ফটাঢোল

হৰে কৃষ্ণ হৰে ৰাম-সমীৰ

কেতিয়াৰ কথা আছিল জানো, সঠিককৈ মনত নাই। সেইদিনা এঘৰ মানুহৰ ঘৰলৈ সন্ধিয়া গৈছিলো। মানুহ ঘৰৰ ওচৰৰে আন এঘৰত ডি.জে. সঙ্গীতত ভক্তি আৰাধনাৰ গীত এটি লাগি আছিল। সন্ধিয়াৰ পৰিবেশটো গীতটোৱে ইমান সুন্দৰ কৰি তুলিছিল যে তাক বৰ্ণনা কৰি বুজাবই নোৱাৰি। সঁচাই বহুত ভাল লাগিছিল। মন-প্ৰাণ আৰু গীতটিৰ সৈতে সন্ধিয়াটো যেন আধ্যাত্মিকতাত বিলীন হৈ পৰিছিল। কিছু সময় যোৱা পিছত মই ছাটি-ফুটি কৰিবলৈ আৰম্ভ কৰিছিলোঁ।মোৰ এই আচৰণ দেখি গৃহস্থ আৰু মোৰ লগত যোৱা জনেও মোৰ কি হৈছে বুলি আচৰিত হৈ পৰিছিল। সাধাৰণতে অলপতে বিৰক্তি পোৱা স্বভাৱটো মোৰ আগৰপৰাই আছে। গৃহস্থই আচৰিত হৈ তাৰ মাজতে মোৰ ইমান অস্বস্তিৰ কাৰণটো সুধিলে।ক’লো,

: শুনকচোন গানটো, কি গাই আছে অথনিৰেপৰা, কেৱল একে ফাঁকিয়ে গাই আছে।

” হৰে হৰে কৃষ্ণ ৰাম 

ৰাম কৃষ্ণ ৰাম ৰাম,

হৰে হৰে কৃষ্ণ ৰাম

ৰাম ৰাম কৃষ্ণ ৰাম,

হৰে হৰে কৃষ্ণ ৰাম

ৰাম ৰাম কৃষ্ণ ৰাম…..

বেলেগ একো নাছিল, মাত্ৰ এই শাৰীকেইটাই পুনৰাবৃত্তি হৈ আছিল,এনেকৈয়ে পঞ্চল্লিছ মিনিটমান পাৰ হৈছিল।কি অশান্তি!কি জ্বালা আছিল সেইখিনি সময়!কেৱল হৰে হৰে কৃষ্ণ ৰাম, ৰাম ৰাম কৃষ্ণ ৰাম। ভক্তিগীত হ’ল বুলিয়েনো একেফাঁকিকে ঘূৰাই পকাই একেৰাহে কিমান শুনিম! অস্বস্তিত গুচি আহিবৰ মন গৈছিল যদিও আহিব পৰা নাছিলোঁ। বতৰটোও ডাৱৰীয়া হৈ অহাৰ বাবে ৰৈ দিব লগা হৈছিল। গৃহস্থই জনালে যে ওচৰৰ কাষৰ ঘৰৰ সৰু ল’ৰা এটাই গীতবোৰ লগায়, ক’বলৈয়ো ভয় লাগে কাৰণ মাক দেউতাকে ভুল বুজি কাজিয়া কৰে জানোচা! অলপ পিছত গৃহস্থই মই বিচৰা মতে হেডফোন এডাল যোগাৰ কৰি দিলে। কি শান্তি! কিবা এটা যেন ডাঙৰ অশান্তিৰপৰা হাত সাৰিলোঁ। হেডফোনডাল কাণত লগাই ল’লো, এতিয়া আৰু ভক্তিগীতে আমনি  কৰিব নোৱাৰে।কিমান আৰু “হৰে হৰে কৃষ্ণ ৰাম, ৰাম ৰাম কৃষ্ণ ৰাম”কে শুনি থাকিম। ‘ইউ টিউব’ টো খুলি ‘লাউড চাউণ্ড’ত পছন্দ অনুসৰি কেইটামান গান বাছি লৈ  নিজৰ লগত ব্যস্ত হৈ পৰিলোঁ। কিছু সময় পিছত মোৰ লগৰজন আৰু গৃহস্থৰ ছাটিফুটি আৰু অশান্তি আৰম্ভ হ’ল। মই বুজি উঠিলো যে এইবাৰ ভক্তিগীতে এওঁলোককো ৰণক্ষেত্ৰৰপৰা পৃষ্ঠভঙ্গ দিবলৈ বাধ্য কৰিছে।মানে ভক্তিৰসৰ অত্যাচাৰত ‘ফাট মেলা বসুমতী পাতালে লুকাওঁ’ গতি হৈছেগৈ,যিটো গতি  অলপ আগতে মোৰ হৈছিল।

হৰে হৰে কৃষ্ণ ৰাম 

ৰাম কৃষ্ণ ৰাম ৰাম,

হৰে হৰে কৃষ্ণ ৰাম

ৰাম ৰাম কৃষ্ণ ৰাম,

হৰে হৰে কৃষ্ণ ৰাম

ৰাম ৰাম কৃষ্ণ ৰাম।

গৃহস্থই ভক্তিৰসৰ নামত এই দানৱীয় অত্যাচাৰ সহিব নোৱাৰি দুৱাৰ খিৰিকী যি য’ত আছে বন্ধ কৰি ফেনবোৰ দুৰন্ত গতিত লগাই দিলে, টিভিও সম্পূৰ্ণ ‘ভলিউম’ত লগাই ল’লে, যাতে অত্যাচাৰী ৰূপ ধাৰণ কৰা শব্দবোৰ বাহিৰৰপৰা নাহে আৰু কিজানিবা ভক্তিগীতৰ অত্যাচাৰ কিছু হ’লেও উপশম হয়! তথাপিতো ভক্তিগীতে আমনি কৰিবলৈ নেৰিলে। নেৰেনেপেৰাকৈ চলিয়েই থাকিল…….

হৰে হৰে কৃষ্ণ ৰাম

ৰাম কৃষ্ণ ৰাম ৰাম…..

এনেকৈ তিনি ঘণ্টা পাৰ হ’ল বহু দিনৰ মূৰত লগ পাই শেষ নোহোৱা কিছুমান সীমাহীন কথাৰে, কিন্তু ভক্তিগীতৰ অত্যাচাৰ শেষ ন’হল….

 হৰে হৰে কৃষ্ণ ৰাম

ৰাম কৃষ্ণ ৰাম ৰাম,

হৰে হৰে কৃষ্ণ ৰাম

ৰাম ৰাম কৃষ্ণ ৰাম,

হৰে হৰে কৃষ্ণ ৰাম

ৰাম ৰাম কৃষ্ণ ৰাম……লেথাৰি নিছিগাকৈ উচ্চ স্বৰত বাজিয়ে থাকিল।

অৱশেষত ডাঙৰকৈ এছাটি ডবাপিটা বৰষুণ আহিল, বহু সময়লৈ বাহিৰৰ একো শব্দই শুনা পোৱা নাছিলোঁ।বাহিৰত বৰষুণৰ শব্দৰ বাবে একো নুশুনা হৈ পৰিল। সেই সময়খিনি বৰ শান্তিৰ আছিল। লাহে লাহে বৰষুণ শাম কাটিল, আমিও আহিবৰ যো জা কৰিলো, কিন্তু সেই “হৰে হৰে কৃষ্ণ ৰাম ৰাম কৃষ্ণ ৰাম ৰাম” তেতিয়াও বাজিয়েই আছিল। এইবাৰ আৰু পলম নকৰিলোঁ।দামুৰী হেৰোৱা গাই গৰুৱে এৰাল ছিঙি দৌৰ মৰাৰদৰে আমিও তৰা নৰা ছিঙি ঘৰ পালোহি।তাৰ পিছতো কিন্তু বহু সময়লৈকে স্বতঃস্ফূৰ্তভাৱে মোৰ কাণত সেই গীতটোৱেই বাজি থাকিল।সেই মানুহঘৰলৈ আজিও মোৰ যাবলৈ ভয় লাগে……..কিজানি ‘ফুল ভলিউম’ত আকৌ বাজি উঠে…….

     হৰে হৰে কৃষ্ণ ৰাম

     ৰাম ৰাম কৃষ্ণ ৰাম,

     হৰে হৰে কৃষ্ণ ৰাম

     ৰাম ৰাম কৃষ্ণ ৰাম,

     হৰে হৰে কৃষ্ণ ৰাম

     ৰাম ৰাম কৃষ্ণ ৰাম।।

☆ ★ ☆ ★ ☆

                        

Leave a Reply

Your email address will not be published. Required fields are marked *