ফটাপ্ৰেমৰ এপিক-বন্দিতা জৈন
প্ৰেম জনমে জনমে। প্ৰেমত পৰা মানুহৰ অনুভৱ হয় প্ৰেমৰ মাদকতা কিমান,প্ৰেমত পৰা মানুহৰ অভিজ্ঞতা বাৰুকৈয়ে হয় বিৰহৰ বেদনা কিমান। বুকুৰ ভিতৰত কুৰুকি কুৰুকি সোমাই থকা প্ৰেমবোধ লুকুৱাই ৰখাৰ যন্ত্ৰনা কিমান। আৰু যদি সেয়া একপক্ষীয় হয়__তেন্তে প্ৰেমত পৰাজনৰ যি অবস্থা হয়, সেয়া বৰ্ণনা কৰা অসম্ভৱপ্ৰায়।এলেহুৱা মানুহো প্ৰেমত পৰি সক্ৰিয় হৈ উঠে,ষ্টাইল কৰি প্ৰেমাস্পদৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে,নিয়মানুবৰ্তিতা পালন কৰিবলৈ শিকে,ভাল ভাল কাপোৰ পিন্ধিবলৈ লয়, লাগিলে সেয়া আনৰ পৰা ধাৰলৈ অনাই নহওক কিয়।আটাইতকৈ বেছি কামোৰ কাম যেতিয়া লগৰ জনীয়ে মিছাতে এইবোৰত লটিঘটি খাব লগা হয় , নাইবা মলত গৈ কিনা নতুন কাপোৰৰ দাম ভৰিবলগীয়া হয়। তাৰেই এগৰাকী মহান মোৰ বান্ধৱী…………
ইমান বোৰ কৰিও প্ৰেম সফল হ’লনে নহ’ল জানিবলৈ অলপ চকুহালক কষ্ট দিবই লাগিব দিয়কচোন।
ভাড়াঘৰ আছিল ভঙাগড়ৰ ৰূপনগৰত। লাচিত নগৰৰ পৰা পানীৰ উৎপাতত থাকিব নোৱাৰি লগৰ দুজনীৰ সৈতে তালৈ গুচি গ’লো।কাম একে যদিও ঠাই আমাৰ দুজনীৰ একে আৰু এজনী বেলেগ।তাই বাৰু অত্যাচাৰৰপৰা সাৰিল। মই হে নোৱাৰিলোঁ। ধৰি লওক এজনী চুমি, এজনী ৰুমি আৰু এজনী মই নিমাখিত। কৰ্মস্থান আছিল ডাউন টাউন।তিনিওজনীৰে আছিল এটা কমন বেমাৰ,এলাহ। ইয়াৰ বাবে যে কিমান দিন বচৰ গালি খালো হিচাপ নাই। ৰেজিষ্টাৰ বহীত নীলা ৰং কম…..ৰঙা দাগে মাহেকীয়া মিটিঙত সকলোৰে সন্মুখত আমাক হেঙুলীয়া কৰি তুলিছিল। নিজৰ কোঠাত ভাত, দাইল,ভাজি বনোৱা এলাহত খিচিৰি আমাৰ প্ৰিয় খাদ্য হৈ পৰিছিল।চুমি আৰু এখোপ চৰা।তাই নিজৰ কাঁহীখনো মাজি নাৰাখে__ বোলে “আকৌ খাবই লাগিব দেখোন!” সেই চুমিৰে প্ৰেম হৈছিল।
‘ৰুম’ৰপৰা ভঙাগড় ‘বাছ’ষ্টেণ্ডলৈ বহুখিনি বাট আমাৰ বাবে। গতিকে সোনকালেই ওলাব লাগে।ন বজাত কৰ্মস্থলী পাবগৈ লাগে।খোজ কাঢ়ি যোৱাখিনিৰ এলাহত সদায় দেৰি হয়।ব্ৰীজৰ তলৰ ঠিক শিৱমন্দিৰটোৰপৰা দুখোজ আগতেই নতুনকৈ অফিচ এটা খুলিছে। তাতেই ভাল লগা টাইপৰ ল’ৰা এটাৰ দেখা দেখি হ’ল,যি বৰ ধুনীয়াও নহয়।মানে খুন্দা খোৱা দুৰ্ঘটনা বুলিও ক’ব পাৰি। চশমাযোৰৰ সৈতে মৰম লগা মুখখন। শৰীৰৰ গঠন আৰু উচ্চতা সকলো ঠিক থাক।
মুঠতে লগৰজনী চুমিৰ সপোনৰ ৰাজকুমাৰজন তাইৰ সন্মুখত। প্ৰথম দিনা ভঙাগড়ৰ শিৱমন্দিৰ ওচৰত টাৰ্ণিংটোতে দুৰ্ঘটনাটো। তাতেই আৰম্ভ হ’ল তাইৰ প্ৰেমৰ পাণ্ডুলিপি। হিন্দী ‘ফিল্ম’ৰ দৰে দৰ্শন, তায়ো নিজকে হিন্দী ‘ফিল্ম’ৰ নায়িকা যেন অনুভৱ কৰি দিনতে সপোন দেখিবলৈ ধৰিলে। সন্মুখত ল’ৰাজনক দেখা পোৱাৰ দিনা তাইৰ আনন্দৰ সীমা নাই। কামৰপৰা আহি আগতে চাহ বনাবলৈ এলাহ কৰাজনীয়ে তেতিয়াৰপৰা ভাল দৰে ভাত,চব্জি, দাইল বনায় কামৰ পৰা আহি। কিন্তু সমস্যা হ’ল তাইৰ সপোন দেখি দেখি ভাত হয় মানে আমি দুজনীয়ে বিস্কুট খাই উদৰ পূৰ কৰি এটোপনি মৰা হৈ যায়।
পিছদিনা আকৌ আগতে এলাৰ্মৰ শব্দত উঠাজনীয়ে এতিয়া কাউৰী পুৱাই উঠি গা পা ধুই শিৱ ফটোৰ আগত ধূপ শলিতা জ্বলাই কোনযোৰ কাপোৰত ভাল লাগিব সুধি সুধি আমাৰ চিকুন টোপনিৰ ঘোৰ শত্ৰু হৈ পৰিছিল। নিজৰ বাকচত নাই যদি আমাৰ বাকচ দুটাত অবৈধ খনন চলায় কপোৰৰ। ভাল লগাযোৰ উলিয়াই বাকী খিনি পাচলি খেতিৰ বাবে মৈ দি থোৱা মাটিখিনিৰ লেখিয়া কৰি এৰি থৈ যায়। কিবা ক’লেই লাগে লেঠা। মুখ ফুলাই আমি তাইৰ প্ৰেমৰ প্ৰতিদ্বণ্ডী বুলিও ভাবিবলৈ নেৰিলে।।
ইমানতে শেষ হোৱা নাই।ৰুমিৰ ৰাস্তা বেলেগ হোৱা বাবে তাই নিজৰ সময়ত গুচি যায়।মৰিছো মই….পুৱা উঠি চাহ কাপ ভালদৰে খোৱাৰ শান্তি নিদিয়ে, দেৰি হোৱাৰ ভয়।নিজে ষ্টাইল মাৰি মাৰি মোক চুলিকেইডাল ঠিক কৰাৰো সময় নিদিয়ে।দেৰি হ’ব বুলি ৰুমৰপৰা টানি চোঁচৰাই লৈ যায়।তাৰ পাছত অপেক্ষা মন্দিৰৰ ওচৰত ল’ৰাজন অহালৈ।
ক’ৰ ল’ৰা,কি নাম,কি কৰে একো নাজানো। তাইৰ প্ৰতি ‘ফিলিংছ’ কি সেয়াও নাজানো। তথাপি তাইক প্ৰেমত পৰাৰপৰা উদ্ধাৰ কৰিবও নোৱাৰোঁ কাৰণ নিজৰ অমৰ প্ৰেমক লৈ তাই যিহে উদ্বাউল! কথা ক’বলৈ সুৰুঙাই নাথাকে।’যি কৰ কৰি থাক’ বুলি এৰি দিওঁ।
এদিন এইদৰে ৰৈ আছোঁ।বাৰটো আছিল সোমবাৰ। ল’ৰা জনে আহি সন্মুখত বাইক ৰাখিলেহি। উহহ্___অকলে নহয়….তাৰ কঁকালত হাত মেৰিয়াই,কঁপালত দগমগীয়া সেন্দুৰ লৈ এগৰাকী নতুনকৈ বিয়া হোৱা যেন লগা বোৱাৰী,,,, নিশ্চিতভাৱেই ল’ৰাজনৰেই নতুনকৈ বিয়া কৰোৱা পত্নী হ’ব। সেয়ে ইমান মৰমত হাতত ধৰি মন্দিৰৰ ওপৰলৈ উঠি গৈ আছে……….!!!
ইয়াৰ পিছত তাইৰ অবস্থা কি হ’ব…..অনুমান এটা কৰিব পাৰে। কিছুদিনৰ বাবে তাইৰ মনটো অলপ বেয়া হৈ থাকিল বাৰু। পিছতহে তাই অলপ সলনি হ’ল।আমিও শান্তি অলপ পালোঁ।এমাহমান কমখন লটিঘটি হ’লনে! সেইদিনা প্ৰভু ভোলেনাথলৈ শত কৌটি প্ৰণাম জনাইছিলো সঁচৰাচৰ হ’বপৰা সাম্ভাব্য ভুলবোৰ দেখুৱাই দিয়া বাবে।
☆ ★ ☆ ★ ☆
6:31 pm
মজা লাগিল
11:53 pm
বেচেৰী৷
12:44 am
মজ্জা