ফটাঢোল

ক’লা চুলি আৰু বগা দাঁত-প্ৰদীপ বৰা

বৰুৱা মানে ভদ্ৰকান্ত বৰুৱাৰ কথা ক’বলৈ লৈছোঁ৷ একুৰি বছৰৰ আগৰ বৰুৱাৰপৰা বৰ্তমানৰ বৰুৱালৈ পৰিৱৰ্তনৰ মহাগাঁথা ৷পৰিৱৰ্তন মানে আকাশৰপৰা পাতাললৈ পৰিৱৰ্তন,পোহৰৰপৰা আন্ধাৰলৈ পৰিবৰ্তন ৷ পৰিৱৰ্তন তেওঁৰ শাৰীৰিক সৌন্দৰ্যৰ।তেওঁ  দুৱাৰ খিৰিকী বন্ধ কৰি কুৰি বছৰৰ আগৰ একপি ফটো লৈ  তিনিফুটীয়া দাপোণখনৰ সন্মুখত থিয় হৈ নিজৰ শাৰিৰীক সৌন্দৰ্য,আকৃতি,প্ৰকৃতি দাপোণৰ প্ৰতিবিম্বৰ লগত তুলনা কৰি নিজৰে  হাঁহিমেই নে কান্দিমেই অৱস্থা হৈছে ৷ 

একুৰি বছৰৰ আগতে তেওঁ কুৰি বছৰীয়া চফল ডেকা ‘ভদ্ৰকান্ত চেনিৰাম’ আছিল কিন্তু এতিয়া দেখোন পৰিবৰ্তন হৈ সেই চেণিৰামৰ চিন মোকামেই নোহোৱা হ’ল ! হ’ল বুলিয়েই বাৰু ইমান পৰিৱৰ্তন হ’ব লাগেনে ? কুৰি বছৰৰ আগতে তেওঁৰ যি বত্ৰিশটা বগা ঢকঢকীয়া ডালিমগুটীয়া দাঁত আৰু মূৰত একোছা ডাঠ  কিচকিচিয়া ক’লা চুলি আছিল  , এতিয়া দেখোন তাৰ এক ষষ্ঠাংশ নাই!থকাকেইডালো যেন বানপানীৰ উপদ্ৰৱত সংগ্ৰাম কৰি জীয়াই থকা বাওধানকেইডালহে!

দাপোনত তেওঁৰ এই শাৰিৰীক দুৰ্গতি দেখি অশ্ৰুৰ নিজৰা প্ৰবাহিত হয় গোপন কোঠাত নিৰৱে।

কুৰি বছৰৰ আগতে বৰুৱাৰ সৌন্দৰ্যৰ প্ৰতাপতে প্ৰায়  আধা ডজন প্ৰেমিকাই তেওঁৰ হৃদয় পদ্মত কলীয়া ভোমোৰাৰদৰে বিচৰণ কৰিছিল।ইয়াৰ সমানুপাতিক ভাৱে ভদ্ৰকান্তই  নিজৰ আই. কিউ.ৰ জহত সুখ্যাতিৰে  স্নাতক হৈছিল ৷একৈশ বছৰ বয়সত ‘টেট’ পাছ কৰি বাইশ বছৰ বয়সত মাষ্টৰী চাকৰিত নিজকে মকৰল কৰিছিল ৷ তেইশ বছৰ বয়সতে তেওঁৰ মস্তকৰ শোভাবৰ্ধন কৰা চুলিবিলাকে বিদায় মাগিছিল আৰু  তেওঁ এক প্ৰকাৰে ‘টাকলু’ হৈ পৰিছিল ৷  চুলিবিলাকে বিদায় মগাৰ সমানুপতিকভাৱে ভ্ৰমৰৰূপী প্ৰেয়সী সকলেও তেওঁৰ জীৱনৰপৰা বিদায় মাগিছিল।তেওঁৰ কিন্তু এই বিষয়ত  কোনো দুখ নাছিল ৷ কাৰণ দস্তুৰমত তেওঁৰ চৰকাৰী চাকৰি আছে।হেন জানি ইনাই-বিনাই কন্দা-কটাখন কৰাৰ কোনো দৰকাৰ নাই।তেওঁৰ যেতিয়া বয়স পঁচিশ  বছৰ হ’ল,তেতিয়া জানিব পাৰিলে যে তেওঁৰ প্ৰাক্তন প্ৰেয়সীসকলে ইতিমধ্যে আইমাতৃ হোৱাৰ গৌৰৱ লভিছে। তেঁৱোতো বহি থকা ভকত নহয় ! সৰ্বপ্ৰথমে তেওঁ একোছা কৃত্ৰিম চুলি সংগ্ৰহ কৰি পিন্ধিবলৈ অভ্যাস কৰিলে ৷ তাৰ পিছত ফেচবুক,মেছেঞ্জাৰ আৰু হোৱাটচ এপত খনন কাৰ্য আৰম্ভ কৰিলে ৷ নিজৰ জিলাৰপৰা দুখন জিলাৰ সিপাৰৰ  সুন্দৰী  যুৱতী মৰমীৰ লগত ফেছবুকৰ জৰিয়তেই চলিল  নেৰানেপেৰা প্ৰেম  প্ৰীতি।ছোৱালীয়েও চাকৰি কৰা দৰা পাইছে….এৰি দিবনে!! অৱশেষত ভদ্ৰকান্তই যথাৰীতি অনুসৰি সামাজিক নিয়মেৰে মৰমীক অৰ্দ্ধাঙ্গিনী স্বৰূপে স্বীকৃতি দিলে আৰু নিজৰো হেৰাবলৈ ধৰা সন্মানকণ ৰক্ষা কৰিলে৷নহ’লে কেইদিমানৰ পিছত গাঁৱৰ যমদূতৰূপী এমখাই তেওঁক ‘বৰলা’ আসনখনত আথে বেথে নি বহুৱালেহেঁতেন।যো জা চলিছিলেই,কাৰণ দুই এজনে ‘বৰলা’ সম্বোধন কৰিবলৈ আৰম্ভ কৰিছিলেই।

কিন্তু ফুলশয্যাৰ  নিশাৰ শেষত, মানে দোকমোকালি সময়ত ঘটিল  অঘটনতো ৷ ভদ্ৰকান্তৰ টোপনি শেষ হোৱা নাই ৷ মৰমী সাৰ পাই উঠি উচুপিবলৈ লাগিল ৷ ভদ্ৰই সাৰ পাই কথা বিষম দেখি মৰমীক মৰমেৰে সুধিলে কিয়নো এনেখন কৰিছে ৷ মৰমীয়ে কান্দি কান্দিয়েই ক’লে—-

 :আপুনিতো মোক আগতেই ক’ব লাগিছিল আপোনাৰ মূৰত চুলি নাই বুলি ! ভদ্ৰই সানুনয় বিনয়েৰে বহুত তাইক বুজালে আৰু ক’লে—-

: মই কচম খাই কৈছো, মই এই কথাটো ক’ম ক’ম বুলি পাহৰিয়েই থাকিলো ৷ 

শেষত ভদ্ৰই বহু উপঢৌকনৰ প্ৰতিশ্ৰুতি আগবঢ়োৱাত যেনিবা মৰমী শান্ত হ’ল ৷

ইয়াৰ পিছত ভদ্ৰ অন্য এটা দুৰ্যোগৰ সন্মুখীন হ’ল ৷ তেওঁৰ বছেৰেকত গড়ে এটাকৈ দাঁত সৰিবলৈ ধৰিলে ৷ উপায়ন্তৰ হৈ ভদ্ৰই কৃত্ৰিম দাঁত লগাবলৈ আৰম্ভ কৰিলে। তেওঁৰ পঁয়ত্ৰিশ বছৰ বয়সত সৰ্বমুঠ সাতটা দাঁতেই  মেলানি  মাগিলে ৷ হৃষ্টপুষ্ট  ভদ্ৰই গাঁৱৰ ভাওনাত সদায় ‘ভীম’ বা  ‘কংস’ জাতীয় ভাও লয় ৷ ‘দুঃশাসনৰ ৰক্তপান’ ভাওনাত তেওঁ ভীমৰ ভাও ল’লে ৷ভাওঁনাৰ দিনা যথাসময়ত যুদ্ধ কৰি ভীমে দুঃশাসনক বধ কৰিব লাগে ৷ যুদ্ধৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছেহে। বায়েনে যুদ্ধৰ  বাজানা নবজাওঁতেই ভীমে বকাসুৰক তৰ্জন গৰ্জন নকৰি মুখ মেলিয়েই  ঢাপলি মেলিলে ৷ কথা বিপৰীত দেখি বায়েনে খা-খবৰ লৈ গম পালে যে তেওঁৰ লগোৱা দাঁত পাঁচটাৰ ফ্ৰেমটো  খোল খাই মুখমণ্ডলত ভৰ্ত্তি হৈ গ’ল ৷কথা কয় কেনেকৈ!!

ভদ্ৰই কিন্তু দাঁত বিলাক সৰাৰ পিছত ভালকৈ ধুই পখালি আছুতীয়াকৈ সংৰক্ষণ কৰি থৈ দিয়ে ৷ এবাৰ থৈ দিয়া ঠাইতে দাঁতবিলাক অন্তৰ্ধ্যান হ’ল।একালৰ গৌৰৱ সেই ডালিমগুটীয়া দাঁতকেইটাৰ কথা মনত পৰিলে আজিও বুকুখন কোনোবাখিনিত বিষায়।

☆ ★ ☆ ★ ☆  

One comment

  • Prodip ch Borah

    এই মাহৰ চম্পালৈ বহুতো আন্তৰিক মৰম থাকিল ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *