ফটাঢোল

এটা চুইছ দিয়া চোলা- নাজিয়া হাচান

মনৰ আশাবোৰ আজিলৈকে দেখোন গৰ্ব কৰিব পৰাকৈ পূৰণেই ন’হল! ইফালে কৰোণা নামৰ কিবা এবিধ আহি জীৱনৰ ভৰসাকে নোহোৱা কৰিবলৈ উঠি-পৰি লাগিছে। এনেকুৱাতে মন যায় জীৱনটোক ধুৰ জীৱন বুলিবলৈ! বৰ্তমানৰ এই নিৰুপায় সময়খিনিত খোদাই যদি মোক সেই বচ্চপনৰ আশাটোকে পূৰণ কৰিবলৈ দোৱাভাগ দয়া কৰিলে হয়! এটা যদি যাদুৰ বিদ্যা খোদাৰ কৃপাত মই যদি লাভ কৰিলোঁ হয়। বিশেষ আশাভাগ পূৰণ হোৱাৰ ফূৰ্তিত যেতিয়াই ইচ্ছা তেতিয়াই শান্তিৰে চকুহাল মই মুদিব পাৰিলোঁ হয়। নকৈচোনে, আফচোচ নাথাকিল হয় জীৱনটোত মোৰ একোৱেই। আজিকালি চুইছটোতে কথা পাতিব পৰা, পৃথিৱীখন চাব পৰা, নজনাবোৰ জানিব পৰা কিমান ধৰণৰ যন্ত্ৰ বিধে বিধে মানুহে আবিষ্কাৰ কৰি গৈছে! কিন্তু….

এয়া মানুহ এগৰাকীৰ মনৰ কথা। সৰুতে দেখিবলৈ বৰ মাচুম চেহেৰাৰ এই মানুহগৰাকী বৈদ্য মিছা কথা কোৱাৰ তেওঁ পণ্ডিতনীও আছিল সেই সময়ত। আৰু তেওঁৰ সেই মিছা কথাবোৰ ইমান নিখুঁত আছিল, যে কোনেও কেতিয়াও সন্দেহ কৰিবলৈ থল বিচাৰি পোৱা নাছিল। মাচুমিয়ত মুখে গালে ভৰ মাত্ৰাত থকাৰ বাবে তেওঁ কোৱা মিছা কথাবোৰ কোনেও মিছা কথা বুলি সপোনত ভাবিবলৈয়ো মানুহবোৰৰ নিজকেহে কিবা দোষী দোষী যেন বোধ হৈছিল। সদায় মিছা মিছা কাহিনী কিছুমানেৰে জয় কৰা দিনবোৰত হঠাতে এদিনৰ এটা মিছা কথাই মানুহজনীৰ প্ৰাথমিক বিদ্যালয়ৰ গতানুগতিক জীৱনটো তোলপাৰ কৰাত লাগিল। কয় যে, এশ গৰু মাৰিলে বাঘৰো মৰণ। কথাভাগ তেওঁৰ সেইলেখত পৰিলগৈ। এই মিছা কথাভাগ তেওঁৰ ইমান বেছি ফেমাছ হ’ল, যে শেষত ইয়াৰ প্ৰচাৰে তেওঁৰ নিত্য জীৱনৰ শান্তিৰ নিদ্ৰা হৰণৰো কাষ চাপিল।

আজিৰপৰা প্ৰায় পয়ত্রিশ বছৰৰ আগৰ সময়; তেতিয়া তেওঁলোকৰ বিদ্যালয়খনত ইউনিফৰ্ম নাছিল। ছাত্ৰ-ছাত্ৰীয়ে নিজ ইচ্ছাৰে স্কুললৈ পোছাক পিন্ধি গৈছিল। ছোৱালীজনীৰ লগৰ বহুতো বন্ধু-বান্ধৱীয়ে সেয়ে সলাই সলাই ধুনীয়া ধুনীয়া চোলা কাপোৰ কিছুমান সঘনাই পিন্ধি আহিছিল। শিশুৰহে  মন আৰু, লগৰবোৰক দেখি ছোৱালীজনীৰো বিদ্যালয়লৈ সলাই সলাই নতুন চোলা কাপোৰ পিন্ধি যাবলৈ বৰকৈ ইচ্ছা জাগিছিল। কিন্তু তাইৰ মাক দেউতাক এই কথাত মান্তি নহৈছিল। তেওঁলোকৰ মতে বিদ্যালয় বিদ্যালয়েই, কিহৰ আকৌ শিক্ষা মন্দিৰলৈ ডেইলি কাপোৰ ভিন্ন ভিন্ন পিন্ধি যাব লাগিছে। এটা দুটা কাপোৰেই ৰিপিত কৰি কৰি পিন্ধি যাব লাগে, বচ। এনেই বুঢ়ী নাচনী তাতে আকৌ নাতিনীয়েকৰ বিয়া; অৰ্থাৎ সেই কঠিন অনুশাসনত এই বিষয়টো লৈ তাই মিছা কথা এভাগ কোৱাৰ চিন্তাই মগজুত ভিৰ কৰিবলৈ সুবিধা পালে। ভবা মতেই কাম। কেইদিনমানৰ পৰা চোলাক লৈ ৰচা মিছা কথাৰ ৰচনাভাগ বিদ্যালয়ত লগৰবোৰৰ আগত তাই মুখ বেঁ‌কাই বেঁ‌কাই বাহাদুৰি মাৰি প্ৰায়ে আগবঢ়াবলৈ ধৰিলে..

: ঐ..এইযে তহঁতে স্কুললৈ সলাই সলাই  চোলাবোৰ পিন্ধি আহ; তহঁতৰো মোৰ নিচিনা চুইছ দিয়া চোলা এটা আছে নেকি অ’? তাই বেঁকা হাঁহি মাৰি সোধা প্ৰশ্নটোত লগৰবোৰ কপাল কোঁ‌চ খুৱাই আচৰিত হ’ল!

: কি? কি চুইছ দিয়া চোলা অ’? এইটো আকৌ কেনেকুৱা বস্তু ওলাল?

: ও। চুইছ দিয়া চোলা আকৌ! মোৰ এটা চুইছ দিয়া চোলা আছে বুইছ! আচলতে তহঁতৰো তেনে পোছাক আছে বুলিহে ইমান দিনে মই কোৱা নাছিলোঁ আকৌ! সেই চুইছটো আকৌ যিয়ে চোলাটো পিন্ধে সিহে কিন্তু দেখে বুইছ আৰু ব্যৱহাৰো সিয়েহে কৰিব পাৰে বুইছনে নাই?

: মানে? কেনেকুৱা ব্যৱহাৰ অ’!

অদ্ভুত চোলাটোৰ কথা শুনি লগৰবোৰৰ কৌতূহলৰ ওপৰা-উপৰিৰ শেষ নোহোৱা হ’ল। মনত বিভিন্ন প্ৰশ্নৰ সিহঁতৰ আগা-দেৱা..।

: আৰে! চোলাৰ ব্যৱহাৰ মানে অদ্ভুত বুইছনে নাই? মই সেই চোলাক যি মন যায় সেই হিচাপেই পিন্ধিব পাৰোঁ‌ নহয়! যি মন যায় বুইছনে?

: মানে? সেইটো মানে  শিলৰ চোলাটোৰ নিচিনা চোলা নেকি অ’?

সিহঁতৰ আকৌ প্ৰশ্ন!

: ও। ঠিক তেনেকুৱাই আৰু! এই মানে..মোৰ মন গ’লেই চুইজাৰ, মন গ’লে স্কাৰ্ট-টপ, মন গ’লে মিডি এইবোৰ মানে বুইছ..?

তাই চেলাউৰি এডাল দাঙি দাঙি চোলাৰ গুণ গালে।

অসাধাৰণ চোলাটোক লৈ লগৰবোৰো বৰকৈ আচৰিত হ’ল! লাহে লাহে এই মিছা কথাভাগ ক্ষুদ্ৰ হৈ নাথাকি এটা বৃহৎ ৰূপ ল’লে। লগৰ বন্ধু-বান্ধৱীবোৰে সেই চুইছ দিয়া যাদুকৰী চোলাটোৰ কথা ঘৰে-বাহিৰে প্ৰচাৰ কৰি কথাভাগ বেছ আহল বহল কৰি পেলালে। লাহে লাহে অলৌকিক চোলাই শিশুমহলৰ কৌতূহলৰ পৰা সীমা চেৰাই বুজনসকলৰ মন মগজতো আন্দোলনৰ সৃষ্টি কৰিবলৈ ধৰিলে। বহুতৰ ককাক আইতাকহঁ‌তেও সুদীৰ্ঘ জীৱনত নেদেখা নুশুনা এই চুইছ দিয়া পোছাকটোনো কেনেকুৱা তাকে চাবলৈ মনত ইচ্ছা জাগ্ৰত হ’ল। বোলে, অ’ আই! কলি কালৰ কথা, এইভাগ মিছা হ’ব নোৱাৰেতো। ওলাইছে চাগে তেনে এবিধ পোছাক হেৰৌ। পাৰিলে আমিও জীৱনৰ পৰা বিদায় লোৱাৰ আগতে এইভাগ কাপোৰ পৰিধান কৰিব পাৰিলে জীৱন আমাৰো অসাধাৰণ হ’ল হয়! 

মুঠতে চুইছ দিয়া চোলাই ঘৰে ঘৰে বুঢ়া-ডেকা সকলোৰে মনৰ পূৰ্ণ ঠাই দখল কৰাত উঠি-পৰি লাগিল! সবাৰে মন মগজুত এটাই চিন্তা যে, এইটো আকৌ কি চোলা! ক’ৰ পৰা সৰিল? কেনেকৈনো কোনে কি বিদ্যা বুদ্ধিৰে বাৰু ইয়াক আৱিষ্কাৰ কৰিলে.. আদি বিভিন্ন প্ৰশ্নই সকলোৰে মূৰত তল-ওপৰ। ইফালে সেই যাদুকৰী চোলাটোৰ কথা শুনিবৰে পৰা নলে-গলে লগা তাইৰ বান্ধৱী এগৰাকীয়ে মাক বাপেকৰ জিনা হাৰাম কৰাত লাগিছিল, চুইছ দিয়া ফ্ৰকটো মোকো আনি দে বুলি! উপায়হীন হৈ মাক-দেউতাকে বিষয়টো ভালকৈ বুজিবলৈ জীয়েকক চুইছ দিয়া ফ্ৰকৰ মালিকগৰাকীক মানে বান্ধৱীগৰাকীক ঘৰলৈ এদিন মাতিবলৈ ক’লে।

: মাজনী তোমাৰ বোলে কিবা চুইছ দিয়া চোলা এটা আছে হয়নে?

বান্ধৱীৰ ঘৰত লুচি টুকুৰাৰে মেৰিয়াই লোৱা অমলেট টুকুৰা মুখত ভৰাবলৈ লৈ, মৰমলগা মাজনীজনী ক্ষন্তেক ৰৈ গ’ল। বুঢ়া আৰু তৰ্জনী আঙুলিৰে লুচি টুকুৰা গালৰ তললৈ ঠেলি, তাই মাজৰ আঙুলিৰ গাঁঠিটোৰে নাকৰ আগটো অকণমান মচি ল’লে। প্রিয় বান্ধৱীগৰাকীয়ে ইফালে দুইখন হাত গালত থৈ বান্ধৱী মাজনীৰ উত্তৰলৈ চকু সৰু কৰি বাট চাই আছিল। বান্ধৱীৰ চকু মুখত উত্তৰৰ আগ্ৰহ দেখি, মিছা কথাৰ পণ্ডিতনী মাজনীয়ে নাকটো আকৌ মাজৰ আঙুলিৰ পিঠিৰে মচিলৈ বেছ আত্মবিশ্বাসেৰে বান্ধৱীৰ মাকক উত্তৰ দিবলৈ ধৰিলে…

: আচ্ছা আচ্ছা! আণ্টি, আপুনি মানে মোৰ চুইছ দিয়া ফ্ৰকটোৰ বিষয়ে জানিব বিচাৰিছে ন? এক্সুৱেলি.. সেইটো মোক মোৰ মামাই উপহাৰত দিছিল আণ্টি। শ্বিলঙৰপৰা আনিছিল আৰু যাষ্ট কেইদিনমান আগত ফ্ৰকটো মামাৰ ছোৱালীজনীয়ে পিন্ধিবলৈ নি মোক ঘূৰায়ে দিয়া নাই নহয় আণ্টি। মই মামাক ফ্ৰকটোৰ বিষয়ে সুধিম বাৰু।

: অঁ‌ হয় নেকি? তোমাৰ মামাক যিমান পাৰা সোনকালে সেই মেজিক ফ্ৰকটোৰ বিষয়ে সুধিবাচোন দেই। আমাৰ মিতুকো মানে তেনেকুৱা এটা মেজিক ফ্ৰক লাগেই লাগে বুইছা। তাই সদায় স্কুলৰ পৰা আহি আমাক আমনি কৰিবলৈ লাগি যায় জানানে..?

বান্ধৱীৰ মাকে আৰু কিবা কিবি কৈ আছিল যদিও মাজনীৰ কাণেৰে কিন্তু একো পাৰ নহ’ল। পানীৰ গিলাছটো লৈ.. অঃ গড! এটা মিছা কথা ঢাকিবলৈ গৈ কিমানটা যে মিছা কথা মই সৃষ্টি কৰিবলগীয়া হৈছে, বুলি ভাবি থাকি লুচিটুকুৰা গিলি, গিলাছটোৰ পানীখিনি কোট কোটকৈ তাই একে উশাহত শেষ কৰিলে..।

: মই তোমাৰ মামাকেই ক’ম ৰ’বা। আমাৰ মিতুলৈয়ো তেনেকুৱা চুইছ দিয়া ফ্ৰক এটা আনিবলৈ বুইছানে..?

: অ’কে অ’কে। ঠিক আছে আণ্টি। মামা যেতিয়া আমাৰ ঘৰলৈ আহিব মই তেওঁক সুধি জনাম বাৰু আপোনাক।

কথাটো কৈ তাই  মনতে সেইদিনা পন কৰিলে; আজিৰ পৰা কোনোদিন, কেতিয়াও, কাকো আৰু তাই মিছা কথা নকয়..। সেইদিনাৰ পৰা চোলাটোৰ বিষয়েও তাই বিদ্যালয়ত বাহাদুৰিও নমাৰা হ’ল। কোনোৱে চোলাৰ বিষয়ে সুধিলেও তাই কথাটো নুশুনাৰ ভাও ধৰিবলৈ ল’লে। এইদৰে দিনবোৰ পাৰ হোৱাৰ লগে লগে যাদুকৰী চোলাটোৰ বিষয়টোও সকলোৰে মগজুৰ পৰা লুপ্ত হৈ পৰিছিল। আৰু সেই ঘটনাৰ পিছৰ পৰা তাই আৰু কেতিয়াও কাকো কোনো ক্ষেত্ৰত মিছা কথা কোৱা নাছিল..। কিন্তু.. এটা কথা; আজি বিয়াল্লিশ বছৰৰ পিছতো তেনে চুইছ দিয়া চোলা এটাৰ আবিষ্কাৰ কোনেও কৰিব পৰা নাইনে বাৰু?  

মানুহগৰাকীয়ে প্ৰায়ে কথাটো এইদৰে ভাবে। কাৰণ, তেনেকুৱা চোলা এটা পিন্ধাৰ হেঁপাহ মানুহগৰাকীৰ মনৰ কোনোবাখিনিত আজিও যে ৰৈ আছে…!

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *