শিপা-নাজিয়া হাচান
দায়িত্বৰ খাতিৰত অসমৰ বাহিৰত থকা মানুহ এহালৰ বহু বছৰৰ মূৰত জনমভূমি অসমলৈ যাবলৈ সৌভাগ্য হৈছে। তেওঁলোকৰ একমাত্ৰ কন্যা সন্তানটি জন্মৰ সময়তে ক’ভিড মহামাৰীৰ যুগেও পৃথিৱীত পদাৰ্পণ কৰিছিল। গতিকে যুগৰ নীতি-নিয়ম মানি তেওঁলোক যাওঁ বুলিও অসমলৈ যাব নোৱাৰা; মাতো বুলিও পৰিয়ালৰ কাকো তেওঁলোক থকা ঠাইলৈ মাতিব নোৱাৰাৰ প্ৰায় তিনি বছৰেই পাৰ হৈছিল। মানুহহালৰ ঘৰৰ দুয়ো পৰিয়ালে কেঁচুৱাটিক ফটো, ভিডিঅ’ৰেই চাই চাই তিনি-চাৰিবছৰীয়া সময়খিনি পাৰ কৰিলে। তেতিয়াৰ দিনবোৰ তেনেকৈয়ে পাৰ হৈছিল। মানুহজনৰ সহজ সৰল হোজা মাকে পুতেক বোৱাৰীয়েকক ফোনত সদায় একেখিনি দুখকে নিগৰায়……
, : তহঁত কেতিয়ালৈনো আহিবি ঔ ঘৰলৈ! মোৰ যে নাতি টুকুৰাক চাবলৈ ইমানকৈ মন গৈ থাকে! এই বয়সত নাতি পুতিক একোলা লৈ যদি ঘূৰিবই নোৱাৰোঁ, কিহৰনো জীৱন অ’ মোৰ এইভাগ!
….কৈ কৈ তেওঁ চকুপানী মচে। মাকৰ দুখ বুজি অবাঞ্চিত এই যুগটোৰ পৰিৱৰ্তন হৈ, ৰাস্তা পদূলি মুকলি হওক বুলি কৰা পুত্ৰ বোৱাৰীৰ প্ৰাৰ্থনাক নিৰাকাৰজনেও যেন শুনিলে আৰু সেইমতে কৰোনাৰ অতপালিক সৃষ্টিকৰ্তাই সামান্য কম কৰিবলৈ অনুমতি দিয়াত, মানুহেও যাতায়তৰ ব্যৱস্থাক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পৰা হ’ল। নেদেখাজনে বা এই কৃপা মানুহৰ ওপৰত কিমান সময়লৈ ৰাখে, তাৰতো একো শতাংশই অনুমান কৰিব নোৱাৰি; গতিকে এই সুযোগতে তেওঁলোক অসমলৈ যোৱাটো উচিত হ’ব, এই ভাবিয়েই মানুহহাল ততাতৈয়াকৈ ঘৰলৈ যাবলৈ ওলাল।
ইমান বছৰৰ মূৰত মাক দেউতাকে নাতিনীয়েকৰ সৈতে পুত্ৰ বোৱাৰীয়েকক দেখি সুখতে ফেঁকুৰি উঠিল। সদায় ফটো, ভিডিঅ’তে চিনি দেখি ডাঙৰ হোৱা কণমানি নাতিনীয়েকক হঠাৎ এইদৰে মুখে গালে হাত বোলাই চুবলৈ চাবলৈ পাই নিজৰ চকু হালকে তেওঁলোকৰ বিশ্বাস নহৈছিল। গালে মুখে চুমা দি দি একমাত্ৰ নাতিনীয়েকক বুকুৰ মাজত আদৰেৰে সুমুৱাই ল’লে।
চহৰৰ ফ্লেটৰ চাৰি বেৰৰ মাজত থকা নাতিনীয়েকে ককাক আইতাকৰ সৈতে গাঁৱৰ মুকলি আহল বহল ঠাইত ঘূৰিবলৈ পাই কি যে র্ফূতি পাইছে! মাক বাপেক কাষত থকা নথকাৰ প্ৰতি তাইৰ কোনো গুৰুত্বই নাই। এই সুবিধাৰ উচিত ব্যৱহাৰ কৰি, কন্যাৰ মাক-বাপেকহালেও তাইক নিশ্চিন্ত মনে ককাক আইতাকৰ কাষত থৈ সিহঁতৰ পুৰণি বন্ধু বান্ধৱীবোৰক লগ পাবলৈ যেতিয়াই মন যায় তেতিয়াই ওলাই যোৱা হ’ল।
পিছে ইংৰাজী, হিন্দী, অসমীয়া মিলাই কথা ক’ব পৰা নাতিনীয়েকৰ ছবিয়ে, টিভিয়ে, চিনেমায়ে বা পুতলা আদিৰেই পৰিচয় থকা মাছ, কাছ, হাঁহ, কুকুৰা, গৰু, ছাগলী আদিবোৰক ককাক আইতাকৰ ঘৰত সাক্ষাৎ চকুৰে দেখিবলৈ পাইহে মাজে মধ্যে বৰকৈ খেলিমেলি লাগিছিল। তাতে আকৌ আইতাকৰ সৈতে তাইৰ ভাৱ ভাষাবোৰো ভালকৈ নিমিলাত দুয়োৰে মাজত তৰ্ক প্ৰতিযোগিতা এখনো প্ৰায়ে চলিবলৈ ধৰিছিল। নাতিনীয়েক যিদৰে নিজৰ কথাত আঁকোৰগোজ, আইতাকো সেইদৰে নিজৰ কথাত অটল।
মাজে মাজে চকুৰ আগত ঘাঁহ খাই থকা ঘৰৰ গৰুটোক তাই যেতিয়া ‘গট’…..ছাগলীটোক ‘কাও’….চোতালত ঘূৰি ফুৰা কুকুৰাকেইজনীক ‘ডাক’ আৰু পুখুৰীত চৰি থকা হাঁহকেইজনীক ‘হেন’ বুলি ওলোটা পুলোটাকৈ কৈছিল, আইতাকৰ লগতে বাকী সকলেও বৰকৈ ৰস পাইছিল। পিছে লাহে লাহে সেইবোৰৰ লগত তাই সঠিক চিনাকিয়ে হৈছিল বাৰু। আইতাকৰ সৈতে পথাৰৰ ফালে ফুৰিবলৈ গ’লে প্ৰশ্ন সুধি আইতাকক তাই ব্যতিব্যস্ত কৰিছিল…
– ও আইতা, ইয়ে কি হয়?
– এইটো? এইটো গৰু আকৌ!
– আচ্ছা। ইয়ে?
– অ’.. কি অ’ এইজনী! এইটো ছাগলী নহয় নেকি কিবা!
– অউৰ ইয়ে ক্যা হে?
– এ..এইজনী! কীয়া হে কীয়া হে বুলি নুসুধিবি বুলি কৈছিলোঁনে নাই; আইতা এইটো কি? এইবুলি সুধিবিচোন।
– ঔকে, ও আইতা ইএটো কি?
– এহ! এইটো কুকুৰা চৰাই অ’!
– আইতা ইয়েটো কি?
– এইটো হাঁহ!
– নেহী আইতা, ইয়েত’ হাঁহ নাই হয়। তুমিতো কুচ্ছভি নাজানা।
– কি কুছ ভি নাজানো অ’ মই? তইহে বৰ জনাজনী একেবাৰে!
– ইয়েত’ গৰু নইতো, ইয়ে কাও হয়। আৰু ৱৌ কুকুৰা নয়তো, হেন হয় আইতা, হেন হেন।
-অ’.. মই ইংৰাজী নেজানো বুলি কৈছ মানে ন? কিন্তু তই যে মাতৃভাষাটোকে নাজান সেইটোহে বেছি লাজৰ কথা হৈছে গম পাইছনে নাই!
– কিউ নাঝানো! ঝানো নই। মইতো আচামিছ কৈ আছো না তোমাৰ চাথত? নাপাৰো বুলি কিউ কৈছা?
– এহ থ; যিহে পৰিছ ক’বলৈ!মোৰ নিচিনা ক’ব পাৰিছ নেকি কিবা? কাউ, গটক শুদ্ধকৈ চিনি পালেই হ’বনে কিবা!
– তুমিঅতো মোৰ জেছা হিন্দি ইংলিছ ক’ব নাপাৰিছা ন; মই তোমাক গুচ্চা নাই কৰিছোতো। তুমি ম’ক কিউ ফিৰ গুচ্ছা কৰি কহিছা?
– ওস্ ৰাম! কিসোপা ভাষা যে কৈছে এইজনীয়ে! মই একো গুছা ফুচা কৰা নাই ঔ তোক।আজি তোৰ মাৰ দেউতাৰ আলহী খাই আহক মাত্ৰ। দিম দুইটাকে ভালকৈ এপালি। ইহঁতেই তোৰ ভাষাটোৰ এই গতি কৰিলে। সিহঁত দুয়োটাই হিন্দী ইংৰাজী মাৰি মাৰি কথা পাতোঁতে পাতোঁতে তই বেচেৰীয়ে নিজৰ মাতৃভাষাটোও ভালকৈ ক’বলৈ লিখিবলৈ আজি নোৱাৰা হ’লি। সিহঁত দুইটাই ইমান পঢ়ি শুনি বাহিৰত চাকৰি কৰিলে বুলি ভাষাটোৰ এই দশা কৰেনে? হেৰৌ, নিজকে যদি মানুহে পাহৰি যায় তেন্তে সেই শিক্ষাৰ মূল্যনো ক’ত! আহক আজি মাৰ বাপেৰ দুয়োটা ৰহ! হয় তহঁত এই গাঁৱত আমাৰ লগতেই শিপাক সাবটি থাকিবি; নহ’লে শিপাক পাহৰিবলৈ নিদি ময়েই তহঁতৰ লগত গুচি যাম। কীয়া হে, কিউ হে, তৌ, চৌ, নৌ কৰিবলৈ তোৰ দেউতাৰক ইমানসোপা পঢ়োৱা নাই নহয় কিবা! নহ’ব নহয় এইদৰে! আজি সন্ধিয়া মোৰ লগত তই গোঁসাই ঘৰত প্ৰাৰ্থনা গাব লাগিব আৰু কাইলৈৰপৰা তোক মই বিহু নাচ, বিহুগীত, বৰগীত, নাম এই সকলোবোৰ শিকাম বুইছনে নাই?
– আইতাকৰ কথা শুনি, ফুলা লুচিৰ দৰে গাল দুখন কৰি, তাই কপাল কোঁচাই আইতাকলৈ চাই থাকিল।
☆ ★ ☆ ★ ☆
6:18 pm
ভাল লাগিল বা৷
10:15 am
বঢ়িয়া৷
7:56 pm
বৰ ভাল লাগিল
3:54 pm
মজা লাগিল পঢ়ি
4:38 pm
খুব ভাল লাগিল বাইদেউ৷
5:51 pm
বৰ ভাল লাগিল।
7:57 pm
বৰ ভাল লাগিল
12:31 am
চিন্তনীয়! ইমান ধুনীয়াকৈ লিখিলে বাইদেউ, ভাল লাগিল৷
8:06 am
ভাল লাগিল দেই বা
9:34 am
বৰ ভাল লাগিল