জলকেলি- বেদান্ত ফুকন
অলেখ ভিৰৰ মাজত তোমাক বাছি লৈছিলোঁ, মনত অন্তহীন হেপাঁহ তোমাক নিজৰ কৰাৰ৷
বৰ হেপাঁহেৰে ঘৰ সুমুৱাইছিলো তোমাক৷
তুমিও ন-কইনাৰ দৰেই আছিলা৷
সময় আহিছিল দুয়ো কাষ চপাৰ৷
উদগ্ৰীৱ হৈ দুৱাৰত চিটিকনি লগাই আৱৰণ খুলি পান কৰিছিলোঁ মন মাতাল কৰা তোমাৰ সুগন্ধি৷
ওহোঁ এনেকৈ নহয়, তোমাৰ সৈতে জলকেলিৰ দুৰ্বাৰ বাসনা৷
অঘটন এনেকৈয়ে হয়, হঠাতে আচম্বিতে৷
কম’ডত ডুবিছা তুমি, মই মাথোঁ চাই ৰৈছো, মই অসহায়, উদ্ধাৰ কৰিব নোৱাৰিম তোমাক৷
তোমাক চিৰবিদায়
ফিয়ামা (জেল বাৰ)৷৷
☆ ★ ☆ ★ ☆