আৰু চাৰিআলিটোত তামোলৰ দোকান দিয়া তাৰ গাঁৱৰে ল’ৰাটোৰ পৰা তাৰ ঘৰৰ পৰা দি পঠিওৱা টোপোলাটো ল’ব লাগে। পেদেলত জোৰ দিয়াৰ লগে বস্তুকেইপদ মনৰ ভিতৰতে আওৰালে মানৱে।
চাইকেল তাৰ সংগী আছিল পঢ়ি থকা দিনতে। পূবালীক প্ৰপ’জ কৰিবলৈ যোৱাৰ দিনৰ পৰা সি চাইকেল এৰিছিল। মনৰ কথাবোৰ কাগজ এখনত লিখি, তাই টিউচনলৈ অহা-যোৱা কৰা ৰাস্তাতে দিম বুলি ভাবি, চাইকেল মাৰি গৈ তাইৰ ওচৰ পাওঁতেই, সিটো ফালৰ পৰা আহি থকা তাইৰ ককায়েকক দেখি কঁপনিতে সি চাইকেলৰ সৈতে খাৱৈত সোমাছিলগৈ। তাইৰ ককায়েকেই দৌৰি তাক খাৱৈৰ পৰা উঠাবলৈ অহা দেখি সি মনে মনে চিঠিখন খাৱৈতে পুতি দিছিল আৰু সেইদিনাৰ পৰা চাইকেলো বাদ দিছিল।
পিঁ…………ত
“অই ক’ত মৰিবলৈ আহ’…..”
হৰ্ণ মৰাৰ লগতে কোনোমতে কাটি পাৰ হৈ যোৱা গাড়ীখনৰ পৰা চিঞৰিলে।
“ছেঃ কিবোৰ যে ভাবি আছোঁ। পূবালীজনীৰ কাৰণে এইবাৰো মৰিলোৱেহেঁতেন! ….”
তামোলৰ দোকানখন পাই ঘৰৰ পৰা দি পঠিওৱা বেগটো ল’লে সি। মনতে ভাবিলে, ৰাতি ৰান্ধিব নলগীয়াকৈ কিবা বস্তু থাকিলেই হয় আৰু বেগটোত….। গেছৰ পাইপডাল, মেগীকেইপেকেট আৰু আলু দুই কিলো লৈ মানৱ উভটিল। ইতিমধ্যে দোকানবোৰ বন্ধ হ’বলৈ ধৰিছে।
দিনটোৰ ভাগৰে মানৱ আৰু নিবিড় দুইটাকে হেঁচা মাৰি ধৰিছে। কিবা ৰান্ধি খোৱাৰ কথা ভাবি ভাবি দুইটা বিছনাত পৰি আছে। দিনটো চাবলৈ গ’লে একো কামেই নহ’ল। এতিয়া ৰন্ধাটোৱে বহুত ডাঙৰ কাম যেন লাগিছে।
: ৰ ঘৰৰ পৰা কি দি পঠিয়াইছে চাওঁ। কাম সহজ হয়ে কিজানি।
মানৱে ক’লে।
বেগটো খুলি দেখিলে ভিতৰত দুটা মিলাই এটা কৰি থোৱা ক’লা পলিথিন। সেইটো খুলি চাই মানৱে মূৰে-কপালে হাত দি পকাতে বহি দিলে,
: আঁতৰত থাকি কষ্ট কৰি থকা পুতেকলৈ মানুহে কি পঠিয়াই কচোন নিবিড়? পিঠা-পনা, ঘৰৰ চাউল, শাক, হাঁহ, পাৰ’ আৰু আমাৰবিলাকে কি পঠিয়াই জাননে? এয়া চা, …….কেঁকোৰা। ইমান মৰম ক’ত দেখিছ। একদম কেঁকোৰা চেঁপা মৰম। খা এতিয়া, কেনেকৈ খাৱ। সোপাই নি ড্ৰেইনটোত পেলাই থৈ আহ গৈ যা।
ঠেকেচকৈ বেগটো ঠেকেচা মাৰি থৈ মানৱে কয়,
: ৰ ময়েই পেলাই থৈ আহোঁ। ইমান মৰম সহ্য নহয় মোৰ।
: দাদা, ৰ’বচোন। কিবা এটা কৰোঁ। বেয়া বস্তু দিয়া নাই দিয়ক। মই গেছত কেৰাহীটোতে পানী বহাই দিওঁ। পানী উতলিলে আপুনি দুই- চাৰিটা কেঁকোৰা তাতে দি দিব। ভাতত আলু দুটা দি কুকাৰটোও উঠাই দিম। কেঁকোৰা সিজিলে বখলিয়াই উলিয়াই ভাতৰ লগত খালেই হ’ল। পিচে কেঁকোৰাকেইটা আপুনি দিব, মোৰ ভয় লাগে।
নিবিড়ৰ কথাত একো নামাতি মানৱে চেনেহৰ টোপোলাটোলৈ চাই থাকিল।
: দাদা পানী উতলিছে।
পকাতে বহি দেউতাকৰ লগতে চৈধ্য পুৰুষক মনতে গালি পাৰি থকা মানৱৰ কি কৰোঁ কি নকৰোঁ লাগিল। নিবিড়ে কোৱা মতেই মানৱে উতলা পানীখিনিত দিবলৈ কেঁকোৰা দুটামান উঠাই লওঁ বুলি ভাবিলে।
“কেটেপ”
: আই….য়াহ…!
মানৱৰ চিঞৰৰ লগতে কেঁকোৰাৰ সহিতে গোটেই বেগটো অলপ আঁতৰত পৰিলগৈ। অন্যমনস্কতাৰে বেগটোত সুমুৱাই দিয়া হাতখনৰ পৰা বিপদৰ গোন্ধ পাই কেঁকোৰায়ো আক্ৰমণ কৰিলে। বেগটোৰ পৰা আজাদি পাই কেঁকোৰাকেইটামানে ইফালে সিফালে দৌৰিবলৈ ধৰিলে। নিবিড় মানৱৰ ওচৰলৈ দৌৰি আহে। হাতখন জোকাৰি জোকাৰি মানৱে ক’লে,
: মোক নহয়, সেইকেইটাক ধৰ। নহ’লে দিনটোৰ দৰে ৰাতিটোও সেইকেইটাক বিচাৰি ফুৰোঁতেই যাব। মহেন্দ্ৰ বুঢ়াই কি ট্ৰেইনিং দি পঠাইছে ঠিক নাই।
নিবিড়ে আঁঠুৱা খুটি এডাল লৈ কেঁকোৰাবোৰ চপাবলৈ ধৰিলে। অলপ আগতে মনৰ ভিতৰতে চৈধ্য পুৰুষক দি থকা গালিবোৰ স্পষ্ট হৈ ৰূমটোত দপদপাবলৈ ধৰিলে।
বিছনাৰ তলত, আলমাৰীৰ তলত, আলনাৰ তলত, টেবুলৰ তলত…ক’তো বাদ দিয়া নাই নিবিড়ে।হঠাৎ কাষৰ ৰূমটোৰ পৰা মিহিকৈ এটা শব্দ শুনিবলৈ পালে দুইটাই। দৌৰি গৈ চাই দেখে কেঁকোৰা এটাই মানৱক নাপাই গেছৰ পাইপত খং উজাৰি আছে। ফলত ৰৱৰৰ পাইপডাল ফাটি ফিঁইইছ কৈ গেছ ওলাই আছে। দৌৰি গৈ নিবিড়ে চিলিণ্ডাৰৰ ৰেগুলেটৰ বন্ধ কৰি দিলে।
পকাতে বহি দুইটাই কিছু সময় নীৰৱে থাকি ইটোৱে সিটোলৈ চালে।
: ভাতকেইটা হৈছিলগৈনে?
: ধুই মেলি লৈছিলোঁহে। বহাবই নাপালোঁ।
: গৰম পানীখিনি আছনে?
: আছে। গেছতে আছিল, ভাল বাচিলোঁ আজি।
: যা মেগী দুপেকেট লৈ আহ, তাতে দি দে। খাই শুই থাকোঁ। কুফা দিন পৰিছে, আৰু বা কি হয়….।
☆ ★ ☆ ★ ☆
3:24 pm
বৰ মজ্জা লাগিল পঢ়ি৷