লাড্ডু-কমলা দাস
ল’ৰা ছোৱালীহঁত সৰু থাকোঁতে, সিহঁতৰ বছৰেকীয়া পৰীক্ষা শেষ হ’লেই ক’ৰবাত নহয় ক’ৰবাত ফুৰাবলৈ নিয়া হয়েই। সেইবাৰো সিহঁতৰ পৰীক্ষা শেষ হোৱাৰ পাছত ফুৰিবলৈ ওলালোঁ। সিহঁতক দেখুওৱাৰ লগতে আমিও তাজমহল চাওঁ বুলি সেইবাৰ ওলালোঁ দিল্লীলৈ। সেয়া আছিল আমাৰ প্ৰথম দিল্লী যাত্ৰা, ট্ৰেইনেৰে।
পৰিয়াল সহ ভ্ৰমণ কৰাৰ মজাই বেলেগ। যাত্ৰাটো সুন্দৰ উপভোগ্য হৈ পৰে। হাঁহি ধেমালি কৰি যাব পাৰি। ল’ৰা ছোৱালীহঁতে প্ৰথমবাৰ ট্ৰেইনত উঠি খুব ফূৰ্তি পাইছে। ট্ৰেইন আগলৈ দৌৰিছে, বাহিৰৰ দৃশ্যবোৰ পিছলৈ দৌৰিছে। তাকে চাই চাই সিহঁতৰ ফূৰ্তিৰ সীমা নাই। সিহঁতৰ আনন্দ দেখি আমাৰো ভাল লাগিছে।
ট্ৰেইন বেঙ্গল সোমোৱাৰ পাছত ফেৰীৱালাবোৰ আহিবলৈ ধৰিলে। বিভিন্ন বস্তু বিকিবলৈ আহে। দুই এজনক ৰখাই কিবা চাওঁ। বেলেগে ৰখালেও কিনো আনিছে বুলি ভুমুকি মাৰি সেয়াও চাওঁ। ভাল লগাৰ লগতে সময়বোৰ কাটি যায়। আমি আমাৰ বেগবোৰ গধুৰ হ’ব বুলি ভাবি একো কিনা নাই। ঘূৰি আহোঁতে কিনিব লাগিব বুলি ভাবি মনবোৰ সামৰিছোঁ। হওঁতে বস্তুবোৰ লাগতিয়ালেই আনিছে। নখ কটা যন্ত্ৰ, সৰু সৰু পাৰ্চ, ঘড়ীৰ ফিটা, ৰুমাল, গাৰুৰ ওৱাৰ আদি বিভিন্ন সামগ্ৰী। এবাৰ এজনে আনিলে ঘড়ী, কেমেৰা আদি। দুজনমানে তাৰপৰা কেমেৰাবোৰ চালে। আমিও চাইছোঁ। কেমেৰা এটা ল’ব পৰা হ’লে অৱশ্যে বেয়া নাছিল ভাৱত হাতত লৈ আমি ঘূৰাই পকাই খুব চাইছোঁ। কেমেৰাৰ প্ৰতি আমাৰ অলপ দুৰ্বল মনৰ আভাস পাই, ফেৰীৱালাজনেও সেইবোৰ দেখুৱাবলৈ তাৰ ছলাহী কথাৰ বেষ্ট দিছে! আমিও তাৰ কথা শুনি শুনি এনেয়ে দৰ-দাম কৰি আছোঁ। সি দিব নোৱাৰাকৈ বহু কমকৈ এটা দাম কৈছোঁ। সেইটো দামত সিহঁতে দিব নোৱাৰোঁ বুলি কৈ গুচি গ’ল। পিচে অলপ পাছত সি পুনৰ ঘূৰি আহি আমি কোৱা দামটোতেই দিব পৰা হ’ল। আমিও নিজৰ কথাত পাক খাই সেইটো ল’ব লগা হ’ল! অৱশ্য কেমেৰাটো আমাৰ ভ্ৰমণ কালত কামত আহিব বুলি ভালো লাগিছিল! কাৰণ আজিৰ নিচিনাকৈ তেতিয়া হাতে হাতে মোবাইল ফোন কাৰোৱেই নাছিল। কেমেৰাও সকলোৰে নাছিল। তেতিয়া ফটো উঠাৰ চখো আছিল প্ৰবল। গতিকে দুহেজাৰ দুশ টকা দামৰ কেমেৰাটো দৰ দাম কৰি পাঁচশ টকাত কিনিবলৈ পাই আমাৰ ফূৰ্তিয়েই লাগিল!
কোনোবা এটা সময়ত আমি বোৰেলি ষ্টেচন পালোঁগৈ। তাত তিনিজনী বোৰ্খা পিন্ধা মহিলা উঠিল। বোৰেলি ঠাইখন আৰু বোৰ্খা পিন্ধা মহিলাকেইজনীক দেখি মোৰ “ঝুমকা গিৰা ৰে” গানটোলৈ মনত পৰি গ’ল!ভাবিলোঁ– গানটোত গোৱা “ব’ৰেলি কি বাজাৰ” তাৰমানে সঁচাকৈ আছে! চিনেমাৰ নায়িকা সাধনাৰ বাৰু সঁচা-সঁচিকৈ এইখন ব’ৰেলি বাজাৰতে ঝুমকাযোৰ পৰিছিল নেকি! পৰিবও পাৰে! সাধনাৰ নাচ আৰু তাই পিন্ধি থকা ঝুমকাযোৰ মানস পটত ভাহি উঠিল। গানটো গাবলৈ খুবকৈ মন যোৱাত, গুণগুণায়েই দিলোঁ,
ঝুমকা গিৰা ৰেএএএএ
ব’ৰেলি কে বাজাৰ মে!
ঝুমকা!…
যাত্ৰাটো সুন্দৰকৈ উপভোগ কৰি আমি ৰাতিপুৱা দহ বজাত দিল্লীত উপস্থিত হ’লোঁ। পাহাৰগঞ্জতে হোটেলৰ ৰুম ল’লোঁ। হোটেলৰ ৰুমত লগত নিয়া বেগ আদি থান-থিত লগাই, গা-পা ধুই আজৰি হোৱাৰ লগে লগে পেটে দুপৰীয়াৰ ভোকৰ জাননী দিলেই! ট্ৰেইনৰ খাদ্য খাই আমনি লাগিছিল। হোটেলতো তেনেকুৱা খাদ্যই খাবলৈ ভাল নালাগিব বুলি ভাবি, ক’ৰবাত ভাত পোৱা যায় নেকি বুলি বিচাৰি আটাইকেইটা ওলাই গ’লোঁ।
পাহাৰগঞ্জত থকা-খোৱা হোটেলৰ নিচিনাকৈ কেৱল খোৱা হোটেলো অজস্ৰ আছে। ৰেষ্টুৰেণ্টৰ আগফালে এজনে থিয় হৈ অনবৰতে গ্ৰাহকক মিঠা মুখেৰে সিহঁতৰ তাত খাবলৈ মাতিয়েই থাকে। সন্মুখ পালেই ইমান ধুনীয়াকৈ মাতে, যেন আমি তাৰ মামাৰ বংশৰহে কোনোবা গৈছোঁ, বিনা পইচাই খুৱাই বোৱাই পঠিয়াব!
দুপৰীয়াৰ সময়। শাৰী শাৰী, সৰু সৰু হোটেলবোৰত খোৱা মানুহৰ ভিৰ হৈছে। ৰুটি-তৰ্কা পোৱা হোটেলত নাখাই, আমি ভাতহে বিচাৰি ফুৰিছোঁ। তাৰ মাজতে এখনত চাইনবৰ্ডত লিখা দেখিলোঁ, “এখানে ভাত পাবেন”। ভাত শব্দটো দেখা পায়েই ভাল লাগিল। পিচে বঙালী হোটেলত নাখাওঁ বুলি ভাবি আৰু আগুৱাই গ’লোঁ, অসমীয়া হোটেল পাবও পাৰোঁ বুলি ভাবি!
আমাৰ অনুমান ঠিকেই আছিল। কিছুদূৰ আগুৱাই গৈ এখন হোটেলৰ সন্মুখত দেখিলোঁ, ফুলাম গামোচা আকৃতিৰ চাইনবৰ্ড এখনত লিখি থোৱা আছে-
“ইয়াত ভাত পোৱা যায়। প্ৰতি প্লেটত দহ টকা!”
ভাল লাগিল আমাৰ। যি নহওক ভাত পোৱা হোটেল এখন বিচাৰি পালোঁ। তাকো সস্তাতে। এক প্লেটত মাত্ৰ দহ টকা।
আমি হোটেলখনৰ সন্মুখত ৰৈ যোৱা দেখি, টুল এখনত বহি, ভাত খাবলৈ মানুহ মাতি থকাজনে আমাক আথে-বেথে ভিতৰলৈ মাতি লৈ গ’ল। কাউণ্টাৰত থকাজনে দূৰৰপৰাই আমাৰ ফালে চাই হাঁহি এটা মাৰি বহিবলৈ ইঙ্গিত দিলে।
আমি বহাৰ পাছতেই এজনে অৰ্ডাৰ ল’বলৈ আহিল। যদিও হোটেলখনত ভাত পোৱা কথাটো অসমীয়াতে লিখা আছিল, পিচে অসমীয়াৰ ‘অ’ টোও কোনেও নুবুজে তাত। হয়তো কোনোবাই সিহঁতক বুদ্ধি দিছিল যে, এনেদৰে লিখিলে অসমৰ পৰা যোৱা ভতুৱা মানুহবোৰ বুৰ্বক বনি যাব আৰু ভাত খাবলৈ ইয়াত সোমাবহি! যি নহওক, চাৰিওজনৰে চাৰিখন থালি অৰ্ডাৰ দিলোঁ।
ভাত পোৱা যায় বুলি লিখিলেও থালিত পিচে ৰুটি আৰু ভাত দুয়োবিধ দিছে। লগত তিনিখনমান ভাজিৰ সৈতে মাছ আৰু মাংস। খোৱাবোৰ খাই খুব এটা ভাল নাপালোঁ যদিও পেট ভৰাই খাই ল’লোঁ। খাই বৈ উঠি, কাউণ্টাৰত বিল দিবলৈ আহি, তাত বহি থকাজনক টকা চল্লিশটা আগবঢ়াই দিলোঁ। মানুহজনে টকাখিনি গণি হাতত লৈ আমাৰ ফালে প্ৰশ্নবোধক দৃষ্টিৰে চাই আছে! মই তাৰ সন্মুখত থকা টেমাটোৰ পৰা দুটামান চফ্ লৈ মুখত ভৰাই, চোবাই চোবাই সুধিলোঁ-
: কি হ’ল ভাইয়া!
দোকানীয়ে বোলে,
: আৰু টকা দিয়ক!
এইবাৰ তাৰ মুখত হাঁহি নাই!
মই ক’লোঁ,
: ঠিকেইতো দিছোঁ! এক থালিত দহ টকা নহয় জানো!
দোকানীয়ে আমাক দবিওৱাৰ সুৰত আটাহ পৰাৰ নিচিনাকৈ কৈ উঠিল,
: কাহাছে আতে হো আপলোগ! দছ ৰুপেয়ে মে থালি মিলতা হ্যেয় ক্যা! ঔৰ ৰূপেয়া দিজিয়ে।
মই ক’লোঁ,
: ৱ’ ট’ আপ ল’গ’নেহি চামনে লিখকে ৰাখা হ্যেয় না, দছ ৰূপেয়ে মে ভাত মিলতা হ্যেয় কৰকে!
দোকানীয়ে মই কি বুজাব খুজিছোঁ অনুমানতে ধৰি লৈ ক’লে,
: ৱ’ ট’ চিৰ্ফ এক প্লেট চাৱল কে দাম লিখা হুৱা হ্যেয়। তুম লোগ’নে ট’ পূৰা থালি খায়া।
সি খঙতে, আপুনিৰ পৰা আমাক তুমি বুলি ক’বলৈ ধৰিলে! তাৰ কথাৰ সুৰ শুনি, তেতিয়ালৈকে দিল্লীৰ আও-ভাও একো বুজি নোপোৱা আমিবোৰে ভাবিলোঁ- চিনেমাত দেখুওৱাৰ নিচিনাকৈ আমি আৰু টকা নিদিলে ই আমাক এতিয়া বাচন ধোৱাবলৈ লগাব নেকি! ইমানবোৰ মানুহৰ আগত সি চিঞৰা দেখি আমাৰ লাজো লাগিল! তাত আমাক কোনেও চিনি নাপালেও, আমাৰ অসমীয়াৰ লাজটো আকৌ বেছি নহয় জানো! তাতে আমি হিন্দীত বেছি কথা কটাকটি কৰিবলৈও একেবাৰে ওষ্টাড নাছিলোঁ নহয়! সেয়ে বৰ বেছি বাক-বিতণ্ডা নকৰি, প্ৰতি থালিত চাৰিশ টকাকৈ মুঠ ষোল্লশ টকা ভৰি দিল্লীৰ লাড্ডু খাই গুচি আহিলোঁ!
ভাত খাওঁতে ঠগ খোৱা ঘটনাটোৰ পিছৰপৰা আমি খুবেই সাৱধান হ’লোঁ। আন ক’তো একো বেমেজালি নঘটাকৈ ঘূৰি ফুৰি আহিলোঁ। বজাৰ সমাৰো কৰিলোঁ কিছু। ট্ৰেইনত কিনা কেমেৰাটোৰে ঠিকচে ফটোও উঠিলোঁ।
ঘৰলৈ ঘূৰি আহি দুদিনমানৰ পিছত ফটোখিনি ধুবলৈ বুলি বৰ উৎসাহেৰে কেমেৰাটো লৈ গৈ এদিন ষ্টুডিঅ’ত দিলোঁগৈ। ফটোবোৰ চাবলৈ আমাৰ সকলোৰে হেঁপাহ লাগি আছিল। মোবাইল নোহোৱা সেই দিনবোৰত কেমেৰাৰ ফটোখিনিতেই ভাললগা স্মৃতিবোৰ সঞ্চিত হৈ থাকে।
ষ্টুডিঅ’ৰ মানুহজনে মই দিয়া কেমেৰাটো খুলি লৈ তাৰ পৰা ৰীলটো উলিয়াই ঘূৰাই পকাই চাবলৈ ধৰিলে। কিছুসময় ভালদৰে চাই চাই মোক সুধিলে,
: বাইদেউ, দিল্লীলৈ গৈছিল নেকি! কি কি চালে!
সেই সময়ত দিল্লী, বোম্বে আদিত খুব কম মানুহহে ফুৰিবলৈ গৈছিল। মানে অসমৰ বাহিৰত ফুৰিবলৈ যোৱা কথাতো ! টকা পইচা থকা মানুহহে যাব পাৰে, তেনে ধৰণৰ এটা ধাৰণা আছিল মানুহৰ মনত। ষ্টুডিঅ’ত থকা আন কেইবাজনো মানুহৰ আগত মানুহজনে তেনেদৰে সোধা কাৰণে মই যেন ভালেই পালোঁ! সুখী সুখী ভাব এটা লৈ তেওঁক জনালোঁ আমি দিল্লী যোৱা কথাটো। কুতুবমিনাৰ, তাজমহল আদিৰ পৰা আৰম্ভ কৰি একেবাৰে লালকিল্লা, ইন্দিৰা গান্ধীৰ মিউজিয়ামলৈকে যি যি চালোঁ সকলোবোৰ বৰ্ণনা দিলোঁ।
মই কথা কৈ আছোঁ যদিও, তেওঁ মোৰ ফালে চোৱা নাই। ৰীলটোকে ঘূৰাই ঘূৰাই চাই থাকি পুনৰ সুধিলে-
: কেমেৰাটো ক’ত কিনিছিল বাইদেউ!
কেমেৰাৰ কথা সোধাত আৰু ভাল লাগিল! আৰু অলপ বাহাদুৰি মাৰি ক’লোঁ,
: ট্ৰেইনতে কিনিছিলোঁ ৰ’বা! কেমেৰাৰো বৰ দাম হে! (দৰ দাম কৰি কৰি কমতে যে কিনিছিলোঁ, সেইটো নকলোঁ!) বহুত দাম ল’লে। ভালনে কেমেৰাটো! ফটোবোৰ ভাল হ’বনে!
বৰ আশাৰে তাৰ মুখলৈ চালোঁ!
: তাকেই ক’বলৈ বিচাৰিছোঁ বাইদেউ, ৰীলত এখনো ফটো নাই। ক’লা হৈ গৈছে সকলো। আপুনি বুলি নহয়, ট্ৰেইনত কেমেৰা কিনি এনেদৰে বহুতেই ঠগ খায়!
কৃষ্ণ! তাৰ কথা শুনি, মুখত কোবোৱা দমৰাটোৰ নিচিনাকৈ মোৰ মুখৰ মাত হেৰাল। ফটোবোৰ নোহোৱা হোৱা দুখটো লাগিছিলেই। তাতে আকৌ তাত উপস্থিত থকা মানুহবোৰেও সুবিধা পাই দম্ভালি মাৰি নিজৰ নিজৰ মন্তব্য দিয়াত লাগি গ’ল। যেন কোনোৱে কেতিয়াও ক’তো ঠগ খাই পোৱাই নাই!
জ্বলি যোৱা ৰীলটো আৰু কেমেৰাটো ফটো দোকানীৰ হাতৰ পৰা লৈ, একো নমতাকৈ মই ষ্টুডিঅ’ৰ পৰা সুৰসুৰকৈ গুচি আহিলোঁ!
কিনো ক’ম আৰু!
☆ ★ ☆ ★ ☆
2:55 pm
হে হৰি! ভাল থগ খালে
3:20 pm
অ, দিল্লীৰ লাড্ডু খাই প্ৰস্থালে।?। ভাল লাগিল
3:45 pm
সকলোকে ধন্যবাদ জনালো