ফটাঢোল

নোকোৱাই ভাল!-চন্দামিতা শৰ্মা

: মৰিচা শাক বেচিবলৈ আহিছে নেকি হে ? শাক বেচা ল’ৰাটোৰ মাতটো শুনা যেন পালোঁ।

 দাড়ি খুৰোৱা ৰেজৰডাল সোঁগালখনৰ  ওপৰেদি পিচলাই নি থকাৰ পৰাই শ্ৰীমতীক চিঞৰিলোঁ। 

দেওবৰীয়া বিশেষ সাঁজ ৰান্ধিবলৈ ইউটিউব খুচৰি থকা শ্ৰীমতীয়ে লগে লগে ভেকাহি মাৰি উঠিল।

: হেৰা থোৱাহে মৰিচা শাক! নামটোতে কিবা নিগেটিভ  ফিলিং আহে। নাখাওঁ দেই মই।

“নিগেটিভ ফিলিং?” 

ভাগ্যে গালখনৰ এবখলা নগ’ল।

দাড়ি খুৰোৱা পৰ্বটো কোনোমতে সামৰি গামোচাখনেৰে মুখ-হাত মচি ছোৱালীজনীৰ ওচৰ পালোঁগৈ।

তাই ব্যস্ত লেপটপত।

খোৱা আৰু শোৱাৰ বাদে অইন সকলো সময়তে কাণৰ  পৰা হেডফোন  নুগুচোৱা আমাৰ একমাত্ৰ  ছোৱালীজনীৰ ওচৰ পালোঁ। 

মই ওচৰলৈ যোৱা দেখি তাই  চকুৰ ইংগিতেৰে সুধিলে, “কি হ’ল?” 

নিজে তাইৰ কাণৰ পৰা হেডফোনডাল গুচাই  সুধিলোঁ,  

: তই খাবিনে?’

: কি খোৱাৰ কথা সুধিছা? 

: মৰিচা শাক 

: বাপৰে, নো নো নাখাওঁ দেই  সেইসৱ। মই  আকৌ আজি swiggy ত অৰ্ডাৰ কৰিম বুলিহে  ভাবি আছিলোঁ। 

: তই যে স্কুলত বায়’লজি পঢ়িছিলি তাত  পৰিপুষ্টিৰ কথা পোৱা নাছিলি নেকি? আমাৰ দেহত বিভিন্ন ধৰণৰ যে খনিজ পদাৰ্থ থাকে সেয়া জানো তই নাজান?

খাচোন খা, অলপ  শাক-পাচলি খা।

তাই মুখখন বেকেটা কৰি লেপটপৰ স্ক্ৰীণত হে চকুত থ’লে।

কি যে হ’ব!

শাক-পাচলি দিলে মুখখন বেকেটা-বেকেট কৰে। অমুকটো তিতা, অমুকটো কেঁহা লাগে। 

মই  বজাৰৰপৰা শাক-পাচলি কিনি আনিলে মাক-জীয়েকে বেয়া পায়। লাজো পায়।

হাজাৰ চেষ্টা কৰিলেও কুকুৰৰ নেজ পোন নোহোৱাৰ দৰে ময়ো বজাৰ পালে সকলো পাহৰি যাওঁ।

শাক-পাচলিৰ বজাৰত কাঁচকল, কলডিল, কচু, ঔটেঙা,  মৰাপাটৰ আগ, কঁঠালৰ মুচি,  জিলমিল শাক আদিহে কিনো। 

চকু দুটা  সৰু সৰু পুঠি, মোৱা, ভাঙোন মাছত পিটপিটাই ফুৰিলে ৰবৰ বা  প্লাষ্টিক খোৱা যেন লগা ডাঙৰ ডাঙৰ  চালানী মাছত নপৰে বাবে ইহঁতে বেয়া পায়।

ইহঁতে ‘চবজিৱালা’ৰ পৰা কিনা  ‘চবজি’ হে ভাল পায়। বেঙুনীয়া ৰং কৰা ডাঙৰ চিকচিকীয়া বেঙেনা, সেউজীয়া ৰং কৰা পটল, আনকি দেখিলে চকুত চাট মাৰি ধৰা  চেহেৰাৰ  মমৰ প্ৰলেপ সনা  আপেলকেইটাতহে চকু এওঁলোকৰ।

যিয়েই  নহওক কিয়   শ্ৰীমতীৰ চবজিৱালাৰপৰা কিনা চবজিহে  পচন্দ। কাৰণ  তাৰপৰা ডিপফ্ৰাই কৰা ডাঙৰ ডাঙৰ বেঙেনাৰ বৰ,  গাখীৰ, ক্ৰীম খিচমিচ,  বাদাম আৰু কাজুৰে ৰন্ধা পটলৰ গ্ৰেভী আদি ৰান্ধিব পাৰি। 

চাৰ্টটো গাত সুমুৱাই লৈ মূৰ ফণিয়াই থকাৰপৰাই ক’লোঁ, 

: চাওঁ বজাৰ কৰা মোনা এখন আনাচোন। এপাক ওলাই যাওঁ। দেওবাৰ বুলি ভাতসাঁজৰ কথা আছে নহয়। 

কিবা নক’বলগীয়া কথা কোৱাৰ দৰে আচৰিত দৃষ্টিৰে মোৰ ফালে চাই শ্ৰীমতীয়ে কিবা ক’বলৈ মুখ খোলাৰ আগেয়েই মই  লাহেকৈ ক’লোঁ,  

: হেৰা,  ঘৰত থাকিলে মোৰ পেকপেকনি শুনি শুনি  তোমাৰ মূৰটোহে  গৰম হ’ব ! নহয় জানো? তাতকৈ অলপ বজাৰখন চাই-চিতি ঘূৰি-পকি আহোঁ দিয়া। আহাচোন কিবা এটা খাবলৈ দিয়া। 

ডাইনিং টেবুলত বহি দেখিলোঁ আজিচোন  কাৰবাৰ বেলেগ!

নুডুলচ, পাস্তা, ধোকলা, লুচি-ভাজি, চোলে-ভতোৰা, ইডলি আদিৰে ব্ৰেকফাষ্ট  সামৰিবলৈ ভালপোৱা শ্ৰীমতীৰ আখলত আজি ‘গিলাচ পিঠা’। 

এইমাত্ৰ কোনোবা এজন দেৱদূত আহি যদি মোৰ সন্মুখত থিয় দি কয়,   “তোক আজিৰ পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি বনাই দিলোঁ,  তেতিয়াও ছাগে ইমান আচৰিত নহ’লোঁহেঁতেন,  যিমান শ্ৰীমতীয়ে  পিঠা বনোৱা দেখি হ’লোঁ। 

‘গিলাচ পিঠা’  মানে  ভাপত সিজোৱা  টেকেলি পিঠাৰ এক নতুন ভ্যাৰশ্যন। ঠিকেই, সময়ৰ লগে লগে পৰিবৰ্তন অৱশ্যম্ভাৱী।   নহ’লেনো যোগ্যতমৰ উৰ্ধতন  কেনেকৈ হ’ব।

ক’ত আৰু মাটিৰ টেকেলিৰ মুখত দি পিঠা পুৰিব, তাতকৈ বিয়া-বাৰু  খাবলৈ গ’লে এনেয়ে অলপ সময় ইফাল-সিফাল কৰি ঘূৰি ফুৰোঁতে হাতত লোৱা  কফি খোৱা কাপটোতে কৰা পিঠা।

কম্পোজিশ্যন টেকেলি পিঠাৰ সৈতে একে।

মোৰ মেলা মুখেৰে এবাৰ পিঠা আৰু এবাৰ শ্ৰীমতীৰ পিনে চাই থকা দেখা পাই আথেবেথে সুধিলে, 

: হেৰি,  খাই চাওকচোন, কেনে পাইছে ! ড্ৰাই নাৰিকল আৰু ৰ’ষ্টেড তিল দি বনোৱা। 

ঠিকেই, মাহঁতে কৰাৰ  দৰে ভজা তিলৰ গুৰি আৰু গুড় দি বনোৱা নহয়। ৰ’ষ্টেড তিলৰ গুৰি আৰু কেৰেলাৰ নাৰিকলৰ পৰা প্ৰস্তুত কৰা ড্ৰাই নাৰিকলৰ গুৰি দি বনোৱা হয়।

পিচে আজি ঘৰত  ৰাতিপুৱাই পিঠাৰ  আবিৰ্ভাৱৰ কথাটো পোহৰলৈ আহিবলৈ বেছি পৰ নালাগিল। পঞ্জাৱ প্ৰদেশৰ কোনোবা এজন বিখ্যাত চেফৰ হেনো টেকেলি পিঠা বনোৱা পদ্ধতি গোটেই বিশ্বতে বৰ পপুলাৰ হৈছে। সেয়েহে আমাৰ ঘৰতো তাৰ প্ৰভাৱ পৰিছে। হওক বাৰু, তেওঁৰ যহতে খাবলৈ পালোঁ যে!

বজাৰৰ পৰা উভতি আহি মোনাখনৰ পৰা সামগ্ৰীসমূহ বাহিৰ উলিয়াই দিয়াৰ লগে লগে  সেই আমাৰ দেউতা ঈশ্বৰহঁতে  সংসদত কৰা আচৰণৰ দৰে শ্ৰীমতীয়েও আৰম্ভ কৰিলে,

: আপোনাক কিহে পাইছে? এইবোৰ কিয় আনিলে? খাব কোনে? 

: খাব কোনে  মানে? 

ঘৰত দেখোন মই জনাত নৰমনিচ আমি তিনিটাই। তেন্তে? 

: হেৰা খোৱাচোন এইবোৰ। সাৰৰ প্ৰকোপৰ পৰা ৰক্ষা পোৱা বস্তুবোৰ খাওঁতেনো কিহৰ ইমান আপত্তি? প্ৰোটিন, ভিটামিন সৱ পাবা।

: আপুনিয়ে স্বাস্থ্যবান  হওক আইৰণ, প্ৰোটিন খাই, মই  নোৱাৰোঁ দেই এইবোৰ  কটা-কুটা কৰিব? 

: হেৰা, কলডিলটো নোৱাৰানে বাৰু কাটিব? 

: কলডিল? বাপৰে নোৱাৰোঁ দেই, আজি ৰাতিপুৱা নেইল প’লিছ লগাইছোঁহে ! এতিয়া  হাতখন ক’লা কৰিম? 

: কঁঠালৰ মুচিটো…

: ছিঃ !  কি কয় হে! আঠাসোপা লগাই মৰিলেহে  হ’ব! 

: তেনেহ’লে আদা জলকীয়া দি খাবলৈ অনা মোৱা মাছকেইটা? 

: ছিঃ কেনেকুৱা যে গোন্ধায়! এটা এটাকৈ পিটিকি বাছিব নোৱাৰোঁ দেই! 

উপায় নাই। ময়ে কৰিব লাগিব। কিবা পাবলৈ হ’লে কিবাটো ত্যাগ কৰিবই লাগিব! 

বাৰবিধমান মছলা, ক্ৰীম, গাখীৰ আদি ভালকৈ ঢালি দি আঞ্জা সোৱাদ কৰি তোলা মানুহেনো কি বুজিব কলডিল, কাঁচকলৰ  সোৱাদ। কাঁচকলৰ ভাজি খাবলৈ টান পায়   কিন্তু  পেকেটত থকা  বানানা চিপচ্ ঠিকেই  খায়।

মোৱামাছ , কলডিল কাটি-বাছি  ধুই মেলি ঠিক-ঠাক কৰি  শ্ৰীমতীক চিঞৰিলোঁ, 

: হেৰা, তুমি  ইমান মোবাইলটো  পিটিকি থাকা,  পতিব্ৰতা নাৰীৰ পুংলিঙ্গবাচক শব্দ কিহে?  

: কিহৰ পুংলিঙ্গবাচক? 

: পতিব্ৰতা নাৰীৰ?

: এতিয়া আকৌ  কিয় পতিব্ৰতাৰ পুংলিঙ্গ লগা হ’ল? 

: মানে চাহ একাপ খাবৰ মন গৈছিল। সেয়ে নিজে বাকিলোঁ। একাপ তোমালৈ আৰু  একাপ মোলৈ। বাকি থাকোঁতে কিবা  মনত পৰা বাবে সুধিলোঁ। 

: দিনৰ দিনটো, পুৱাৰ পৰা ৰাতি  এপৰলৈকে  মই  এক মিনিটো সময়  জিৰাবলৈ নাপাওঁ  আৰু আপুনি সাধাৰণ চাহ একাপ বাকোঁতে মোক কথা শুনাবলৈ নেৰিলে। 

: হয় দিয়া, ঠিকেই  কৈছা। এঘণ্টা ফেচপেকত,  দুঘণ্টা হেনাত। হয় দিয়া  ক’তনো সময়  পাবা।  ইপিনে ৰাতি বাৰটালৈ  আধাঘণ্টাৰ মূৰে মূৰে আহি থকা শাহু-বোৱাৰীৰ ছিৰিয়েল। ধেমালি নেকি? দিনটোত ২৪  ঘণ্টাহে! 

: হ’ব হ’ব। আপুনি  খালি মোৰহে দোষ দেখে। আচলতে সেই ৰঙালাউ আৰু ক’লা কচুৰ লাব্ৰা খাই ডাঙৰ  হোৱা মুখতো!

: হয় হয়। একদম ঠিক কৈছা। আমি লাব্ৰা খাই ডাঙৰ  হোৱা আৰু তোমালোকে  ‘চবজি’ খাই ডাঙৰ হোৱা।  আমি পঠাৰ  মাংসৰ জোল খাইছিলোঁ আৰু তোমালোকে  খোৱা  ‘মাটন কাৰী’।

: হ’ব হ’ব, মই সঁচা  কথা ক’লে দোষ লাগে। 

: সঁচা কথা? হেৰা এপদ ৰান্ধি খুৱাই  দেখোন মোক দহটা  কথা  শুনোৱাহে। সেইকাৰণে ডাকে কৈ গৈছে,  “বোলো মাছে হেজাৰ হেজাৰ কণী পাৰে কোনেও গমকে নাপায়,   কুকুৰাই এটা কণী পাৰিলেও  ককককাই চিঞৰি মৰে”। 

: মই  তাৰ মানে …।     

: নহয় মানে?  

: ‘নহয়  মানে’ কিহে? আপোনাক জনা আছে মোৰ। অত বছৰ হ’ল  আপোনাক জানিবলৈ বাকী  আছেনে  মোৰ! মই  বুলিহে আপোনাক সহ্য কৰিছোঁ। অইন হোৱা  হ’লে …। 

: হেৰা,  মইনো কি বেয়া কথা ক’লোঁ হে !  সময়বোৰ তোমালোকৰ চ’ছিয়েল মিডিয়াত নাযায় জানো? গা কঁপাই যোৱা আপডেট আৰু মন্তব্যৰে  তোলপাৰ লগোৱাকেইটা কিন্তু  বাকী সময়ত পানীত ভিজা চিকাৰ দৰেহে আচৰণ কৰে দেখোন! হাফপেণ্ট পিন্ধা-নিপিন্ধা,  হস্পিতালত তোলনি বিয়াৰ নিয়ম কৰা ইত্যাদিক লৈ ব্যস্ত থাকোঁতে দেখোন মাজুলীৰ দুৰ্ঘটনাৰ কথা পাহৰিলাই। ‌বাপৰে মাজুলীৰ  দুৰ্ঘটনাক লৈ কবিতা , গল্পৰ কি জোৱাৰ ! পিচে সেই জোৱাৰ  উঠি মাৰ নৌযাওঁতেই  আৰম্ভ  হৈ গ’ল হাফপেণ্ট বিৰ্তক।  তাকো  এলা-পেচা নহয়,  একেবাৰে বিশেষজ্ঞ  কমিটি বহিবলগা হোৱা  বিৰ্তক। আৰু …।  

 মোৰ কথা শেষ নৌহওঁতেই উচাৎ মাৰি আঁতৰি যোৱা শ্ৰীমতীলৈ চাই ভাবিলোঁ,  সঁচা কথা ক’লে সকলো মানুহে বেয়া পায়। সঁচা কথাত শত্ৰু বাঢ়ে,  পিচে ফটা মুখ যে ৰ’বই নোৱাৰোঁ, কৈ দিওঁ। সেয়েহে মাহেকৰ মূৰত হ’লেও ফটাঢোলত এছেও  দুছেও মাৰোঁ,  জানোচা কোনোবাই শুনেই!  

☆ ★ ☆ ★ ☆

4 Comments

  • Pranita Goswami

    বৰ ভাল লাগিল। বাস্তৱৰ ছবিখন সুন্দৰকৈ ফুটাই তুলিছে।

    Reply
  • বন্দিতা জৈন

    সুন্দৰ

    Reply
  • কমলা দাস

    মজা লাগিল

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    তামাম মজা লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.