ফটাঢোল

সমীকৰণ-নীলাঞ্জনা মহন্ত

“কি হ’ল চালেনে? সব ঠিকে আছেনে?“

“নিৰোগী, কৰ্মপটু, সুগায়ক, পঁচিশৰ পৰা পঁয়ত্ৰিশৰ ভিতৰত বিবাহ…”

শছমাখন মচি মচি একেখিনি কথাকে দত্তই দুবাৰ পঢ়িলে৷

“বোলো চলিবনে?”

“হাঁ?” – টাইপিষ্ট কনকে তেওঁৰ কাণতে চিঞৰি কোৱা কথাষাৰত তেওঁৰ হুঁচ আহিল৷

“এই.. মানে বাকপটু, সুবক্তা, সাহসী, বুদ্ধিদীপ্ত, এইকেইটা থাকিলে ভাল আছিল।”

“হৈ যাব৷ গাইপতি বাইশ টকাকে দিয়ক, ভৰাই দিম।”

“দিম বাৰু।”

দত্ত মানুহজনে বৰ জুখি মাখিহে কথা কয়৷ ভাল চাকৰিয়ে কৰে৷ পিছে কথা কম কয় আৰু ক’বলগীয়া সময়তো মনে মনেই থাকে বেছিভাগ, সেয়েহে যিটো বাবত চাকৰিটো ঘটিছিল, তাতেই আছে, এবাৰো পদোন্নতি হোৱা নাই৷ কলেজত পঢ়ি থকা দিনৰেপৰা চাকৰিকালৰ কৰ্মচাৰীৰ মেল মিটিঙলৈকে নাইবা ঘৈণীয়েকৰ লগতেই হওক আজিলৈকে একে লগতে হয়তো মুঠ পাঁচটাতকৈ অধিক শব্দ একেবাৰতে কৈয়েই পোৱা নাই৷

এনেকুৱা নহয় যে দত্তই কথা ক’ব নাজানে৷ বা ক’বলৈ নিশিকিলে বা নকৈছিল। সৰু হৈ থাকোঁতে বহুত কথা কৈছিল হেনো তেওঁ৷ নবছৰ বয়সতে স্কুলত হোৱা তৰ্ক প্ৰতিযোগিতাত ভাগ লৈছিল৷ পুৰস্কাৰো পাইছিল৷ হিন্দী চিনেমাৰ নানা পাটেকাৰৰ ডাইলগ সলসলীয়াকৈ মাতি শুনাব পাৰিছিল৷ তেনেতে খুব ভাল গণনা কৰিব জনা লোক এজন তেওঁলোকৰ গাঁৱলৈ বদলি হৈ আহে৷ দত্তৰ মাকৰ পুৰণা চিনাকি৷ তেওঁ হেনো ভাল সোঁৱৰণী অৰ্থাৎ জন্মপত্ৰিকা লিখিব জানে৷ সেয়ে অঞ্চলৰ সকলোৱে কোনোবা জন্ম হ’লে, সকাম বা পূজা পাৰ্বণ থাকিলে, নাইবা বিয়া বাৰু আনকি গৰু এজনী হেৰালেও তেওঁৰ ওচৰলৈ গৈ মঙল চোৱা আৰম্ভ কৰিলে৷ দত্তৰ বাবেও এখন সোঁৱৰণী লিখি দিছিল, তেতিয়া তেওঁৰ বয়স দহবছৰমান হ’ব৷ নিজৰ সোঁৱৰণী হেনো নিজে চাব নেপায়৷ কিন্তু তেওঁৰ কৌতূহলী মনৰ জোৰত দেউতাকৰ গডৰেজত সামৰি থোৱা সোঁৱৰণীখন মনে মনে গৈ গোগ্ৰাসে পঢ়িলে৷ পঢ়ি কি বুজিলে তেওঁহে জানে৷ তাত লিখা এটা কথাই তেওঁক বৰ আচৰিত কৰিছিল, তেওঁ হেনো এসময়ত মিতভাষী আৰু শান্তিপ্ৰিয় লোক হ’বগৈ আৰু ফলত সকলোৰে প্ৰিয় হ’ব৷ আচৰিত, কাৰণ মাক দেউতাকে তেওঁক কথা বেছি কোৱাৰ কাৰণে কেইবাদিনো কৈছে চাই চিতি চলিবি বুলি৷ কোষ্ঠীৰ কথাটো তেখেতৰ কুমলীয়া মনটোত ইমানেই গভীৰকৈ সোমাল যে তেখেতে সেইদিনাৰপৰাই মিতভাষিতাৰ অভ্যাস কৰিবলৈ আৰম্ভ কৰি দিলে৷ সকলো আচৰিত হৈছিল তেওঁৰ এই পৰিৱৰ্তনত৷ ইমান অঘাইটং ল’ৰাটোৱে কিয় কথা কমাই কোৱা হ’ল! ইফালে দেউতাক-মাকৰ সোঁৱৰণীখনৰ প্ৰতি, গণকজনৰ প্ৰতি শ্ৰদ্ধা দুগুণ হৈছিল যিহেতু তাত থকা কথা ফলিয়াইছিল৷ আৰু এদিন কলেজ যোৱাৰ পৰলৈ দত্ত মানুহজন সঁচাকৈ বৰ শান্তশিষ্ট হৈ পৰিল৷ দত্তৰ লগতে ঘৰৰ মানুহৰ গভীৰ বিশ্বাস কোষ্ঠীত যি লিখা থাকে তাকে ফলিয়ায়৷

কিন্তু দত্তৰ অনুভৱ তেওঁৰ কোষ্ঠীখনত সুতাৰ্কিক বুলি লিখা থকাহেঁতেন কিজানি তেওঁ এজন সুবক্তাই হ’লহেঁতেন আজি। যোৱাবছৰ আশা কৰা প্ৰমোচনটো বচে এইবাৰলৈ নহ’ব বোলোতে একো মাত নমতাকৈয়ে তেওঁ কিজানি ঘূৰি নাহিলহেঁতেন। কোম্পানীৰ কোটিটকীয়া প্ৰকল্পটোত তেওঁ দিনে ৰাতিয়ে কিমান লাগি দিছিল ফাইলবোৰ চালেই ওলাই পৰিবচোন! দহবছৰৰ আগতে আই. এ.এচ.ৰ সকলো পৰীক্ষা পাৰ হৈ ‘ভাইভা’ত কথা এটা ক’ব নোৱাৰি দিপ্ৰেচনত ভোগা মানুহ দত্ত৷ প্ৰথম প্ৰেমৰ সময়ত কথা ক’ব নাজানি বা নকৈ যেতিয়া মনৰ প্ৰেয়সীগৰাকী লগৰে এজনলৈ বিয়া হৈ গ’ল, ঘৰৰ মত অনুসৰি ছোৱালীক এদিনো লগ নকৰাকৈ বিয়া পতা সুপুত্ৰ হ’ল এই দত্ত৷

দত্তৰ ল’ৰাটোৰ এবছৰৰ জন্মদিনত সেইদিনা আইতাকে কথাটো উনুকিয়ালেই, ল’ৰাটোৰো কোষ্ঠীখন কৰাব লাগে সোনকালে৷ কোনো কথা নকৈ যোৱা দুমাহৰ আগেয়ে ওচৰৰ শৰ্মাৰ তাতেই আহি কৰাইছেহি কণমানিটোৰ জন্মপত্ৰিকাখনো৷ 

অঞ্চলটোত শৰ্মাৰ গণনাৰ নাম আছে৷ সেই দত্তৰ সোঁৱৰণী লিখা গণকজনৰ দৰেই৷ শৰ্মাৰ ব্যৱসায় ভাল৷ বহুত গ্ৰাহক৷ আজিকালি বহুতে কোন কলেজত ল’ৰাক এডমিচন দিব, চায়েন্স নে কমাৰ্চ পঢ়িব, দিনবাৰ চোৱাবলেও শৰ্মাৰ তালৈ আহে৷ আঙুঠিও পোৱা যায় বিভিন্ন৷ দত্তই নিজেই আঠটা আঙুঠি পিন্ধি আছে বহুদিনৰেপৰা, তাৰে চাৰিটা শৰ্মাই দিয়া৷ ব্যৱসায়ৰ লগে লগে শৰ্মাই আধুনিক প্ৰযুক্তিৰো ব্যৱহাৰ কৰিছে৷ 

শৰ্মাৰ কোষ্ঠীবোৰ আজিকালি ইলেক্ট্ৰনিক৷ টাইপিষ্ট কনকেও চাই মেলি দিব জনা হ’ল কি ৰঙৰ কাপোৰ কাৰ কাৰণে ভাল৷ কনকক দত্তই আগৰেপৰাই চিনি পায়৷ আজি সি ফাইনেল কপিটো লৈ যাবলে মাতোতে ৰাস্তাৰ পৰাই দত্তই প্ৰাৰ্থনা কৰি আহিছে তেওঁৰ ল’ৰাটোৰ কোষ্ঠীত ভাল ভাল কথা লিখা থাকে যেন৷ কনকেও কৈছে চাই দিব বুলি আৰু কৈছে কথা পাতিব৷ 

কামখিনি হৈছেগৈ৷ কনকেও বেছি সময় লোৱা নাই৷ কাৰণ আৰু গ্ৰাহক ৰৈ আছে৷ বহুত ব্যস্ত সি৷

অৱশেষত ফাইনেল কপিটো প্ৰিণ্ট কৰি শৰ্মাৰ চহীৰে সৈতে ধুনীয়াকৈ আনি দত্তৰ হাতত দিলেহি৷ দত্তই পইচাটো দি ওলাই অহাৰ আগতে এবাৰ চকু ফুৰাই চালে৷ কনকে তেওঁ কোৱাৰ দৰেই এইখিনি কথা ভৰাই দিছে, “বাকপটু, সুবক্তা”৷ এটা মিচিকিয়া হাঁহি তেওঁৰ মুখত বিৰিঙি উঠিল৷

☆ ★ ☆ ★ ☆

5 Comments

  • ভাল লাগিল বা৷

    Reply
    • কাবেৰী মহন্ত

      সাংঘাটিক । বিশ্বাস নে আত্মবিশ্বাসৰ কোষ্ঠী!! আৰু পঢ়িবলৈ পাম বুলি আশা কৰিছোঁ

      Reply
  • জিতু

    ভাল‌ লাগিল।

    Reply
  • Minati Mahanta

    তহঁতক সেইকাৰনে চাবলৈ দিয়া নাছিলো । মনে মনে চালি যে !!! যি হওক ভাল লাগিল ।

    Reply
  • Anonymous

    অবাক্তেদ ৰচনাৱলী নীলাঞ্জনা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *