ফটাঢোল

লটিঘটি-পঞ্চী প্ৰিয়া দাস

মানুহৰ জীৱনত কিমান যে ঘটনা ঘটে। তাৰ মাজতে কিছু ঘটনাই কন্দুৱাই, কিছুৱে হঁহুৱাই। কিছু ঘটনাই মনত বেয়াকৈ আঘাতো দি যায়। কিন্তু তাৰ মাজৰে ভালৰ বাবে ঘটা ঘটনাবোৰক শিক্ষা হিচাপে লৈ আগুৱাই যাব লাগে। 

বয়স হৈ অহাৰ লগে লগে মনটোও সৰু হৈ আহে বুলি কয় যে, একেবাৰে সঁচা কথা এইষাৰ। আমাৰ মা ঘৰখনত ভাই-ভনীৰ ভিতৰত সৱতকৈ ডাঙৰ। বয়সে ৫০ চুলে। দেখাত সুস্থ যেন লাগিলেও মাৰ ভিতৰি ভয় ভাব এটা সোমাইছে। কেতিয়াবা হঠাৎ কোনোবা বংশৰ মানুহ ঢুকালে বুলি শুনিলে তেওঁ ভয় খাই। “মোৰ বৰ ভয় লাগে, ময়ো পতকৈ মৰি থাকোঁ যদি বুমনিৰ(ভাইটি) কি হ’ব” বুলি কয়। আমি খং কৰোঁ, কিন্তু ভিতৰি ময়ো ভয় খাওঁ। মা খুব নাৰ্ভাছ হয় আজিকালি। সেই নাৰ্ভাছ হৈয়ে ঘটোৱা কাণ্ড এটাৰ বিষয়ে লিখিছোঁ আজি। 

কেইদিনমান আগৰ কথা সেইকেইদিনা মই অলপ অসুস্থতাৰ কাৰণে ৰেষ্টত আছিলোঁ। সেইকেইদিনা মায়ে ভাত ৰান্ধিব লগা হ’ল। এনেই আমি মাক ভাত ৰান্ধিবলৈ নিদিওঁ। ময়ে ৰান্ধোঁ বা ভণ্টিয়ে ৰান্ধে। কিন্তু সেইকেইদিনা ভণ্টিয়ে মোৰ ছোৱালীজনীক চম্ভালিব লগা হৈছিল কাৰণ মায়ে তাইক বলেৰে নোৱাৰেই। ইমানেই তাই তিখৰগুটি। ভণ্টিয়ে সেইদিনা পটলৰ তৰকাৰী বনাবলৈ বুলি আদা-নহৰু পেষ্ট বনাবলৈ মিক্সিটো উলিয়াই ল’লে। তেনেতে মায়ে আহি ক’লে “ময়ে পিছি দিওঁ দে৷” 

ভণ্টিয়ে ভালেই পালে। মায়েও ধুনীয়াকৈ পেষ্ট কৰি বাটিত অজৰাই দিলে। অলপ পিছতে বিলাহী আৰু কিবা গোটা মছলাৰ পেষ্ট বনাবলৈ তাই মাকেই দি দিলে। মায়েও ফুল কনফিডেন্সত গৈ মিক্সি ঘূৰাই দিলে। কিন্তু মায়ে নাৰ্ভাছনেছত পাহৰি গ’ল যে মায়ে মিক্সিটোৰ ঢাকোত হাতেৰে হেঁচা দিয়া নাছিল। মিক্সি চলাৰ লগে লগে ৱালত, টেবুলত, য’তে ত’তে বিলাহী, মছলা, পিয়াঁজৰ টুকুৰা উফৰি পৰিলে। ইপিনে মায়ে ভয় খাইছে। ভণ্টিয়ে জাঙুৰ খাব বুলি (তাই অলপ খঙাল)। ভয়তে চকুৰ সন্মুখত যি পাইছে বুটলি গৈছে এফালৰ পৰা। তাৰ মাজতে মাইনাৰ খেলনা গাড়ী এখনৰ চকা এটা টেবুলত থোৱা আছিলে সেইটোও দি দিলে, দি ঢাকোন মাৰি থৈ দিছে। ভণ্টিয়ে বকি জকি আহি দিলে মিক্সি ঘৰঘৰাই চলাই। মিক্সিটো চলাওঁতে অদ্ভুত শব্দ এটা হোৱা শুনি তাই মোক চিঞৰি মাতিছে “ঐ চাহিচোন কি হ’ল এইটো, ব্লেড ভাঙিলে যেন লাগিছে৷” মই যেনেতেনে উঠি গৈ মিক্সি খুলি চাইছোঁ মোৰ চকু কপালত উঠা অৱস্থা, বিলাহী, পিয়াঁজৰ লগত গাড়ীৰ চকা টুকুৰা টুকুৰ তথবৈছ অৱস্থা। ভণ্টি হাঁহিত ফাটি পৰিছে। মামীক মাতি আনিও দেখুৱালে। মামীয়ে আকৌ হাঁহিবও পৰা নাই মায়ে খং কৰিব বুলি। 

ইপিনে মায়ে মুখখন সেমেনা-সেমেনি কৰি আঁতৰি আঁতৰি ঘূৰি ফুৰিছে। মই ভালকৈয়ে চুইছ দিছোঁ। কেলেই এনেকুৱা হ’ল বা। মিক্সিটো বেয়া বুলি কৈ লাহেকৈ আগফালে ওলাই গুচি গ’ল। আৰু সেইদিনাৰ পৰা মিক্সি আৰু মাৰ সম্পৰ্ক বহু দূৰৰ হৈ পৰিল৷

☆ ★ ☆ ★ ☆

One comment

  • ৰাজশ্ৰী শৰ্মা

    আয়ু বেচেৰী খুড়ীজনী?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *