লিমাৰিক-স্বপ্নালী কলিতা
(১)
মলসুগুৰিৰ মুহিধৰ শইকীয়া
পটলুং এৰি ধৰিলে বৰ চুৰিয়া
কৃষ্ণ কৃষ্ণ ৰাম নাম
নাই আৰু আন কাম
চিন্তাত গৃহিণীৰ বাৰে-কুৰি নৰিয়া।
(২)
কেৰ্ৰেক্ কেৰেক্ চলাই চাইকেল
মনি দাইটিৰ নাই টিলিলিং বে’ল
মাস্ক নাইকিয়া মুখ
আনৰ নেদেখি দুখ
বৰুৱাই বোলে দাই নামাৰিব মেল।
(৩)
বাচাধনৰ হ’ল বোলে গহীন ৰোগ
দেউতাক-মাকে পালে বাৰুকৈয়ে শোক
ডাক্তৰে খবৰ দিছে
সকলো নৰ্মেল আছে
শুনিয়েই দুয়োৰ হ’ল প্ৰেচাৰ ষ্ট্ৰোক।
(৪)
ডিজিটেল দুনিয়াত ফুৰিবা-চাকিবা
লোকৰ দুখত দুখী দেখিয়েই থাকিবা
ইম’জিতে চকুপানী
পলকতে হাঁহি সানি
ঘূৰিব টাকুৰি ঘনে ঘনেই জানিবা ।
☆ ★ ☆ ★ ☆