সেই জন আব্ৰাহামৰ আড্ডা আৰু চাহকাপ-ধনজিৎ বৰুৱা
“বাতিত মলঙিলে বাতিৰে মিঠা তেল
গাতে মলঙিলে ঘাম……”
ৰেডিঅ’ত সৈনিকৰ ফোনকলৰ পৰা পোৱা অনুৰোধৰ গান। খগেন মহন্তদেৱৰ কণ্ঠ।
বৰাদাৰ দোকানত পৰাণ মলঙিলে
মিচিকিয়াই আমাৰ জন আব্ৰাহাম।
এইফালে যুদ্ধ বিধস্ত আমাৰ আড্ডাৰ হৰতনৰ গোলাম আৰু সম্ৰাট।
সেয়া কলেজত প্রথম সোমোৱাৰ দিনৰ কথা। ধুমৰ দৰে বাইক। জনৰ দৰে চুলি। আমি তাক জন আব্ৰাহাম বুলি কৈছিলোঁ। আড্ডাত মছগুল সময়। কিতাপবোৰে নোটবুক এখনক দায়িত্ব দি ঘৰত জিৰাই লৈছে। পৰাণহঁত প্ৰেমত পৰিছে। পৰাণৰ প্ৰেমিকা অহা নাছিল কলেজলৈ। কাৰোবাৰ মোবাইলত মেছেজ আহিল, “ঘৰতে আছোঁ, পৰাণক ক’বা”। পৰাণে লগে লগে মিণ্টু আৰু জন আব্ৰাহামক লৈ ওলালগৈ প্ৰেমিকাৰ ঘৰ। ছেকেণ্ড ছেটাৰডেৰ অফিচ বন্ধই যে বিপদ ঘটাব পাৰে তাক প্ৰেমিকাৰ মানে ময়ুৰীৰ বাপেকে দৰ্জা খুলি প্ৰমাণ কৰিলে।
তিনিওজন বহিল। ময়ুৰীয়ে মাত লগাই গ’লহি। পৰাণে ক’লে যে কলেজ নাই যোৱা বাবে সি ময়ুৰীৰ অসুখ বুলি ভাবিছিল। দেউতাকে ক’লে ময়ুৰী হোষ্টেলত নহয় তেওঁৰ লগত থাকে, গতিকে পৰাণৰ সিমান দায়িত্ব পালন কৰিব লগীয়া নাই।
তাৰ পাছতেই চিনেমাৰ চাইড হিৰোৰ পৰা মুখ্য নায়ক বুলি প্ৰমাণ কৰিবলৈ জন আব্ৰাহামে সংলাপ এৰিলে “তথাপি আমাৰ চিন্তা হয় দিয়কচোন”। দেউতাকৰ ৰঙা চকুযোৰ মাত্র পৰাণে মন কৰিলে আৰু বুকুৰ মাজৰ খাল অংশত অলপ শীতল বায়ুৰ প্ৰয়োজন অনুভৱ কৰিলে। জন ফুল মুডত মিথুন হৈ পৰিছে ইতিমধ্যে। পৰাণৰ ভাবী শহুৰৰ প্ৰশ্ন আৰু জনৰ ফ্ৰী ধুম কাট। বৰ বিপজ্জনক পৰিৱেশ যেন কোঠাত। মিণ্টুৱে মাত্ৰ আকাৰ ইংগিতৰ বাতৰি কোৱা টিভিৰ পৰিবেশনকাৰীজনৰ দৰে ইংগিতৰ ওপৰত ইংগিত দেখুৱাইছে। মাজতে চুপ বুলি দেখুৱাই, মাজতে সাপে খোঁট মৰাৰ দৰে দেখুৱাই, মাজতে অৱশ হৈ দেখুৱাই যে সিহঁত আজি শেষ।
এইবাৰ ঠিকনা চা চিনাকিৰ পৰা আহি পঢ়া শুনাৰ প্ৰশ্ন আমাৰ জন আৰু পৰাণৰ ভাবী শহুৰৰ মাজত।
“তুমি কোন ইয়েৰ?”
জনৰ কাট, “খুড়া ফাৰ্ষ্ট ইয়েৰ!”
“ষ্ট্ৰীম?”
জনৰ কাট, “খুড়া চাইন্স। (অলপ ৱেইট আহিব)
“চাবজেক্ট?”
জনৰ দুৰ্দ্দান্ত কাট, “ফিজিক্স, কেমিষ্ট্ৰি, পলিটিক্যাল চায়েন্স, লজিক।”
“হোৱাট? কি ক’লা?”
পৰাণে মিণ্টুলৈ কচাইৰ খাঙৰ পৰা মূৰ উলিওৱা মূৰ্গীটোৰ দৰে চালে! দোস্তি, আজি গ’লোঁ।
জনৰ আকৌ দুৰ্দ্দান্ত কাট, “ফিজিক্স, কেমিষ্ট্ৰি, পলিটিক্যাল সায়েন্স, লজিক।”
“বৰ ডেডলি লজিক নোহোৱা কম্বিনেশন হে! এনেকুৱাকৈ পঢ়িব পাৰি নে!”
চৰকাৰে নতুন শিক্ষা নীতি লোৱাৰ প্ৰায় ১৫ বছৰৰ আগতেই জনে চিন্তাৰ বিপ্লৱ আনিছিল এটা জেলৰ দৰে লগা ড্ৰয়িং ৰুমত।
“মাজনী চাহ দিয়া। এওঁলোক যায়গৈ।”
তেওঁ পাকঘৰৰ ফালে চাই ক’লে। ঘৰটোৰ বাবেই নে কি নাজানো, কিন্তু শব্দকেইটা গৰ্জন আছিল।
জনে কিবা ক’ব খুজিছিল! নোৱাৰিলে। মিণ্টু আৰু পৰাণে এইবাৰ তাক এৰি নিদিলে।
পাছৰ চাহ কাপ মনত থকা। ময়ুৰীয়ে ঝাল মুড়ীৰ দৰে (দুয়োটাৰে প্ৰিয়) কিবা বনাইছিল। মুড়ী চোবালে শব্দ হ’ব আৰু ময়ুৰীৰ দেউতাকৰ বা কি মুড হয় ঠিক নাই। পাপৰটো চুবই নোৱাৰিলে। বাতিত ফটা গাখীৰ ভাজি বনোৱা গুড়ি কালাকান্দ মিঠাই। বাতিত মলঙিল, গাত মলঙিল ঘাম। জনে কিন্তু সকলো শেষ কৰিলে। ময়ুৰীক মাত্র এবাৰ দেখিলে পৰাণে। ঘূৰি আহিল হোটেল কাম পাণদোকান আড্ডাথলীলৈ। কিবা এটা হৈ! ফেঁচাৰ দৰে নহয় ঠিক…. থাকক।
হঠাৎ পৰাণে বেঞ্চখনত ঢকা মাৰি জনক ক’লে, “তই নপঢ়াকৈ আছ, গতিকে ওস্তাদি কিয় মাৰিছিলি বে?
দুটা চাবজেক্ট চায়েন্সৰ দুটা চাবজেক্ট আৰ্টছৰ কৈছ মূৰ্খ।”
জন আকৌ মিঠুন, “য়ে ব্বে… গজালোঁ মানে মই তহঁতক তাত…. ইচচচচ।”
হঠাৎ জন গহীন হৈ গ’ল, “ঘৰৰ কাৰণে পঢ়া এৰি মেকানিক হ’লোঁ বুলি তহঁতে বুজ; সেই কাৰণে মোক লগৰ বুলি লগত ৰাখ। মানুহজনে সেইটো জানিলে তহঁতক বা কি বুলি ভাবিব! মই সেই বুলিহে ধপ দিলোঁ।”
সি কোৱা কথাত অলপ সময় আমি ৰৈ গৈছিলোঁ। শব্দৰ ভিতৰত কেৱল ৰেডিঅ’ত সৈনিকৰ ফোনৰ অনুৰোধৰ গান। হঠাৎ জনে ক’লে “মই যাওঁ, টেনচন নল’বি। ময়ুৰী মোৰ ভনী, ভাল ছোৱালী, তোক নেৰে ব্বে।”
“প্যাৰ কভী কম নহি কৰণা, কৌয়ি চিতম……”
সি গ’লগৈ। পৰাণ, মিণ্টু, আমি মৌনতাৰে জীৱনৰ নপঢ়াকৈ ওচৰত থকা চেপ্তাৰ এটা যেন পঢ়িছোঁ। আমাৰ প্ৰিয় গানবোৰ দূৰৈত থকা সৈনিকজনৰো প্ৰিয়; কিন্তু পৰিৱেশ বেলেগ।
ঘূৰি আহিবলৈ লৈ সেই দোকানৰ কাষৰ গছজোপাৰ তলত আমিও ভাবিছিলোঁ চাগৈ কি মজা হ’লহেঁতেন সকলোৱে একেলগে যাৰ যি প্ৰিয় বিষয় তাকে ল’ব
পৰাহেঁতেন! ফিজিক্স, কেমেষ্ট্ৰি, পলিটিক্যাল চায়েন্স, লজিক। হাঁহিবোৰ কলেজ চাৰিআলিৰ কোনোবা চুকত নিমিলা বিষয়ৰ দৰেই ৰৈ আছে আৰু হয়তো আমি সকলো।
সেই জন আব্ৰাহামৰ আড্ডা আৰু চাহকাপ
☆ ★ ☆ ★ ☆
3:16 pm
লিখাৰ ষ্টাইল? বহুত ভাল লাগিল পঢ়ি।
3:48 pm
অশেষ ধন্যবাদ জনালোঁ। স্টাইল ভাল পোৱাত সুখী আৰু উৎসাহিত ?