দ্যা কনভাৰচেশ্যন- চন্দামিতা শৰ্মা
: হেৰি, অফিচ গৈ পালে নেকি বাৰু?
: যিমান দূৰ সম্ভৱ মই চাৰিচকীয়াখন ৰাস্তাত হে চলাই আহিছোঁ, আকাশমাৰ্গেৰে নহয়।
: ৰ’বহে, আপুনি খালী সকলো কথাই কিবা বেলেগকৈ কয়!
: হেৰা, নহ’লে কি কব লাগিছিল বাৰু। মোৰ ঘৰৰ পৰা অফিচলৈ দূৰত্ব কিমান সেয়া বিয়া হোৱা দিন ধৰি তুমিয়ো জানা। তাৰ পিছতো ঘৰৰ পৰা ওলাই অহাৰ দহ মিনিট পিছতে সুধিছা, মই অফিচ পালোঁ নেকি? হাঃ হাঃ
: হেৰি, ইমান যে বলকি আছে আচলতে আপুনি আছে ক’তনো? আপুনিতো গাড়ী চলাই থকাৰ সময়ত মোবাইলত কল ৰিচিভ কৰা মানুহ নহয় ! একেবাৰে শুদ্ধ ৰূপত সকলো নিয়ম মানি গাড়ী চলোৱা মানুহ! তেন্তে? আৰু ওলাই যাওঁতে দেখোন একেবাৰে তৰা-নৰা ছিগি দৌৰাৰ দৰে গৈছে।
: বঢ়িয়া প্ৰশ্ন কৰিছাহে তুমি। মই এতিয়া যান-জঁটৰ মাজত ফচি গাড়ীৰ ভিতৰত এটা আচৰিত প্ৰাণীৰ দৰে বহি আছোঁ। দেউতা ঈশ্বৰহঁত, এই অভাজনে অহা ৰাস্তাইদি ক’ৰবালৈ আধাৰশিলা উদ্বোধন কৰিবলৈ যাব। গতিকে ৰাস্তা সাপৰ পিঠিৰলেখীয়া কৰিবলৈ বিয়াগোম বিভাগটো তৎপৰ হৈ উঠিছে। আমাৰ লাচিত বৰফুকনৰ দৰে একেৰাতিতে গড় বন্ধাৰ দৰে যুদ্ধদেংহি মনোভাৱেৰে কামত লাগি গৈছে। ফলত আমাৰ দৰে সাধাৰণ প্ৰজাই জীয়াতু ভুগিব লগা হৈছে। আচলতে তেৰাসৱে বিতচকু নলগাইতো, গতিকে ৰাস্তাৰ খলা-বমাবোৰ চকুতেই নপৰে। স্বৰ্গদেউ সকলৰ তুলনাত মোৰ দৰে সাধাৰণ নৰমনিচৰ সময়ৰ মূল্য নাই নহয়। সেয়ে বাকীবোৰে গাড়ীৰ ভিতৰত বহি লেপটপত ব্যস্ত হৈ থকাৰ সময়ত মই মোৰ শ্ৰীমতীৰ লগত কথা পাতি আছোঁ। ঘৰত থাকিলেতো সেইটোৰ মানে মোবাইলটোৰ কৃপাত তোমাৰ মূৰ দাঙিবলৈকে সময় নাই। আজি মোৰেই পৰম সৌভাগ্য যে আমাক চলায় থকা দেউতাসকলৰ কৃপাত মোৰ সৌভাগ্য উদয় হৈছে।
: হ’ব আৰু। বাকীবোৰে যদি ধৈৰ্য্য ধৰিব পাৰিছে, আপোনাৰনো ইমান খৰখেদা কিয়?
: নাই মোৰনো খৰখেদা কিয় লাগিব? আজি তোমাৰ শাওণৰ সোমবাৰৰ ব্ৰতৰ কৃপাত…
:হেৰি, সেই বিয়া হোৱা দিন ধৰি কিট্চেনটোত যি মূৰ সোমোৱালোঁ এতিয়ালৈতো উলিয়াব পৰা নাই। আজি দিনটো লঘোণীয়া গাৰে থাকিবলগীয়া মানুহজনীলৈ নিমখ নিদিয়াকৈ ৰুটি তিনিখন কি সেকি থৈ গ’ল, তাকে লৈ কথা শুনালে। বাকী ছয়টা বাৰতে যে মই যোগান ধৰি থাকোঁ সেয়া এতিয়া ফুটুকাৰ ফেন যেনহে হ’ল।
: ধেৎতেৰি ভুল বুজিলাহে তুমি। মই ক’ব বিচাৰিছিলোঁ যে আজি তোমাৰ ব্ৰতৰ কৃপাত মোৰ বহুত শাৰিৰীক কচৰৎ হ’ল। এনেয়েতো তুমিয়ে ৰান্ধা দিয়াচোন মানে কেৰাহীখন তুমি উঠাই দিয়াৰ পিছত তোমাৰ মামী, পেহী আদিৰ পৰা ফোন আহিলে ময়ে তেলখিনি দি ভাজি বা তৰকাৰীখন বহাই দিলে এখন হাতেৰে কাণত ফোনটো ধৰি আনখন হাতেৰে মাজে মাজে লৰাই নিদিয়া জানো। আৰু বন্ধৰ দিনত ফটো আপলোড কৰিবলৈ ইউটিউব খুচৰি ৰেছিপি বিচাৰি উলিয়াই লৈ, সেই মতে সেই নিৰ্দেশ মোক দি স্পেছিয়েল ডিশ্ব নাৰান্ধা জানো। মই জানো নহয় তোমাৰ কষ্ট হয়, সেইবাবেতো মই আমাৰ টু বি এইচ কে-টোত দিনটোৰ বেলেগ বেলেগ সময়ত আহি তোমাক সহায় কৰা দুজনী ঠিক কৰি দিয়া নাই জানো?
: হ’ব হ’ব। ঘৰতটো নেৰেই এতিয়া ৰাস্তাতো আপুনি মোৰ দোষ খুচৰিব এৰা নাই। কি মানুহহে আপুনি।
: হেৰা, সচাঁ কথা ক’লে দোষ খুচৰি থকা বুলি কোৱাটো সেই মহাভাৰতৰ যুগৰে কথা। তুমিতো এতিয়াৰ যুগৰ মানে কলিকালৰ।
: হেৰি আপোনাৰ কি হৈছেহে। কিখন বলকি আছে। মই আচলতে আপোনাক সুধিব খুজিছোঁ আপোনালোকে এৰিয়াৰৰ পইচা কেতিয়া পাব?
: এৰিয়াৰৰ পইচা মানে?
: এৰিয়াৰৰ পইচা মানে এৰিয়াৰৰ পইচা আকৌ। ইমান নজনাৰ ভাও নধৰিবচোন, আপুনি ইমান যে ইমানো বুৰ্বক নহয় সেয়া মই বিয়া হোৱা দিন ধৰি ভালকৈ গম পাইছোঁ।
: হেৰা, মই আচলতে আচৰিত হৈছোঁহে। এনেবোৰ খবৰ সাধাৰণতে বাতৰিকাকত আৰু খুলিলেই টেঁটু ফালি যোৱা শব্দ শুনিবলৈ পোৱা মূৰ্খৰ বাকচটোৰ নিউজ চেনেলকেইটাতহে প্ৰচাৰিত হয়। তুমি কেনেকৈ গম পালা?
: মানে?
: মানে তোমাৰ হাতৰ ৰিম’টটো ঘৰতে বিয়া খাবলৈ যোৱাৰলেখীয়া পোচাক পিন্ধি সাজি কাচি পাকঘৰত ভাত ৰান্ধি থকা বা এজনেই দুই তিনিবাৰমান যমৰ ঘৰৰ পৰা ঘূৰি আহি ভিন ভিন সময়ত আমাৰ মগজুয়ে ঢুকি নোপোৱা পৰিস্থিতিত পৰি ভিন ভিন ছোৱালীক বিয়া কৰাইয়ো সত্যবানৰ ৰূপ লোৱা দেখুওৱা চেনেলকেইটাতহে বিচৰণ কৰি ফুৰে যে সেইবাবেহে আচৰিত হৈছোঁ। এটা কিন্তু কথা কওঁ দেই সেই যে “পাপটোল” নে কি…?
