বাওনা বৰুৱাৰ মহাজীৱনী-ড° সৰোজ কাকতি
যিয়ে নহওক সিহঁত দুজনে যিখিনি পঢ়ি শুনালে, তাকে শুনিহে মোৰ মূৰ গৰম হ’ল। সিহঁতে লিখিছে এনেকুৱা বাক্য-
“কোনো ভয় নকৰিবা পুত্ৰ, ঈশ্বৰে তোমাক চকু মেলি চাব। মোৰ ভক্তজনৰ পৰা তাবিজ এটা ল’বা। সকলো ঠিক হৈ যাব। তোমাৰ পূজাৰ দ্ৰব্যত চুৱা লাগিছে, কুকুৰে শুঙিছে, সেইকাৰণে অপায় অমঙ্গল গুচাই নাই ঘৰখনত। মই ভগৱান শিৱ আহিছোঁ তোমালোকক জ্ঞান দিয়াৰ বাবে। হে মনুষ্যসকল, সাৱধান হোৱা, লোভ নকৰিবা, শান্তিৰে চলি থাকা। বছৰত এবাৰ হ’লেও মোৰ পূজা কৰিবা। তোমাৰ যিমান সামৰ্থ্য তাৰেই পূজা দিবা মই সন্তুষ্ট। তোমাৰ ছাগলী হেৰাইছে পাবা যোৱা। দক্ষিণ ফালে এঘৰ মানুহে বান্ধি থৈছে।”
এনে ধৰণৰ কথাৰে সিহঁতে বহী ভৰাই থৈছে। মই বোলো,
: এইবোৰ কি লিখিছা, এইবোৰ কথাৰে ধৰ্মগ্ৰন্থ হয় নেকি?
গালি খাই দুয়ো নতমস্তক হ’ল। এজনে সাহস কৰি ক’লে,
: প্ৰভু ঈশ্বৰ, আপোনাৰ আজ্ঞা অনুসৰি আপোনাৰ মুখ নিসৃত বাক্যভাগ লিখা গৈছে।তাতে যদি কিবা ভুল ভ্ৰান্তি হৈছে, নিজ গুণে মৰিষণ কৰিব।
: ভুল হোৱা নাই, কিন্তু জানিব লাগিব কেনেধৰণৰ কথা থাকিলে এখন ধৰ্মগ্ৰন্থ হয়। তোমালোক এম.এ. পাছ ল’ৰা।
আজি মোৰ পিতৃদেৱক সহস্ৰ ধন্যবাদ দিলোঁ মোক জোৰকৈ হ’লেও অলপ গ্ৰন্থৰ জ্ঞান দিয়া বাবে।
এইবাৰ গুৰু শিষ্য সম্বাদ পদ্ধতিৰে লিখাৰ ব্যৱস্থা কৰিলোঁ। তেওঁলোকক প্ৰশ্ন কৰিবলৈ দি মই দিয়া উত্তৰ সমূহ লিখিবলৈ দিলোঁ। উদাহৰণ দিলে এনেকুৱা হ’ব, এজনে সুধিলে,
: প্ৰভু মানুহৰ জন্ম কিয় হয় এই পৃথিৱীত?
প্ৰশ্ন শুনি বিপাঙত পৰিলোঁ কি উত্তৰ দিয়া যায় এতিয়া। বোলো তুমি আৰু সুধিবলৈ প্ৰশ্ন বিচাৰি নাপালা? এইটো প্ৰশ্নৰ উত্তৰ সকলোৱে জানে, মাক বাপেকে বিয়া কৰায়, তেওঁলোকৰ শাৰীৰিক মিলন হয়, সন্তান জন্ম হয়, বচ এইটোৱেই কাৰণ।
: প্ৰভু, মায়া কাক বোলে?
: মায়া? কিয় ৰামায়ণত পোৱা নাই? ৰাৱণৰ মায়া, মাৰীচৰ মায়াৰ কথা। ইচ্ছা অনুসৰি ৰূপ বা আকৃতি ধাৰণ কৰাটোৱেই মায়া। সেইকাৰণে ৰাক্ষসবোৰক মায়াৱী বুলি কোৱা হয়। আধুনিক যুগতো চোৰ ডকাইতবোৰে বিভিন্ন ৰূপ ধৰে বা মায়া ধৰে।
: জগত কাক বোলে?
: জগতক নাজানা? আমাৰ গাঁৱৰ ঠেলাৱালা। একে সাঁজতে যে বহুত ভাত খায়। একাখি আঠীয়া কল এবাৰতে খায়। এদিন সন্ধিয়া পৰত ঠেলা চলাই আহি ঘৰ পালে। ভোকত থাকিব নোৱাৰি ধামাৰপৰা সান্দহ গুৰি উলিয়াই ভীমকলৰ সৈতে খালে। চাকি জ্বলাবলৈ তেল নাছিল, খাই উঠি দোকানলৈ যোৱাৰ কথা ভাবিলে।
পিছত চাকিৰ পোহৰত গম পালে সেয়া সান্দহ গুৰি নহয় চাউলৰ মলহে আছিল।
এই সংসাৰখনকো জগত বুলি কয়। ‘জ’ মানে জহন্নাম আৰু ‘গত’ মানে যোৱা অৰ্থাৎ ‘জহন্নামে যোৱা’। জগতত বাস কৰা মানুহবোৰে অনবৰত জহন্নামে যোৱাৰ কথা ভাবি থাকে। মদ, ভাং, জুৱা, বেশ্যা, ড্ৰাগ এইবোৰৰ পাছত ঘূৰি জহন্নামে যোৱাৰ কথা ভাবি থাকে।
: মুক্তি কি প্ৰভু?
: সৰল কথা। পুলিচে ধৰি নি মোক জেলত ভৰাই থ’লে। তাৰ পিছত একো প্ৰমাণ নাপাই মোক এৰি দিলে। এয়াই মুক্তি। চৰাই এটি সঁজাত ভৰাই বান্ধি থ’লে, সঁজাৰ দুৱাৰ খুলি দিলে, ওলাই গুচি গ’ল- এয়া মুক্তি। সংসাৰৰ মাজত থকা মানে সঁজাত থকা বা জেলত থকা। জহন্নামৰ জেলৰ পৰা ওলাই যাব পৰাটোৱেই মুক্তি। (আগলৈ)
☆ ★ ☆ ★ ☆