জীৱনৰ ৰং-ৰূপম ঠাকুৰীয়া
– তাৰ পিছত?
– তাৰ পিছত বৰ্মনৰ লগত ওলালোঁ কইনা চাবলৈ। মোৰ পুৰণি বাজাজ চুপাৰখনত উঠি দুয়ো ৰাওনা হ’লোঁ।
– তাৰ পিছত?
– আমি গৈ বৰপুখুৰীটোৰ পাৰ পাওঁ পাওঁ হওঁতেই দেখিলোঁ এঘৰৰপৰা ছোৱালী এজনীয়ে এবাল্টি কাপোৰ লৈ পুখুৰীটোৰ ফালে আহি আছে। হয়তো কাপোৰ ধুব।
– তাৰ পিছত?
– ছোৱালীজনী দেখিবলৈ বৰ ধুনীয়া। তাইক মই জানো আগৰেপৰা। আঁঠুলৈ মেখেলা কোঁচাই যিটো খোজত আহিছে নহয়! মানে আপুনি দেখিলে সেই সময়ত…….
– তাৰ পিছত কওক না…..
– আপুনি অলপ অধৈৰ্য হোৱা যেন লাগিছে ঠাকুৰীয়া। কৈ আছোঁ লাহে লাহে। ৰ’ব।
ডেকাদাৰ কথাখিনিত মোৰ গা বেজবেজালে। ভাবিলোঁ অলপ লাহে লাহে যোৱাই ভাল। ডেকাদাই পুনৰ কৈ গ’ল…
-মই ছোৱালীজনীৰ ফালে চাই থকা দেখি বৰ্মনে ক’লে,
-আপোনাৰ কাৰণে এই ছোৱালীজনীকেই আজি চাবলৈ আহিছোঁ। আমি ছোৱালীৰ ঘৰক দিয়া সময়তকৈ অলপ আগতে আহি পালোঁ চাগে।
বৰ্মনৰ কথাত মোৰ ছোৱালী চাবলৈ যোৱা উৎসাহটো নিমিষতে পলাই পত্ৰং দিলে।
– কিয়? আপুনি দেখোন কৈছিল ছোৱালীজনী বৰ ধুনীয়া!
– ছোৱালী ধুনীয়া হ’লেই নহ’ব নহয়! স্বভাৱ চৰিত্ৰৰ কথাও আছে। এইজনীক মই আগৰেপৰাই চিনি পাওঁ। নলবাৰীৰ “ভাৰতীয়া টকীজ”ত মই এজন ল’ৰাৰ লগত বহুদিন দেখিছোঁ এইক। চিনেমা হ’লৰ ভিতৰত দুয়োৰে যি…ই…ই নাটক!
– তেন্তে ছোৱালীজনীক চাবলৈ আহিল কিয়?
– শুনক। মইতো নাজানো এইজনীয়েই ছোৱালী বুলি। ইফালে বৰ্মনেও নাজানে তাইৰ এইবিলাক কথা। নহ’লে মোক ক’লেহেঁতেন আৰু আমি চাবলৈ নগ’লোহেঁতেন। ছোৱালীজনীৰ ঘৰ ইয়াত বুলি অৱশ্যে ময়ো নাজানিছিলোঁ।
– তাৰ পিছত?
– তাৰ পিছত একো নাই। মই তাৰ পৰাই উভতিলোঁ।
– তাৰমানে কাহিনী শেষ।
– নাই হোৱা। আৰু এটা কওঁ শুনক। এবাৰ আমাৰ নমাটিৰ ধৰণীয়ে মোক এজনী ছোৱালীৰ খবৰ দিলে। ছোৱালীজনীৰ ঘৰ বৰভাগত। খুব ভাল বুলি ক’লে ছোৱালীজনী, লগতে ঘৰখনো। মোক ফটো এখনো দেখুৱালে। ময়ো যাম বুলি ক’লোঁ। কথামতেই কাম। আকৌ মোৰ বাজাজ চুপাৰখনৰ ডিমাণ্ড বাঢ়িল। আমি দুয়ো (মই আৰু ধৰণী) নিৰ্দিষ্ট দিনৰ নিৰ্দিষ্ট সময়ত ছোৱালীজনীৰ ঘৰত উপস্থিত হ’লোঁ। খুড়াকে আমাক বাটৰপৰা আগবঢ়াই নি বহিবলৈ দিলে। বহুত কিবা কিবি খাবলৈ দিলে। ছোৱালীজনীৰ মাক, ভনীয়েক আৰু এজন ল’ৰাই আমাক চাহ মিঠাই আদিৰ যোগান ধৰি আছিল। মই ল’ৰাজনৰ বিষয়ে জানিব খোজাত দেউতাকে ক’লে,
এওঁৰ (ল’ৰাজনৰ) ঘৰ ওচৰতে। আমাৰ ইহঁতে এওঁক দাদা পাতি লৈছে। আমাৰ ঘৰৰ সৰু ডাঙৰ সকলোবোৰ পৰ্বতেই এওঁ নহ’লে আমাৰ নচলে। সিও সহায় কৰি দি ভাল পায়। বৰ ভাল ল’ৰা এওঁ। আমাৰ নিজৰ ল’ৰাৰ দৰেই।
দেউতাকৰ কথাখিনিত মই মনে মনে ভাবিলোঁ, “বেছি ভাল হোৱাও ভাল নহয়।”
– তাৰ পিছত?
– খোৱা লোৱা কৰাৰ পিছত ভাবিছিলোঁ ছোৱালীয়ে বটাত তামোল পাণ লৈ আহি আমাক মাত লগাব! পিচে বহুত সময় ধৰি ছোৱালীজনী ওলাই নহাত ময়েই দেউতাকৰ ফালে চাই ক’লোঁ,
ছোৱালীক এবাৰ মাতক। মাত এষাৰ দি যাওঁ। পলম হৈছে।
দেউতাকে লাহেকৈ ক’লে,
তাইৰ দাঁত এটা উঠোৱাইছে কালি। সেয়ে এতিয়া ‘ৰেষ্ট’ লৈ আছে অলপ। তুমি গৈ ভিতৰত দেখা কৰি আহিব পাৰা।
মই লগে লগে ধৰণীক সুধিলোঁ,
-ধৰণী তই আমি আজি ইয়ালৈ আহিম বুলি কেতিয়া খবৰ দিছিলি?”
-পোন্ধৰ দিন আগতেই দিছোঁ – ধৰণীৰ উত্তৰ।
ছোৱালীৰ ব্যক্তিগত কোঠাত সোমোৱাটো মই কেতিয়াও ভাল কাম বুলি নাভাবোঁ। আৰু দাঁতটো আপোনালোকে আগতেই উঠোৱাব পাৰিলেহেঁতেন। আজি আমি আহিম বুলি আপোনালোকে পোন্ধৰ দিন আগতেই গম পায়।
অলপ খঙেৰে দেউতাকৰ ফালে চাই ক’লোঁ। হঠাৎ পাতি লোৱা ককায়েকজনে মাত দিলে,
তাইৰ কালি বৰ বিষ বেছি হৈছিল দাঁতত। সেয়ে কালি উঠোৱাব লগা হ’ল।
মই ল’ৰাজনক সুধিলোঁ,
তুমি লৈ গৈছিলা ডাক্তৰৰ ওচৰলৈ?–ল’ৰাজনে হয় বুলি মূৰ দুপিয়ালে।
আচ্ছা, বুজি পালোঁ কথাটো। ধৰণী ব’ল। দেৰি হৈছে..।
এইবুলি মই বহাৰ পৰা উঠিলোঁ। সকলোকে “আমি আহোঁ” বুলি খোজ ল’লোঁ। ধৰণীও উঠিল। খুড়াকজন আমাৰ লগে লগে বাটলৈ ওলাই আহিল।
– ডেকাদা, তাৰ পিছত আপোনালোক চিধা ঘৰলৈ আহিল? – মই সুধিলোঁ।
– নাই। শুনকচোন। বাট ওলাই দেখিলোঁ কাষতে ভঠেলি (আমি ভঠ্লি কওঁ) উৎসৱ। আগবাঢ়ি গ’লোঁ। খুড়াকজন আমাৰ পিছে পিছে। ভঠেলিৰ এঠাইত ডাঙৰ জুৱাখেল এখন চলি আছিল। বহিলোঁগৈ তাতে। খুড়াকে ক’লে,
তুমি জুৱা খেলা?
-মাজে মাজে – মই উত্তৰ দিলোঁ।
জুৱা খেলোঁতে খেলোঁতে মোৰ দুশ টকা লাভ হ’ল। অলপ পিছত নাকটো কোঁচাই খৰকৈ দুবাৰমান উশাহ লৈ ধৰণীক ক’লোঁ,
চুলাইৰ গোন্ধ পাইছোঁ। সেই তাত বিক্ৰী কৰিছে কিজানি! যা এই বিশ টকা লৈ দুগিলাচ লৈ আন।”
খুৰাকে মূৰে কপালে হাত দি ক’লে,
বাপা তুমি চুলাই খোৱা।
মই বোলো “মাজে মাজে।”
মই এই জুৱা খেলা বা চুলাই খোৱা এইবোৰ কাম ইচ্ছা কৰিয়েই খুড়াকক দেখুৱালোঁ যাতে ময়ো ভাল ল’ৰা নহয় বুলি পতিয়ন গৈ এওঁলোকে মোক পিছত এই ছোৱালীজনীক বিয়া কৰাবৰ বাবে আৰু জোৰ নকৰে। চুলাই দুগিলাচ মাৰি উঠি খুড়াকক ক’লোঁ,
-আপোনালোকৰ ছোৱালীৰ কি বিষ মই নাজানো। বিষৰ কাৰণটো যে সেই পাতি লোৱা ককায়েকজন, সেইটো খাটাং। এটা কাম কৰক। তাৰ লগতেই ছোৱালীজনীক বিয়া দিয়ক। দুয়োৰে ভাল হ’ব আৰু আপােনালােকৰো ধৰ্ম হ’ব।
এইবুলি তাত অলপো সময় নষ্ট নকৰি স্কুটাৰৰ কিক্ মাৰিলোঁ।
– আপুনি কিয় তেনেকৈ ক’লে? আপোনাৰ কি সন্দেহ হ’ল?- মই সুধিলোঁ।
-যদিও ছোৱালীৰ দাঁতৰ বিষ বুলি কৈছে সেইটো আচলতে মিছা। কাৰণ অকল দাঁতৰ বিষ হৈ থাকিলে ছোৱালী ওলাই নহাকৈ নাথাকিলহেঁতেন। ছোৱালী চাবলৈ মাতি ছোৱালীক নেদেখুৱায়, কেনেকুৱা অভদ্ৰ মানুহ চাওকচোন ! মোৰ পূৰা বিশ্বাস আগদিনা ছোৱালীজনীৰ খালাছ (গৰ্ভপাত) কৰিছে।
– ফাল্টু কথা ক’লে আপুনি।
– শুনক ঠাকুৰীয়া, মই লিগেলত চলা মানুহ। মোৰ কথা হ’ল ভাল বেয়া সব খোলা-খোলিকৈ কওঁ মই। তাত কোনোবাই বেয়া পালেও মই খাতিৰ নকৰোঁ। মই বেলেগৰ ঘৰত হাল বোৱা, বেলেগৰ গৰু চৰাবলৈ যোৱা, পাণ দোকান দিয়া, ৰাস্তাৰ দাঁতিত পাচলি দোকান দিয়া, ইটাভাতাত কাম কৰা আদি সকলো কাম কৰি পাইছোঁ জীৱনত। গতিকে ভাল বেয়া সকলোবিলাক বুজি পাওঁ মই।
– আপুনি নকৰা কাম নাই দেখোন হে?
– আৰু আছে। মই জুৱাৰ সম্ৰাট এজনৰ ঘৰত কামকৰা ল’ৰা হিচাপে আছিলোঁ গুৱাহাটীত। ধনী ধনী মানুহৰ ৰাতিৰ আড্ডাত যি কাৰবাৰ চলে আপুনি গম পালে পাগল হৈ যাব।
– আপুনি বৰ লাকী মানুহ হে ! তেনেকুৱা ধৰণৰ বেকগ্ৰাউণ্ড এটাৰপৰা আহি আপুনি চাকৰি পালে। তাৰ পিছত প্ৰমোচন পাই পাই আপুনিও আজি এজন গেজেটেড অফিচাৰ।
– মই চাকৰি কেনেকৈ পালোঁ জানে?
– নাজানো।
– শুনক। বৰ ইণ্টাৰেষ্টিং কাহিনী। মোৰ তেতিয়া চাকৰি হোৱা নাই। অফিচত মই ইবিধ সিবিধ কৰি বাকীবিলাকক সহায় কৰি দি থাকো। তাৰ বিনিময়ত কোনোবাই কিবা অলপ দিয়ে। চলি আছোঁ তেনেকৈ। কেইদিনমান “অমুক” (অফিচৰ মূৰব্বী বিষয়া) চাৰৰ বাংলোত কাম কৰিবলৈ দিলে মোক। এদিন যি ঘটিল নহয়!
– কিনো?
– চাৰৰ বাইদেউ ঘৰলৈ গৈছিল এসপ্তাহমানৰ কাৰণে। সিদিনাখন কাম কৰি শেষ হওঁতে ৰাতি দহ বাজি গ’ল মোৰ। ওলাই আহি চাইকেলৰ তলাটোত চাবি পাত ভৰাবলৈ লওঁতেই দেখিলো চাৰি নম্বৰ কোৱাৰ্টাৰত থকা অমুক বাইদেৱে ৰাতিৰ ভয়ানক দ্ৰেচত আহি চুচুক চামাককৈ চাৰৰ বাংলোলৈ যোৱা সৰু গেটখন খুলিছে। মই অলপ ৰৈ দিলোঁ। কোনোবাই দেখিব বুলি বাইদেৱে খৰখেদাকৈ চাৰৰ বাংলোৰ বাৰাণ্ডাত উঠাৰ লগে লগে চাৰে তেওঁক হাতত ধৰি ভিতৰলৈ লৈ গ’ল! মই মনতে বোলো “ডাঙৰ মানুহৰ কি মহিমা!”
– কি কয় হে? তাৰ পিছত? – মোৰ উৎসাহ দেখি ডেকাদাৰ মাত ডাঙৰ হ’ল।
– ছয়দিন ধৰি এই চিলচিলাটো চলি থাকিল। পিছৰ কেইদিন বাইদেৱে লাজ-কাজ বাদ দি মোৰ আগেৰেই অহা-যোৱা কৰা হ’ল। আচল খেল সাতদিনৰ দিনাহে ঘটিল জানে! (চাধাখিনি মোহাৰি মোহাৰি পুনৰ কৈ গ’ল তেওঁ) বাইদেৱে আহিয়ে গধূলি মোক বিচাৰিলে। মোক ৰুমৰ ভিতৰলৈ মাতি লৈ গ’ল। ৰূমত দেখোঁ চাৰ চকীত বহি আছে তলমুৱাকৈ। মোক বাইদেৱে দম দি সুধিলে,
-কালি ৰাতি কোন মহিলা আহিছিল চাৰৰ ৰুমলৈ?তুমি নিশ্চয় দেখিছা। কোৱা।
মই থতমত খালোঁ। ভাবিলোঁ কি উত্তৰ দিম! মনতে ঠিক কৰিলোঁ যে মই চাৰৰ বিপদ হ’বলৈ নিদিওঁ।
কি হ’ল মনে মনে আছা যে? সঁচা কথা ক’বা। নহ’লে জেলত ভৰাই দিম।
পুনৰ বাইদেউৰ দম শুনি লাহেকৈ মাত দিলোঁ,
বাইদেউ মই একো গম নাপাওঁ। মই কাকো দেখা নাই। আনহাতে, কালি মই অলপ সোনকালেই গ’লোঁ বাইদেউ। মোৰ কথা শুনি বাইদেৱে মুখখন কোচাই, তলমূৰ কৰি বহি থকা চাৰলৈ তীক্ষ্ণ দৃষ্টি এটা নিক্ষেপ কৰি “হুহ, চাই ল’ম মই” বুলি ৰুমৰপৰা ওলাই গ’ল। মই অলপ সময় চাৰে কিবা কয় বুলি ৰৈ থাকিলোঁ। তেওঁ ওপৰলৈ মূৰ তোলাৰ একো লক্ষণ নেদেখি মই “আহোঁ চাৰ” বুলি চাৰক নমস্কাৰ এটা দি ওলাই আহিলোঁ।
– সাংঘাটিক কাৰবাৰ দেখোন হে?
– শুনি যাওকচোন। পিছদিনা ৰাতিপুৱাই চাৰে মোক অফিচ চেম্বাৰলৈ মাতি লৈ গ’ল। ৰুমত থকা মানুহবোৰক যাবলৈ কৈ মোক সুধিলে,
-তুমি কালি বাইদেউৰ আগত কিয় মিছা মাতিলা?
তুমিতো সকলো জানা!”
মই অলপ মনে মনে ভাবি যিমান পাৰি সিমান নৰ্মেল হ’বলৈ চেষ্টা কৰি উত্তৰ দিলোঁ,
চাৰ মই কাৰো সংসাৰত জুই লগাটো নিবিচাৰোঁ। সি লাগে আপোনাৰেই সংসাৰ হওক বা মোৰ। সকলোৰে পৰিয়াল ভালকৈ থাকক, তাকেই সদায় বিচাৰোঁ।
চাৰে মোৰ মুখলৈ এপলক চাই থাকি “তুমি যোৱাগৈ” বুলি কোৱাত মই লাহেকৈ ৰুমৰ পৰা ওলাই আহিলোঁ।
– তাৰ পিছত?
– চাৰৰ ৰূমৰ পৰা ওলাই মই ভাবিলোঁ চাল্লা কিহৰ পাল্লাত পৰিলোঁ মই! ইফালে ক’লেও বিপদ, সিফালে ক’লেও বিপদ। অলপ কিবা কিবি কৰি চলি আছিলোঁ অফিচখনত! এতিয়া চাগে আৰু ওলাব লাগিব ইয়াৰ পৰা! মই হে দেখিব পাইনে এইবিলাক ঘটনা! পিছ মুহূৰ্ততে মনক বুজালোঁ, যি হয় হ’ব। মই কাৰো অন্যায় কৰা নাই। ভগবানে মোক সহায় কৰিব। ঘৰলৈ সোনকালে আহিলোঁ সিদিনা। গধূলি ঘৰলৈ আহি গা পা ধুই বহিছোঁ। এওঁ চাহ আনিছে। আকৌ কথাবোৰ মনলৈ আহিল। হঠাৎ দেখিলোঁ অফিচৰ পিয়ন এজন মোৰ ঘৰৰ সন্মুখত চাইকেলৰপৰা নামিছে। হাতত এটা খাম। মই আগবাঢ়ি গ’লোঁ। মই ওচৰ পোৱাত পিয়নজনে ক’লে,
আপোনাৰ কপাল ফুলিল। মিঠাই খুৱাব লাগিব।
— কিনো? কি হ’ল?—-মই সুধিলোঁ। হাতত থকা খামটো আগবঢ়াই দি পিয়নজনে ক’লে,
এয়া লওঁক আপোনাৰ এপইণ্টমেণ্ট লেটাৰ। চাকৰি হৈ গ’ল আপোনাৰ। চাৰে হাতে হাতে দিবলৈ কৈছে আপোনাক আৰু মোক গৈ ৰিপোৰ্ট কৰিবলৈ কৈছে।
মই অবাক। চাৰে তাৰমানে মোৰ কথাখিনিত সন্তুষ্ট হ’ল! ভগৱানক শতকৌটি প্ৰণাম জনালোঁ মনে মনে। – এইবুলি ডেকাদাই গোফৰ তলেৰে আত্মসন্তুষ্টিৰ হাঁহি এটা মাৰিলে।
– বাপৰে!তাৰ পাছৰপৰা আহি আহি আজি আপুনি গেজেটেড হ’ল!
-শুনক ঠাকুৰীয়া। মই কাকো অন্যায় কৰা কাম কৰা নাই আজিলৈ। পাৰিলে সহায় কৰিছোঁ।
– বেয়া কাম কৰিছে নে নাই কিবা?
– আজিলৈকে কোনো বেয়া কাম কৰা নাই। বহুত সৰু সৰু কাম, বেলেগৰ দৃষ্টিত লেতেৰা বহু কাম কৰিছোঁ পেটৰ তাড়নাত। কিন্তু সমাজে বেয়া বুলি কোৱা কাম কৰা নাই আজিলৈকে।
ওচৰত ৰৈ থকা আমাৰ অফিচৰে ষ্টাফ তিলকে মাত লগালে,
– ঠাকুৰীয়াদা, আমাৰ অফিচৰ বৰ সাংঘাটিক আন এজন মানুহ আছিল। তেওঁৰ কথাও কওঁ শুনক।
মই আৰু ডেকাদাই তিলকৰ পিনে চালোঁ। তিলকে কৈ গ’ল,
– ছোৱালী এজনীৰ লগত তেওঁৰ এসময়ত লেটিপেটি হৈ ডাঙৰ গণ্ডগোল এটা গৈছিল। গাঁৱত ইয়াৰ ওপৰত ৰাইজমেলো এখন হৈছিল। আলফাও জড়িত হৈছিল বোলে কেচটোত। তেওঁক দোষী সাব্যস্ত কৰিছিল সেই ৰাইজমেলত আৰু শাস্তি বিহিছিল বৰ লাজ লগা ধৰণে।
ডেকাদাই মনে মনে কথাখিনি শুনি গৈছিল। চকীখনত আউজি লৈ বহোঁতে মই লক্ষ্য কৰিলোঁ তেওঁ যেন অলপ অপ্ৰস্তুত হৈছে। লাহেকৈ ক’লে তেওঁ,
– আজি মই যাওঁগৈ। অলপ কাম আছে ঘৰত।
– ডেকাদা, অলপ ৰওকনা।” – মই অনুৰোধ কৰিলোঁ।
– আজি আৰু নাপাতো নেকি কথা।
– আমাৰ অফিচৰ সেই নিৰ্দিষ্ট মানুহজনৰ আৰু এটা কাহিনী আছে। (তিলকে কৈ গ’ল) তেওঁ এসময়ত তামোল চোৰ আছিল। বৰ পাকৈত চোৰ আছিল হেনো তেওঁ। তেওঁ বোলে ইডাল তামোল গছৰপৰা ওপৰে ওপৰে সিডাললৈ জঁপিয়াই জঁপিয়াই যাব পাৰিছিল। আৰু এনেকৈ তামোল চোৰ কৰোঁতে এবাৰ হাতে লোটে ধৰা পৰাত তেওঁক বোলে গছত বান্ধি গণপ্ৰহাৰ কৰিছিল। চুলি কাটি গাঁও ঘূৰাইছিল।
– আজি কথা নাপাতো দিয়ক ঠাকুৰীয়া। মোৰ ঘৰত অলপ কাম আছে, মই সোনকালে যাওঁ।
-ৰ’বহে ডেকাদা। দুইমিনিট বহক। কথাখিনি আপুনিও জানে নেকি?
– মোৰ পলম হৈছে……
– উত্তৰটো দি যাওক।
– মই তেনেকুৱা কোনো ষ্টাফক নাজানো দেখোন! ডেকাদা চকীৰ পৰা উঠিল।
– দাদা, আমাৰ অফিচৰ অলপতে অৱসৰ পোৱা চৌধুৰীদা যে আছে, তেওঁৰ বৌৱে কৈছে তেওঁলোকৰ তামোলেই বোলে চোৰ কৰিছিল মানুহজনে। – তিলকে ডেকাদাৰ পিনে চাই ক’লে।
–মই নাজানো ঠাকুৰীয়া, মই দেখোন কৈছোঁৱেই মোৰ অলপ পলম হৈছে বুলি। আজিলৈ মই আহোঁ। কাইলৈ কথা পাতিম।
এইবুলি ক’লা হৈ পৰা মুখখন লৈ বেগাবেগিকৈ ডেকাদা অফিচৰ ৰূমৰ পৰা ওলাই গ’ল।
– অতপৰে হাস্য-ব্যংগ কৰি থকা মানুহজনে তোমাৰ কথাখিনি শুনি ইমান লৰালৰিকৈ গুচি গ’ল যে!– তিলকৰ ফালে চাই সুধিলোঁ মই।
ওচৰতে ৰৈ থকা তিলকে মাত লগালে,
– ঠাকুৰীয়াদা, অফিচৰ সেই বিখ্যাত ষ্টাফজন যে তেওঁ নিজেই, গতিকে নিজৰেই কীৰ্তিখিনি ধৈৰ্য ধৰি কেনেকৈ শুনি থাকে তেওঁ এতিয়া!
☆ ★ ☆ ★ ☆
9:52 am
হাঃ হাঃ৷ বঢ়িয়া৷
3:14 pm
?বঢ়িয়া