সাত জনম-যোগেশ ভট্টাচাৰ্য
জীৱনযোৰা পুণ্যৰ ফলত বলধ গৰু এটাই স্বৰ্গ পালেগৈ। ঈশ্বৰে প্ৰসন্ন হৈ বৰ দিব খোজাত সি ক’লে,
: প্ৰভু, এইটো জীৱন মানুহৰ পথাৰত হাল বাওঁতেই গ’ল, অহা জনমত মানুহ কৰি পঠিয়াই দিয়ক। আৰু এটা কথা, আগৰ জনমত কাষৰ ঘৰৰ গাইজনীক মই বৰ ভাল পাইছিলোঁ , তাইহে পাত্তা নিদিছিল মোক। এইবাৰ তাইক মোৰ ঘৈণী কৰি পঠিয়াই দিয়ক।
ঈশ্বৰে ক’লে,
: মানুহ বনাই দিম বাৰু তোক, কিন্তু ঘৈণীজনী বাদ দিয়া ভাল হ’ব নেকি! তোৰ পুণ্যৰ ফল এনেই যাব কিন্তু।
পিচে বলধে নাচোৰবান্দা হৈ লাগি ধৰাত ঈশ্বৰে তাক দুয়োটা বৰ দি পঠিয়াই দিলে।
ঈশ্বৰৰ কৃপাত মানৱ জীৱনটো সুখেৰেই পাৰ হ’ল তাৰ। মাত্ৰ মাজে মাজে সৰু-সুৰা কাজিয়া লাগিলে বুলডজাৰ চেহেৰাৰ ঘৈণীয়েকে সৌকা হাতত তুলি পিটিছিল তাক। গোটেই জীৱনটো ‘আন্দাৰ কণ্ট্ৰল’ত চলাৰ পিছত মৃত্যুবৰণ কৰি সি আকৌ সিপুৰী পাই ঈশ্বৰৰ মুখামুখি হ’ল । দেখিয়েই লগে লগে ঈশ্বৰক প্ৰশ্ন কৰিলে,
: প্ৰভু, মোক ইমান জ্বালা-যান্ত্ৰনা কিয় দিলা? গৰু জীৱনতো পিটন খালোঁ, মানৱ জীৱনতো পিটন খালোঁ।
ঈশ্বৰে বোলে,
: মইতো মানা কৰিছিলোঁৱেই তোক। তইহে নামানিলি।
: হ’লেও আগৰ জনমৰ পুণ্যৰ ফলটো পাব লাগিছিল মই।
ঈশ্বৰে ক’লে,
: আগৰ জনমৰ পাপ-পুণ্যই পিছৰ জীৱনৰ সুখ নিৰ্ধাৰণ নকৰে হেৰৌ! অলপ বুদ্ধি খটুৱাই চলিব নাজানিলে ৰজাৰ ঘৰত জন্মিও গাদী নাপাবি। মোকেই ঠগায় দগাবাজ মানুহবোৰে। দহটকাৰ ধূপ জ্বলাই পকীত মূৰ আফাল মাৰি লাখ টকাৰ ‘কণ্ট্ৰেক্ট’ পাছ কৰোৱাবলৈ ‘ইমোশ্যনেলী ব্লেকমেইল’ কৰে মোক। ময়ো আশীৰ্বাদ দিবলৈ বাধ্য হৈ যাওঁ দেচোন। গতিকে বুদ্ধি খটুৱাই চলিবি অহা জনমত।
: প্ৰভু আপুনিয়েই কিবা বুদ্ধি দিয়ক।
: হেই, মই নোৱাৰোঁ। মানুহ জাতিটো বৰ ধুৰন্ধৰ। যোৱামাহত ৰাস্তাৰ কাষত মন্দিৰ এটা বনাই মোক চাকি-বন্তি জ্বলাই বুট, প্ৰসাদ, মিঠাই, পায়স, খিচিৰি খুৱালে। মানুহখিনিৰ আন্তৰিকতা দেখি ময়ো সেই মন্দিৰটোত পাটি পাৰিলোঁ। দুদিনমানৰ পিছতহে গম পালোঁ, ৰাস্তা বহল কৰিবলৈ কাষৰ ঘৰৰ ‘ৱাল’বোৰ চৰকাৰে ভাঙিবলৈ লোৱা বাবেহে মোক মন্দিৰ সাজি বহুৱালে। মন্দিৰ দেখি চৰকাৰী পক্ষৰ মানুহেও কেইঘৰমান মানুহৰ ঘৰ নভঙাকৈ ৰাস্তাটো অলপ সৰু কৰি নিলে। মোক নমস্কাৰ কৰিও গ’ল। কিন্তু তাৰ পিছদিনাৰপৰা মিঠাই, বুট,প্ৰসাদ বাদেই, পিয়াহৰ পানীটোপা সুধিবলৈও মোৰ কাষলৈ কোনো নহা হ’ল। গতিকে নিজৰ লেঠা নিজেই মাৰিবি। মই মাত্ৰ তোৰ আগৰ জীৱনৰ একাউণ্টৰ পুণ্যখিনিৰে আকৌ তই বিচৰা মতে জীৱন দিব পাৰিম। এইবাৰ কি হ’বি ক।
: প্ৰভু, মানুহেই হ’ম এইবাৰো। কিন্তু মোক বৰলাৰ জীৱন দিয়ক এইবাৰ।
: সেইটো নহ’ব নহয়!তই আগৰবাৰ বিয়া পাতোঁতে সাত জনমৰ কচম খাইছ। গতিকে আৰু ছয়বাৰ তাইৰ লগত সম্পৰ্ক ৰাখিবই লাগিব। তথাপি তোৰ সৰলতাৰ বাবে মই এটা ‘স্পেচিয়েল’ সুবিধা দিওঁ তোক। আৰু এটা জনম গিৰি-ঘৈণী হোৱাৰ পিছত তাইৰ লগত বেলেগ সম্পৰ্ক ৰাখিলেও হ’ব যা।
: ঠিক আছে তেনেহ’লে, মোক এইবাৰ ‘ৱাইফ’ বনাই দিয়ক, তাইক ‘হাজবেণ্ড’ বনাই দিয়ক। মই ‘ৱাইফ’ হ’লেও তাইক অত্যাচাৰ নকৰোঁ, মৰম-আদৰ কৰিহে ৰাখিম।
: হ’ব দে, কিন্তু তাইৰো মতামত ল’ব লাগিব নহয়। তোক বাৰু ‘প্ৰিফাৰেন্স’ দিম মই। এতিয়া পাঁচমিনিট ৰ। তেতিয়ালৈ পৃথিৱীত পাঁচ বছৰ যাব, আৰু তোৰ ঘৈণীয়েৰো আহি পাব।
ঘৈণীয়েক আহি পোৱাৰ লগে লগে ঈশ্বৰে তাৰ ইচ্ছাৰ কথা ঘৈণীয়েকক ক’লে। তাই আপত্তি কৰিছিল যদিও ঈশ্বৰে তাইৰ আপত্তি নেচেল কৰি তাইক ‘হাজবেণ্ড’ হ’বই লাগিব বুলি অৰ্ডাৰ দিলে। কিন্তু পৰম দয়ালু ঈশ্বৰে এইটো ‘অৰ্ডাৰ কেনচেল’ নকৰাকৈ তাইকো নিজ ইচ্ছামতে বৰ এটা ল’বলৈ সুযোগ দিলে।
তাই ক’লে,
: ঠিক আছে প্ৰভু, মই ‘হাজবেণ্ড’ হ’ম, ই ঘৈণী হ’ব। কিন্তু মোক আৰু তিনিজনী ঘৈণী লাগিব।
ঈশ্বৰে তাইৰ কূটনীতি বুজিলে যদিও তথাস্তু নকৈ নোৱাৰিলে।
এইবাৰ সি ঘৈণীয়েক হৈ জীৱনটো পাৰ কৰিলে যদিও আধাতকৈ বেছি সময় শাহুৱেক আৰু তিনিজনী সতিনীৰ সৈতে যুঁজি যুঁজিয়েই নষ্ট কৰিলে। তাই গিৰিয়েকটো হৈ জীৱনটো ঠেঙৰ ওপৰত ঠেং তুলি খালে। আকৌ সি মৃত্যুবৰণ কৰি ঈশ্বৰৰ ওচৰ পাই ক’লে,
: প্ৰভু, এইজনীয়ে দুটা জীৱনত মোক নগুৰ-নাগতি কৰিলে। তাইৰ প্ৰতি মোৰ প্ৰেমভাৱ অলপো নাই এতিয়া। কিন্তু মই প্ৰতিশোধ ল’ম। এইবাৰ মোক তাইৰ শাহু বনাই পঠাওক।
: হ’ব দে, তাইৰো মতামত লওঁ ৰহ!
তাই এইবাৰ আপত্তি নকৰি ঈশ্বৰক মাত্ৰ অনুৰোধ কৰিলে যে তাই যাক গিৰিয়েক হিচাপে পাব, সি যেন তাইৰ বাহিৰে কাৰো কথা নুশুনে।
ঈশ্বৰে তাইৰ চাতুৰি বুজিলে যদিও বাধ্যত পৰি তাইৰ ইচ্ছামতে বৰ দিবলগীয়া হ’ল।
এইবাৰ সি তাইৰ শাহু হ’ল যদিও কাজিয়া লাগিলেই তিৰোতা সেৰুৱা পুতেকে ঘৈণীয়েকৰ ফলীয়া হ’বলৈ ধৰিলে। শাহু হৈয়ো ওলোটাই বোৱাৰীয়েকৰ অত্যাচাৰহে সহিবলগীয়া হ’ল।
শাহুৰ জীৱনটো কোনোমতে সমাপ্ত কৰি স্বৰ্গ পাই আকৌ ঈশ্বৰৰ ওচৰলৈ গৈ ক’লে,
: প্ৰভু ক’ত ফচিলোঁ মই, উদ্ধাৰ কৰক মোক।
ঈশ্বৰে বোলে,
: মই আগতেই কৈছিলোঁ তোক যে মানৱ জীৱন অতি ‘ডেঞ্জাৰাছ’। এতিয়া আৰু নহ’ব উদ্ধাৰ। আৰু চাৰিটা জনমলৈ তাইক এৰিব নোৱাৰিবি। নিয়ম মতেতো তাইক সাতবাৰ বিয়া পাতিবই লাগে তই। পিচে তোলৈ পুতৌ জন্মিহে শাহু বনাই দিছিলোঁ।
: তেনেহ’লে প্ৰভু, এইবাৰ মোক বোৱাৰী, আৰু তাইক শাহু বনাই দিয়ক। আৰু যাক মোৰ ‘হাজবেণ্ড’ বনাব সি যাতে মোৰ বাহিৰে কাৰো কথা নুশুনে।
তাইক ঈশ্বৰে কথাটো কওঁতে তাই এইবাৰো আপত্তি নকৰিলে, কিন্তু এটা বৰ খুজিলে যাতে তাইৰ চাৰিটা পুতেক জন্ম হয়, আৰু বাকী তিনিজনী বোৱাৰী তাইৰ কথামতে চলা হয়।
এইবাৰ সি বোৱাৰী হৈ জন্ম হ’ল যদিও বাকী তিনিজনী জা শাহুৱেকৰ ফলীয়া হোৱাত বিশেষ একো উৎপাত কৰিব নোৱাৰিলে। জীৱনটো জা তিনিজনীৰ লগত কাজিয়া পেচাল কৰিয়েই খেদালে।
এইবাৰ সি ঈশ্বৰৰ ওচৰলৈ গৈ ভৰিত দীঘল দি পৰি ক’লে,
: প্ৰভু মোক বচোৱা। এইজনীক বলে নোৱাৰিছোঁ। প্ৰতিবাৰেই মোক নগুৰ-নাগতি কৰি মাৰিছে এইজনীয়ে। মোক আকৌ বলধ কৰিয়েই দিয়া। হাল টানিও ইমান কষ্ট পোৱা নাছিলোঁ, মানৱ জীৱন ধাৰণ কৰি যিটো পাইছোঁ।
ঈশ্বৰে ক’লে,
: সাতটা জনমৰ আৰু আৰু তিনিটা তাইৰ লগত কটাবলৈ আছেই তোৰ। অলৰেদি নিয়ম ভংগ কৰি তাইৰ লগত সাতবাৰ বিয়া পাতিবলগীয়া হোৱাৰপৰা ৰেহাই দিছোঁ তোক। কিন্তু সাতটা জনমৰ কম নহ’ব।
: প্ৰভু মই মৰি যাম আকৌ তাইৰ লগত একেখন ঘৰত থাকিবলগীয়া হ’লে।
ঈশ্বৰে বোলে,
: একো নহয় দে, এইবাৰ মৰি উঠি আকৌ দুটা জনমহে বাকী থাকিব তোৰ। তথাপি তোক এটা উপায় দিব পাৰোঁ।
: কি প্ৰভু?
: কুকুৰ হৈ ট্ৰাই কৰি চাবি নেকি?
: কুকুৰ হ’লে কি সন্মান থাকিব মোৰ? গৰু থাকোঁতে কিছু সন্মান আছিলেই।
ঈশ্বৰে ক’লে,
: ভাবি চা, সন্মান লাগে নে শান্তি লাগে।
: প্ৰভু শান্তি লাগে, শান্তি । হ’ব দিয়ক, আমাক দুয়োকে কুকুৰ বনাই দিয়ক।
: নহয় ঔ মূৰ্খ। তাইক তোৰ মালিকনী বনাই দিম মই। তাৰ পিছত চাবি।
এইবুলি ঈশ্বৰে তাক কুকুৰ আৰু তাইক মালিকনী বনাই দিলে।
বহুবছৰৰ মূৰত যেতিয়া আকৌ মৃত্যু হৈ সি ঈশ্বৰৰ ওচৰলৈ আহিল, ঈশ্বৰে তাক সুধিলে,
: এইবাৰ আৰাম পাইছ নে?
সি হাঁহি মাৰি উত্তৰ দিলে,
: হয় প্ৰভু, এইবাৰ জীৱনটোৰ আধা সময় তাইৰ কোলাত উঠিয়েই কটালোঁ।কি আৰামৰ জীৱন!এয়েতো জীৱন!!
☆ ★ ☆ ★ ☆
1:05 pm
হা হা। মজ্জা লাগিল
2:56 pm
? মজা
3:26 pm
মজ্জাআ
3:11 pm
??? বহুত কথাই কৈ দিলে৷ বৰ ভাল লাগিল দাদা৷
4:47 pm
মজা লাগিল