ফটাঢোল

লেখা বিচাৰি চম্পাৰ বিলৈ-সমুজ্জ্বল কাশ্যপ

: ট্ৰীং ট্ৰীং ট্ৰীং ট্ৰীং ট্ৰীং

ফোনটো দীঘলীয়াকৈ বাজি আছিল৷ কেতিয়াৰপৰা গম নাপাওঁ৷ টোপনিৰ কোলাত ঢলি পৰিব খোজা মানুহটো জাপ মাৰি উঠিলোঁ৷ আমেজত জাপ খাই যাবলৈ ধৰা চকু দুটা মোহাৰি খপজপকৈ ফোনটো বিচাৰিলোঁ৷

অ’ ৰ’ব! মোবাইলটোত লেন্দলাইনৰদৰে ৰিংটনহে লগোৱা আছে, লেন্দলাইন নহয় দেই।

: কিহে কাশ্যপ, ব্যস্ত নেকি? ইমানকৈ লগাইছোঁ নুঠোৱা কিয়?

সিফালৰপৰা চিনাকি মাতটো ভাহি আহিল৷ তেওঁৰ ভাগৰুৱা যেন লগা সুৰটোত কিছু আৱেগ মিহলি হৈ আছিল৷ কিন্তু এই মাজৰাতিখন!

: গোস্বামীদা, কওকচোন৷ ইমান ৰাতি?

: এঃ, তুমি জাগি আছিলা বুলিহে অথনিৰেপৰা লগাই আছোঁ ফোনটো, পিছে কিবা লিখিলানে?

: নাইহে গোস্বামীদা! এইকেইদিন ষোল্ল সোতৰ ঘণ্টালৈকে কাম কৰিবলগীয়া হৈছে৷ দিন ৰাতিৰ ঠিকনা নাই৷ কি খাইছোঁ কি নাই, নিজেও নাজানো৷ লিখিম কেনেকৈ! আজিহে অলপ আজৰি হৈছোঁ, যদিও টেবুলতে টোপনিয়াই বহি আছোঁ!

: চেঃ!মই আকৌ ভাবিছিলোঁ কিবা হৈছেগৈ নেকি! আজি ২৮ তাৰিখ হ’ল, মাত্ৰ কেইটামান লেখাহে আহিছে অ’!

গোস্বামীদাক যথেষ্ট চিন্তিত দেখা গ’ল৷ এইবাৰ আমাৰ আলোচনীখনৰ সম্পাদকৰ দায়িত্বত আছে তেওঁ৷ লেখা বিচাৰি মানুহজনে হাবাথুৰি খাবলগীয়া নহ’ব বুলি ভাবিছিলোঁ, পিছে মাহটো শেষেই হ’ল৷ লেখাবোৰহে ভবা মতে নাহিল হেনো৷

: সকলোৱে ‘ধোখা’ দিলে বুজিছা৷

: কি কয়? আপোনাক কোনোবাই না কয়নে?

: কিয় নক’ব, যেনেদৰে তুমি কৈছা!

: এঃ ৰ’ব, মোৰ কথাটো অলপ বেলেগ৷ মই আগতেই কৈছিলোঁ আগষ্ট, ছেপ্তেম্বৰত ব্যস্ত থাকিম বুলি৷ আপুনি এইখিনি সময়তে দায়িত্বটো পালে, মোৰেই দুৰ্ভাগ্য৷ একো এটা দিব নোৱাৰিলোঁ আপোনাক৷

: তাকেই৷ মুঠতে মই নিগমে মৰিলোঁ৷ কি কৰোঁ এতিয়া? কিবা এটা উপাই দিয়া৷

: মইনো কি উপায় দিম? কওকচোন!

কিছু সময় নিৰৱতা৷ মই ভাবিছোঁ, কেনেকৈ মানুহজনক সহায় কৰা যায়।তেওঁৰো মনত হয়তো কিবা এটা চলিছে, ফোনটো থোৱা নাই৷ কিবা এটা ক’ব বিচাৰিছে বুলি মই ঠিকেই অনুমান কৰিব পাৰিছোঁ৷

: হেৰা, তুমি চফ্টৱেৰৰ কাম নকৰা জানো?

: কৰোঁ৷ কিয় সুধিলে বা?

: কিবা এটা চফ্টৱেৰ বনাই দিব নোৱাৰানে?

: মানে?

: মানে ধৰা এই নিজে নিজে লেখাবোৰ তৈয়াৰ হৈ যাব!

: ধেই! কি কয়? ইমানো এডভাঞ্চ হোৱা নাই নহয়৷

: অঁ, সেইটোও হয়৷ হ’লেও চোৱাচোন ভাই, কেনেবাকৈ মোক উদ্ধাৰ কৰা৷

আইডিয়াটো বেয়া নহয়, কিন্তু কেনেকৈ কৰোঁ? পাৰিম জানো?

মুহূৰ্ত্ততে মোৰ চয়তানী মগজুটো যেনি তেনি দৌৰিবলৈ ধৰিলে৷ ইণ্টাৰনেটৰ পৰা ভাল ভাল লেখা কেইটামান গোটাই অনুবাদ কৰি দিব পৰা নাযাব জানো? কষ্ট হ’ব, হ’লেও চেষ্টা কৰোঁ নেকি!

: আপুনি পুৱা মোৰ ঘৰলৈ আহিব পাৰিবনে গোস্বামীদা? এতিয়া ৰাতিটো বহিম আপোনাৰ কামত৷ পুৱাই আহি যদি কোনবোৰ লেখা ল’ব অলপ দেখুৱাই দিয়ে, তেন্তে কিবা এটা হ’ব দিয়ক৷

: পুৱা কেতিয়া? মোৰ স্কুলো আছে নহয়!

উফ! এই বুঢ়াটোৱে একো এৰিব নোৱাৰে৷ এদিনৰ ভিতৰতে লেখাও লাগে আকৌ স্কুলো নেৰে৷

: কাইলৈ এৰক আৰু, ছুটী লওক৷ আপোনাৰ কাৰণে গোটেই ৰাতি মই কষ্ট কৰিম আৰু আপুনি এদিনলৈ ছুটীও ল’ব নোৱাৰিবনে?

: হেই! পাৰিম পাৰিম৷ কিয় নোৱাৰিম? নহ’লে এতিয়াই আহোঁ নেকি? কাইলৈ পাৰিলে মই লেখাবোৰ জমা দিব লাগে কাকতিদাক৷

: এতিয়া ৰাতি ১২ বাজিল৷ আপুনি যদি এতিয়া আহিব পাৰে আহি যাওক, দুয়ো বহিলে সোনকালে হ’ব কামবোৰ৷

: ঠিক আছে, মই আহি আছোঁ৷

ফোনটো থৈ কামত লাগি পৰিলোঁ৷ গোস্বামীদা আহি পোৱাৰ আগতে অলপ কোডিং শেষ কৰিব লাগিব৷ অন্ততঃ চাৰ্চ কোডটো বনাব পাৰিলেও লেখাবোৰ ৰেন্দম্ অৰ্ডাৰত ইণ্টাৰনেটৰপৰা উলিয়াব পৰা হ’ব৷

চাৰ্চ লোকেচন, অসমৰ বাহিৰত দিব লাগিব৷ বাংলা সাহিত্য কেনে হ’ব? নাই নহ’ব৷ অসমৰ বহুতো মানুহে বাংলা সাহিত্য পঢ়ে৷ তামিল, তেলেগু, কানাড়া নে মালায়ালম ৰেজিঅনত চাৰ্চ কৰোঁ!

চাৰ্চ লোকেচনৰ কথা ভাবি ভাবি, ততাতৈয়াকৈ চাৰ্চ কোড কিছুমান বনালোঁ৷ দুটামানে টেষ্টিঙত কামো দিলে৷ ’কমেডি’, ’ফানী’, ’লাফটাৰ’, আদি চাৰ্চ কী বোৰে কাম কৰিছেচোন!হাজাৰ হাজাৰ লেখা ওলাই আহিছে৷ লোকেচন – আৰব, আফগানিস্তান, উগাণ্ডা, আফ্ৰিকা, মুঠতে বিভিন্ন৷ ভাৰতৰ একো দেখুওৱা নাই৷ সকলো বাহিৰৰ লেখা৷ ভুলটো বিচাৰি পাবলৈ বেছি সময় নালাগিল৷ লোকেচন নিদিয়াকৈ ৰেন্দম্ অৰ্ডাৰত চাৰ্চ কীবোৰে কাম কৰিছে৷ কিন্তু কাম যে কৰিছে – মোৰ কোডিং ভুল হোৱা নাই তাৰমানে৷ বাঃ!

আনন্দতে হাত দুখন আপোনা আপুনি ওপৰলৈ উঠি গ’ল আৰু মুখেৰে ওলাই আহিল –  চাক্সেজ!

××××

নিশা দুইমান বজাত গোস্বামীদা আহি ওলাল৷ ঘামি জামি মানুহজনৰ অৱস্থা নাই৷ এবটল পানী ঢোক ঢোককৈ গিলি মোলৈ বিস্মিত চাৱনিৰে চাবলৈ ধৰিলে!

: কি কোৱা? হৈ গ’ল? মই জানিছিলোঁ তুমি পাৰিবা৷ একমাত্ৰ তুমিয়েই মোক উদ্ধাৰ কৰিবা৷ সেইবাবেই তোমাক…..

: এ ৰ’বহে! এতিয়াও সম্পূৰ্ণ হোৱা নাই৷ লেখাবোৰ উলিয়াইছোঁ হয়, কিন্তু বিভিন্ন ভাষাত আছে৷ সেইবোৰ অসমীয়ালৈ অনুবাদ কৰিবলৈ আছেই৷

: তুমি পঢ়িছানে দুটামান লেখা? ভালনে? আলোচনীত দিয়াৰ উপযুক্ত হ’বনে?

: অনুবাদ কৰাৰ পিছতহে গম পোৱা যাব৷

দুকাপ চাহ হাতত লৈ দুয়ো কামত লাগিলোঁ৷

: আপুনি পিছে এই ৰাতিখন কেনেকৈ আহিল৷

: এহ, নক’বা আৰু৷ আহিলোঁ দিয়া কেনেবাকৈ, সেইবোৰ কৈ নাথাকোঁ এতিয়া৷ কামত লাগো, নহয়নে?

: অঁ! আপুনি সেইটো কম্পিউটাৰত বহক, আৰু লেখাবোৰ পঢ়ি যাওক৷ যিটো উপযুক্ত বুলি ভাবে, মোলৈ পাচ কৰিব৷

: তুমিও চোৱা আকৌ৷ ৰাতি পুৱাবই দেখোন, মই অকলে কিমান লেখা পঢ়িম?

: সেইটো চম্পা হোৱাৰ আগতেই ভাবিব লাগিছিল৷ মই কোডিঙত লাগো আকৌ, ট্ৰান্সলেটৰ কোড এটা নালাগিব জানো? ইমানবোৰ লেখা আপুনি অনুবাদ কৰি হাতেৰে অসমীয়ালৈ টাইপ কৰিম বুলি ভাবিছে নেকি?

: হয়তো, অসম্ভৱ৷ তেনেহ’লে লাগি যোৱা কামত৷ তোমাৰ এইকণ সহায় কেনেকৈ পাহৰিম বাৰু?

: মানে আপুনি পাহৰিব?

: ধেই!

দুঘণ্টামানৰ যুঁজৰ অন্তত, ট্ৰান্সলেটৰ কোড এটা বনালোঁ৷ অতি সহজতে যিকোনো ভাষাৰপৰা অসমীয়ালৈ অনুবাদ হৈ যাব এতিয়া৷ ছেঃ ইমান দিনৰপৰা এইটো আইডিয়া কিয় অহা নাছিল মনলৈ!

: কিন্তু, গোস্বামীদা, কামটো ‘ইলিগেল’ হ’ল নেকি!

: নহয় হে ! বহুতেই এনেদৰে বিভিন্ন ভাষাৰপৰা লেখা আনি, অসমীয়ালৈ অনুবাদ কৰি নিজৰ বুলি কৈ প্ৰচাৰ কৰিয়েই আছে দেখোন৷ ‘অৰিজিনেল’টো বিচাৰি পঢ়ি থকাৰ সময় কাৰোবাৰ আছে জানো?

: কথাটো নোহোৱা নহয় অৱশ্যে! আমি কিমান লেখা পালোঁ জানে?

: অ’, কিমান হ’লনো? মই হিচাপেই কৰা নাই নহয়৷

: ২০০

: কি কোৱাহে? বঢ়িয়া৷ সাংঘাটিক কাম কৰি পেলালোঁ দিয়া, নহয়নে?

: হয় হয়, ফালি দিছে এইবাৰ আপুনি৷ এতিয়া এক তাৰিখলৈ অপেক্ষা কৰাৰহে কথা৷ নে কি কয়?

: হাঃ হাঃ হাঃ!

পুৱা ৭ বজাত এলাৰ্মটো বাজিল৷ লেখাখিনি লৈ গোস্বামীদা কেতিয়া গ’ল সঠিক সময়টো পাহৰিলোঁ৷ মুঠতে তেওঁ সাংঘাটিক সুখী৷ গা-পা ধুই অফিচলৈ ওলালোঁ৷ আজিৰপৰা ‘ৱৰ্ক ফ্ৰম হ’ম’ৰ পৰিধিও সমাপ্ত৷ সুদীৰ্ঘ দুবছৰৰ অন্তত অফিচলৈ ওলাইছোঁ৷ কৰোনাই বহুতৰে জীৱনলৈ পৰিৱৰ্তন আনিলে৷ বহুতে কাম হেৰুৱালে, আন বহুতে জীৱন৷ মোৰহে পিছে ঘৰতে বহি বহি পেটটো বেছিকৈ ওলাল৷ জুবিনৰ প্ৰিয় গীতটো গুণগুণাই স্কুটাৰখনৰ ওচৰলৈ আগুৱাই গ’লোঁ৷

মই ভাগৰা নাই

জীৱন হেৰুওৱা নাই!

জোনাক গলা

জাৰৰ…….

******

 

ছেপ্তেম্বৰ শেষ৷ অক্টোবৰৰ আজি তিনিদিন পাৰ হ’ল৷ সকলোবোৰ গতানুগতিকভাৱে চলি আছে, মোৰহে মনটো সিমান ঠিক নাই৷ তিনিদিন হ’ল, গোস্বামীদাক ফোন লগাই পোৱা নাই৷ কেতিয়াবা ৰিং গৈছে, কেতিয়াবা আকৌ ফোনটো ৰিঙেই নহয়৷

হৈছে কি মানুহজনৰ! আলোচনীখনৰ বা কি হ’ল!

তেওঁ কোৱামতে এইবাৰ হিট হ’বই৷ হয়তো ব্যস্ত আছে সম্পাদনা পেনেলৰ আনকেইজনৰ লগত৷ হয়তো চাক্সেজ পাৰ্টি !

ঘৰলৈ আহি বিছনাতে বাগৰি আলোচনীখন খুলিবলৈ কেইবাবাৰো চেষ্টা কৰিলোঁ৷ মোবাইলটোত ৱেবচাইট খোল খাইছে ঠিকেই, কিন্তু এইখনচোন আগষ্টৰ সংখ্যাহে৷ নতুনখন পাব্লিচ হোৱা নাই!

: আজি তিনি তাৰিখ নহয় জানো? এক তাৰিখে পুৱা দহ বজাতেই ওলাব নালাগিছিল জানো!

কাক সোধোঁ? কাকতিদাকে ‘ডাইৰেক্ট’ সুধি দিওঁ নেকি?

ফোন কৰিলে বেয়া পাব পাৰে, ব্যস্ত মানুহ৷ ‘মেচেজ’কে দিওঁ!

নম্বৰটো উলিয়াই দেখিলোঁ, তেওঁ হোৱাটচএপত  অনলাইন আছে৷

: কাকতিদা, ভালনে?

: অঁ, আছোঁ দিয়া৷ তুমি কেনে আছা? বহুদিন খবৰ পোৱা নাই!

: মই আছোঁ৷ এই আলোচনীখন পোৱা নাই যে এইবাৰৰ? কিবা গণ্ডগোল হৈছে নেকি?

: অ’, তুমি গম নোপোৱা নেকি কথাটো?

: নাপাওঁতো একো৷ কি হৈছে?

: চম্পাই নাই, আলোচনী ক’ৰপৰা ওলাবহে?

: মানে?

: যোৱা ২৬ তাৰিখে চম্পা সিপুৰীলৈ গ’ল৷

: মানে? কি কয়হে কাকতিদা? সিপুৰীলৈ মানে?

: মানে কি আৰু, গোস্বামী নাই৷

: নাই মানে? কি কৈছে আপুনি?

: লেখা নাপাই মানুহটোৱে ইহলীলা সম্বৰণ কৰিলে৷

: বিশ্বাস কৰিব পৰা নাই৷ লেখা নাপালে কোনোবাই এনেকুৱা কৰে নেকি?

: নাজানো কি হ’ল, মুঠতে যোৱা ২৬ তাৰিখে তেওঁৰ লগত আমাৰ শেষ কথা৷ তাৰ পিছতেই বেয়া খবৰটো৷ ইতিমধ্যে এইবাৰৰ আলোচনী প্ৰকাশ নহয় বুলি আনুষ্ঠানিক ঘোষণাও দিয়া হৈছে৷ আমি শোক সভাও কৰিলোঁ সকলোৱে মিলি৷ তুমি ফেচবুকত নাই নেকি?

আৰু কিবাকিবি কৈ আছিল কাকতিদাই৷ পিছে মোৰ কাণত একো নোসোমাল৷

২৬ তাৰিখেই অন্তিম কথা হোৱা যদি ২৮ তাৰিখে ৰাতি তেওঁ মোৰ ওচৰলৈ কেনেকৈ আহিল? মানে তেওঁ সোঁশৰীৰে অহা নাছিল নেকি মোৰ ওচৰলৈ? কথাটো মই সিদিনা ভাবিয়েই নাচালোঁ, দুঘণ্টাৰ ভিতৰত তেওঁ অসমৰপৰা মই থকা ঠাইলৈ অহাটোও অসম্ভৱ কথা নহয়নে? মই থাকোঁ অসমৰপৰা ২০০০ কিলোমিটাৰ আঁতৰত! হে হৰি !! মানে মই এটা ভূতৰ সৈতে এৰাতি অকলে অকলে…… কি কৰোঁ মই এতিয়া !কলৈ যাওঁ!! মোৰ গাত লম্ভিলে নেকি বাৰু মানুহজন!!!

হেৰি, গোস্বামীদা! মোৰ শৰীৰত যদি মনে মনে সোমাই আছে, ওলাই আহক দেই, ভালে ভালে কৈছোঁ কিন্তু!

আই ঔ! মোৰ ছাঁটো ইমান দীঘলীয়া কিয় হৈ গৈ আছে? এই সন্ধিয়া মোৰ ছাঁ কেনেকৈ ওলাইছে?

আৰু ভিতৰত ৰ’ব নোৱাৰিলোঁ৷ দুয়োখন কাণৰপৰা যেন জুইহে ওলাই আহিছে৷ মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰিছে৷ ফোনটো হাতৰপৰা দলিয়াই বাহিৰলৈ দৌৰ দিলোঁ৷

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *