বাৰ্মুদা ট্ৰায়েঙ্গল-জয়ন্ত দত্ত
দুপৰীয়া ভাতমুঠি খাই উঠিছোঁহে, তামোলখন মুখত ভৰোৱাই নাই, লাগিল নহয় হুলস্থুল। কি হ’ল বুলি ৰাস্তালৈ দৌৰি আহিলোঁ, দেখিলোঁ গোটেই চুবুৰীটোৰ প্ৰাণীবিলাক ৰাস্তাতে বিদ্যমান। কোনোবাই গেঞ্জী, কোনোবাই হাফপেণ্ট, কোনোবাই আকৌ তিয়নীখনকে পিন্ধি প্ৰকাণ্ড পেটটো খজুৱাই খজুৱাই ইফালে সিফালে চাই আছে। হেঁপাই-ফোপাই দৌৰি অহা তিলকক সুধিলোঁ,
: বোলো কি হ’লঅ’ তিলক! ইমান ডাঙৰ ভূঁইকপ আহিলনে, গমেই নাপালোঁ।
: ভূঁইকপ নহয় দদাই, ধুমকেতু ওলাইছে।
মই বোলো ই পাগলেই হ’লনে কি!
: ঐ কি যিহকে তিহকে বলকি আছ, কি হৈছে ভালকৈ নকৱ কিয়?
: ক’বলৈ একো নাই। একেবাৰে ‘নাছা’ৰ পৰা চাইণ্টিষ্ট আহিছে কেমেৰা চেমেৰা লৈ। ব’ল ব’ল তিনিআলিৰ মূৰত ৰৈ আছে, কিবা বোলে অভিযান চলিব।
এঃ ইহঁতে মূৰৰ বাকী থকাকেইডালো নোহোৱা কৰিব এতিয়া। ‘নাছা’, ‘চাইণ্টিষ্ট’ কি হৈছে এইবোৰ!
: ঐ ৰহচোন অকণমান…ধুৰ, সময়েই নাই ৰ’বলৈ।
ছেঃ খেলিমেলিখন লাগিল নহয় এতিয়া। কি বা হ’ল আকৌ। ভাবি-চিন্তি থকাতকৈ তিনিআলিলৈ গৈ খবৰটো কৰি অহাই ভাল। পেণ্টটো পিন্ধি চোলাটো সাউতকৈ গাত সুমুৱাই একেকোবে তিনিআলি পালোঁগৈ।
দূৰৰ পৰাই দেখিলোঁ, টিকটিকিয়া ৰঙা গেঞ্জী আৰু সহস্ৰ পকেটযুক্ত খাকী (কিজানি !) ৰঙৰ বাৰ্মুদা পৰিহিত চাইণ্টিষ্টজন আৰু লগত দাঢ়িয়ে চুলিয়ে ভোবোকাৰ, অলপ লেতেৰা টাইপৰ চোলা পিন্ধি পেটুৱা কেমেৰামেনজন। সাইলাখ ‘ডিস্ক’ভাৰী’ চেনেলত দেখাৰ দৰেই। চাইণ্টিষ্টে হাত-মূৰ লৰাই লৰাই গোটখোৱা মানুহখিনিক কিবা সুধিবলৈ ধৰিছে আৰু মাজে মাজে একোবাৰ কেঞা আঙুলিৰ নখটোৰে দাঁতৰ ফাঁকত লাগি ধৰা চুপাৰিৰ টুকুৰাবোৰ উলিয়াবলৈ আপ্ৰাণ চেষ্টা কৰিছে। ইফালে বেচেৰা কেমেৰামেনে এখন হাতত কেমেৰাটো লৈছে আৰু আনখন হাতেৰে একোবাৰ পেটটো খজুৱাইছে, একোবাৰ মূৰটো খজুৱাইছে আৰু মাজে মাজে দীঘল দাঢ়িকেইডালৰ মাজত আঙুলিকেইটা ভৰাই একোবাৰ ঘোটালি দিছে, যেন দাঢ়িৰ মাজত কিবা এটাই বৰকৈ পিৰপিৰাই আছে।
ওচৰলৈ আহিহে গম পালোঁ ঘটনাটো আচলতে অলপ বেলেগ। আমাৰ ওচৰৰ চুবুৰীটোত কেইদিনমানৰ পৰা হেনো চোৰ সোমাইছে। চোৰ মানে বৰ আজৱ চোৰ। টকা-পইচা, আ-অলংকাৰ, গৰু-ছাগলী, গাড়ী-মটৰ এইবিলাক একোৱে চুৰি কৰা নাই। মাথো কাৰোবাৰ যদি চাৰিখন চামুচ আছিল, তাৰে দুখন বিচাৰি পোৱা নাই। কাৰোবাৰ হেঁতা এখন হেৰাইছে, কাৰোবাৰ আকৌ ভাত বাঢ়িবলৈ গৈ দেখে ষ্টীলৰ কাঁহী দুখনেই গায়েব। মুঠতে সকলোৰে খুটুং-খাটাং কিবাকিবি হেৰাইছে। প্ৰথমতে কোনেও পাত্তা দিয়া নাছিল কথাটোত, কিন্তু এদিন যেতিয়া বিমলা পেহীয়ে সন্ধিয়া চাহ খোৱা সময়খিনি বিভিন্ন কথাৰ মহলা মাৰি হৰেণৰ ঘৰতে পাৰ কৰাৰ সিদ্ধান্ত ল’লে, তেতিয়াহে উৰহী গছৰ ওৰ ওলাল। পেহীৰ লেকচাৰৰ অন্ত পৰাৰ আশা নেদেখি হৰেণৰ পৰিবাৰে অগত্যা ৰঙা চাহকে এটুপি যাচিলে। চাহ খাই গিলাচটো ওভতাই দিয়োতে পেহীৰ মনত চাটকৈ কিবা এটা খেলালে, গিলাচটো দেখোন চিনাকি চিনাকি লাগিছে। এৰা হয়তো, এইটো গিলাচতে পৰহি যোগেনহঁতৰ ঘৰত সন্ধিয়াৰ চাহকণ খাইছিল, পেহীৰ চকুৱে ভুল কৰিব নোৱাৰে। মুহূৰ্ততে গোটেইখন ৰজনজনাই গ’ল। সকলোৱে ৰাতিয়েই হেৰোৱা কাঁহী, বাটি, চামুচৰ হিচাপ কৰি ৰাতিটো পুৱালেই গৈ হৰেণৰ ঘৰত ৰেইড মৰাৰ পৰিকল্পনা বনাই সাজু হ’ল।
হৰেণ আগৰ পৰাই অলপ হাতলৰ টাইপৰ যদিও হৰেণৰ পুতেক কিন্তু বুদ্ধিত বৃহস্পতি। চুবুৰীয়াৰ পৰিকল্পনা তাৰো কাণত পৰিল। অনলাইন ক্লাছত প্ৰথম হোৱা হৰেণৰ পুতেকে মুহূৰ্ততে এটা ডিজিটেল বুদ্ধি ভাবি চিন্তি উলিয়ালে। চুবুৰীৰ হৰলুকি দিয়া বাচন-বৰ্তনসোপাকে বাপেকৰ গাত আঠা লগাই বপুৰাই এটা লাইভ ভিডিঅ’ বনালে আৰু চুবুৰীটোৰ সমস্ত লোককে ফেইচবুকত টেগাই দিলে। ওপৰত হেচ্ছট্যাগ দি কেপচন লিখিলে,”আজৱ কাণ্ড! কৰ’ণাৰ দুইপালি ভেকচিন লোৱাৰ পিছত হৰেণৰ দেহত অতিচুম্বকীয় শক্তিৰ উদ্ভৱ হৈছে। কাজেই চুবুৰীৰ সমস্ত বাচন-বৰ্তন আকৰ্ষিত হৈ আহি হৰেণৰ দেহত লিপিট খাই ধৰিছে। বিশ্বাস হোৱা নাই যদি এয়া চাওক ভিডিঅ’।”
তাৰ পিছত আৰু কি! পুৱাই ৰেইড মাৰিবলগীয়া মানুহখিনিয়ে বাকী থকা বাচন-বৰ্তন, আঙঠি-কাণফুলি, দা-কটাৰী আদি সকলো সামৰাত লাগি গ’ল। কি ঠিক, ৰাতা-ৰাতি গোটেইসোপা গৈ হৰেণৰ গলত ওলমিব লাগিলে সৰ্বনাশ হ’ব। পিছদিনালৈ ফেইচবুকত লাইক আৰু কমেণ্টৰ বৰষুণ দেখি টাউনীয়া ৱেব প’ৰ্টেলৰ সাংবাদিকজনৰ গাটো সাতখন-আঠখন হ’ল। অকণো কাল বিলম্ব নকৰি মুহূৰ্ততে কেমেৰামেন সহিতে বিগ ব্ৰেকিঙৰ দিশে অগ্ৰসৰ হ’ল।
তাৰপিছত, এয়া মোৰ সন্মুখতে ‘নাছা’ৰ চাইণ্টিষ্টজনে হৰেণৰ ঘৰৰ ঠিকনাটো ভালদৰে বুজি ল’লে আৰু কেমেৰামেনক পাছত বহুৱাই পূৰ্ণগতিত বাইক ছুটাই দিলে। তিলকে মোকো লগ ধৰিলে বোলো চাই আহোঁগৈ ব’ল। মই বোলো,
: নেলাগে অ’ বোপাই, তয়ে যা। ভাত খাই উঠি আইৰণৰ বড়ি এটা খাইছোঁ, কেনেবাকৈ পেটৰ পৰাই টানি নিব লাগিলে মোৰ ফালে গোটেই আধ্যা।
☆ ★ ☆ ★ ☆