ফটাঢোল

মই আৰু মোৰ পে’ট (pet)-ৰূপম ৰিদিপ

পে’টৰ কথা ক’বলৈ ওলাইছোঁ যদিও পে’ট মানে অসমীয়াত পেট নহয়। ইংৰাজীত Pet;  মানে মোৰ পোহনীয়া প্ৰাণীটো। মই যেতিয়া সৰু আছিলোঁ তেতিয়া সি মোৰ পোহনীয়া নাছিল। আচলতে তাৰ আৰু তাৰ চৈধ্য পুৰুষৰ তেতিয়া জন্মই হোৱা নাছিল। সি যেতিয়া মোৰ পোহনীয়া হৈছিল তেতিয়া সি কিশোৰ আছিল, নে যৌৱনপ্ৰাপ্ত নে বুঢ়া মই নাজানিছিলোঁ। তদুপৰি তাৰ লিংগ কি আছিল সেইটোও জনা নাছিলোঁ।

কথাবোৰ অকণমান বুজিবলৈ সমস্যা হৈছে নিশ্চয়! সহজ কৰোঁ। মোৰ পোহনীয়া প্ৰাণীটো এটা মহ। মহ বানানটোত যিহেতু উৰ্দ্ধকমা দিয়া নাই, গতিকে এইটো এটা তেজখোৱা মহ। ঘাঁহখোৱা ম’হবিধ নহয়। কনফিউজ নহ’বলৈ এইখিনি বৰ্ণনা কৰিলোঁ। বাৰু! মূল কাহিনীলৈ আহো

এই যে পোহনীয়া মহটোৰ বিষয়ে ক’বলৈ লৈছোঁ, সি আজিহে মোৰ পোহনীয়া হৈছিল। আৰম্ভণিৰে পৰা কৈছোঁ শুনক। যিহেতু আজি দেওবাৰ আছিল, দিনটোত বিশেষ কাম কৰা নাছিলোঁ। ভাত খাওঁতে সদায়েই তিনি মান বাজে। আজিও তেনে এটা সময়ে হৈছিল। ভাতকেইটা খায়েই পেটটো গেৰেলা টাইপ ফিল এটা আহে আৰু চিধাই আহি বিছনাত পৰি দিওঁ। আজিও পৰিছিলোঁ। চিলমিলকৈ টোপনিটো আহিছিলেই, তেতিয়াই গায়ক এজন আহি কাণত গুণগুণাবলৈ লাগিল। চকুদুটা অলপকৈ মেলি চালোঁ। ভাবিছিলোঁ ভৃগু কাশ্যপে মোৰ কাণত কিয় গান গাবলৈ লাগিছে! মানে চিলমিল টোপনিত তেনেকুৱাই লাগিছিল। ওহোঁ! ভৃগু কাশ্যপ নাছিল। আছিল এটা মহ। পিচে টোপনিটোলৈ মোৰ বৰ মৰম জাগিছিল সেই সময়ত। ভাঙি দিবলৈ বিচৰা নাছিলোঁ। ভাবিলোঁ, এটাহে মহ! ইয়াক পুহিম। ইয়াক নামাৰোঁ, মোৰ টোপনিও নাভাঙো। এটা মহে তেজ খাবনো কিমান! নিজৰ গাতে ব্লাড ড’নেচন কেম্প খুলি মহটো পুহিলোঁ। আকৌ শুবলৈ চেষ্টা কৰিলোঁ।

পেটটো পেলাই হাতদুখন মূৰৰ ওপৰৰ ফালে কৰি শুই থাকিলোঁ। টোপনিটো আহিছিলেই। মহটোৱে দ্বিতীয়বাৰ খুচিলে। খুচিবলৈ দিলোঁ। এইটো মোৰ পোহনীয়া মহ। মাৰিব নোৱাৰোঁ। অকণমান পাছতে সি গ’লগৈ। মই হাতখন খজুৱাই লৈ পৰি থাকিলোঁ।

কেইটামান মিনিট পাৰ হ’ল। ৬/৭ বাৰ মান তাৰ খোঁচ খাই তেতিয়ালৈ মোৰ টোপনি ভাঙিছিল। তথাপিও এলাহ এলাহ ভাৱ এটা আছিল গাত। লৰচৰ নকৰাকৈ চকু মুদি থাকিলোঁ। সি আকৌ আহিল। আকৌ খুচিলে। একো নক’লোঁ। জানেই ন সি মোৰ পোহনীয়া। কিন্তু তেতিয়াই মোৰ মনলৈ কিছুমান কথাই খেলিবলৈ ল’লে। এই যে মহটোৱে বাৰে বাৰে আহি মোৰ পৰা তেজ খাই আছে, ই আচলতে ইমান তেজ খাইছে, নে প্ৰথমতে দুই-তিনিবাৰ এনেই কুলিকুলি কৰি পেলাই দিলে! মোৰ চকু ডাঙৰকৈ মেল খাই গ’ল। তাৰ বাবে ফ্ৰিত চাৰ্ভ কৰিছোঁ মানে এইটো নহয় যে মোৰ তেজ ভেল্যুলেছ! ই মোৰ তেজেৰে কুলিকুলি কেনেকৈ কৰিব পাৰে! খঙটো উঠি আহিল। কিন্তু পিছ মুহূৰ্ততে নিজকে চম্ভালি ল’লোঁ। কাৰণ ই মোৰ পোহনীয়া।

মগজটো ঠাণ্ডা কৰি লৈ চকু মুদি পুনৰ ভাবিলোঁ। চৰাইবোৰে নিজৰ পোৱালীবোৰৰ বাবেতো খাদ্য মুখত লৈ যায়। গৈ এটা এটাকৈ সবকে খুৱায়। ইয়ো চাগৈ নিজৰ পোৱালীবোৰক নি খুৱাইছে। ভাবি মনটো সেমেকি গ’ল। নিজৰে পোহনীয়া মহটোৰ বিষয়ে ইমান বেয়াকৈ ভাবিছিলোঁ। সিও তাৰ পৰিয়াল চলাব লাগে। তেতিয়ালৈ বাহু দুটাত কেইবাটাও ঠাইত ফুলি ফুলি উঠা দেখা গৈছিল। হৈ গ’ল। বহুত পুহিলোঁ মহ। আৰু ইচ্ছা নাই। শেষ এবাৰ চান্স দিম। তাৰপাছত……..

সি আহিল। এইবাৰ চিধাই আহি মোৰ বন্ধ হৈ থকা চকুৰ পতাত বহিলে। একো বাধা নাপাই সি চাগৈ মোক ইমান সময়ে ডেডবডী বুলিয়ে ভাবি লৈছিল। চকুত বহি এঙামুৰি এটা মাৰি আকৌ শুংডাল সুমোৱাই দিলে। ওহোঁ, চকুত মহৰ খোঁচ সহিব নোৱাৰি। চকু মেলি দিলোঁ। সি চাগৈ ভয় খালে বহুত। তাৰ জোৰকৈ হোৱা হাৰ্টবিট মই শুনিবলৈ পাইছিলোঁ। কিন্তু খাই খাই তাৰ পেটটো এটা টোপোলা যেন হৈছিল। অকণমান উৰিলেই পৰি পৰি যায়। এইবাৰ মোৰো বহুত খং উঠিছিল। ইচ্ছা কৰিলেই তাক এতিয়াই এটা আঙুলিৰে হেঁচুকি মাৰিব পাৰোঁ। কাৰণ সি নিজৰ ভৰ নিজেই দাঙিব পৰা নাছিল। চকুৰ পতাৰ খজুৱতিত অস্বস্তি পাই হাতখন উঠালোঁ তাক মাৰিবলৈ। কিন্তু ৰৈ দিলোঁ। কাৰণ সি মোৰ পোহনীয়া আছিল আৰু…. আৰু মোৰ বৈধ সন্তান নহ’লেও তাৰ শৰীৰত মোৰেইতো তেজ আছিল।

☆ ★ ☆ ★ ☆

One comment

  • ৰঞ্জিত কুমাৰ শৰ্মা

    ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *