ফটা ডাকঘৰ খোলা, পোষ্ট বক্স বন্ধ -পদ্মজা বৰুৱা মহন
ডাকঘৰ বুলি লিখি থোৱা চাইনব’ৰ্ডখনৰ কাষতে কেৰেচকৈ ব্ৰেকডাল ধৰি চাইকেলখন ৰখালে জাচিংফাই আৰু লাহেকৈ নামি বাহনখন ঠেলি ঠেলি ডাঙৰ গছজোপাৰ তলত ষ্টেণ্ড কৰি থ’লে।
এনেকৈ বৰকে এইফালে অহা নহয়, আজিহে কাপোৰ এটা চিলাবলৈ বুলি দৰ্জী দোকানৰ ফালে আহিছিল। তেনেতে আকৌ বায়েক ব্লকচেংফাই বোলে,
: শুনচোন, মোৰ কাম এটা কৰি দে।
: নোৱাৰোঁ দেই, মই কাম চাম কৰিব।
জাঙুৰ খাই উঠিছিল জাচিংফাই।
কিন্তু বায়েকে যেতিয়া ক’লে, তেনেহ’লে পঞ্চাশ টকাটো নহ’লেও হ’ব… : হ’ব বাৰু কৰি দিম। কিন্তু মোক টকাটো আজিয়েই লাগিব।
জাচিংফাই লগে লগেই কৈছিল।
: ঠিক আছে। টকা লাগিব যদি শুন, চিলাই দোকানৰ পৰা তই ডাকঘৰলৈ যাবি। ডাকঘৰ চিনি পাৱনে নেপাৱ? চিলাই দোকানৰ পৰা অলপ আগলৈ গৈয়েই সোঁহাতে গছ এজোপাৰ তলত ডাকঘৰ বুলি বেনাৰ এখন লিখি থোৱা দেখিবি। তাতে আছে ডাকঘৰটো। দুখন ইনলেণ্ড কাৰ্ড, চাৰিখন পোষ্টকাৰ্ড আনিবি আৰু এই খামটোত দুটা টিকট লগাই পোষ্ট কৰি দিবি বুজিলি।
: হ’ব দে বুজিলোঁ।
বায়েকৰ কথা ভালদৰে নুশুনিলেই, ওপৰতে শলাগি তাই খৰধৰকৈ ওলাই আহিল। বায়েকে কিবা ক’বলৈ চিঞৰিছিল যদিও তাই নৰ’ল আৰু এতিয়া তিনি কিঃমিঃ চাইকেল মাৰি এয়া ডাকঘৰৰ আগত উপস্থিত জাচিংফা।
বাওঁফালে এখন ডাঙৰ হাৰ্ডৱেৰ দোকান, কাষতে এখন চাইকেল মেৰামতিৰ দোকান, তাৰ কাষতে অফিচ যেন লগা ঘৰ এটাৰ ফালে আগবাঢ়ি গ’ল তাই। আগতে আহি পোৱা নাই তাই ডাকঘৰলৈ।
খিৰিকীৰ ফাকেৰে চাই দেখিলে শকত-আৱত মানুহ দুজনে কিবাকিবি লিখি আছে।
: ছাৰ…
চুচুক চামাককৈ মাতিলে তাই।
: অঁ। কিবা লাগিব?
: পোষ্ট কাৰ্ড আৰু ইংলেণ্ড কাৰ্ড…
: ইংলেণ্ড কাৰ্ড?
মানুহ দুজনে হাঁহিবলৈ ধৰিলে। তাৰ পিছত ক’লে,
: ইংলেণ্ড নহয় ইনলেণ্ড কাৰ্ড।
হেঁ…তাইতো বায়েকৰ মুখত ইংলেণ্ড কাৰ্ড বুলিহে শুনা পাইছিল। ধেৎতেৰি। লাজহে পালে তাই।
: এয়া লোৱা…।
: আৰু এই চিঠিখন টিকট লগাই পোষ্ট কৰিবলৈ কৈছিল।
লাজে বীজে কোনোমতে ক’লে তাই।
: অ’ ডাকটিকট লাগিব। এয়া লোৱা। সৌটো আঠা। খামত লগাই পোষ্টবক্সত ভৰাই দিবা।
পোষ্ট মাষ্টৰৰ হাতত টকাকেইটা দি ইনলেণ্ড কাৰ্ড, পোষ্ট কাৰ্ডকেইখন বেগত ভৰাই তেওঁ দেখুৱাই দিয়া আঠাটোৰ ফালে লৰালৰিকৈ আগবাঢ়িল জাচিংফা। কোনোমতে এইখন পোষ্ট বক্সত ভৰাই যাব পাৰিলেই ৰক্ষা।
বায়েক ব্লকচেংফাই ৰেডিঅ’লৈ চিঠি লিখে কেতিয়াবা।কেতিয়াবা কেতিয়াবা কাকত-আলোচনীলৈয়ো কিবাকিবি লিখে বুলি গম পাই তাই। কিতাপ-পত্ৰ খুউব পঢ়ে। জাচিংফাৰ এইবোৰত আগ্ৰহ নাই। তাই স্কুলৰ কিতাপখিনিকে লিখিবলৈ পঢ়িবলৈ এলাহ।
আঠা অলপ টিকট দুটাত লগাই খামটোত লগালে জাচিংফাই, তাৰ পিছত পোষ্ট বক্সত ভৰাবলৈ লৈ, “অ’ বক্সটো বা কেনি আছে?”
ইফালে সিফালে চাই নেদেখি তাই আচৰিত হ’ল। ক’ত আছে বুলি সুধিবলৈ নহ’ল মানুহজনক। বাকচটো বা কেনেকুৱা!
: সৌটো..যোৱা।
অফিচত বহি থকা মানুহজনে গম পাইছিল চাগে তাইৰ মনৰ কথাটো আঙুলি টোঁৱাই দেখুৱাই দিলে গছজোপাৰ ফালে।তেওঁ দেখুৱাই দিয়া ফালে চাই দেখিলে জাচিংফাই, হয়তো। post box বুলি লিখা ৰঙা বাকচ এটা দেখোন গছজোপাৰ তলতে আছে।
জাচিংফাই লৰালৰিকৈ খামটো লৈ বক্সটোৰ ওচৰ পালেগৈ।এই চিঠিখন পোষ্ট কৰিব পাৰিলেই তাইৰ লেঠা খতম। চিধাই চাইকেল মাৰি উভতিব।
“কিন্তু এয়া কি…”
চিঠিখন ভৰাবলৈ লৈ তাই আচৰিত হ’ল। বাকচটোত মস্ত এটা তলা যে। কেনেকৈ ভৰাব চিঠিখন!
আকৌ চালে তাই। হয়, বক্সত ডাঙৰ তলা এটা লাগি আছে।মানে বন্ধ কৰি থৈছে। পোষ্ট মাষ্টৰক সোধে নেকি কিয় বন্ধ কৰি থৈছে বুলি। ভাবিলে তাই। কিন্তু লাজো লাগিল সুধিবলৈ।বক্সটোৰ কাষে কাষে আলেঙে আলেঙে আকৌ চালে তাই।হয় বক্সটোত এটা ডাঙৰ তলা। তাৰমানে বন্ধ চাগৈ। তেনেতে আগফালৰ দোকানখনৰ ল’ৰাজনৰ চকুৱে চকুৱে পৰি উচপ খাই উঠিল তাই। অস্। ল’ৰাজনে দেখোন তাইলৈকে চাই আছে।
ইচ্ কি বুলি ভাবিছে চাগৈ। কোনোবা লভাৰলৈ চিঠি দিবলৈ আহিছে বুলিও ভাবিব পাৰে। নাই নাই। ইয়াত আৰু ৰোৱাৰ কথা নহয়। যিমান পাৰি সিমান সোনকালে যোৱাৰহে কথা।এইবাৰ আৰু নৰ’ল জাচিংফা। পোষ্ট কাৰ্ড, ইনলেণ্ড কাৰ্ড, চিঠি ভৰোৱা এনভেলপ সোপাকে বেগত ভৰালে আৰু একেজাঁপে চাইকেলত উঠিল।
: পোষ্ট কৰিলিনে চিঠিখন?
ঘৰ পাই ইনলেণ্ড কাৰ্ড, পোষ্ট কাৰ্ড বায়েকৰ হাতত দিওঁতেই ব্লকচেংফাই সুধিলে।
: নাই, ডাকঘৰ বন্ধ আছিল।
: কি … !! ডাকঘৰটো বন্ধ যদি এইবোৰ ক’ৰপৰা আনিলি?
চেলাউৰি কোঁচ খালে ব্লকচেংফাৰ।
: নহয় মানে ডাকঘৰ খোলা আছিল কিন্তু পোষ্ট বক্সটো বন্ধ আছিল।’
হেঁহো নেঁহোকৈ ক’লে তাই।
: কি বকিছ ঐ তই?
: অঁ। ডাকঘৰটো খোলা আছিল কিন্তু পোষ্ট বক্সটোত এটা তলা লগাই বন্ধ কৰি থৈছিল। সেইকাৰণে পোষ্ট কৰিব নোৱাৰিলোঁ আক’।
কথাষাৰ ক’বলৈ পালেহে লগে লগে গেমেহা ভুকু দুটামান পৰিল জাচিংফাৰ পিঠিত।
বেচেৰী, জাচিংফাইতো আগতে নাজানে যে পোষ্ট বক্সত তলা লগোৱাই থাকে। বক্সৰ তলফালে থকা সৰু বিন্ধা এটাইদিহে চিঠি পত্ৰবোৰ সুমুৱাই দিয়া হয়।
☆ ★ ☆ ★ ☆
9:30 pm
???। মজা