বিদায় সভাৰ ভাষণ-ববিতা শৰ্মা
মোৰ বিদ্যালয় এৰাৰ আজি বহু বছৰ হ’ল যদিও মাজে মাজে সেই স্কুলীয়া দিনবোৰৰ কিছু মিঠা স্মৃতিয়ে মনত টুকুৰিয়াই যায়হি। সেই স্মৃতিৰ টোপোলাৰ পৰাই আজি মোৰ লগত হোৱা লটিঘটিৰ এটা ৰসাল ঘটনা আপোনালোকলৈ আগবঢ়ালোঁ।
দশম মান শ্ৰেণীৰ সেইদিনা বিদায় সভা আছিল। উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ পঞ্চম মানৰপৰা দ্বাদশ শ্ৰেণীলৈ সকলোৰে মনবোৰ সেইদিনা ফৰকাল। কাৰণ আমি পঢ়া সময়ত বিদায় সভা মানে এটা উৎসৱ। দশমমানৰ ছাত্ৰ-ছাত্রীখিনিৰ কথাতো ক’বই নালাগে, এফালে বিদ্যালয় এৰি যোৱাৰ দুখ আৰু আনফালে সেই দিনটোত পাব লগা সমাদৰ তথা সন্মানৰ আনন্দ। আমি তেতিয়া সপ্তম মানত আছিলোঁ। ৰাতিপুৱাৰ শ্ৰেণী শিক্ষক ক্লাছত সোমোৱাৰপৰাই মন উগুল-থুগুল। কেতিয়া ক্লাছ শেষ হ’ব,কেতিয়া আমাক খাবলৈ মাতিব আৰু শেষত কেতিয়া ছুটী হ’ব তাৰ হিচাপ-নিকাচত পঢ়াত অলপো মন বহা নাছিল। খিড়িকীৰে চকু মেলি বাহিৰত কি আয়োজন চলিছে তাৰ গুণাগঁথাত ব্যস্ত।
এটা দুটাকৈ চতুৰ্থ পিৰিয়দ পালেহি, তাৰ পিছতে লেজাৰ মানে সাময়িক বিৰতি। এতিয়ালৈকে দেখোন মতাই নাই। নাই, এনেকৈ নহ’ব। লেজাৰৰ বেল পৰোঁতেই ক্লাছৰপৰা আমিবোৰ বাহিৰলৈ ওলাই দৌৰ দিলোঁ। ডাঙৰবোৰে কি কৰিছে তাৰ আলেখ-লেখ চালোঁগৈ। বিদ্যালয়ৰ একাদশ-দ্বাদশ শ্ৰেণীৰ মাজৰ মুকলি ঠাইখনত বিদায় সভা পতাৰ যোগাৰ চলিছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্রী বহুত বেছি বাবে শ্ৰেণীকোঠা ব্যৱহাৰ কৰিব পৰা নাযাব। গতিকে মুকলি বননিতে সভাৰ আয়োজন। তাৰমানে তাৰ পিছৰ ক্লাছবোৰ কেঞ্চেল, মনতে ফূৰ্তি বহুত। নৱম-দশমৰ ছাত্ৰ-ছাত্ৰী লগতে কেইজনমান শিক্ষকেও সভাৰ আয়োজনত ব্যস্ত। শিক্ষকসকলৰ বাবে সন্মুখত চকী-টেবুল আৰু আৰু ডেস্ক-বেঞ্চত নতুন কাপোৰ পাৰি ফুলদানি সজাই দিছে। তাৰ সন্মুখত মুকলি ঠাইত প্ৰথমতে মাটিত ডাঙৰ আহল-বহল ট্ৰিপাল কাপোৰ, দলিচা বা তেনেকুৱাই মাটিত বহিব পৰা ‘মেট’ পাৰি সুন্দৰ ব্যৱস্থা কৰিছে। তাৰ পিছতে বেঞ্চবোৰ পাৰি গৈছে ডাঙৰ ছাত্ৰ-ছাত্ৰীবোৰৰ বাবে। এটা ‘চাইড’ত দীঘলীয়াকৈ পৰা বেঞ্চবোৰত বহিব বিদায়ী ছাত্ৰ-ছাত্ৰীসকল।
সেইবোৰকে আমি চাই চাই বৰ ফূৰ্তি পাই আছিলোঁ। তেনেতে দশম মানৰ দুজনী ছাত্ৰীয়ে আমাক মাতি নিলে। আমাৰ শ্ৰেণীৰ সকলোকে মতাৰ বাবে প্ৰায় দৌৰিয়ে গৈছিলোঁ গন্তব্যস্থানলৈ। আমাক দশম মানৰ শ্ৰেণীকোঠাত ধুনীয়াকৈ বহিবলৈ কৈ তেওঁলোক আটাইবোৰ ছাত্ৰ-ছাত্ৰীয়ে আমাৰ বাবে খাদ্যবস্তু অনাত ব্যস্ত হৈ পৰিল। কাগজৰ প্লেটত কচুৰী, লালমোহন, আৰু বুট, কল খাবলৈ দিলে। আমাক কোনে পায় আৰু!তেনেকৈয়ে এটা এটাকৈ শ্ৰেণীৰ ল’ৰা-ছোৱালীবোৰক তেওঁলোকে খাবলৈ দি গ’ল আৰু তাৰ মাজতে সভাৰ আয়োজনো কৰি গ’ল। তাৰ মাজতে দেখিলোঁ কোনোবাই কেমেৰা আনিছে আৰু ফটো উঠি আছে। যিহেতু সেইদিনা দশম মানৰ ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম ধৰাবন্ধা নাথাকে, ল’ৰাবোৰে বেলেগ চাৰ্ট পেণ্ট আৰু ছোৱালীবোৰে ধুনীয়া ধুনীয়া চাদৰ-মেখেলা পিন্ধি আহিছে। মনতে ভাবি আছোঁ কম ভাল লগা দিননে এইটো, আমাৰো আহিব এদিন এনেকুৱা বিদায় সভা পতাৰ দিন। আমিও ফটো উঠিম। মনটো ভাল লাগি গ’ল ভাবিয়ে। এইবোৰ ভাবি থাকোঁতেই কেতিয়ানো খাই হ’ল গমেই নাপালো। সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ খাই হোৱাত শিক্ষকসকলে সভা হোৱা ঠাইলৈ যাবলৈ দিলে। মুকলি সভা আৰম্ভ হ’ল। পঞ্চম, ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ সকলোবোৰ মাটিত আৰু অষ্টমৰপৰা দ্বাদশমানলৈ বেঞ্চত বহিলে।
প্ৰিঞ্চিপাল ছাৰে সভাপতিৰ ভাষণ দিলে আৰু ক্ৰমান্বয়ে দশম মানৰ শ্ৰেণীশিক্ষক আৰু আন শিক্ষকসকলেও ভাষণ দিলে। আগন্তুক মেট্ৰিক পৰীক্ষাত ভাল ফলাফল পাবলৈ কেনেদৰে পঢ়া-শুনা কৰিব আৰু আগলৈয়ো নিজৰ শিক্ষা জীৱন কেনেদৰে আগুৱাই নিব তাৰ উপদেশ পৰামৰ্শৰে শিক্ষকসকলৰ ভাষণ শেষ হ’ল। এতিয়া আহিল প্ৰত্যেক শ্ৰেণীৰ একোজনকৈ ছাত্ৰ বা ছাত্ৰীয়ে বিদায়ীসকলক উদ্দেশ্যি একাষাৰ ক’ব লাগে। দুই এজনে তেনেকৈ কোৱাৰ পিছতে সপ্তম মানৰ পাল পৰিল। এতিয়াহে লাগিল লেঠা। বিদ্যালয়ত মোক সকলো ছাৰ বাইদেৱে চিনি পায় আৰু মৰমো কৰে। অৱশ্যে আমাৰ শ্ৰেণীটো উৎপতীয়া বাবে বেঞ্চৰ ওপৰত উঠি থকা (শাস্তি হিচাপে) বা বেতৰ কোবো খাইছোঁ। ছমহীয়া পৰীক্ষাৰ বহী দিয়াৰ দিনাতো কথাই নাই।
ইফালে আমাৰ শ্ৰেণী শিক্ষকে লগে লগে মোক একাষাৰ ক’বলৈ নাম ধৰি মাতিছে। কিন্তু মোৰ দেখোন বহাৰপৰা উঠিবই নোৱাৰা অৱস্থা। মাটিত বহা বাবে ভৰিটো সিৰামূৰি ধৰি জিনজিনাই আছে, লৰচৰেই কৰিব নোৱাৰা অৱস্থা। সেইটো সমস্যা মোৰ এতিয়াও আছে পিচে। মই এতিয়া ইমানখিনি মানুহৰ আগত কি বুলি কওঁ, ভয় আৰু লাজত মোৰ ‘ফাট মেলা বসুমতি পাতালে লুকাওঁ’ অৱস্থা হ’ল। ভৰিটো ডাঙিবই নোৱাৰোঁ। ইফালে নাম মাতি আছে ইমান ডাঙৰ মিটিঙত দুআষাৰ ক’বলৈ; আনফালে মই ভৰিটো জোৰ কৰিও উঠাব পৰা নাই। কান্দিম নে হাঁহিম গতি। ভৰিৰ বুঢ়া আঙুলিটোত হাতৰ তৰ্জনি আৰু বুঢ়া আঙুলিৰে জোৰত জোৰত টুকুৰিয়াই দিছোঁ, কাৰোবাৰ পৰামৰ্শমতে থু অকণো লগাই দিছোঁ আৰু যি মনত পৰিছে সকলোবোৰ এপ্লাই কৰি গৈছোঁ। ইফালে মই মিটিঙত কথা ক’ম বুলি ছাৰ-বাইদেউ তথা ছাত্ৰ-ছাত্ৰীসকলো ৰৈ আছে। কি কৰা যায়! লগতে বহা দুজনীৰ সহায়ত যেনেতেনে থিয় হ’লোঁ। বয়সো ইমান বেছি নহয় যে মোৰ অসুবিধাটো সকলোকে বুজাই কৈ নোযোৱাকৈ থাকিব পাৰিম। বাৰ তেৰ বছৰমান তেতিয়া। লাজ আৰু ভয় দুয়োটাই বেছি। একো সাৰসুৰ নোহোৱা ভৰিটোৰে অলপ দুপিয়াই যেনে-তেনে স্পিকাৰটোৰ ওচৰ পালোঁগৈ। তাতে সভাপতি তথা ছাৰ বাইদেউৰ লগতে জেষ্ঠ কণিষ্ঠ ছাত্র-ছাত্ৰীক সম্বোধি ভাষণ আৰম্ভ কৰিলোঁ। ইফালে দেখোন ভৰিটোৰ জিনজিননিৰ লগতে বুঢ়া আঙুলিটোতো তীব্ৰ বিষে ধৰিছে। ঘৰত হোৱা হ’লে চিঞৰি কান্দিলোহেঁতেন নহ’লে মায়ে মালিচ কৰি কিবা ঔষধ লগাই দিলেহেঁতেন। কিন্তু স্কুলত সেইবোৰ ক’ৰ পৰা পাম আৰু কাকনো ক’ম!তথাপি কিবা কৰি দুআষাৰ ক’লোঁ, বিদায়ী দাদা-বাইদেউসকল ভালে থাকক, ভালদৰে পৰীক্ষাৰ বাবে সাজু হওক, তেওঁলোকৰ পৰা আমি মৰম চেনেহ পাইছিলোঁ তথা আমাক তদাৰকো কৰিছিল ভাইটি ভণ্টি বুলি। তেওঁলোকৰ অনুপস্থিতি অনুভৱ কৰিম, কিবা বেয়া পাইছিল যদিও যাতে ধৰি নাথাকে আৰু তেওঁলোকৰ ভৱিষ্যত জীৱন যাতে উজ্জ্বল হয় তাৰ কামনা কৰি বক্তব্য সামৰণি মাৰিবলৈ লৈছোঁহে……… ভৰিটো এনেকুৱাকৈ লৰাব নোৱাৰাকৈ জিনজিনাইছে আৰু বিষে ধৰিছে যে সহ্য কৰিব নোৱাৰি মাত থোকাথোকি হৈ চকুৰে পানী বৈ গ’ল। যেনে তেনে সন্মানৰ খাতিৰত অ’ত ত’ত ধৰি দুপিয়াই দুপিয়াই পুনৰ নিজৰ জেগা পালোঁহি। ইফালে স্পীকাৰত ভাঁহি আহিল মোৰ নাম আৰু লগতে আমাৰ শ্ৰেণীটোৱে (যিহেতু মই প্ৰতিনিধিত্ব কৰিছিলোঁ) দশম মানৰ দাদা-বাইদেউহঁতক কিমান মিচ কৰিম আৰু আমি কিমান মনত বেজাৰ পাইছোঁ তেওঁলোক যাবগৈ বাবে,তাৰে উদাহৰণস্বৰূপে মই কান্দি কান্দি দিয়া ভাষণত প্ৰশংসাৰ বৰষুণ। এতিয়া কি ক’ম মই, সচাঁ কথাটো কৈ দিমনে ভৰিৰ বিষতহে চকুপানী ওলাইছে বুলি নে মনৰ দুখত কান্দিছোঁ বুলি কওঁ। ভাবিলোঁ একো নকওঁ যা, যি ভাবি আছে ৰাইজে তেনেকৈয়ে থাকক। বেয়া কামতো কৰা নাই। বিষত কেঁকালেও মনটো ভালেই লাগিল মোৰ কথা ভালকৈ কোৱাৰ বাবে। পিছত মিটিং শেষো হ’ল ভৰিৰ বিষো কমিল জিনজিননিৰ কোবটোও কমিল। কিবা এটা বেয়া হৈ কিবা এটা ভালেই হ’ল। বিষটো ইমান সহ্য কৰিলোঁ বাবেই মোৰ কথাখিনিও ভালকৈ কোৱা বুলি ভাবি ল’লোঁ আৰু। সৰু আছিলো ইমান গভীৰকৈ চিন্তা কৰিবপৰা মগজু নাছিল।
আজিও মনত পৰিলে হাহোঁ সেই বিদায় সভাৰ কথা। কথাটো কিন্তু কোনেও গম নাপালে। আজিহে মনতে সোমাই থকা কথাকেইটা লিখা হ’ল। মাটিত বহিলে হোৱা ভৰিৰ অসুবিধাটো পিছে এতিয়াও আছে।
☆ ★ ☆ ★ ☆
8:03 pm
মোৰো এইটো অসুবিধা আছে। ভৰি লৰাব নোৱাৰা হৈ যাওঁ।
10:46 pm
ভাল লাগিল