ফটাঢোল

অশ্বত্থামা হত কিন্তু ইতি গজ -অমূল্য কুমাৰ কলিতা

অভিযন্তা পাপুৰ কলেজ শিক্ষয়িত্ৰী ঘৈণীয়েকে পাঁচ দিন একেলগে কলেজ বন্ধ থকাৰ বাবে, বন্ধৰকেইদিন তাৰ কোৱাৰ্টাৰত কটোৱাৰ উদ্দেশ্যে আজি ৰাতিপুৱা দহ বজাত আহি পাবহি৷ তাৰ বিয়া হোৱা বেছি দিন হোৱা নাই; এয়া প্ৰথমবাৰৰ বাবে তাৰ থকা ঠাইলৈ আহিব তাই৷

সেয়েহে ৰাতিপুৱা পাঁচ বজাতে উঠি সি ড্ৰাইভাৰজনৰ সৈতে মিলি কোৱাৰ্টাৰটোত চাফাই অভিযান চলাইছে। চাফাই কৰিবলৈ বিশেষ একো নাই; মাথোঁন আজি ছয়মাহমান ধৰি বেডৰূমৰ কাষৰ ৰূমটোত জমা কৰি থোৱা, সি গলাধকৰণ কৰা সোমৰসৰ খালী বটলবোৰ এখন ডাঙৰ বস্তাত ভৰাই বস্তাখন সম্পূৰ্ণ হোৱাত মুখখন ভালদৰে বান্ধি দুয়ো ধৰাধৰিকৈ গাড়ীখনত তুলি কিছু নিলগত থকা ৰাজহুৱা পুখুৰীটোত কোনেও নেদেখাকৈ প্ৰক্ষেপ কৰি আহিল৷ অৱশ্যে এই চাৰে পাঁচ বজাত কোনোবাই দেখাৰ প্ৰশ্নও নাহে৷ চাফাইৰ কামখিনি সুকলমে হৈ যোৱাত সি স্বস্তিৰ নিশ্বাস পেলালে৷ কাৰণ বিয়াৰ আগতে ঘৈণীয়েকে সোধাত সি সোমৰস পান নকৰা বুলিয়েই কৈছিল। আনহাতে ঘৈণীয়েকৰ মুখেৰে সি সোমৰস পান কৰা কথাটো তাৰ অৱসৰ প্ৰাপ্ত শিক্ষক, মাক-দেউতাকে জানিব পাৰিলে মৃত্যু সম আঘাত পাব৷

ন বজাত সি অফিচলৈ যাওঁ বুলি বাৰাণ্ডাত ভৰি থৈছে মাত্ৰ, এনেতে এখন গাড়ীত অহা এজন পুলিচ বিষয়াৰ সৈতে তিনিজন পুলিচ তাৰ ওচৰলৈ আহি ক’লে, হত্যাৰ অভিযোগত আপোনাক গ্ৰেপ্তাৰ কৰা হ’ল৷ “তাৰমানে, তাৰমানে কি ক’বলৈ বিচাৰিছে আপোনালোকে?” থতমত খাই প্ৰশ্ন কৰিলে সি। “আপুনি হত্যা কৰি ডেড্ বডী বস্তাত ভৰাই ৰাতিপুৱাই ৰাজহুৱা পুখুৰীটোত পেলাই দিয়া বহুকেইজন প্ৰাতঃভ্ৰমণকাৰীয়ে দেখি দিয়া অভিযোগৰ ভিত্তিত আপোনাক গ্ৰেপ্তাৰ কৰা হৈছে৷ গতিকে এতিয়া আমাৰ সৈতে থানালৈ ব’লক৷”

থানাত নিউজ চেনেলৰ সাংবাদিকবোৰেৰে ভৰি পৰিছে। সকলোৰে বিভিন্ন প্ৰশ্নৰ উত্তৰ দি দি সি হায়ৰাণ হৈ পৰিছে। শেষত উপায়ন্তৰ হৈ সি হাত জোৰ কৰি চিঞৰি চিঞৰি ক’লে, “আপোনালোকে নিশ্চিত থাকক মই কাকোৱেই হত্যা কৰা নাই৷ মানুহ হত্যা কৰিবলৈ মই ইমান বেয়া মানুহ নহয়৷ মোৰ মাত্ৰ এটাই ডাঙৰ দোষ আছে; সেইটো আপোনালোকে যিমানকৈ সুধিলেও একমাত্ৰ মা-দেউতাৰ স্বাৰ্থত ক’ব নোৱাৰিম৷”

ইতিমধ্যে পুখুৰীত ডেড্ বডী বিচাৰিবলৈ বিশেষ ডুবাৰুৱে বিভিন্ন অত্যাধুনিক যন্ত্ৰপাতি লৈ বিচৰা পৰ্ব আৰম্ভ কৰিছে৷ পুখুৰীৰ পাৰত টিভিৰ সাংবাদিকেৰে সৈতে লোকে লোকাৰণ্য হৈছে।সকলোৰে মুখত এটাই কথা, “কি যে দিন কাল-হ’ল, পাপু ছাৰৰ দৰে মদ পানী নোখোৱা নিৰামিষভোজী ডাঙৰ বিষয়ায়ো মানুহ হত্যা কৰিবলৈ ল’লে৷ সঁচাকৈয়ে মানুহক বিশ্বাস কৰিবলৈকে কঠিন হ’ল দেই৷”

ভূতৰ ওপৰত দানহ পৰাদি তাৰ ঘৈণীয়েকেও পুখুৰীৰ পাৰলৈ আহি সাংবাদিকৰ কেমেৰাৰ সমুখত ৰাউচি জুৰি কান্দি কান্দি ক’বলৈ ধৰিলে- “ইমানকৈ চোকা মানুহজনো যে হত্যাকাৰী হ’ব পাৰে মই জনাই নাছিলোঁ৷ ই মহাপাপীয়ে মোৰ জীৱনটো শেষ কৰিলে ঔ। মই হত্যাকাৰীৰ ঘৈণীয়েক হ’লোঁ ঔ৷”

ইতিমধ্যে এজন ডুবাৰুৱে ফোঁপাই-জোপাই ওপৰলৈ উঠি আহি ক’লে, “ডেড্ বডীৰ বস্তা মই হাতেৰে চুই আহিছোঁ৷ কিন্তু লৰচৰ কৰিবকে নোৱাৰিলোঁ৷ এটা ডেড্ বডী হোৱাহেঁতেন মই অকলেই ওপৰলৈ দাঙি আনিব পাৰিলোঁহেঁতেন।বস্তাটোৰ ভিতৰত নিশ্চয় দুই তিনিটা ডেড্ বডী ভৰোৱা আছে।”

কথাটো শুনি  ৰাইজৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি  হ’ল৷ বহুতেই তাক আক্ৰমণ কৰিবলৈ থানালৈ খেদি গ’ল৷ উপায়ন্তৰ হৈ তাক ৰক্ষা কৰিবলৈ বৃহত বাহিনী মাতিব লগা হ’ল৷

অবশেষত ক্ৰেণৰ সহায়ত ডেড্ বডীৰ বস্তুটো ওপৰলৈ অনাত ৰাইজৰ মাজত তীব্ৰ উৎকণ্ঠাৰ সৃষ্টি হ’ল৷ টিভিৰ কেমেৰাবোৰৰ দৃষ্টি বস্তুটোৰ ওপৰত নিবদ্ধ হ’ল৷

পলম নকৰি বস্তাৰ মুখ খোলাত, দেখি সকলো আচৰিত হ’ল৷ এয়া ডেড্ বডীৰ সলনি দেখোন এবস্তা মদৰ খালী বটলহে৷ সকলোৰে মুখত এটাই কথা উচ্চাৰণ হ’ল – “পাপু ছাৰ ঘোৰ মদাহীহে;  নহ’লে এবস্তা মদৰ বটল ওলায়নে?” ঘৈণীয়েকেও পুণৰ ৰাউচি জুৰিলে, “অ’ মোৰ ফুটা কপাল ঔ; মই এজন ঘোৰ মদাহীৰ সৈতে বিয়া হ’লোঁ ঔ৷ এতিয়া মই কি কৰোঁ ক’তে মৰোঁ ঔ৷”

শেষত পাপু তলমূৰকৈ ঘৈণীয়েকৰ সৈতে থানাৰ পৰা কোৱাৰ্টাৰলৈ বুলি প্ৰস্থান কৰিলে৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.