ব্লেকমেইল : হেমন্ত কাকতি
এদিন এগৰাকী ‘চেলিব’ মহিলাই ফেচবুকত এটা আপডেট দিলে- “বুঢ়াৰ ‘পোল’ খুলিম কোনোবাদিনা!” আপডেটটো দিবলৈহে পালে, পঞ্চাশোৰ্ধৰ অভিনৱ বৰুৱাই দেখিলে দহ মিনিট পিছতে প্ৰায় ডেৰশ লাইক, তাৰ পিছতে বাৰিষাৰ ঢল নমাদি ধাৰাসাৰে কমেণ্টৰো বৰষুণ আহিবলৈ ধৰিলে৷
“বুঢ়াবোৰৰ উৎপাত বৰ বেছি হৈছে৷””এই শিয়ালবোৰক ধৰি আনি পাবলিক ‘ধুলাই’ দিব লাগে৷””নাম কওক বুঢ়াৰ বাইদেউ! ফালি দিওঁ!””নামটো ইনবক্স কৰকচোন৷””বুঢ়াৰ পৰকিতি লৰিছে৷ ইলেকট্ৰিক শ্বক দিব লাগে৷”
এটচেট্ৰা, এটচেট্ৰা…কমেণ্টেৰে তেখেতৰ চোতাল ভৰি পৰিল৷ মহিলা গৰাকীয়ে বহুত গম্ভীৰ ভাবে এটা এটাকৈ সকলোৰে মন্তব্যৰ তলে তলে ৰিপ্লাই কৰি গ’ল-“আছে এজন, কম পিছত”৷
অভিনৱ বৰুৱাই ৰাতিপুৱাই গৰম চাহ এপিয়লা নিজে বাকি খাবলৈ লৈ ফেচবুকটো খুলি ক্ষন্তেক তভক মাৰিলে৷
“বুঢ়া বুলি মোকে ক’লে নেকি বাৰু? আজিকালি পঞ্চাশ পাৰ হ’লেই ফেচবুকীয়ানবোৰে ‘বুঢ়া’ বুলি লেবেল লগাই দিয়ে৷ তাতে আকৌ এচাম উৎপতীয়া ‘বুঢ়া’ই আমাৰ ‘বুঢ়া’ সমাজৰ ‘গৰিমা’ক কলুষিত নকৰাও নহয়৷ সেই বুলি এনেকৈ গোৱাল গালি পাৰিলে গাত নলগাকৈ কেনেকৈ থাকিব?”
কথাখিনি পাগুলি অলপ দেৰি বহি থাকিল বৰুৱা৷
হঠাৎ ফোন এটা আহিল৷ বৰুৱাৰ ফেচবুক “ফ্ৰেণ্ড” ওৰফে ভাইটি অখিলৰ৷
: বৰুৱা দা, অলপ সাবধানে থাকিব, মেডামৰ আপডেট দেখিছে নে নাই? আপোনাকে কৈছে বুলি আমি চিওৰ৷ আপুনি হেনো তেখেতৰ ঘৰৰ ওচৰে পাজৰেও আজিকালি বৰকৈ ঘূৰাফুৰা কৰিবলৈ লৈছে৷ আপোনাক “এক্সপ’জ” কৰিব হেনো! বি কেয়াৰফুল৷ আপুনি এক্সপ’জ হ’লে আমাৰো সন্মান যাব, ভাৱক৷ বুজিছে নহয় কথাটো!
এই বুলি সি ৱাৰ্নিং এটাই দিলে৷ তাৰ কথা শুনি বৰুৱাৰ টিঙিচকৈ মাৰিলে৷ মুখৰ পৰা অশ্ৰাব্য শব্দ এসোপাৰে তাক দীঘলীয়াকৈ গালি এজাউৰি দি লৈ ক’লে,
: তুমি ভাবা নেকি যে মই এনে কিবা কামত লিপ্ত হ’ব পাৰোঁ বুলি? হেৰৌ সেইজনীক মই এই ধৰণেৰে কেতিয়াও নেভাবোঁ, বুজিছা? আৰু কি যুক্তিত মোকেই কৈছে বুলি ভাবিলা?
: নহয় মানে, কি ঠিক! আপুনি জেং মানুহ, ক’ত কি গোলমাল কৰি থৈছে, মই কেনেকৈ জানিম?
বৰুৱাই বুজিলে, মানে তাৰো বৰুৱাৰ ওপৰত “ফুল কনফিডেন্স” নাই৷ অখিল খাৰাংখাচ কথা কোৱা ল’ৰাতো৷ ল’ৰাটোৰ এইধৰণৰ কথাৰ বাবেই তাক বৰুৱাই অলপ মৰমো কৰে৷ ভাল পাওক, বেয়া পাওক তাৰ মনলৈ অহা কথাটো সি ক’বই৷ তাৰ এই স্বভাৱটোৰ বাবে শত্ৰুও গোটাইছে কিছু সি, কিন্তু তথাপি সলনি নহয়৷ ডিপ্ল’মেচি বোলা বস্তুটো জীৱনত নিশিকিলে৷ কিন্তু তাৰ আকৌ ৰাজনীতিত যোৱাৰ মন!
: তুমি জীৱনত ৰাজনীতি কৰিব নোৱাৰিবা৷
বৰুৱাই তাক সোঁৱৰাই মাজে মাজে, কিন্তু নাই, কথাই কথাই সি কেনেকৈ ছাত্ৰ ৰাজনীতিত ‘বিশেষ’ ভূমিকা পালন কৰিছিল তাৰ লেকচাৰ দিবলৈ নেৰে৷ বাৰু যি নহওক, বৰুৱাও এলাপেচা মানুহ নহয়৷ এই অভিনৱ বৰুৱাই জীৱনত কেঁচা কাম নকৰে৷ বেছি কথাৰ অৱতাৰণা নকৰি মূল ইচ্ছুটোলৈ ঘূৰি আহিল৷
: আৰু ক’ত কি কি কৈছে কোৱাচোন?
: মই গতিবিধি লক্ষ্য কৰি আছোঁ৷ কিবা হ’লে জনাম বাৰু! বাই ডা ৱে, আপুনি কিবা জেং কৰি থৈছে নেকি আকৌ? কিবা মেচেজ বা ফোন কল জাতীয়?
অখিলে অলপো নোৰোৱাকৈ কৈ গ’ল৷
কথাখিনি কৈয়ে তাৰ সেই চিৰ পৰিচিত ভিলেইনৰ দৰে চিগনেচাৰ স্মাইলটো এৰিলে৷ সি ফোনৰ সিটো মূৰে থাকিলেও তাৰ ক্ৰুৰ যেন লগা হাঁহিটো বৰুৱাৰ চকুৰ সন্মুখত ভাঁহি উঠিল৷ তাৰ সন্দেহ যে বৰুৱাৰ ওপৰত পুৰা ঘনীভূত হৈছে সেয়া তেওঁ প্ৰায় নিশ্চিতই হ’ল৷ এনেই মানুহটোক বিভিন্নজনে সময়ে সময়ে জ্বলাকলা খুৱাই থৈছে৷ নিতৌ চুগাৰ, প্ৰেচাৰৰ দৰব খাবলগীয়া হৈছে৷ এইবাৰ বাকী থকা বেমাৰবোৰেও উক দিলে কি হ’ব? পেটে পেটে ভয় খালেও কৃত্ৰিম খং এটা দেখাই ক’লে,
: ধেত, কি কোৱাহে! মোৰ দ্বাৰা সেইবোৰ কাম নহয়৷ আৰু মোক এক্সপ’জ কৰিলে মই কি এনেই বহি থাকিম?
: আৰে বাদ দিয়ক সেইবোৰ অহংকাৰ! আপুনি যোৱা মাহত মনালিছা বৰুৱা নামৰ মহিলাজনীক কি মেচেজ দিছিল মই দেখা নাই নেকি? তাৰ পিছত গিৰিয়েকে পাই আপোনাক পিটিবলৈ ওলোৱা নাছিল? মই নবছালে আপোনাৰ হাড় মূৰ গুৰি কৰিলেহেঁতেন! সোনকালে মেচেজ, হোৱাটচ এপ আদি চেক কৰি চাওক আৰু জেঙত নফচিব৷
তাৰ সতৰ্কবাণীটো মুখৰ আগত উৰাই দিলেও বৰুৱাৰ ভিতৰি শঙ্কাটো আঁতৰ নহ’ল৷ তাক মৃদু ধমক এটা দিলেও মানুহজনীৰ দন্দুৰী স্বভাৱৰ কথা জানিছিল বৰুৱাই৷ কোনোবাদিনা নিচাসক্ত অসতৰ্ক মুহূৰ্তত কিবা ‘জেং’ মেচেজ আদি গৈছে নেকি বুলি মেডামৰ নামটো মেচেঞ্জাৰ আৰু হোৱাটচ এপত চাৰ্চ মাৰিলে অভিনৱ বৰুৱাই৷ পিচে বৰুৱাই কেঁচা কাম নকৰে বুলি তেওঁৰ ফুল কনফিডেন্স৷ তথাপি ডাবোল চেক কৰি ল’লে৷ নাই, আশা কৰা মতেই বিশেষ একো পোৱা নগ’ল৷ দুই এটা “হাই”, গুড ইভিনিং, ভাত খালা, বাৰ্থ দে উয়িচৰ বাদে ‘বিশেষ’ গণ্ডগোলীয়া একো নাছিল৷ বৰুৱাৰ ওঁঠৰ ফাকেৰে মিচিকিয়া হাঁহি এটা আপোনা আপুনি ওলাই আহিল৷ সেয়া আছিল কনফিডেন্সৰ হাঁহি৷ তাক দুআষাৰ আৰু অশ্ৰাব্য মাত শুনাব মন গৈছিল বৰুৱাৰ, পিচে অভাৰ কনফিডেন্সো কাল হয় কেতিয়াবা৷ সেয়ে বিশেষ একো নকৈ বৰুৱাৰ নেক্ষ্ট ‘মোভ’ কি হ’ব সেয়া চিন্তা কৰাত লাগিল৷
হঠাতে মেচেজবোৰ স্ক্ৰল কৰি যাওঁতে বৰুৱাই দেখিলে মেডামৰ দ্বিতীয় একাউণ্ট এটাত বৰুৱাৰ মেচেজ- “তুমি বহুত ধুনীয়া”! মেডামে ‘চিন’ কৰি একো ৰিয়েক্ট কৰা নাই৷ বৰুৱাই বুজিলে- এইটোৱে হয়তো মেডামৰ “বুঢ়াক এক্সপ’জ” কৰাৰ অস্ত্ৰ হ’ব পাৰে৷
মেডাম একেধাৰে বিশিষ্ট লেখিকা, কবি আৰু সমাজ ‘সচেতন’ সমালোচক৷ ইফালে গিৰিয়েক হাই ক’ৰ্টৰ এডভোকেট৷ বৰুৱাই মেডামৰ দুয়োটা একাউণ্ট সুক্ষ্মভাবে বিশ্লেষণ কৰাত লাগিল৷ আপডেটবোৰত গল্প, কবিতা আদিৰ বাহিৰেও বিভিন্ন ধৰণৰ আপডেট৷ বৰুৱাই মন কৰিলে প্ৰায় তিনিমাহ ধৰি “প্ৰকাশ বৰদলৈ” বুলি এজন মানুহ মেডামৰ ৰেগুলাৰ কমেণ্টেটৰ আৰু লাইকাৰ৷ প্ৰকাশৰ কমেণ্টৰ তলতে মেডামৰো লাভ ৰিয়েকচন আৰু ধুনীয়াকৈ লিখা ৰিপ্লাই৷ বৰুৱাই তৎক্ষনাৎ প্ৰকাশৰ প্ৰফাইলটো চেক কৰি ল’লে৷ সুন্দৰ সুঠাম পুৰুষ৷ ফটো দেখি মেডামৰ সমবয়সীয়া যেন লাগিল৷ প্ৰফাইলটোত বিশেষ একো নাছিল, কেৱল মেডামৰ কিছু কবিতা শ্বেয়াৰ কৰিছে মাজে মাজে৷ প্ৰকাশৰ বায়োৰ পৰা তাৰ বিষয়ে সম্যক আভাষ পালে বৰুৱাই৷ প্ৰকাশ বি এচ এন এলৰ অভিযন্তা আৰু ডাইভৰ্চি৷ প্ৰফাইলত নিজৰ দুখনমান ফটো আৰু এঠাইত মাক দেউতাকৰ এখন ফটো মাথোন৷ পিচে যোৱা কেবা মাহো প্ৰকাশৰ প্ৰফাইলত কোনো আপডেট নাই৷ বৰুৱাৰ মনলৈ ভাৱ আহিল- যেন প্ৰকাশ বৰদলৈ মেডামৰ প্ৰেমিক হ’ব পাৰে৷ বৰুৱাই দেৰি নকৰি প্ৰকাশৰ দুখন ফটো আৰু বায়োখিনি নোট কৰি ল’লে৷
অভিনৱ বৰুৱাই তেওঁৰ ‘নেক্ষ্ট মোভ’ কি কৰিব ভাবিব লগা নাছিল৷
প্ৰৱল আত্মবিশ্বাসেৰে প্ৰকাশ বৰদলৈৰ নামত ফেক ফেচবুক একাউণ্ট এটা নিজৰ ফোন নম্বৰ দি খুলি পেলাই প্ৰথম আপডেট এটা এৰিলে-
“বহুদিনৰ মূৰত পুনৰ ফেচবুকলৈ ঘূৰি আহিলোঁ৷ আগৰ একাউণ্টটো হেৰাল৷ পুনৰ বন্ধু বান্ধবীখিনিলৈ ৰিকুৱেষ্ট পঠাইছোঁ, আশা কৰোঁ গ্ৰহণ কৰিব৷”
তাৰ ক্ষন্তেক পিছতে তেওঁৰ লিষ্টত থকা পুৰণি বন্ধু বান্ধবীবোৰলৈ ৰিকুয়েষ্ট পঠোৱা হ’ল৷ মেডামৰ নামটো চাৰ্চ মাৰিলে- বেবী বৰকটকী! দুগৰাকী বেবী বৰকটকীৰ একাউণ্ট পোৱা গ’ল৷ মেডামৰ ফটো দুখন জিলিকি উঠিল৷ পলম নকৰি দুয়ো গৰাকীলৈ ৰিকুৱেষ্ট পঠোৱা হ’ল৷
ৰাতি প্ৰায় চাৰে দহটা বাজিছিল৷ আশা কৰাতকৈ সোনকালে প্ৰকাশ বৰদলৈৰ একাউণ্টটো “ফ্ৰেণ্ডে”ৰে ভৰি গ’ল৷ তাৰ লগতে এগৰাকী বেবী বৰকটকীয়েও তেওঁৰ ফ্ৰেণ্ড লিষ্ট শুৱনি কৰি ল’লে৷
যথেষ্ঠ আত্মবিশ্বাসেৰে “প্ৰকাশ বৰদলৈ” ওৰফে অভিনৱ বৰুৱাই মেডামলৈ মেচেজ এটা পঠিয়ালে৷
: হাই!
আত্মবিশ্বাসী বৰুৱা ৰ’ব লগা নহ’ল৷ মেডামৰ পৰা ৰিপ্লাই আহিল-
: ক’ত আছিলা ইমান দিন?
: নাই অলপ ব্যস্ত আছিলোঁ৷ কি খবৰ?
: মোলৈ মনত পৰা নাছিল? কিয় ইমান তৰপাই আছিলা? ফোন কিয় কৰা নাছিলা?
: মবাইলটো হেৰাল৷ সব নম্বৰ উৰি গ’ল৷ নম্বৰটো দিয়া৷
: 9435*******”, এঘাৰটাৰ পিছত কল কৰিবা প্লিজ৷ মিছিং ইউ চ’ মাচ্ছ! লাভ ইউ!
: মিছিং ইউ টু………………
********
বৰুৱাৰ মুখত বিজয়ৰ হাঁহি বিৰিঙি উঠিল৷ সমগ্ৰ মেচেজখিনিৰ স্ক্ৰীনচট লৈ লোৱা হ’ল৷ অভিনৱ বৰুৱাৰ শৰীৰত যেনেকৈ “টেষ্ট’ষ্টেৰন” আৰু “এড্ৰেলিন ৰাছ” আহে, এই মেডামো সময়ে সময়ে ইষ্ট্ৰ’জেন হৰমনৰ চিকাৰ হয় বুলি বৰুৱাৰ দৰে অভিজ্ঞ লোকে ভালকৈয়ে জানে৷
ৰাতি তেতিয়া এঘাৰ বাজিছে৷ ভাত পানী খাই বিছনালৈ অহাৰ সময়৷ মবাইলটো লৈ বিছনাত বাগৰ দিয়েই “টল, ডাৰ্ক এণ্ড হেণ্ডচাম” প্ৰকাশ বৰদলৈৰ ফেচবুক একাউণ্টটো ডিলিট কৰি অভিনৱ বৰুৱাই নিজৰ একাউণ্টৰ পৰা এটা আপডেট দিলে-
“এগৰাকী মুধাফুটা কবি, সাহিত্যিক, চেলিব্ৰিটি মহিলাক আজি এক্সপ’জ কৰিম!”
ক’বলৈ পাহৰিছিলোঁ, বৰুৱাই অখিলকো টেগ কৰিবলৈ নেপাহৰিলে৷ আধা ঘণ্টা পিছতে বৰুৱাৰ মেচেজ বক্স জানিবলৈ ইচ্ছুক মানুহেৰে ভৰি পৰিল৷ অখিলে আচৰিত হৈ বৰুৱালৈ ফোন লগালে-
: বৰুৱা দা, এইপাত কি এৰিলে ৰাতিখন?
: অভিনৱ বৰুৱাই কেঁচা কাম নকৰে বুজিছা!
(সকলো চৰিত্ৰ আৰু কাহিনী কাল্পনিক)
☆ ★ ☆ ★ ☆
10:49 am
ফেচবুকৰ শীতল যুদ্ধ
10:50 am
ফেচবুকৰ শীতল যুদ্ধ
8:00 pm
বাপৰে! তামাম দেই৷
8:24 pm
দাদা,কি লিখিলে এইটো? সাংঘাতিক ৰস পালোঁ পঢ়ি। ভাগ্যে নামটো বেবী বৰকটকীত সলনি বাৰ্বী বৰকাকতি যে নহ’ল????
10:32 pm
মজা
11:19 pm
মজা লাগিল৷
11:51 pm
উফ ফেচবুক তুমি অনন্য
12:55 am
বাপৰে, বুঢ়া (!!!!)কমতি বুদ্ধিৰ ভড়াল নে সেয়া ??
1:56 pm
ৱাহ কাকতি দা ৱাহ।
4:29 pm
বুঢ়াও বুঢ়া জেং বুঢ়া একদম।
8:14 am
বঢ়িয়া। এনেকুৱা ঘটনা প্ৰায়ে ঘটি থাকে আজিকালি।
3:18 pm
কি জেং বুঢ়া ৰে এইটো৷ তামাম দাদা৷