ঐককেন্দ্ৰিক বৃত্ত-ৰক্তাভ কুমাৰ দাস
এখিলা উকা কাগজ আৰু এডাল পেঞ্চিল – আৰম্ভণিৰ দাগটো দি পেঞ্চিলডাল পকাই চালোঁ ঘূৰণীয়া আকৃতি এটা দিবলৈ। চেষ্টা কৰিলোঁ যাতে পেঞ্চিলডালৰ প্ৰতিটো দাগ এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমান দূৰত্বত অৱস্থান কৰে। শেষত দেখিলোঁ আৰম্ভণিৰ দাগ কোনটো আছিল আৰু সামৰণি ক’ত হ’ল তাক বিচাৰি উলিওৱাটো কঠিন, আকৃতিটোৰ নাম পালোঁ ‘বৃত্ত’।
কেতিয়াবাৰপৰাই কুনকুনাই থকা মহটোৱে লংপেণ্টটোত খুন্দিয়াই খুন্দিয়াই কামুৰিবলৈ শৰীৰৰ উন্মুক্ত ঠাই এটুকুৰা বিচাৰি আছিল। ভৰিখনে মাটিৰ লগত প্ৰায় সত্তৰ ডিগ্ৰী মানৰ কোণ এটা কৰি ৰখা বাবে ৰিপু কৰা পেণ্টটোৰ আঁঠুৰফালৰ ফটাখিনিৰে ছালডোখৰ ওলাই থকা যেন পাই মহটোৱে হুল বহাই দিলে। এফালে ছাৰে কাগজত বৃত্ত আঁকি বুজাই আছিল আৰু আনফালে মই মহটোৱে হুল বহাই দিয়া ঠাইখিনিৰ চাৰিওফালে বাওঁহাতেৰে আঁঠুটো বৃত্তাকাৰে মোহাৰি থাকিলোঁ। বৃত্তটো বুজোঁতে বৰ বেছি কষ্ট নহ’ল…..
এটা বৃত্তক বাৰু সহ্য কৰিলোঁ, কিন্তু ছাৰে আমাক বুজি পোৱা যেন দেখি একেটা বিন্দুকে কেন্দ্ৰ বুলি ধৰি বৃত্তৰ ভিতৰত বৃত্ত আঁকি যেতিয়া বিভিন্ন জ্যামিতিক সমস্যাৰ সমাধান বুজাব আৰম্ভ কৰিলে, তেতিয়াহে উপলব্ধি কৰিলোঁ যে দৰাচলতে সহজ বস্তুটোৰপৰাই কঠিনতম সমস্যাবোৰৰ আৰম্ভণি হয়। এই বৃত্তৰ ভিতৰৰ বৃত্তবোৰো বৰ আচৰিত বস্তু! দেখাত তেনেই সহজ, কিন্তু যেতিয়া সেইবোৰৰ ভিতৰতেই ওস্তাদি খটুৱাই ত্ৰিভুজ, বৰ্গ, আয়ত সকলোকে মতাই আনি সমস্যাৰ সৃষ্টি কৰি আকৌ সেইবোৰ সমাধান কৰিব দিয়ে, কেণাটো তাতেই লাগে। অকলশৰীয়াকৈ গোটেইকেইটাই ঠিকেই চলি থাকে, এই যে মিক্স কৰি গোটেইখন “মছলা ডোচা” বনাই পৰিবেশন কৰিবলৈ দি ‘ফিডবেক’ বিচাৰে, মানে সমস্যা এটা বনাই তাক সমাধান কৰিবলৈ দিয়ে, অসুবিধাটোৱে তাতহে দেখা দিয়ে।
তেতিয়া সর্বসাধাৰণে ঢুকি পোৱাকৈ মোবাইল ফোন নাছিল! দুনীয়াখন ‘ফেচবুক’ আৰু ‘হোৱাটছএপ’ৰ ‘গ্রুপিজিম’ৰ পৰা আঁতৰত আছিল। আড্ডাগোটৰ সদস্যৰ অৰিহণা সামগ্ৰিক আছিল আৰু পৰচর্চাৰ মাত্ৰা আছিল সীমিত। মানে তেতিয়া অকল এটা বৃত্ত আছিল। ছাৰে তেতিয়াও বৃত্তকেই শিকাই আছিল, বৃত্তৰ ভিতৰৰ ব্যাস, ব্যাসাৰ্ধ, জ্যা তথা অন্তৱৰ্তী কোণৰ সংজ্ঞা বুজাই আছিল। ধাৰণাবোৰ সহজ আছিল, মগজুৰ কচৰত কম হৈছিল, সমস্যাবোৰৰ সমাধান উজু আছিল আৰু মূল্যাংকনত ফলাফলো ভাল আছিল।
****************
: ৰামায়ণৰ সময়ত যদি মোবাইল ফোন থাকিলহেঁতেন, ফেচবুক আৰু হোৱাটছএপ থাকিলহেঁতেন তেন্তে যুদ্ধৰ সময়ৰ পৰিস্থিতি কেনেকুৱা হ’লহেঁতেন?
: কৈকেয়ীয়ে দশৰথক ব্লক কৰিলেহেঁতেন, দশৰথেও ব্লক খুলিবৰ কাৰণে কৈকেয়ীৰ কথা মানিলেহেঁতেন আৰু ৰামক ফেমিলি গ্ৰুপতেই বনবাসৰ আদেশ দিলেহেঁতেন, কাহিনীটোৱে ‘ইনশ্বৰ্ট’ মাত্ৰা পালেহেঁতেন!
: টেল মি মোৰ অন ডেট!
: বিভীষণে দুটাকৈ গ্রুপত সোমাই থাকিলহেঁতেন – এটা “ফেমিলি গ্ৰুপ” আৰু এটা “ৰেস্কিউ ছিতা” গ্ৰুপ। ফেমিলি গ্রুপৰ দিস্কাছনবোৰ “ৰেস্কিউ ছিতা” গ্ৰুপত শ্বেয়াৰ কৰি ৰাৱণক যুদ্ধত পৰাস্ত কৰাৰ ৰণনীতি তৈয়াৰ কৰিলেহেঁতেন। তেতিয়া চাগে হনুমানৰ নেজডালো পুৰি নগ’লহেঁতেন!
: আৰু এটা লাষ্ট! প্লিজ ভাই, মজা লাগিছে!
: মন্থৰাৰ কথা শুনিবি?
: একদম, তই ‘এক্সপ্লোৰ’ কৰি যা মাত্ৰ!
: মন্থৰাৰ এক্সুৱেলি চাইক’লজিকেল দিছঅৰ্ডাৰ অলপ আছিল! কিহেনো পাইছিল কৈকেয়ীৰ হাৰ্ড ডিস্কত এদিছনেল ডাটা সুমুৱাই দিবলৈ! আচলতে যুদ্ধখনৰ কাৰণে দায়ী ৰাৱণ নহয়, এই মন্থৰাহে। কিবা এটা “স্পেকুলেশ্যন” কৰি লৈ সেইটো গৈ বেলেগৰ মূৰত সোমাই দিলে আৰু সোপাকে মানুহক অশান্তি দিলে। বনবাসত যাব লগা নহ’লে সীতাও মহলত থাকিলহেঁতেন, তেতিয়া ৰাৱণেনো ক’ৰপৰা সীতাক হৰণ কৰিলেহেঁতেন!
: হয় ৰে ভাই! কথাটো ঠিকেই কৈছ। দুনীয়াখন এইসোপা মাথাৰেই ভৰি আছে। কচোন ক ভাই, কি দৰকাৰ বেলেগৰ কথাত ইমান মাথা মাৰিবলৈ! তই মহাভাৰততেই চাই ল, শকুনিয়ে কমখন গণ্ডোগল লগালেনে! ভালে ভালে চলি থাকিব লাগে সব, দুই-চাৰিটা এনেকুৱা ‘এলিমেণ্ট’ৰ কাৰণে শান্তি ভংগ হয় সবৰে।
: ভাই এইচ. পি. ডি. মানে কি জান? তই কোৱা সেই ‘এলিমেণ্ট’বোৰ আচলতে এই এইচ. পি.ডি. অৰ্থাৎ “হিষ্ট্ৰীনিক পাৰ্চনেলিটি দিছঅৰ্ডাৰ”ৰ চিকাৰ। ‘স্পেকুলেশ্যন’ কৰি ‘এটেনশ্যন’ লোৱা মানুহেৰে দুনীয়া ভৰি আছে, তেতিয়াও আছিল আৰু এতিয়াও আছে। এতিয়া মাত্ৰ মাধ্যমবোৰ ‘আপগ্ৰেড’ হৈছে।
**************
অংকৰ ছাৰে বৃত্তৰ পৰা যেতিয়া ঐককেন্দ্ৰিক বৃত্তলৈ গতি কৰিলে, সংজ্ঞাবোৰৰপৰা সৃষ্টি কৰা সমস্যাবোৰৰ সমাধানসমূহ কঠিন হ’ব ধৰিলে। যিমানেই ভিতৰলৈ সোমাব লগা হ’ল সিমানেই বেছি কষ্ট কৰিবলগা পৰিস্থিতি আহি গ’ল। কিন্তু অংকশাস্ত্ৰৰ এই সমস্যাবোৰ যোগাত্মক। ব্যৱহাৰিক দিশৰপৰা চাবলৈ গ’লে মগজুৰ সেই কচৰৎখিনিৰ কোনো অপকাৰী দিশ নাছিল। কিন্তু, সেই একেই ঐককেন্দ্ৰিক বৃত্তৰ ধাৰণা যেতিয়া গণিতৰ কিতাপৰপৰা আহি সামাজিক জীৱনত ব্যক্তিগোটৰ মাজত অংকন কৰা যায়, তাত অকল ঋণাত্মকতাৰ হে ফচল ওলায়।
: কাহিনী এটা শুনিবি? গাঁৱৰে হয়!
: শুনিম শুনিম, আগতে বাদাম আৰু কেঁচা বুট অকণ কিনি লৈ আনো ৰ। মুখখন ভৰাই ৰাখি কথা ক’লে কিবা নিজকে বিজ্ঞ বিজ্ঞ যেন ‘ফিল’ এটা আহে।
দৌৰি গৈ মাধৱে চানা বেচা ঠেলাখনৰপৰা দুটা টোপোলা লৈ আনিলে।
: দে ক এতিয়া…
: গণেশ বেপাৰীক চিনি পাৱ নহয়! চ’কৰ যে গেলামালৰ দোকানীটো!
: অঁ অঁ পাওঁ!
: যোৱাবছৰ সি দোকানৰ কাষতে কেৰমব’ৰ্ড এখন বহাই দিছিল চুবুৰীৰ ল’ৰাকেইটাই খেলিবৰ কাৰণে। কিছুদিন খেলিলে, তাৰ পিছত আৰু বন্ধ হৈ থাকিল।
: কিয়? মাৰা-মাৰি লাগিল নেকি?
: মাৰা-মাৰি নহয়, তাতে ঐককেন্দ্ৰিক বৃত্ত আহি গ’ল।
: মানে?
: মানে তাৰ আইডিয়া আছিল গধূলি তাৰ দোকানখনৰ আশে-পাশে বেছি মানুহ-দুনুহ অহা-যোৱা নকৰে কাৰণে দুজনমান লগ গোটাই গধূলি সময়টো বেপাৰো কৰিলে আৰু দিনটোৰ অৱসাদখিনিও দূৰ কৰিলে। প্ৰথমতে ঠিকেই গৈ আছিল। পিছত ইজন-সিজনকৈ কেইবাজনো গোট খালে তাত। জানই নহয় বেছি মানুহ গোট খালে কি হৈ যায়! কোনোবাজনৰ কোনোবাৰ লগত ভাল আকৌ কোনোবাজনৰ কোনোবাৰ লগত বেয়া। “প্লাছ মাল্টিপ্লাইড বাই প্লাছ ইজ প্লাছ” গ্ৰুপ হ’ল, “মাইনাছ মাল্টিপ্লাইড বাই মাইনাছ ইজ প্লাছ” গ্ৰুপ হ’ল। তাৰ মাজতো গ্ৰুপ হৈ হৈ গৈ থাকিল, কিছুমান ল’ৰা আকৌ কেবাটাও গ্রুপত সোমাই থাকিল। সামগ্ৰিকভাবে আড্ডা দিয়াটো কেন্দ্ৰ যদিও হৈ থাকিল গণেশ বেপাৰী আটাইতকৈ ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধৰ একদম দূৰত্বৰ বিন্দুত থাকিল। এফালে তাৰ গোটেইকেইটাৰ লগতেই সম্পৰ্কটো ভালেই, বেপাৰৰ স্বাৰ্থ আছে আৰু আনফালে এই ইজনৰ কথা সিজনে কোৱা বেপাৰটো! শেষত এদিন বেচেৰাই কেৰমব’ৰ্ডখনকেই ভাঙি পেলালে। ল’ৰাকেইটামানে পইচা উঠাই এখন কিনি দিব খুজিছিল কিন্তু সি কিবা-কিবি অজুহাত দেখুৱাই সেইটো কৰিবলৈ নিদিলে আৰু!
: আচ্ছা! পিছে এই কাহিনীটো এতিয়া কিয় ক’লি?
: বিশেষ একো কাৰণ নাই, অলপ টাইম পাছ কৰোঁ বুলি ‘ফ্লো’তে ওলাই গ’ল।
বাৰু হ’ব দে, চানাও শেষ হ’ল যেতিয়া ঘৰলৈ যাওঁ ব’ল। কাইলৈ আকৌ ছাৰে পিছত কি কি শিকাইছিল সেইটোৰ ওপৰত ‘দিস্কাছ’ কৰিম…..
☆ ★ ☆ ★ ☆
7:39 pm
সুন্দৰ
6:15 am
সাংঘাটিক লিখিছা?
3:57 pm
বঢ়িয়া