ফটাঢোল

যা দেৱী সৰ্ব ভূতেষু- জিতু শৰ্মা

যা দেবী সৰ্ব ভুতেষু  (১)

–হেল’ লুকু, কি কৰিছ? বহু দিন ফোন চোন কৰা নাই যে? 

বিষ্ণুৰ ভালনে?

–উঃ মাআআ, একেবাৰতে ইমানবোৰ খবৰ একেলগে  সুধিলে কেনেকৈ কওঁ বাৰু? মোৰ ভালেই, চিৰিয়েল এখন চাই আছিলোঁ। বিষ্ণুৱে এই ব্ৰহ্মাৰ লগত কিবা ফোনত আলোচনা কৰি আছে।

তোমাৰ কোৱা।

— মোৰো ভালেই, হেৰি নহয়,আমাৰ যাবৰ হলেই নহয়!

–ক’লৈ মা?

— উৱাআ কি পাহৰিলি নেকি?  পূজা পালেহিয়েইচোন, মৰতলৈ আক’। বছৰত এই চাৰিটা দিন হে পাওঁ। তাকো যোৱা দুবছৰ যোৱা নহ’লেই, এইবাৰ সুবিধাটো দিছে যেতিয়া নগ’লে হ’ব নেকি?

— না মা, মই এইবাৰ নেযাওঁ বুলি ভাবিছোঁ, মৰতত বিশেষ কে অসমত দেখা নাই জানো? ক’ভিড প্ৰট’কল মানি পূজা পাতিব দিছে। কিন্তু কেইজনে প্ৰট’কল ফল’ কৰিছে? কি ৰজা ঘৰীয়াকে চাবা, নে কি প্ৰজা ঘৰীয়াক? না ‘মাস্ক’ না ‘চচিয়েল দিষ্টেন্স’। আৰু সঁচা কথা ক’বলৈ গ’লে ময়ো এই ‘মাস্ক চেনিটাইজাৰ’ৰ কাৰবাৰটো একদম বেয়া পাওঁ। ইমান পইচা খৰচ কৰি মে’ক আপ কৰি ইমান দামী লিপষ্টিক লগাই যদি মুখখনেই মানুহে নেদেখে, তেন্তে কি লাভ? আৰু বাৰে বাৰে হাতত চেনিটাইজাৰ সানি থাকিলে মোৰ হাতৰ মেহেন্দী খিনিও বেয়া হৈ  যায়। সেয়ে এইবাৰ নেযাওঁ বুলি ভাবিছোঁ। তোমালোকেই যোৱা, মই ইয়াতে ‘টি.ভি.’ত ‘লাইভ’ চাম।

— কি কথা কৱ অ’? আমাৰ সাতটাৰ ভিতৰত এটা  নগ’লে কি মৰতত পূজা হ’ব নেকি?

তোৰ এই ফেচনেই তোক খালে আৰু। সেইবোৰ মই একো নুশুনো। নৰমনিচে পূজা পাতিছে যেতিয়া আমি যাবই লাগিব। ‘ইট্চ্ মাই অৰ্ডাৰ।’

— ৰবা এওঁক সুধি চাওঁ।

— বিষ্ণুক সুধিবলে আক’ কি আছে? সি পঠাবই। মই তাক ফোনত ক’ম বাৰু। মই এতিয়া বীণুক ফোন কৰোঁ, তাই যাব বুলি জানোঁ।আৰু শুন, কাইলৈ মই তোলৈ ফোন কৰিম আৰু কেতিয়া যাব লাগে ক’ম। এতিয়া ফোন ৰাখ।

                     ********************

পুৱাতেই আগতীয়াকৈ দলেবলে আহি দেৱী মা মৰতত মানে অসম পালেহি । কাজিৰঙাতে সকলোৱে নিজৰ নিজৰ  বাহনসমূহ ‘পাৰ্ক’ কৰি সকলোৱে ‘ডিচিচন” ল’লে যে দিনতো ‘ফ্ৰি’ যিহেতু, সকলোৱে নিজৰ নিজৰ ‘পাৰ্চনেল’ কাম  কেইটামান  ‘নিপতা’ই লওঁ,  এইবুলি  মানুহৰ ভেশত সকলো বেলেগে বেলেগে  ৰাওনা হ’ল। মাতাই ক’লে তহঁত গৈ থাকচোন, মই ফোন এটা কৰি লওঁ…..এইবুলি চিধাই মহাদেৱক ফোন লগালে । দুবাৰমান ৰিং হোৱাৰ পাছতো ফোন ৰিচিভ নকৰাত খঙতে ফোনটো থেকেচা মাৰিবলৈ হাতখন দাঙিবলৈ লওঁতেই মহাদেৱৰ ‘কল বেক’। 

 অঁ জানু, ফোনটো ‘ৰিচিভ’ কৰিবলৈ ইমান দেৰি লাগে নে? নে মই নথকা সুযোগ লৈ ৰাতি দ’জটো অলপ বেছি ল’লা? উঠিবই পৰা নাই চাগে!

সিফালৰ পৰা মহাদেৱে ক’লে, 

-নহয় অ’ দুৰ্গে, টইলেটত গ’লেও ফোনটো লৈ যাম নেকি ? আৰু এই তুমি যে মোক ‘জানু’ বুলি ক’লা,সেইটো মানে কি নো?  তুমিতো মোক স্বামী বুলিহে সম্বোধন কৰা।

 — নহয় অঅ ‘নত্টু ডাৰ্লিং’, ইয়াত ‘হাব্বি’বোৰক আই  মিন স্বামীসকলক সবেই এনেকৈয়ে মাতে।

— ‘বাত হোৱাট ইজ নট্ টু ডাৰ্লিং?  ( ৰাতি      দ’জটোৰ চোক চাগে কমাই নাছিল ফৰফৰাই ইংৰাজী ওলাই আহিল ।)

— কিয় ? তোমাক কেতিয়াবা মৰমতে স্বামী,নটৰাজ বুলিও কওঁ দেখোন,সেয়াই আক’!বাৰু বাদ দিয়া , মই আহি পালোঁহি, সেই পুৰণিকলীয়া নাওখনত আহি বৰ ভাগৰ লাগিছে জানা? অহাবছৰলৈ যদি আকৌ নাৱত আহিবলগীয়া হয়, এইখনত নাহোঁ কিন্তু!ইয়াত এতিয়া ব্ৰহ্মপুত্ৰত ইমান ধুনীয়া ৰ’ ৰ’ জাহাজ চলিছে তাৰে এখনত আহিম। তুমি আগতীয়াকৈ বুক কৰি দিবা। বাৰু এতিয়া ‘বাই’, মই অলপ ‘ফ্ৰেচ’ হৈ লওঁ। তোমাৰ টোপনি ভঙাই নাই যদি শুই লোৱা।পাছত কথা পাতিম । ‘বাআআই’ ওম্মাআহ বুলি ফোন কাটি দিলে আৰু নিজৰ দৈৱ শক্তিৰ সহায়ত এখন স্কুটি যোগাৰ কৰি  তাৰপৰা ৰাওনা হ’ ল।

 মূল পথত উঠি চিধাই গুৱাহাটীলৈ বুলি গৈ আছে ।

জখলাবন্ধাত চাহ একাপ খাওঁ বুলি  ধাবা এখনত সোমাই দেখে যে তাত আগৰপৰাই লক্ষ্মী , সৰস্বতী, কাৰ্তিক আৰু  গণেশ টেবুল এখনৰ চাৰিওফালে চাৰিজন বহি আছে । কোনোবাই চাওমিন কোনোবাই ব্ৰেড পকৌৰা কোনোবাই আকৌ ৰ’ল ইত্যাদি খোৱাত ব্যস্ত। মহিষক নেদেখি কাৰ্তিককে সুধিলে , 

-মহিষ ক’ত?

 কাৰ্তিকে কেবিন এটাৰফালে চকুৰে ইংগিত দিলত মাতাই তাত গৈ দেখে যে মহিষ অকলে টেবুল এখন অধিকাৰ কৰি দীঘল বটল এটা, পানীৰ বটল 

আৰু  গিলাচ আগত  লৈ বহি আছে । প্লেটত কাজু।

খংটো টিঙিচকৈ উঠিল যদিও ভালদৰেই ক’লে, 

ৰাতিপুৱাই আৰম্ভ কৰিলিয়েই যে?গোটেই দিনটো আছেই দেখোন!

— বৰ ‘হেং’ মাৰি আছে অ’ মাতা, সেয়ে ‘হেং’ কমাওঁ বুলিহে এই দুই পেগ মাৰি ল’লোঁ।

— হ’ব দে বেছি নেখাবি , আৰু তিনিঘণ্টাৰ ৰাস্তা আছে।গাড়ীতো তই নিজেই চলাই আহিছ? কি গাড়ী ল’লি?

—স্কৰ্পিয়’ এখনকে লৈ আহিলোঁ। 

— আৰু ইহঁত?

—-সবেই নিজৰ নিজৰ । গনেশ বাবাই টাটা চাফাৰি,কাৰ্তিক বোপাই অ’ডি,সৰস্বতী আৰু লক্ষ্মী মাই এটিঅচ এখন লৈ আহিছে।

— হ’ব দে,এতিয়া সোনকাল কৰ—- বুলি কৈ আকৌ আহি  লক্ষ্মীৰ ওচৰত বহিলহি । আৰু ক’লে তহঁতে সকলোৱে যে নিজাববীয়াকৈ গাড়ী লৈ আহিলি, তেলৰ দাম কিমান হৈ আছে জান? ইন’ভা এখনতে আটাই কেইটাই গুচি আহিব নোৱাৰিলিনে?

তেতিয়া সৰস্বতীয়ে কাটা চামুচেৰে ব্ৰেড পকৌৰা এটুকুৰা মুখত ভৰাই লৈ ক’লে, 

-মইতো কৈছিলোঁ।এই কাৰ্তিকে হে নুশুনিলে , সি বোলে বহু দিন অকলে ‘লং ড্ৰাইভ’ত নাই যোৱা । সেই তেতিয়াই গণেশদাই মাৰ চাৰিওফালে যে  ঘুৰি আছিল, তেতিয়াই বোলে সি অকলে ‘লং ড্ৰাইভ’ত যোৱা । তাকে দেখি গণেশদাকো অকলে আহিবলে লাগে। আমি দুজনীহে একেলগে আহিছোঁ ন বা?  

সৰস্বতীয়ে লক্ষ্মীৰ ফালে  চাই কলে। লক্ষ্মীয়েও সামান্য মূৰটো জোকাৰি হয়ভৰ দিলে। মাতাই ক’লে মই জানো তহঁত বুজা ছোৱালী । তহঁতে হাত ধৰি চলিব জান। এনেতে ল’ৰা এজন আহি ৰঙা চাহ একাপ আৰু  বিস্কুট দুটা দি গ’ল মাতাৰ আগত । সৰস্বতীয়ে আকৌ মাত লগালে , 

-নহয় , গাড়ীখন মইহে ‘ড্ৰাইভ’ কৰি আহিছোঁ। বাই বোলে ‘ড্ৰাইভ’ নকৰে । ‘ড্ৰাইভাৰ’ এজন বিচাৰিছিল, মই বোলো কিয় ‘ড্ৰাইভাৰ’ লাগে ? আমি দেখোন গাড়ী চলাব জানোৱেই । দুইজনীয়ে সলনা সলনিকৈ চলাই যাম। বাই বোলে ‘ড্ৰাইভাৰ’ এজন নাথাকিলে ‘ষ্টেটাচ চিম্বল’ নাথাকে। সেয়ে ময়েই চলাই আহিছোঁ। 

লক্ষ্মীয়ে ঘোপাকৈ সৰস্বতীৰ ফালে চোৱা দেখি মাতাই বুজিলে ইহঁতৰ কাজিয়া লাগিব এতিয়া ।সেয়ে মাজতে মাত দিলে , 

-হ’ব দে, তাইৰ টকা-পইচা অলপ বেছি যে, সেইটো হ’বই। তই জনা বুজা ছোৱালী একো নাই দে হ’ব, এতিয়া ব’লহঁত। 

অ’ই মহিষ হ’ল নে তোৰ?

— মই গৈ আছোঁ মাতা, আপোনালোক আগবাঢ়ক।

—-হ’ব, ৰাতিপুৱাই সেইসোপা গিলি লৈ যাকে তাকে মহতিয়াই যাব নালাগে।ইহঁতৰ পাছে পাছে লাহে লাহে  আহি থাক, ‘ৱেইটাৰ বিল’? 

লক্ষীয়ে মাত দিলে,

-‘বিল’ মই দিম । তুমিও যে আৰু !স্কুটিখন হে ল’ব লাগেনে? ইমান দূৰ বাট। হ’ব হ’ব, তুমি গৈ থাকা।

আমিও গৈ আছোঁ।

ধাবাৰপৰা ওলাই মাই স্কুটিখন ষ্টাৰ্ট কৰিবলৈ লৈছেহে,  হঠাৎ কিবা এটা মনত পৰাত পুণৰ ধাবালৈ সোমাই আহিল।লক্ষ্মীয়ে বেগৰ ভিতৰত থকা সৰু আইনাখন উলিয়াই ওঁঠৰ লিপষ্টিক মিলোৱাত ব্যস্ত । আৰু সৰস্বতী পাৰ্চটো সামৰাত।

 -মা আকৌ কি হ’ল ? লক্ষীয়ে সুধিলে।

—তহঁতে আকৌ বাটত গৈ থাকোঁতে কাজিয়া কৰি নেযাবি ।আৰু ফেচু, তোৰ এই অকণমান কথাতে খং উঠা স্বভাৱতো এৰিবি, ঘৰত যি কৰ কৰি থাক। অন্ততঃ এইদৰে কাজিয়া বাটত কৰি নেযাবি।

(মাই আক’  ‘মূদ’ত থাকিলে লক্ষ্মীক ফেচু বুলি মাতে।ফেঁচাটোৰ লগতে খেলি থাকে যে ! আৰু সৰস্বতীক বীণু বুলি মাতে মৰমতে। আজৰি সময়ত বীণাখন লৈ ব্যস্ত যিহেতু)

আৰু বীণু তই বায়েৰৰ কথাবোৰ শুনিবি। হাজাৰ হওক তোতকৈ ডাঙৰ।

-হ’ব মা, তুমি গৈ থাকা।—-সৰস্বতীয়ে উত্তৰ দিলে।

পুণৰ আহি মাই দোপাট্টা খন পিছফালে বান্ধি লৈ ‘হেলমেট’টো পৰিধান কৰি এ’ক্সিলেটৰ’ পকাই ৰাওনা হ’ল।

কিমান দিনৰ কথানো ? সৌ সিদিনালৈকে দেখোন মোৰ আঁচলত ধৰিয়েই  ডাঙৰ হৈছে চাৰিওটা । গণেশটো বৰ অজলা, খালী মোৰ চাদৰৰ আঁৰতে লুকাই থকা আছিল।এতিয়া যেনিবা জনা বুজা গহীন  হৈছে । নিজৰ দপ্তৰৰ কাম কাজ ভালকৈয়ে চম্ভালিছে, মাত্ৰ বুন্দিয়া লাডু  দেখিলেহে ক’ব নোৱাৰা হয়,যেনেকৈয়ে নহওক থাপ মাৰি আনি টপককে মুখত ভৰাব। সৰহভাগ তাকে লাগে। অবশ্যে তাৰ পেটটোও ডাঙৰ নহয়, খাবই আৰু!এই কাৰ্তিকটোলৈহে চিন্তা। বৰ চঞ্চল, পুটুককে বাইকখন লৈ কেতিয়া ওলাই যায় ধৰিবই নোৱাৰি। তাৰ ‘চ্চাল’ টোও অলপ বেছি, দিনটোতে যে কিমানবাৰ আইনাখনৰ আগত তাৰ কেটৱাক,  ফেচুৰ লগত সেইলৈয়ে কাজিয়া।অবশ্যে হ’বই, সি যিটোহে মৰমলগা! মৰতত হোৱাহ’লে কিমান কেইজনীৰ লগত যে তাৰ ……. এহ কিবোৰ যে ভাবি আহিছোঁ পাই !

 হঠাৎ তীব্ৰ ‘হৰ্ন’ৰ শব্দত চক খাই উঠিল । কোনোমতে স্কুটিখন  ‘চাইদ’ দি গৈ থাকিল, একেলগে তিনিখনকৈ বাইকত আঠটাকৈ চেঙেলীয়া পাৰ হৈ গ’ল, উদ্ভট কিছুমান চিঞৰ মাৰি । হয়তো কোনোবা ‘বড়ে বাপকী বিগড়ে হোৱে আওলাদ’। ধৈ! যেনেকৈ মৰ মৰগৈ যা। মোৰ কি আহে যায়? মইতো  এতিয়া ইয়াৰ নৰমনিচ।

 আকৌ ভাববোৰ আহিবলৈ ধৰিলে ।

বীণুজনীক লৈ একো চিন্তা নাই , কথাবোৰ বুজি পায়। সকলো সময়তে কিতাপ লৈয়ে ব্যস্ত হৈ থাকে।আবেলি সময়ত ‘ৰেগুলাৰ’ বীণাৰ ৰেৱাজ, কেতিয়াবা সময় পালে পুখুৰীৰ পাৰলৈ গৈ হাঁহ কেইটাৰ সতে  কিবা কথা পাতে। তাইৰ লগ-সংগবোৰো ভাল । কেতিয়াবা ক’ৰবালে গ’লেও কোনো ‘স্কুল ইউনিভাৰ্ছিটি’ৰ চেমিনাৰবোৰলৈহে যায়। নাইবা কোনো সংগীত সভালৈ।

কিন্ত লক্ষ্মীজনী!অনবৰতে ধান চাউল, টকা পইচা, এইবোৰৰ চিন্তা।আৰু উঠা বহাও এই ডাঙৰ ডাঙৰ বেপাৰীসোপাৰ লগত, চিন্তাও হয়। কেতিয়াবা  কোনো কোনো  নৰ মনিচে বু বু বা বা কৰাও শুনোঁ,

-আই লক্ষ্মীয়েনো আমাক ক’ত আশীৰ্বাদ দিব? ডাঙৰ ডাঙৰ ক’লা বেপাৰী আৰু চৰকাৰী ঘোচখোৰ চাকৰিয়ালবোৰক হে দিব। এইক ইয়ালে আনিবলৈ ভয়ে হয়। ইয়াত থকা কেইদিনতে যদি কিবা তদন্তৰ আওতাত সোমাই পৰে!! ধৈ ! কি যে ভাবি আহিছোঁ নহয়। ভোলো ( ভোলানাথ ) তুমি চাবা আৰু।

 দেবী মাইকী জয় । বিপৰীত ফালৰপৰা এখন ট্ৰাকৰ ওপৰত কেইটামান ল’ৰাই প্ৰতিমা লৈ আহি আছে । হেৰৌ মোৰতো জয়েই জয়। তহঁতৰ জয়ৰ কথা চিন্তা কৰচোন, জয়ধ্বনি মোৰ নামত আৰু চকু ৰাস্তাৰ ছোৱালীৰ  ওপৰত। ইমানেই যদি মাৰলৈ ভক্তি,তেন্তে দিনতে সেই সোপা গিলি লৈ ইমান বাটৰুৱাৰ কাণকেইখন ফালিছ কিহপা? ওহ ! সেইটোলে চা, বেটা জিভা নুঘূৰাই হল। তহঁত কেইটাই আজি যে গা ধুইছ, মোৰ সন্দেহ । মাৰৰ জয় গাবলে আহ, কটা নিধক বোৰ!

 ট্ৰাক খন পাৰ হৈ গল ।

এএ যোৰাবাট পালোহিয়েই ।

ক্ৰমশঃ

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *