ফটাঢোল

ফটা প্ৰশ্ন

১) সঞ্জীৱ কুমাৰ মহন্ত :

নিউটনৰ ৪ৰ্থ গতিসূত্ৰটো যদি থাকিল হয় তেন্তে কি হ’লহেঁতেন, আপোনাৰ ভাষাৰে কওক।

উত্তৰঃ- সৰুতে গতিয়াই ভুকুৱাই শিক্ষা নিদিলে ল’ৰা-ছোৱালীৰ জীৱনৰ গতি নেলাগে।

২) জয়ন্ত দাস :

সভা সমিতিবোৰত যে মানুহবোৰে সাৰুৱা ভাষণ দিয়ে তাত কোনটো সাৰ থাকে বাৰু?

উত্তৰঃ- বাস্তৱৰ অপতৃণবিলাক মাৰি অহেতুক সপোনৰ গছবোৰ ফলে ফুলে জাতিষ্কাৰ কৰিব পৰা সাৰ থাকে।

৩) ভূপালী দেৱী :

ভাগিল আৰু ভাঙিল শব্দদুটাৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ- অমুকে তমুকৰ ঘৈণীয়েকক লৈ “ভাগিল”- সেয়ে তমুকৰ সোণৰ সংসাৰ “ভাঙিল”।

৪) জয়ন্ত কুমাৰ ডেকা :

ফটহুকাই, ‘প্ৰাগজ্যোতিষ’ আৰু ‘কেলভিন’ক বাদ দি গুৱাহাটীৰ আটাইকেইখন চিনেমা হল ছোৱালীৰ নামেৰেই কিয় নামকৰণ কৰা হ’ল ?

উত্তৰঃ- হৌৰি, ল’ৰাৰে হওক বা ছোৱালীৰে হওক, আমি বুজি পোৱা নামতো আছিল! অজিকালি নামবোৰ দেখিছে নে নাই, গল্ড, প্লাজা, প্লেক্স, – একো বুজি নেপায়।

৫) শ্ৰুতিমালা মিশ্ৰ :

বিতৰ্ক এটা মাৰ্কেটত কি কাৰণত বেছি সময় ৰেষ্ট কৰিবলৈ নাপায়?

উত্তৰঃ-  মাৰ্কেটৰ বিতৰ্কবোৰৰ মূল চালিকা শক্তি হৈছে ভুল তথ্য। গতিকে কেতিয়াবা কোনো কাৰণত সোনকালেই দুধ কা দুধ, পানী কা পানী হৈ গ’লে বিতৰ্কটি অকালতে মৰহি যায়।

৬) অসীম বৰা :

বিয়াৰ পিছত নতুন পতি পত্নীয়ে বেংকত যে জইণ্ট একাউণ্ট খুলিবলৈ হেতাওপৰা লগায়, ফেচবুকতো তেনেকুৱা ধৰণৰ জইণ্ট একাউণ্ট কিয় নোখোলে বাৰু?

উত্তৰঃ-  বেংকৰ জইণ্ট একাউণ্টত ‘বেনিফিট’ থাকে, ফেচবুকৰ জইণ্ট একাউণ্টত ‘জীৱন জোৰা সমস্যা’ৰ পোখালি থাকে।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *