এটা সূক্ষ্ম অনুভৱৰ সৈতে – বন্দিতা জৈন
বৰ্তমান সকলো লোকৰে যোগাযোগ আৰু নিজকে সক্ৰিয় ৰখাৰ প্ৰধান আহিলা ম’বাইল। কিছুসংখ্যকৰ বাবেতো এনে অৱস্থা হৈছে গৈ প্ৰাণ যায়, ম’বাইল না যায়। কিন্তু এইটো মানি লওঁ কুফল যিমান নহওক ম’বাইলটোৰ নটিফিকেশ্যনৰ শব্দ নুশুনিলে মনবোৰ বেয়া লাগি থাকে দেখোন। টিভি, কম্পিউটাৰ যিমান নহওক ম’বাইল অবিহনে কম লোকেই চলে।
আজিকালি দামী ম’বাইল লৈ বিশেষ ভংগীত চ্চাল এটা দিবলৈ নোৱাৰিলে তুমি কিহৰ কিটো! এই ভাবটো বহুতৰে আহে, বেছি টিনএইজাৰ ল’ৰা-ছোৱালীয়ে অথবা নতুন ধনীসকলে। লাগিলে ঘৰত পইচাৰ জৰুৰী যিমান নহওক কিয় চ্চালটো মেইন।
যি নহওক মোৰ লিখাৰ উদ্দেশ্য এই চ্চাল নহয়। ম’বাইল পৰা পোৱা সুখ আৰু দুখৰ হিচাপ এটাহে লিখিবলৈ ওলাইছোঁ। মোৰ সৰুৰে পৰা এটা উল্টা অভ্যাস আছে। সকলো বস্তুৱেই বেয়াৰ পৰা ভাললৈ অহা। কিতাপ এখন পঢ়িবলৈ ল’লেও শেষ পৃষ্ঠাটো চাইহে আগবাঢ়োঁ। কিবা খাবলৈ হ’লেও প্ৰথম বেয়াখিনি খাওঁ। এতিয়া ম’বাইলত লেখাবোৰ শেষফালে স্ক্ৰল কৰি চাই লওঁ। যদি ভূতৰ হয় তেন্তে সেইটো আঁতৰ কৰোঁ। ৰাতিৰ কথা আছে ৰিস্ক ল’বলৈ নাই। সেইবাবে সেইটোৰ নটিফিকেশ্যন অফ কৰি লওঁ।
এতিয়া আহোঁ ম’বাইলৰ পৰা পোৱা অসুখখিনি প্ৰথমটো হৈছে – আজিৰ পৰা ১৫ বছৰমান আগতেই মোৰ একাউণ্ট আছিল। কিন্তু তেতিয়া আধুনিক ম’বাইল হাতত নথকা বাবে দুই এদিনৰ মূৰত যেতিয়া কম্পিউটাৰ শিকিবলৈ যোৱা স্কুলখনলৈ যাওঁ তেতিয়াই বাইদেউগৰাকীৰ কম্পিউটাৰটোত খুলি চাওঁ। আকৰ্ষণীয় নাছিল একো। কেৱল কিবা শিকাই দিছিল বাইদেউগৰাকীয়ে। দুই এজন বিদেশী বন্ধু সিমানেই। বিয়াৰ পাছত আধুনিক ম’বাইল হাতত আহিল যদিও আগৰ একাউণ্টটো বন্ধ হৈ থাকিল। কিছুমান দিন নিজৰ সকলো পাহৰি ঘৰৰ সকলোকে মন জয় কৰা আৰু নিজৰ কৰ্মস্থান এইদৰে কটাই দিলোঁ। একঘেয়ামি জীৱনটো আঁতৰাবলৈ আকৌ নতুনকৈ ফেচবুক একাউণ্ট খুলি লৈ ধীৰে ধীৰে পুৰণি বন্ধুবোৰৰ নাম চাৰ্চ কৰি লিষ্টখন বঢ়ালোঁ। ভাল লাগিল। পুৰণি বন্ধুবোৰৰ লগত সময় কটাই ভাল লগা হ’ল। ইয়াৰ মাজতে ছোৱালীৰ ফটো লগোৱা বহুতো বন্ধু ৰিকুৱেষ্ট অহাত কমন বন্ধু দুজনমান আহিল। আহিয়েই হাই, হেল্ল’, অনেক কথা-বতৰা পাতিবলৈ আৰম্ভ কৰিলে। মানে অনলাইন অহা গ্ৰীণ লাইটটো জ্বলাৰ লগে লগে সিহঁতৰ মেচেজ ভৰ্তি হয়। কেইজনমান বিৰাট ভদ্ৰেশ্বৰ। ধুনীয়া ধুনীয়া কথা পাতে। ময়ো তিনি চাৰিবাৰৰ মূৰত এবাৰ উত্তৰ দিওঁ। কেইজনমান বোলে তুমি বৰ এটিটিউড দেখুৱাই থাকা, উত্তৰ নিদিয়া। ময়ো নিদিওঁ। ময়ো মনতে ভাবোঁ – নালাগে দে আহিব। এনেহেন মোৰ প্ৰাক্তন প্ৰেমিক মই অভিমান ভাঙিবলৈ যাম ধৈ জীৱন।
কেইজনমানে বহুত দিন আমনি কৰিলে। বুজিলোঁ সিহঁতে মোৰ ৱালখন নাচায়। চাই কেৱল মোৰ গ্ৰীণ লাইটটো। যেতিয়া গম পালে মই বিবাহিত, এটা সন্তান আছে। বাচ, তেতিয়াৰ পৰাই অদৃশ্য হৈ গ’ল দেখোন। খবৰ ল’,বলৈ নাহে, মই কি খালোঁ, কি ৰান্ধিলোঁ। উপচ্ ৰক্ষা। ইয়াৰ পিছত এজনী আহিল হে প্ৰভু এইজনী দেখোন ৰিকুৱেষ্ট গ্ৰহণ কৰাৰ অপেক্ষা কৰি আছিল। আহিয়েই ছিক্স, ফ’ৰ মাৰিবলৈ ল’লে।কেইদিনমান বেয়াকৈ ক’লে কিবা হোৱা ভয়ত একো কোৱা নাই। মেছেজ অহা লগে লগে ফেচবুক বন্ধ কৰি দিওঁ। বৰ খং উঠিল। চিনি নাপাওঁ জানি নাপাওঁ এইসোপাৰ ভয়ত মই বন্ধ কিয় হ’ম। এদিন ঝাৰিলোঁ ঠিকচে। উৱা, নীলাজৰ কঠিয়া আছিল নেকি! সি দেখোন এখোপ আগত গৈ বেয়া বেয়া ছবিবোৰ পঠিওৱা হ’ল। হেৰৌ ময়ো তোৰ মায়েৰ। ৰহ ঠিকচে জগতৰ গালিসোপা দি থাকোঁতেই হাজবেণ্ড আহিল। তাক ক’লোঁ,
: তই ৰ। মই থানাত তোৰ নামত লাভলেটাৰ লিখিছোঁ। অ’চিয়ে পঢ়ি শুনাব। ৰৈ থাক।
হাজবেণ্ডে মেছেঞ্জাৰ কলিং কৰি পুলিচৰ ভাষাবোৰ প্ৰয়োগ কৰি ঠিকচে কৈ ৰিপ’ৰ্ট মাৰি ব্লক কৰি দিলে। সেইদিনা ব্লক কৰিবলৈও শিকি ল’লোঁ। এবাৰ এজনী/এজন আহিল গাইনী ডাক্তৰ। আহিয়েই তাই/তাৰ ডাক্তৰী জ্ঞান আৰম্ভ হৈ গ’ল। শেষৰ প্ৰশ্নটো আছিল “তুমি তোমাৰ হাজবেণ্ডৰ লগত সুখী নে?”
“মই নহয় জানা!”
লগতে তাইৰ প্ৰফাইলটো চাই আহিলোঁ। জন/জনী ধৰিবলৈ নোৱাৰি। কোনো কথাৰ উত্তৰ নিদি তাকো ব্লক কৰি দিলোঁ। ইয়াৰ পিছত অলপকৈ সাধাৰণ জ্ঞান আহিল। অচিন কাঠৰ থোৰা নলগাবা।
তাৰ পাছত ৰিকুৱেষ্ট নিদিওঁ /নকৰোঁ। বহুত চাই বাচি লওঁ বা দিওঁ। দহ পোন্ধৰজন যদি মিউচুৱেল ফ্ৰেণ্ড নাথাকে তেন্তে ৰিকুৱেষ্ট গ্ৰহণ কৰাত পলম কৰোঁ। বা নকৰোঁ।
এইবোৰ আছিল ম’বাইলৰ (ফেচবুকৰ) কুফল। তাৰোপৰি আৰু পাইছোঁ, পাই আছোঁ। এদিনো লগ নোপোৱা মানুহৰ মাজতো ঈৰ্ষা কৰা, ইগন’ৰ কৰা, মানুহ চাই লাইক কমেণ্ট কৰা। এইবোৰ আছে, চলি থাকিব। ইয়াৰ কাৰণ আপুনি বা মই নহয় ম’বাইলৰ গৰাকীয়েই জানিব। হয়তো ব্যস্ত। আজিৰ দিনত পৰিস্থিতিয়েই মানুহক বশ কৰি থৈছে।
কিন্তু এনে আপোন মানুহো পাইছোঁ যিসকলৰ বাবে কলম হাতত লোৱাৰ সাহস পাইছোঁ। কিবা লিখাৰ আগ্ৰহ পাইছোঁ।দুখতো সুখী হোৱাৰ সুখ পাইছোঁ। কিন্তু আচৰিত এইসকলৰ ভিতৰত কাকো হয়তো লগেই পোৱা নাই এবাৰলৈয়ো। ইমান কাষৰ পৰা লগ পোৱা যেন লাগে যে জন্মৰ পূৰ্বৰ পৰাই এওঁলোকৰ লগত মোৰ পৰিচয়। এনে ভাল মানুহখিনিৰ বাবে ম’বাইলৰ লগত সম্পৰ্কটো এৰি থাকিব নোৱাৰি। জীৱনৰ প্ৰতি মুহূৰ্তত আগবঢ়ি যোৱা, সৃষ্টিশীল মনটোক আগুৱাই লৈ যোৱাৰ প্ৰেৰণাবোৰ ম’বাইলৰ এটা সুফল বুলি ভবাৰ এটা স্থল নুই কৰিব নোৱাৰি।
☆ ★ ☆ ★ ☆