এজন মন্ত্ৰী আহিছিল-অৰ্চন শৰ্মা
জীৱনটো সুন্দৰকৈ চলি গৈ আছিল। নতুনকৈ জইন কৰা ছোৱালীজনীৰ সৈতে চেনি খাই খাই ৰাতিলৈ চিনেমা চোৱাৰ প্লেন বনাই আছিলোঁ। তেতিয়াই মেনেজাৰে বৌম এটা সুন্দৰকৈ মোৰ মূৰত পেলাই দিলে,
:ভাই, আজি অসমৰপৰা চেণ্ট্ৰেল মিনিষ্টাৰ আহিব, তই লগত থাকিব লাগিব !
লাগি গ’ল হুৱা -দুৱা। মিনিষ্টাৰ অহা বুলিলেই হোটেলৰ মানুহবোৰৰ অৱস্থা কাঢ়িল হয়, কি কি যে ফৰমাইচ ঔ ! তাতে অসমৰ কেইজনৰ নখৰা আৰু বেছি। কিবাকৈ কথাটো মেনেজ কৰিব পাৰি নেকি বুলি ভাবি মেনেজাৰক ক’লো,
:ছাৰ, মই নহ’লে নহ’বনে, মোৰ গাটো অলপ বেয়া মানে ?
:ৱ,, কি হৈছে তোৰ, জ্বৰ, কাহ?
:নাই ছাৰ সেইবোৰ নাই।
:বঢ়িয়া, তেন্তে কৰ’ণা হোৱা নাই তোৰ। পাৰিবি দে, আজি মিনিষ্টাৰক মেনেজ কৰ, দুদিন অফ লৈ ল’বি যা।
এ শেষ, আজি চিনেমা চোৱাৰ মুদা মৰিল আৰু। মই বুজি নাপাওঁ মিনিষ্টাৰ আহিলে সদায় মোকে কিয় আগবঢ়াই দিয়ে ! আগতে এজন আহোঁতেও মোক আগবঢ়াই দিছিল, মই ‘লিউক ৱাৰ্ম ৱাটাৰ’ দিওঁতেই চিঞৰ- বাখৰ আৰম্ভ,
:মই কুহুমীয়া পানী বিচাৰিছোঁ, ই মদ আনি দিছে।
হেৰৌ, বপুৰাই যদি ইংৰাজী বুজি নাপায় তাত মোৰ কি দোষ? পিছত কথাটো বুজাই দিওঁতেহে ৰক্ষা। আজি মৰিলোঁ আৰু ! সৰু-সুৰা হোটেলৰ চাকৰি এটা লৈ জীয়াই আছোঁ, এইটো গ’লে শেষেই। মানুহে ভাবে ফাইভ ষ্টাৰত কাম কৰা মানে লাখ টকা পাওঁ। আমিহে জানো কেইটকা পাওঁ, মুম্বাইত চলিবলৈ হয় হে কোনোৰকম।
দিনৰ দহ বজাত আহিবলগীয়া মন্ত্ৰী আহি ওলালহি সন্ধ্যা পাঁচ বজাত। মন্ত্ৰীৰ সময়সূচী দেখিয়েই মোৰ ডিঙি শুকাই গ’ল। সোনকালে শ্বিফ্ট শেষ কৰি চিনেমা চাবলৈ যোৱাৰ শেষ আশাকণো এইপাতে শেষ কৰিলে। পৰা হ’লে এনে এলেহুৱা মন্ত্ৰীৰ মূৰত কফিৰ মগেৰে মাৰিলোঁহেঁতেন। পিছে কিনো ক’ম, মন্ত্ৰী মানুহৰ কথাই বেলেগ!
মেনেজাৰে মোক মন্ত্ৰীৰ আগলৈ ঠেলি দিলে,
:ছাৰ, এইজন ষ্টাফ আপোনাৰ চাৰ্ভিছত থাকিব। চিন্তা নকৰিব ছাৰ, একদম এক্সপিৰিয়েন্স থকা ষ্টাফ, মন্ত্ৰীবোৰৰ লগত সদায় ইয়ে থাকে।
মন্ত্ৰীয়ে মোৰ ফালে গহীন চাৱনি এটা দিলে। বৰ বেয়া চাৱনিহে, খংহে উঠিল মোৰ।।লাগিলে কাষ্টমাৰে আমাক যিমান যিয়ে নকৰক, আমি একো ক’ব নোৱাৰোঁ; আমাৰ বাবে তেওঁলোক ভগৱান। পিছে এইপাত এক্কে সাইলাখ চয়তান। ভাগ্যে মেনেজাৰে মই অসমৰ বুলি কৈ দিয়া নাই, যোৱাবাৰ মন্ত্ৰীৰ আগত কৈ দিওঁতে ঘৰৰে ল’ৰা বুলি তামাম খটুৱালে হে !
মন্ত্ৰীৰ লগত আৰু তিনিটামান প্ৰাণী, এটাই মোৰ নামটো চাই ইংৰাজীতে সুধিলে,
:ক’ত ঘৰ তোমাৰ?
:ছাৰ……..অসম।
:কি… তুমি অসমৰ ল’ৰা, কোৱা নাই কিয় ইমান পৰে?
“আও, বেটা দেখোন তামাম এক্সাইটেড”, মই মনে মনে ভাবিলোঁ।
: তোমাৰ নম্বৰটো দিয়া, এতিয়াৰপৰা কিবা দৰকাৰ হ’লে তোমাকে ফোন কৰিম। দিয়া, দিয়া, জল্ডি।
জানিছিলোঁ, শেষত এয়াই হ’ব, এতিয়া শেষ মই। ৰাতি সাত বজাত মোৰ শ্বিফ্ট শেষ হ’ব লগা আছিল, এওঁলোকৰ এশটা ফৰমাইছৰ যোগান দিওঁতে দিওঁতে মোৰ ঘৰ পাওঁতেই চাৰে এঘাৰ বাজিল। কাৰোবাক ব্লেক টি লাগে, কাৰোবাক ষ্টীমদ ৰাইচ, সকলোৰে মেন্যু বেলেগ। ৰুম চাৰ্ভিছ বোলা বস্তু এটা আছে বুলি এওঁলোকে পাহৰিয়েই গ’ল চাগে। মন্ত্ৰীৰ টেকেলাকেইজনৰ ফোন ৰিচিভ কৰি কৰি মোৰ ফোনৰো বেটেৰী ডাউন।
ৰুমলৈ গৈ বিছনাত বাগৰ দিওঁ মানে চাৰে বাৰ বাজিল। এক মান বজাত কোনোমতে চিলমিলকৈ টোপনিটো আহিছিলহে মাত্ৰ, আকৌ বাজিল মোবাইলটো। নম্বৰটো চালোঁ হয়, সন্দেহ কৰাজনেই, মন্ত্ৰীৰ টেকেলা ! খঙে চুলিৰ আগ পাইছিলগৈ, নকৰোঁ বুলিও ফোনটো ৰিচিভ কৰিলোঁ। লগে লগে টেকেলাৰ মাত,
:ভাই, ছাৰৰ ৰুমত বাথ টাৱেলখন নাই আৰু মোৰ ৰুমত কফি শেষ, তুমি কাৰোবাক ফোন কৰি এৰেঞ্জ কৰি দিয়াচোন।
কি প্ৰাণী ঔ ! ৰাতি এক বজাত ফোন কৰিছে টাৱেল, কফি বিচাৰি। ৰুমত যে সেইবোৰৰ কাৰণে এটা টেলিফোন আছে সেইটো চকুত নপৰে নে ? চূড়ান্ত অশ্লীল গালি দুটামান দিবলৈ মন গৈছিল, সেয়া মনতে সামৰি থ’লোঁ ।
পিছদিনা মৰ্ণিং শ্বিফ্ট আছিল সাত বজাত। হোটেল গৈ সোমাইছোঁহে মাত্ৰ, লগে লগে মন্ত্ৰী মহোদয়ৰ ডাক পৰিল, কিবা স্পেচিয়েল খানাৰ অৰ্ডাৰ দিয়ে হেনো। নিজে কফি একাপ খাবলৈয়ো সময় পোৱা নাছিলোঁ মই, হোটেলত খাই ল’ম বুলি ভবা কথা ভবাতে থাকিল, মুখত দহ টকীয়া হাঁহি এটা ফিটিং কৰি মন্ত্ৰীৰ ৰুম পালোঁগৈ।
:য়েছ ছাৰ, মোক বিচাৰিছিল?
:হয় অ’, তোক বৰ দৰকাৰ হৈছিল মোৰ। এই তই কাম এটা কৰচোন, চেফক কৈ সিজোৱা দাইলত অমিতা দুডোখৰমান দিয়াই দে। আৰু পাৰিলে নগা ধনিয়া আছে নেকি খবৰ কৰচোন।
খা বাপ্পেকে ! মন্ত্ৰীৰ মেন্যু শুনি ফাইভ ষ্টাৰৰ ৰান্ধনীয়ে মূৰৰ ওপৰত দিনতে তৰা – ধুমকেতু সকলো দেখি গ’ল। ৰাতিপুৱা ব্ৰেকফাষ্টত দাইলত দিয়া অমিতা?হওঁতে হোটেলত দুজোপা অমিতা গছ আছে, কিন্তু তাৰ অমিতাৰ কোনো গ্যেৰাণ্টী নাই। কিন্তু এতিয়া চেণ্ট্ৰেল মিনিষ্টাৰক না কয় কোন সতে। তাৰ পিছত আৰু কি? হোটেলৰ কাম এৰি বেচেৰা ৰান্ধনি অমিতা গছত, কোনোমতে অমিতা খুৱাই খেদিব পাৰিলেই সকলোৰে বাবে সকাহ।
অৱশেষত দাইলত দিয়া অমিতা, ভাত খাই মন্ত্ৰী যাবলৈ সাজু হ’ল। ময়ো ভাবিলোঁ, ‘ৰক্ষা, এইপাতে কালিৰ পৰা বহুত জ্বালা দিলে।’
মেনেজাৰক জনাই দিলোঁ, “মোৰ কাম ইয়াত শেষ, মই বেলেগ চার্জ ল’ব লাগে যদি কৈ দিয়ক।”
মেনেজাৰে ভালেই পালে। এনেও হোটেলত ভাল ষ্টাফ কেইবাজনো ব্যস্ত আছে, গতিকে নতুন ইভেণ্ট এটাৰ কাম আহিল মোৰ হাতলৈ। এনেকুৱা কামবোৰ কৰি বেয়া নালাগে, শেষত এটা মোটা অংকৰ টিপ পোৱা যায়, কমেও দুহেজাৰ।
মই যাবলৈ সাজু হৈছোঁহে মাত্ৰ, ফোনটো আকৌ বাজিল, মন্ত্ৰীয়ে মাতিছে। এই সময়ত সাধাৰণতে টিপ দিবলৈকে মাতে। ভালেই হ’ল, এনেও হাতত পইচা কমি আছিল। দৰমহা আহিবলৈ পোন্ধৰ দিন বাকী, গতিকে দুহেজাৰ এটা পালেও চলি যাব। গ’লো, মন্ত্ৰী যাবলৈ ৰেডী হৈয়ে আছিল।মোক কাষলৈ মাতি মন্ত্ৰীয়ে পকেটত হাতখন ভৰাই পাৰ্চটো উলিয়ালে, মোৰ মনটো ভাল লাগিল। হওক তেওঁ, ইমান কষ্ট অথলে যোৱা নাই, কিমান দিব বাৰু দুই হাজাৰ, তিনি হাজাৰ… এহ ! যি দিয়ে দিয়ক আৰু, কিবা এটা পালেও বহুত। পিছে মোৰ আশাত চেঁচা পানী ঢালি মন্ত্ৰী মহোদয়ে পাৰ্চটো আন এটা পকেটত সাৱধানে ভৰাই কৈ উঠিল,
:এইটো পকেটত পাৰ্চটো ৰাখিবলৈ বৰ দিগদাৰ অ’।
কালিৰ পৰা বৰ সহায় কৰিলি তই, ভগৱানে ভাল কৰিব দে তোৰ। অ’ আৰু এটা কথা, আৰু এমাহ পিছতে আকৌ আহিম চাগে। তই ছুটী নল’বি দেই, মই আহিলে তয়ে থাকিব লাগিব। যাওঁ দে, লগ পাম পিছত।
☆ ★ ☆ ★ ☆
6:59 pm
বেচেৰা, মনৰ আশা মনতে মাৰ গ’ল।
9:34 pm
??, সেই বাবে সময়ত ঘৰৰ সমন্ধ বোৰ যেন লাগিলে বেয়া লাগে। বেছি আপোন হ’লেও লোকচান ?
5:36 am
ভাল লাগিল