ফটাঢোল

পুতুক’ণৰ বুদ্ধি-পল্লৱী কৌশিক শৰ্মা 

: ঐ পুতুক’ণ আজি স্কুল নাযাৱ নেকি হে?

: গৈ আছোঁ ৰ’ । গাইজনী পথাৰত এৰাল দি আহোঁ। 

: নাপাহৰিবি , আজি কিন্তু তোৰ পাল। 

ব্ৰেক নোহোৱা চাইকেলখন চকুৰ আগেদিয়েই দুৰন্ত গতিত দৌৰাই নিয়া নবীনলৈ পোন্দোৱাকৈ চাই , পুতুক’ণ গাইজনী খেদি খেদি পথাৰ অভিমুখে ৰাওনা হ’ল। জগতৰ সমস্ত খং সেই মুহূৰ্তত তাৰ মূৰটোতে থুপ খাই , মগজুটো যেন ঘোলা কৰি পেলালে।

চাল্লা… বেটাহঁতে কলৰ সোৱাদ ল’ব আৰু বাকলিটো তালৈ দলিয়াব। শ্রেণীৰ ভিতৰতে ঘিটিৰা-মিটিৰা হ’ল বুলিয়েই সদায় সদায় সেই পালোৱানহেন ল’ৰাকেইটাৰ আদেশ পালি থাকিব পাৰি নেকি বাৰু ! গুৰু দায়িত্ব , সোপাকে তাক দি সিহঁতে মস্তি কৰিব আৰু সি বেলপুঙে সিহঁতৰ ভয়তে কিমান যে দোষনীয় কাম কৰিবলৈ বাধ্য হৈছে ! কেতিয়াবা ধৰা পৰিলে দেউতাকৰ বেতৰ কোবত পিঠিত যে ভৌগলিক মানচিত্ৰ অংকন হ’ব সেয়া ধুৰূপ !

ধেই… কলিজাটো বাৰু ঈশ্বৰে ঠিকেই দিলে , সাহসকণ দিওঁতে ইমান কৃপণালি কিয় কৰিলে ! 

দেউতাকৰ অগ্নিশর্মা ৰূপটো কল্পনা কৰি বুকুখন পঞ্চাশ চনৰ বৰ ভূঁইকপটোৰ দৰে থৰথৰাই কঁপিবলৈ ধৰিলে তাৰ।  

তাতে আগদিনা নবীনৰ ঔ কিলকেইটাৰ ভয়ত চুলাই গিলাচটোত চুমুক দিওঁতেই , সন্মুখত সাক্ষাৎ ৰণচণ্ডী ৰূপেৰে প্ৰকট হোৱা ভনীয়েক পৰীৰ অমৰা গুটিহেন চকুকেইটাৰ কটাক্ষ চাৱনিক, দেওবৰীয়া হাটৰপৰা ফুলি এযোৰে,টিপ ফোঁট এপেকেটে আনি দিয়াৰ লিখিত প্ৰতিশ্ৰুতিৰে কোনোমতে ‘মেনেজ’ কৰিলে বুলি হে!সেই অধ্যায় ইমানপৰে দেউতাকৰ কৰ্ণগোচৰ হোৱা হ’লে কমখন অথন্তৰ হ’লহেঁতেন নে !   

পৰীৰ ভয়তে বগীমাইৰ চুলাইৰ ঘাটি এৰি শিলগুটিয়া আলিটোৰে দৌৰোঁতে যেনে তেনে চোঁচৰাই বগৰাই কাম চলাই থকা চেণ্ডেলযোৰও ভূতৰ ওপৰত দানহ পৰাদি সেই সময়তেহে  ছিঙিবলৈ পালে । যিখনহে লটিঘটি হ’ল ঈশ্বৰ..! সাত শতৰুৰো নহওক দেই তেনে অৱস্থা। শিলগুটিৰ খোঁচকেইটাৰ যি যন্ত্ৰণা ! এতিয়াও খোজ পেলালে বিষ এটাই কাৰেণ্টৰ শ্ব’ক মৰা দি মাথালৈকে সংকেত পঠিয়াই আছে । তাৰোপৰি সেই অনিৰুদ্ধ গতিক ৰুধিবলৈ সক্ষম ন’হৈ জগত দাইটিক গতিয়াই যাওঁতে কাষতে থকা বৰগছজোপাত ধৰি দাইটি কৰ্ফাল খাই পৰাৰপৰা ৰক্ষা নোপোৱা হ’লে বুঢ়াটোৰ কঁকাল ভঙাৰ অপবাদো তাৰ ওপৰতেই পৰিলেহেঁতেন।সেই মুহূৰ্ত্তত কণা গোঁসায়ে চকু মেলি চাই যেনিবা এপাচি শাকত এটা জলকীয়াৰ দৰে উপকাৰ এধানি সাধিলে। 

সিহঁতে মানে এই নিমাখিত ল’ৰাটোক সকলো বদ অভ্যাসৰ বশৱৰ্তী কৰিহে এৰিব । ধপাত মোহাৰা , বান্দৰ বিড়ি বা কেতিয়াবা ভাগ্যত মিলিলে চাৰমিনাৰ চিগাৰেটোত লুকাই-চুৰকৈ টান দিয়াৰ অভ্যাস এটা গঢ়ি তুলিবলৈটো বাধ্য কৰিলেই , এতিয়া সেই গেলা সোপা খাবলৈও জোৰ দিবলৈ ল’লে ! না কৰিলেই থুলন্তৰ নবীনৰ যিকেইটাহে লপাথপা গাত পৰে , তাতকৈ সিহঁতৰ কুকৰ্মৰ সমভাগী হোৱাই শ্ৰেয় । 

নিজৰ অসহায় অৱস্থাটোক অনুধাৱন কৰি , দপদপাই জ্বলি উঠা মেজিৰ জুইকুৰাৰদৰেই , তাৰ মগজুতো উঠি অহা প্ৰচণ্ড খংটোৰ বহিঃপ্ৰকাশ কৰিবলৈ, পথাৰ নৌ পাওঁতেই নেজ জোকাৰি জোকাৰি কেঁচা ঘাঁহ মুখত লৈ আপোন-পাহৰা হৈ পৰা গাইজনীকে  হাতত লৈ থকা এছাৰিডালৰে সৰৌপ সৰৌপকৈ কোবাবলৈ ধৰিলে । প্ৰতিটো কোব … ৰুবুল , বিমল আৰু সি চকু পাৰি দেখিব নোৱাৰা নবীনৰ পিঠিতহে পেলালে যেন । 

নাই নাই .. সদায় এইদৰে নহ’ব । সিহঁতক না কোৱাৰ সাহস নহালৈকে বুদ্ধিৰে হ’লেও কিবা এটা কৰি মনটোক নিচুকোৱাৰ ব্যৱস্থা কৰিবই লাগিব। এনে শিক্ষা দিব লাগিব , যাতে সিহঁতে বুজে … এই পুতুক’ণো কম বস্তু নহয়। ভৱিষ্যতে তাৰ ওপৰত দাদাগিৰি খটুৱাবলৈ সিহঁতে যাতে দ্বিতীয় বাৰ ভাবি চাব লগা হয় ! 

কিন্তু এনে কি কৰা যায় ..? 

অলপ সময় ভাবি চিন্তি অৰ্কিমিডিছে ঘনত্ব পৰিমাপৰ সূত্ৰ আৱিষ্কাৰৰ উল্লাসত ইউৰেকা … ইউৰেকা!কৈ চিঞৰাৰ দৰে পুতুক’ণেও… “পাই গ’লোঁ ..পাই গ’লোঁ” কৈ হাতৰ এছাৰিডাল শূণ্যতে ঘূৰাই ঘূৰাই পথাৰৰ মাজেৰে দৌৰিবলৈ ধৰিলে। 

                 ——————-

সেইদিনা বিদ্যালয়ত পানী খোৱা ছুটীৰ পৰত ..

: ঐ পুতুক’ণ মালটো আনিছ নে ? উলিয়া জল্দি ।

নবীনৰ আদেশ শিৰোধাৰ্য কৰি পুতুক’ণে পেণ্টৰ পকেটৰ পৰা চাধাৰ টেমাটো উলিয়াই হাতৰ তলুৱাত চূণ আৰু চাধা লৈ আগ্ৰহেৰে মলিবলৈ ধৰিলে । নবীন আৰু তাৰ বন্ধুবৰ্গই পুতুক’ণৰ হাতৰপৰা মলা চাধা এপালিকৈ পৰম তৃপ্তিৰে মুখত ভৰাই ল’লে। 

: ঐ তয়ো ভৰাই ল’ এপালি। 

ৰুবুলৰ কথা নামানিলে গেধেমা ভুকু এটা পিঠিতে পৰে বুলি চিন্তা হ’ল যদিও , ভয়ে ভয়ে পুতুক’ণে আগদিনাৰ চুলাইৰ কেচটো সোঁৱৰাই দুদিনমানলৈ এইবোৰৰপৰা দূৰতে থকাৰ যি সিদ্ধান্ত লৈছে , সেই বিষয়ে সিহঁতক অৱগত কৰিলে। ভনীয়েকক যেনেতেনে সৈমান কৰাইছে , এইবাৰ কেনেবাকৈ ওঁঠৰ ফাঁকত গোপনে লুকুৱাই ৰখা চাধা পালিৰ সম্ভেদ পালে কথা যে বিষম হ’ব তাকো বুজাই ক’লে।

পুতুক’ণৰ কথা শুনি ক্লাছৰ আটাইতকৈ অঘাইটং , দয়া মায়াহীন নবীনৰো অন্তৰখন যেন মম গলাদি গলিবলৈ ধৰিলে ! হয়ো , বেচেৰাই কোনোদিন সিহঁতক নিৰাশ কৰা নাই। চাধা , চুলাই , বিড়ি চিগাৰেটকে আদি কৰি ক্লাছৰ পৰা পলাই  চিনেমা চাবলৈ হলৰ টিকটটোলৈকে যোগান ধৰি দিছে।  তাৰ বিপদত তাক সহায় কৰা বন্ধু হিচাপে কৰ্ত্তব্য সিহঁতৰ। 

                 —————–

দিনবোৰ গতানুগতিকতাৰে পাৰ হৈ গৈ থাকিল আৰু পুতুক’ণেও সিহঁতক স্কুলৰ লেজাৰত খোৱা চাধাকণৰ যোগাৰ ঠিকেই ধৰি থাকিল। পিচে ক’ৰবাত যেন কিবা কেনা লাগিল।

কেইদিনমানৰপৰা পানী খোৱা ছুটীত নবীনহতঁৰ প্ৰধান আলোচ্য বিষয় হৈছে পুতুক’ণে গোটাই দিয়া চাধা পালি। বিষয়টো প্ৰথমে নবীনেই আলোচনাৰ আওঁতালৈ আনিলে।  

: ঐ… তহঁতে বাৰু মন কৰিছ নে , আজিকালি যেন ধঁপাতত সেই আগৰ চোকডাল নাই। কিবা সেৰেকা সেৰেকা লাগে ৰে!

: হয় দে নবীন , ঠিকেই কৈছ । কথাটো ময়ো মন নকৰা নহয়। 

নবীনৰ কথাত হয়ভৰ দি এইবাৰ ৰুবুলৰ সন্দিহান চকুযুৰিৰ দৃষ্টি পুতুক’ণৰ মুখত গৈ স্থিৰ হৈ ৰ’ল। 

: অই , তই একো দুই নম্বৰী কৰা নাইতো ! আজিকালি চাধা পালি আমাক খুব আগ্ৰহেৰে যাচ , পিচে নিজেই  নাখাৱ দেখোন.. কিয় ? কিবা জেং লগাইছ নেকি বে! লগাইছ যদি ভাল ধুলাই পৰিব কিন্তু , সঁচা কথা ক’।

: হেই …কি কৱ ৰে ৰুবুল ? মই কিডাল দুই নম্বৰী কৰিম ? কিমান কষ্ট কৰি তহঁতৰ আদেশ পালি আহিছোঁ আৰু মোকেই চাল্লা তেনেকৈ কৱ ! 

যেনে তেনে সেপ ঢুকি কথাকেইটা ক’লে যদিও পুতুক’ণৰ চকুৱে মুখে ফুটি উঠা অস্থিৰতাখিনি সিহঁতৰ চকুত ঠিকেই ধৰা পৰিল। গতিকে , অত্যন্ত বুদ্ধিমত্তাৰে তথা গোপনে সেই ৰহস্য ফাদিলৰ সিদ্ধান্ত লোৱা হ’ল । 

অৱশেষত কেইবাদিনীয়া নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত , আৱিষ্কাৰ হ’ল যে , অত দিনে পুতুক’ণে  চাধা মলিবলৈ যি চূণ ব্যৱহাৰ কৰি আহিছে সেয়া অইন একো নহয় , সিহঁতৰ ঘৰৰ পাৰ চৰাইকেইটাৰ বিষ্ঠা হে। সেই পৰম সত্যটি আবিষ্কাৰ কৰি নবীনহঁতৰ চকু কপালত উঠিল। গোটেইকেইটাই মিলি স্কুলৰ ফিল্ডতে পুতুক’ণক আগুৰি ধৰি ধুলাই দিয়াৰ আয়োজন কৰিলে । পিছে পুতুক’ণো এইবাৰ সিহঁতক প্ৰত্যুত্তৰ দিব পৰাকৈ সাহসী হৈ উঠিল।  

: অ’ই… তহঁতে বহুত ‘না ইন্সাফি’ কৰিলি দেই মোৰ লগত। মই আৰু সহ্য কৰি নাথাকোঁ। আৰু যদি কেনেবাকৈ মোৰ গাত হাত তোল’ , কৈ দিছোঁ হ’লে … এইবাৰ চিধাই প্ৰধান ছাৰক  তহঁতৰ ‘কাৰনামা’বোৰ জনাই থৈ আহিম। মোক এৰ বুলিছোঁ নহয়।

এইবুলি সি টেঁটুফালি ছাৰ …

নবীন, ৰুবুলহঁতে.. প্ৰধান ছাৰৰ ভয়ত পুতুক’ণক তাতে এৰি ভিৰাই লৰ দিলে। 

অৱশেষত , ইমান দিনে বিনা বাক্যে সিহঁতৰ গোলামী কৰাৰপৰা ৰক্ষা পৰি পুতুক’ণে স্বস্তিৰ নিশ্বাস এটা এৰিলে। আজিৰ এই সাহসকণ ঈশ্বৰে যদি তাক আগতেই দিলেহেঁতেন ! তথাপিও চূণৰ সলনি পাৰৰ বিষ্ঠাৰে চাধা খুৱাই পুতুক’ণে যেন তাৰ লগত হোৱা অন্যায়ৰ ‘পাই পাই’ হিচাপ ল’লে । পকেটৰ চাধা টেমাটো হাতত লৈ খুক্ খুকাই হাঁহি উঠিল সি । 

যিয়েই নহওঁক , উক্ত ঘটনাটোৰ পৰা পুতুক’ণে ভালদৰে বুজি পালে যে আত্মসন্মান ৰক্ষা কৰিবলৈ শৰীৰৰ ‘চাইজ’ নহয় , মগজুৰ উচিত চিন্তাশক্তিৰহে প্ৰয়োজন।

☆ ★ ☆ ★ ☆

2 Comments

  • Pranita Goswami

    ভাল লাগিল। শেষত নিস্তাৰ পালেগৈ।

    Reply
  • বন্দিতা জৈন

    ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *