ফটাঢোল

মূল :ছাঁ,গল্পকাৰ : মানিক বন্দোপাধ্যায়,অনুবাদ-কলচুম বিবি

মোৰ প্ৰথম পত্নীৰ মৃত্যুৰ পিছত কিছুদিন মই পাগলৰ দৰে হৈ গৈছিলোঁ। সময়মতে গা ধোৱা নাছিলোঁ, কোঠাৰ চুক এৰি ওলাই যোৱা নাছিলোঁ, দিনে-ৰাতিয়ে পৰলোকতত্বৰ কিতাপ পঢ়িছিলোঁ আৰু মনে মনে বহি আকাশ-পাতাল ভাবি আছিলোঁ।

পত্নীক মই ইমানেই ভাল পাইছিলোঁ যে, শ্মশানত নিজে মুখাগ্নি কৰি তেওঁক পুৰি আহিও মই বিশ্বাস কৰিব পৰা নাছিলোঁ, তেওঁ সঁচাকৈ বাষ্প আৰু ভস্মত পৰিণত হৈ গৈছে, জগতৰ ক’তো তেওঁ আৰু নাই বুলি, তেওঁ ঘূৰি আহিব। আকৌ মই তেওঁক দেখা পাম। 

ঘৰত বেছি মানুহ থকা বাবে হয়তো তেওঁ আহিবলৈ কুণ্ঠাবোধ কৰিছে তাৰ বাবে আত্মীয়-স্বজন সকলোকে মই গাঁৱৰ ঘৰলৈ পঠিয়াই দিছিলোঁ। পাৰ্থিৱ কোনো সুখ-সুবিধাৰ প্ৰতি মোৰ আগ্ৰহ নাছিল। এজনী দাসী আৰু এজন ঠাকুৰ ৰাখিছিলোঁ, সিহঁতে যি ব্যৱস্থা কৰিছিল মই তাকে মানি লৈছিলোঁ। কোনো বিষয়ত সিহঁতে আদেশ ল’বলৈ আহিলেই মই এনেকৈ বিৰক্ত আৰু ক্ৰুদ্ধ হৈ উঠিছিলোঁ যে সিহঁতে সভয়ে মোক পৰিহাৰ কৰি চলিছিল। এটা কোঠাত মোৰ পত্নীৰ পাঁচখন সৰু-ডাঙৰ ফটো, তেওঁৰ কাপোৰ-কানি, চুলি বন্ধা সামগ্ৰী, ভৰিত কিংখাপৰ চটি জোতা, হিচাপ-নিকাচৰ বহী, এনেকুৱা হাজাৰটা স্মৃতিচিহ্ন জমা কৰি দিনৰ বেলাটো মই সেই কোঠাত কটাই দিছিলোঁ। সন্ধ্যা সময়ত মোৰ পত্নীৰ যিটো কোঠাত মৃত্যু হৈছিল সেই কোঠালৈ গৈছিলোঁ। যিখন বিছনাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল, নিজ হাতে মই সেই বিছনা পাৰি লৈছিলোঁ। ওচৰা-ওচৰিকৈ দুটা গাৰু দিছিলোঁ। শুই, বহি, কিতাপ পঢ়ি থাকোঁতে থাকোঁতে প্ৰত্যাশাৰ দৃষ্টিৰে চাৰিওফালে চাই ৰাতিবোৰ একৰকম উজাগৰে পাৰ কৰি দিছিলোঁ।

এনেয়ে মাজতে কাটি হৈ এপলকৰ বাবেও পত্নীক নেদেখি মই অলপ অলপ হতাশ হৈ উঠিছিলোঁ, হঠাৎ এদিন সন্ধ্যা পৰত মোৰ ভাব হ’ল যে, সদায় ঘৰত লাইট জ্বলাই ৰখা বাবে হয়তো তেওঁ নাহে। লগে লগে খৰধৰকৈ উঠি গৈ মই লাইট নুমাই দিছিলোঁ।

আনন্দত মোৰ শৰীৰ কঁপি হৈ উঠিছিল।

লাইট নুমুৱা মাত্ৰেই মই দেখিবলৈ পাইছিলোঁ ছাঁৰ ৰূপ লৈ মোৰ পত্নী বেৰত লগাকৈ মজিয়াত বহি আছে, তেওঁৰ সূক্ষ্ম দেহৰ পৰা জ্যোতি নিৰ্গত হৈ তেওঁৰ চাৰিওফালে ফটোৰ ফ্ৰেমৰ দৰে চতুষ্কোণৰ কেইটামান স্থান উজ্জ্বল হৈ আছে। একেই মুক্ত কেশবিন্যাস, কপালৰ কাষত ভাঁজ কৰা চুলিৰ ঈষৎ উচ্চতা, একেই সৰু নাক আৰু আকৰ্ষণীয় গাল। ডিঙিৰ কাষলৈ পৰি থকা ওৰণি পৰ্যন্ত স্পষ্ট হৈ আছিল। নিস্পন্দ হৈ ৰৈ থাকি মই তেওঁকে চাবলৈ ধৰিলোঁ। বহুসময়ৰ পিছত তেওঁ থিয় হ’ল, দুহাত উঠাই মোৰ অতি চিনাকি ভংগীত এঙামুৰি দিলে। এইবাৰ তেওঁৰ সমস্ত অৱয়বৰ ছাঁ আৰু স্পষ্ট হৈ উঠিল। কেইটামান মিনিট ৰৈ থাকি দুহাত কাষেৰে তেওঁ কোঠাৰ ঘন অন্ধকাৰৰ মাজত মিলি গ’ল। কেৱল তেওঁৰ চাৰিওফালে যি চতুষ্কোণ ফ্ৰেমৰ দৰে উজ্জ্বলতা আছিল সেয়া অবিকৃত ৰূপত ৰৈ গ’ল।  ইতস্ততবোধ কৰি গৈ গৈ বিছনাত আছাৰ খাই পৰি লগে লগে শুই পৰিছিলোঁ। মোৰ অসুস্থ দেহ-মনে তেওঁৰ এই অপূৰ্ব আবিৰ্ভাৱৰ উত্তেজনা সহ্য কৰিব নোৱাৰিলে।

সেইদিনাখনৰ পৰা সদায়েই তেওঁক দেখিছিলোঁ। সন্ধ্যা হোৱাৰ আগেয়ে মই কোঠাটোলৈ গৈ বহি আছিলোঁ। যেতিয়া আন্ধাৰ গাঢ় হৈ আহে, হঠাৎ ঠিক সেই সময়তে সেইখিনিতে বেৰৰ গাত উজ্জ্বল চতুষ্কোণ পটভূমিটোৰ আবিৰ্ভাৱ হয়। কেতিয়াবা তেওঁ আহি প্ৰথম দিনাৰ দৰে বেৰৰ গাত লাগি বহে, কেতিয়াবা চঞ্চলতাৰে অহা-যোৱা কৰে, কেতিয়াবা পিছফালে ঘূৰি ওলমা খোপা বান্ধি মুখ ঘূৰাই চাই থাকি তেওঁ জীয়াই থকাৰ সময়ৰ মোৰ আটাইতকৈ প্ৰিয় লীলাভংগীৰ অভিনয়টো কৰে। কোনোদিনা হাত লৰাই, মুখ লৰাই মোৰ লগত কথা কোৱাৰ অভিনয়ো কৰে, কিন্তু শব্দ নহয়।

শব্দ তেওঁ ক’ৰপৰা পাব?

ময়ো তেওঁৰ লগত কথা কোৱাৰ অথবা কাষলৈ গৈ তেওঁক স্পৰ্শ কৰাৰ চেষ্টা কৰা নাছিলোঁ। ছাঁৰ লগত কথা কোৱা নাযায়, ছাঁক স্পৰ্শ কৰিব নোৱাৰি, এইখিনি জ্ঞান মোৰ আছিল। মই মাত্ৰ তেওঁক চাইছিলোঁ। তেনেকৈ মোৰ বিৰহ-বেদনা লঘু হৈছিল। তেওঁ যেতিয়া অস্পষ্ট বিকৃত মূৰ্তি হৈ দেখা দিছিল তেতিয়া মোৰ বৰ কষ্ট হৈছিল। মই বুজিব পাৰিছিলোঁ শুদ্ধ ৰূপ পৰিগ্ৰহ কৰাৰ চেষ্টা কৰিও তেওঁ পৰা নাই, কোনে জানে তেওঁৰ কিমান যন্ত্ৰণা হৈছে।

এদিন আমাৰ এক অদ্ভুত মিলন হৈছিল। সূক্ষ্মতা আৰু স্থূলতাৰ যি দুৰ্লঙ্ঘ্য বাধা অতিক্ৰম কৰা তেওঁৰ পক্ষে সম্ভৱ নাছিল, প্ৰবল ইচ্ছাশক্তিৰ বলত মই সেয়া অতিক্ৰম কৰি গৈছিলোঁ। সেইদিনা মই এখন ইংৰাজী পৰলোকতত্বৰ কিতাপত জীৱন্ত প্ৰাণীৰ সূক্ষ্ম দেহ ধাৰণৰ কিছুমান বৰ্ণনা পাঠ কৰিছিলোঁ। ৰাতি তেওঁ  আলোকপটত আহি থিয় হোৱা মাত্ৰেই মই দেখিবলৈ পাইছিলোঁ, মোৰ ছাঁয়া ৰূপে পিছৰ পৰা আহি তেওঁক মেৰাই ধৰিছিল। মুহূৰ্তৰ ভিতৰতে পৰলোকগামী পত্নীৰ সৈতে মোৰ অনন্ত ব্যৱধান পাহৰি গৈছিলোঁ। মোৰ নিবিড় আলিংগনত তেওঁৰ শিথিল অচল দেহ আগৰ দৰে জীৱনৰ আবেগত উষ্ণ আৰু স্পন্দিত হৈ উঠিছিল। তেওঁৰ তেজ-মঙহৰ শৰীৰ মোৰ বুকুত সংলগ্ন হৈ আছে, মোৰ তাত অলপো সন্দেহ নাথাকিল। মই তেওঁৰ চুলিৰ স্পৰ্শ পাইছিলোঁ, ত্বকৰ স্পৰ্শ পাইছিলোঁ, তেওঁৰ তপত উশাহ-নিশাহ মোৰ দুগালত লাগিছিল। তেওঁৰ দেহৰ ওজন পৰ্যন্ত মই অনুভৱ কৰিছিলোঁ।

ছাঁৰ ওজন থাকেনে?

তাৰোপৰি সেইদিনা কি জানো হৈছিল মোৰ মনত নাই। পত্নীৰ ছাঁয়াময়ী মূৰ্তি মোৰ অভ্যস্ত হৈ আহিছিল, কিন্তু তেওঁৰ তেজ-মঙহৰ স্পৰ্শায়ত্ত বাস্তৱ মূৰ্তিয়ে মোক মুৰ্চ্ছিত কৰিলে।

আত্মহত্যা কৰি পত্নীৰ লগত মিলিত হোৱাৰ কল্পনা তেওঁৰ মৃত্যুৰ দিনাখনৰ পৰাই মোৰ মনলৈ আহিছিল। এই ঘটনাৰ পিছত আৰু এদিনো মোৰ  পৃথিৱীত জীয়াই থকাৰ ইচ্ছা নাথাকিল। পিছদিনাখন দুপেকেট আফিম কিনি থৈছিলোঁ। ঠিক কৰিছিলোঁ ৰাতি পত্নীৰ আবিৰ্ভাব হ’লে দৰ্জা বন্ধ কৰি তেওঁৰ সম্মুখতে আফিম খাই শুই থাকিম। ৰাতিপুৱা হোৱাৰ আগেয়েই মোৰ জীৱন আৰু মৃত্যু এই দুটা স্তৰৰ অন্তৰ্গত অস্তিত্বৰ ব্যৱধানত প্ৰবেশ কৰিম।

তেওঁৰ ছাঁ ৰূপটো সেইদিনাখন মোৰ বেছি স্পষ্ট আৰু নিখুঁত যেন লাগিছিল। আত্মহত্যা কৰিবলৈ মোৰ যে অলপ অলপ ভয় আছিল, তেওঁক দেখাৰ পিছত সেইটোও অনুভৱ হ’ল। উঠি গৈ মই দৰ্জা বন্ধ কৰিছিলোঁ। লগে লগে অকল পত্নীৰ ছাঁ নহয়, তেওঁৰ পোহৰৰ আৱেষ্টনী পৰ্যন্ত অন্তৰ্নিহিত হৈ গৈছিল। তেওঁৰ লগতে তেওঁৰ এই উজ্জ্বল পটভূমিক মই কোনোদিনে অদৃশ্য হোৱা দেখা নাই, একো বুজিব পৰা নাছিলোঁ। আকৌ দৰ্জা খুলিলোঁ। বেৰৰ গাত পোহৰ আৰু মোৰ পত্নীৰ ছাঁ আকৌ দুয়োটাই ৰূপ ল’লে। তেতিয়া ইফালে-সিফালে চাই বুজিলোঁ, মোৰ কোঠাৰ দৰ্জাত বাহিৰত ঘৰৰ দাসীজনী বহি আছে, ঠিক যেন কাৰোবাৰ প্ৰতীক্ষাত। তললৈ নমা চিৰিৰ কাষত বেৰৰ গাত যিটো চাকি জ্বলিছে তাৰ পোহৰ দৰ্জাৰে পোনে পোনে মোৰ কোঠাত সোমাইছে।

শুনিবলৈ পালোঁ তাৰপিছত প্ৰায় এবছৰ মই পগলা হৈ গৈছিলোঁ। বৰ্তমান মোৰ অলপো পাগলামি নাই আৰু মই আকৌ বিয়া কৰাইছোঁ।

অথচ, আশ্চৰ্য্যৰ কথা এই যে মই এতিয়াও পৰলোকত বিশ্বাস কৰোঁ।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *