ফটাঢোল

কৌতুক- কৰৱী দেৱী

মালিক : সুপন্দি এটা কথা মনত ৰাখিবি। জীৱনত কেতিয়াও আনৰ ধাৰ নাখাবি বুজিলি। আজি যদি কোনোবাই এসাঁজ খুৱাইছে, তেন্তে কালিলৈ তয়ো এসাঁজ খুৱাব পাৰিলেহে বন্ধুত্ব অন্যথা ভিক্ষাৰী যেন লাগিব বুজিলি।

সুপন্দি : বুজিলোঁ চাৰ।

প্ৰায় এসপ্তাহৰ পিছত,

মালিক : (খঙেৰে) সুপন্দি, মোৰ বন্ধু নিৰেন শইকীয়াই যে তেওঁৰ পত্নীৰ শ্ৰাদ্ধলৈ মাতি গৈছিল, কিয় নজনালি মোক?

সুপন্দি : চাৰ আপুনিয়ে দেখোন কৈছিল কোনোবাই এসাঁজ খুৱালে আমিও খুৱাব পাৰিব লাগে। নহ’লে বন্ধু যেন নালাগে, ভিক্ষাৰী যেনহে দেখি। এতিয়া আপুনিয়ে কওকচোন, শইকীয়া চাৰে এতিয়ালৈকে তিনিজনী পত্নীৰ শ্ৰাদ্ধ খুৱালে। আপুনি কেইজনীৰ খুৱাই পাইছে?

মালিক : মূৰ্খ, যা এতিয়াই ওলাই যা। য’ত যি কৰি খাৱ খাগৈ যা।

সুপন্দি : কি কৰিলে বেছি ভাল হ’ব চাৰ?

অজলা সুপন্দিটোলৈ হঠাতে মালিকৰ মৰম জাগে। খঙটো নিমিষতে দূৰ হোৱাত কয় তেওঁ –

মালিক : চা সুপন্দি, আমি যিকোনো ব্যৱসায়তে  সফল হ’ব পাৰিম। কিন্তু তাৰ আগতে মাৰ্কেটত নতুন প্ৰডাক্টচ্ কি আহিছে, প্ৰডাক্টচ্ বোৰ মানুহৰ মুখে মুখে প্ৰচলিত হৈছেনে নাই এই ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত।

সুপন্দি : তেন্তে মই যাওঁ চাৰ। আপুনি দিয়া লংপেণ্টবোৰ কাটি এসোপামান হাফপেণ্ট চিলাম। কাৰণ মাৰ্কেটত এতিয়া হাফপেণ্টটোৱেই তোলপাৰ লগাই আছে চাৰ। তামাম চলিব বিজনেছ। 

সুপন্দিৰ বুদ্ধিত মালিক হতবাক।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *