পঞ্চপদী পদ্য- হেমেন ডেকা
(১)
জীয়াই থাকোঁতে দিয়ে গোৰ-লাথি
মৰাৰ পিছত দিব শ্ৰীআঙুঠী
মাক-বাপেকৰ জান
চেনেহৰ নাই টান
তুষ্টি লভে খাহী মাৰি ভোজ পাতি৷
(২)
অস্তিত্বৰ সংকটত ভাষা আৰু জাতি
বৰষুণ যোৱাৰ পিছত লওঁ আমি ছাতি
তিলতিলকৈ ভোগোঁ যাতনা
তথাপিও যে নাই চেতনা
বহিৰাগতৰ হাতত জাতিৰ চাবি-কাঠি৷
☆ ★ ☆ ★ ☆
10:25 pm
ডেকা দা ?? সুন্দৰ লাগিল