: হ’ব হ’ব আপোনাৰ দৰে দেশ-বিদেশৰ খবৰ লৈ থাকিবলৈ মোৰ গৰজ পৰা নাই নহয়। মই যি ৰাজ্যৰ মানুহ তাৰে খবৰ পালে হ’ব। আৰু ৰ’বচোন আপুনি কি “পাপটোল”ৰ কথা ক’লেহে?
: সেই যে চেনেলটো য’ত পৃথিৱীৰ ভিতৰতে আটাইতকৈ সস্তাত(?) বস্তু আমালৈ আগবঢ়াই থাকে। মই কিন্তু এটা কথা খাটাং যদি কিবাকৈ অলিম্পিকত খৰকৈ আৰু উশাহ নোলোৱাকৈ কথা ক’ব পৰা প্ৰতিযোগিতা পাতে, সেইটো চেনেলৰ ডেকা-ডেকেৰীকেইজনে গ’ল্ড মেডেল পোৱাটো খাটাং। হাঃ হাঃ।
: হেৰি মই সুধিলোঁ কিবা আৰু আপুনি কৈ আছে কিবা।আচলতে আমাৰ লেডীজ ক্লাবৰ যে হোৱাটছ্ এপত গ্ৰুপটো আছে তাতে খবৰটো পালোঁ।
: কিন্তু তোমালোকৰতো গ্ৰুপটোৰ এজনীও চৰকাৰী চাকৰিয়াল নহয়, তেনেস্থলত?
: আপুনিয়ো যে আৰু আমি কিয় চাকৰি কৰিব লাগে?
: হয় দিয়া, তোমালোকেনো কিয় চাকৰি কৰিব লাগে আমি থাকোঁতে। পিচে ভালেই হৈছে দিয়া তোমালোকৰ যে কিমান কাম থাকে। স্বাধীনতা দিৱসত তিনি ৰঙৰ শাৰী ক’ত পাই সেয়া খবৰ কৰা, কোনটো অনলাইন কোম্পানীয়ে কিমান পাৰচেণ্ট ডিছকাউণ্ট দেখাই প্ৰকৃততে পাঁচশ টকা দামৰ বস্তুটো সাতশ টকাত বিক্ৰী কৰে তাৰ খবৰ ৰখা, ফেচবুকত ফটো আপলোড কৰিলে কোনে কিমান লাইক আৰু কমেণ্ট পালে তাৰ হিচাপ ৰখা। বাপৰে মূৰ ঘূৰাই যোৱা কামৰ বোজা।
: হেৰি অথনিৰে পৰা মই আপোনাৰ উল্টা-পুল্টা কথা শুনি আছোঁ। মই বুলিহে সহ্য কৰি আছোঁ। পিচে আপুনি ডিছকাউণ্টৰ কথা কওঁতে মনত পৰিল, “ক্লীয়াৰেন্স বেঞ্জ” ৰ মানে আমাৰ ওচৰৰ শ্বপিংমলটোত সিদিনা মই বজাৰ কৰাৰ পিছত দুখন কুপন পাইছোঁ, ডিছকাউণ্ট কুপন। নগদ পাঁচশ টকা ফ্ৰী।
: নগদ পাঁচশ টকা ! বাহ, বঢিয়া দেখোন। তাৰমানে মই যদি এটা ছয়শ টকাৰ ছাৰ্ট কিনো তেতিয়া মাত্ৰ এশ টকা দিলেই হ’ব। বৰ উপকাৰী দেখোন এই “ক্লীয়াৰেন্স বেঞ্জ”। আজি যদি কিবাকৈ অফিচ গৈ পাওঁ তেন্তে উভতি আহি সন্ধিয়া তোমাৰ সৈতে যাম দিয়া। তুমিয়ো ল’বা কিবা মানে এশ টকামান দিলেই হোৱা।
: হে হৰি আপুনি সেই ঘোকোট গাঁওৰ মায়াজালৰ পৰা ওলাবলৈ পৰাই নাই নহয়? কি যে বিয়া হ’লোঁ নহয় আপোনাৰ লগত! তেনেকৈ কুপন দিয়ে নেকি?
: তেনেহ’লে কেনেকৈ দিয়ে? তুমি দেখোন তেনেকৈয়ে ক’লা, নহয় জানো?
: কি যে হ’ব নহয়। কেতিয়াবা তেনেকুৱা দোকানত সোমাই পালেহে! শুনক, পাঁচহেজাৰ টকাৰ বস্তু কিনিলে আপোনাক এখন পাঁচশ টকাৰ কুপন দিব। তাৰমানে আপুনি তেতিয়া চাৰে চাৰিহাজাৰ টকা দিলে হ’ব। বুজিলে নে?
: হেৰা কি কৰিবা আৰু মই হ’লোঁ লাব্ৰা খাই ডাঙৰ হোৱা আৰু তুমি হ’লা মিক্সড্ ভেজ্ খাই ডাঙৰ হোৱা। বুজাৰ পাৰ্থক্য অলপ থাকিবই দিয়াচোন। বাৰু এটা কথা কোৱাচোন আমি যদি পাঁচহেজাৰ টকাৰ বস্তু নিকিনো, তেতিয়া কি হ’ব?
: কি হ’ব আৰু, ডিছকাণ্ট নাপাম।
: তাৰমানে ডিছকাউনণ্ট পাবলৈ সিমান টকাৰ বস্তু কিনিবই লাগিব। বাহ্ কি বঢ়িয়া।
: কি বঢ়িয়াৰ কথা ক’লে আপুনি?
: তোমালোকৰ বুদ্ধিৰ কথা। একেবাৰে বুদ্ধিত বৃহস্পতিহে তোমালোক!
: ঠিকেই কৈছে নহ’লেনো আপোনাৰ লগত বিয়া হয়নে, হাঃ।হাঃ।
: পিচে এৰিয়াৰৰ কথা সুধিছিলা যে কিয়?
: অঅঁ সেয়া মই সুধিব ওলাইছিলোঁ। কি আৰু আপুনি আজে বাজে কথা কৈ আচল কথাৰ পৰা ফালৰি কাটি নিলে। মানে অহা মাহৰ প্ৰথম সপ্তাহৰ পৰা “বেছো” নামৰ কোম্পানীটোয়ে আধা দামত সকলো বস্তু যেনে শাৰী আদি চেল্ কৰিব। সেয়ে মই ভাবিছোঁ, কেইখনমান শাৰী কমদামতে পাম যেতিয়া কিনি থ’ম। আমাৰ ক্লাবৰ দুজনীমানৰ বাৰ্থদেও আহি আছে।
: হয় দিয়া, তোমাৰটো পিন্ধিবলৈ কাপোৰেই নাই। কি যে অপদাৰ্থ মই, বিয়াৰ ইমান বছৰ পিছতো তোমাক ভালকৈ কাপোৰ এসাজ দিব পৰা নাই। বজাৰলৈ গ’লে এখনৰ ঠাইত দুখন কিনা হয় তথাপিও ক’ৰবালৈ যাবলৈ হ’লে পিন্ধিবলৈ তোমালোকৰ কাপোৰেই নাথাকে। মোৰ যে ইমান দুখ লাগে।
: হেৰি, আপুনিয়ো যে আৰু। এযোৰ ড্ৰেছেৰে দুখন অনুষ্ঠানলৈ যাব পাৰি নেকি?
: অলবৎ নোৱাৰি, কেলেই পাৰিবা। আমিহে মানে মতা মানুহকেইজনে পাৰোঁ মানে পাৰিবই লাগিব। অলপ ডাঠ ৰঙৰ পেণ্ট এটা পিন্ধা আৰু আৰামত কেইদিনমান চলাই দিয়া।
: হেৰি, আপুনি যে এইবোৰ কৈ আছে এবাৰ ভাবিছেনে সেই একেযোৰ ড্ৰেছ পিন্ধি উঠা ফটোবোৰ চাই বেলেগে কি ক’ব? এইজনীৰ ড্ৰেছ এযোৰেই নেকি? লাজ নালাগিব?
: লাগিব, লাগিব! কিয় নালাগিবহে? একদম লাজ লগাৰ কথাই।
: আপোনাৰ কথা ধৰাই টান। ঠাট্টায়ে কৰিছে নে কি কৰিছে, বুজিবই নোৱাৰি।
: ঠাট্টা আৰু মই? কেতিয়াও নকৰোঁ। হেৰা, সেই তৰা-নৰা চিঙি অফিচলৈ আহি মাজৰাস্তাত এঘণ্টাতকৈয়ো বেছি সময় ধৰি গাড়ীত বহি আছোঁ, তাৰ পিছতো মই বাৰু কাৰোবাক ঠাট্টা কৰাৰ যোগ্য নে? নহ’লেতো এতিয়া ৰাস্তা ঠিক কৰা মানুহকেইটাৰ ওপৰৱালা বিষয়াকেইজনক কৰিলোঁহেতেন। হেৰা ঠাট্টা কৰিবলৈ মুখ থাকিলে বাইক চলাই উদণ্ড হৈ ঘূৰি ফুৰা ডেকাকেইটাক কৰিলোঁহেঁতেন, শ্ৰম নকৰি আন্দোলন কৰি ঘূৰি ফুৰাকেইটাক কৰিলোঁহেঁতেন, সস্তীয়া ৰঙীন পৃথিৱীত মজি থকা ছোৱাল কেইজনীক কৰিলোঁহেঁতেন। এতিয়াতো আমাৰ দৰে মানুহৰ মুখ বন্ধ কৰি ৰখাৰ বাদে উপায় নাই, তাৰ পিছতো ঠাট্টা কৰাৰ কথা কৈছা?
: হেৰি হ’ব দিয়ক। বাদ দিয়ক এইবোৰ! মানুহ আছে নহয়, সেইবোৰ ঠিক কৰিবলৈ।
: ঠিক কৈছা তুমি, মানুহ আছে ! পিচে কোন আছে, সেয়াহে আজিলৈকে গম পোৱা নাই। নিজে কি তাকো বুজি পোৱা নাই!! হেঃ হেঃ।
: বাদ দিয়ক সেইবোৰ। অফিচ গৈ পালে এৰিয়াৰ কিমান পায়, সেই হিচাপটো কৰি জনাব আৰু…
: হেৰা এতিয়া থোৱাচোন। আগৰ গাড়ীকেইখন অলপ লৰচৰ কৰা যেন লাগিছে।
: যাওক তেনেহ’লে। ইমান সময় কথা পাতি ভাগৰেই লাগিল। এতিয়া বাৰু কি কৰোঁ?
: তুমি এটা কাম কৰা, সেই ৰাতিপুৱাইহে তিনিখন ৰুটি আৰু এগিলাচ গাখীৰ খাইছা! এতিয়া লঘোণীয়া গাৰে মই ডাইনিং টেবুলৰ ওপৰত থৈ অহা আপেলটো আৰু কাজুকেইটা ধুনীয়াকৈ প্লেটত সজাই লৈ, খোৱাৰ আগতে হেজ টেগ্ ফিলিং স্পিৰিশ্বুৱেল অন্ শ্ৰাৱণ মান্থ বুলি সেই যে তোমালোকৰ ইনষ্টা নে কি তাত আপলোড কৰা। হেঃ হেঃ। বাই।
☆ ★ ☆ ★ ☆