নেপথ্যৰ লাভলীনা বাৰ্তা- মনমী ভট্টাচাৰ্য
আজি দীপিকা খুড়ীৰ মনটো উগুল-থুগুল, একেবাৰে উলাহে নধৰে হিয়া। হ’বৰে কথা, লাভলীনাই অলিম্পিকত ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে। তাই নিজৰ ঘৰৰে ছোৱালী; এনেই গোলাঘাটৰ জীয়ৰী, তাতে আকৌ টাই আহোমৰ বংশধৰ। জাতি, শিপা, আঞ্চলিকতাবাদ আদিৰ শুই থকা সমস্ত আৱেগে একেলগে সাৰ পাই উঠি খুড়ীক জপটিয়াই ধৰিছে। ভাৰ সহিব পৰা ক্ষমতা থকা দেহ বুলিহে ৰক্ষা, অন্যথা আৱেগৰ ভৰত খুড়ীৰ দেহ-গঢ় মন্থৰালৈ পৰিৱৰ্তিত হ’লহেঁতেন। মনত বাৰু অকণমান ৰেশ থাকেই সেই চৰিত্ৰৰ। বাল্মিকীয়ে কিন্তু সাংঘাটিক মহাকাব্য ৰচি থৈ গৈছে, প্ৰতিটো চৰিত্ৰৰ কি বিশ্বজনীন আবেদন! মন্থৰাৰ এই আবেদন সৰ্বাধিক (দেখি, শুনি, বুজি, সহি)।
মোৰ কিন্তু পুতৌহে হয় মন্থৰালৈ। জীৱন্ত যৌতুকৰ চিন্তাৰ পৰিধি কিমান হ’ব? সেয়ে চিন্তাবোৰ ঘূৰি-পকি মেৰপাক খাই মেৰপেছ লাগে। মন্থৰাৰ প্ৰভাৱ কিন্তু ঈৰ্ষনীয়। সি যি নহওক, দীপিকা খুড়ীৰ সুখ আজি উথলি আছে। সমস্ত আৱেগ জোঁকাৰি সখীসৱৰ আগত উগাৰি নিদিয়ালৈকে বদহজমৰ লেখীয়া বুকুত উলুক-পুলুক কৰি থাকিব।
মহানগৰৰ উপকণ্ঠ অঞ্চলৰ এই সৰু মহলাটোত আবেলি সদায় একধৰণৰ আড্ডা বহে। কোনো কোভিড SOP-য়ে ঢুকি নোপোৱা আড্ডা। ন গাভৰু ৰীমাই আবেলি সময়খিনি নিজৰ কৰি বিচৰাৰ অজুহাততে দীপিকা খুড়ীয়ে আড্ডাবোৰ আনৰ ঘৰত হ’লেই সুখী হয়। কিন্তু আজিৰ কথা সুকীয়া।ভৰ দুপৰীয়াতে তামোল-চালি যতনাই খুড়ীয়ে সখীসৱলৈ অপেক্ষা কৰিলে। খুড়ীৰ গতিত ভয় খাই আজি ঘড়ীটোও এলেহুৱা হৈছে। অৱশেষত ৰাইজ গোট খালে। খুড়ীয়ে স্বভাৱজনিত আচাৰৰ বিপৰীতে আথে-বেথে আদৰিলে। সেই আড্ডাৰ ক্ষুদ্ৰ অংশ এটা উফৰি আহি আমাৰো কৰ্ণগোচৰ হ’ল।
: আমাৰ লাভলীনাই যে মেডেল পালে অলিম্পিকত! দেশৰ খবৰ ৰাখ নে নাই?
আৰম্ভণি যি হ’ল কথাৰ, ওৰ নপৰিব যেনহে লাগিল শ্ৰোতাসৱৰ। কাকো শলাগিবলৈও যেন সময় নিদিব। শ্ৰোতাৰ চকু আশ্চৰ্যত অমৰা সদৃশ হৈ পৰিছে। খুড়ীৰ আজি হ’ল কি! নীলা বৌয়ে কামিনী পেহীক ফুচফুচাই ক’লে,
: সিদিনালৈ ল’ৰামতীয়া বুলি তাচ্ছিল্য কৰি থকাজনীক আজি বোকোচাতো নাৰাখি সাউতকৈ মূৰৰ ওপৰতে বহুৱালে যে! শিৱৰাত্ৰিৰো সময় নহয়চোন, নে বিলাতীবিধ ধৰে আজিকালি?
দীপিকা খুড়ীয়ে পেন্দোৱাকৈ সেইপিনে এবাৰ চালে। হয়তো কথাখিনি শুনা নাই, অমনোযোগী শ্ৰোতা বুলিহে চালে। পেহীয়ে পৰিস্থিতি বেয়ালৈ যাব পাৰে বুলি বৌক মনে মনে থাকিবলৈ ইঙ্গিত দিলে। এনেই খুড়ী মুখৰা, তাতে আজি শেনৰ এজাত হৈ আছে। খুড়ীৰ মুখত গৌৰৱ বাখৰ ফুটাদি ফুটি থাকিল।
: মইতো কৈয়ে আছিলোঁ, ঘৰৰে ছোৱালী গৈ টকিঅ’ পালেগৈ। দিনটোৰ এসাজ ভাত মোৰ ঘৰতে খাই ডাঙৰ হৈছে তাই! মোৰ হাতৰ ভাতসাজ কি যে তৃপ্তিৰে খাইছিল! আই ঐ দেহি, ভাবিলেও মৰম জাগি উঠে আৰু আমাৰ মাজনী মানে ৰীমাক যে একে নিজৰ ভনীয়েকৰ লেখীয়া মৰম কৰে দেই।
নীলা বৌৰ মুখখনো তলাবন্ধ নহয়; মাতষাৰ এইবাৰ ডাঙৰকৈয়ে ওলাল,
: আপোনালোকৰ প্ৰতিবেশী আছিল নেকি খুড়ী? আপুনি যে কৈছিল, আপোনাৰ মাৰ ঘৰ চহৰৰ মাজমজিয়াত, লাভলীনাহঁতৰ উপকণ্ঠ অঞ্চলত। ৰাস্তাও পকী নহয়, বাৰিষা বোকা পানী গছকিব লাগে।
দীপিকা খুড়ী জকজকাই উঠিল,
: কাণ বাজিছিল নেকি হেৰৌ তোৰ। বাইলেন বুলিহে কৈছিলোঁ। একেই ওচৰতে, ৰিং মাৰিলে শুনি। ৰীমাই তাইক ইমান মানে।
: অ’, ৰীমা অ’ মানে বক্সিঙত যাব নেকি খুড়ী?
খুড়ীয়ে ভেকাহি মাৰি ভিতৰলৈ সোমাল। নীলাবৌৰ হস্তক্ষেপত ডাঠ মিঠাৰঙী মুখখন ইতিমধ্যে কেঁহেৰাজলৈ বৰণ সলাইছে। কিছুপৰৰ পিছত খাদ্যসম্ভাৰ লৈ হাজিৰ খুড়ী। দুই এখন চেল্ফী লৈ পুনৰ ভিতৰলৈ সোমাল। হয়তো চাহ আহিব।কামিনী পেহীয়ে প্ৰথমবাৰ মুখ খুলিলে,
: ঐ নীলা বেঙী, কিনো টেপটেপাই থাকে। এইবোৰ কথা এখন কাণেৰে শুন আৰু আনখনেৰে উলিয়াই দে। খোৱাত মনোযোগ দে। মোক খা মোক খা কৰি আছে খোৱা বস্তুই। আজিলৈকে দীপিকাৰ ঘৰত মিঠাই খাই পাইছ? আজি দিছে, লাভলীনাৰে কৃপা। এইবোৰ কথা চোবাই মুদা মাৰিবি বুলিয়ে ভাবিছিলোঁ।
খুড়ী আহি সোমাল, চাহ লৈ। আধা ভৰ্তি চাহৰ কাপকেইটা টং টং কৈ বাজিল। লাভলীনালৈ চিয়ৰ্চ!
☆ ★ ☆ ★ ☆