জীউ বিনা যাউ কাহা-ডা০ প্রাঞ্জল জ্যোতি দত্ত
হাস্পাতালৰ ৱাৰ্ডত ভৰ্তি হৈ থকা ৰােগীকেইজনক পুৱা এবাৰ চাই যোৱাটো নিয়ম। প্রচলিত ভাষাত ৰাউণ্ড দিয়া। সেই কামফেৰাকে কৰি যাওঁ বুলি গাড়ীখনৰ পৰা নামি হাস্পাতালৰ বাৰাণ্ডাখনত ভৰি দিব খােজোতেই কাণত পৰিলহি হিন্দী গান এটাৰ এশাৰী – “তুনে প্যাৰ কিছি ছে কিয়া হে’। দেখিলােঁ বাৰাণ্ডাত পাৰি থোৱা দীঘল লােহাৰ বেঞ্চ এখনত বহি বিশ-বাইশ বছৰীয়া ল’ৰা এটা মােবাইলত গান
শুনাত ব্যস্ত। কাষেৰে কোন আহিছে বা পাৰ হৈ গৈছে তেনেবিধৰ বেমতলবৰ কথালৈ ভ্ৰূক্ষেপ কৰিবলৈ তাৰ ওচৰত সময় নাই যেন লাগিল। আঠ বাজিছেহে। ৰােগীৰ পৰিয়ালৰ মানুহক ৰােগীক দেখা কৰিবলৈ দিয়াৰ সময় ন বজাৰ পৰা। যদি ল’ৰাটো সেই উদ্দেশ্য লৈয়েই আহিছে, তেতিয়াও তাৰ হাতত নগদ এক ঘণ্টা জমা আছে। ইমান সময় এনেয়ে ব’ৰ হৈ থাকিব নে? আজিকালি তাতে মানুহৰ জীওটো হাততে, মানে শুদ্ধকৈ ক’লে হ’ব জীঅ’টো। আব্বানী বাবুৰ বকচিছ। এই যে হােটেলত ভালকৈ এপেট পুৰাই খাই বৈ উঠি
আল-ধৰা ল’ৰাকেইটাক বকছিচ দিয়ে কোনাে কোনোৱে। কাৰবাৰটাে ঠিক তেনেকুৱাই। আম্বানী বাবুক পেট পুৰাই খাবলৈ, গধূলি হেলিকপ্টাৰেৰে অফিছৰ পৰা চিধাই আহি ঘৰৰ মুধচত লেণ্ড কৰিবলৈ, মানুহজনীয়ে মুখখন অকণমান ওফোন্দোৱা যেন দেখিলেই মন গ’লেই ঠেহ ভাঙিব পৰা হীৰাৰ কাপােৰ এযােৰ দিব পৰাকৈ – আমাৰ ভাৰতীয়মখাই কম সুবিধা কৰি দিছেনে! এই জীওটোও আম্বানী বাবুৱে খুচ হৈ আমাক দিয়া তেনেকুৱা বিধৰ এটা বকচিছেই। গভিকে কামত লগাবহে লাগে।
সেই কাৰণেই অলপ ‘তু নে প্যাৰ কিচি চে কিয়া হে’ কে শুনি ৰোমাণ্টিক হৈ লােৱাই ভাল। হস্পিটেল হ’ল বুলিয়েইনো কি কথাটো হ’ল? গান এটা শুনি মনটো ফৰকাল হৈ থাকিলেহে ৰােগীৰ খা-খবৰ লৈও ভাল লাগিব। দৰকাৰ হ’লে ৰোগীকো তাৰেই অলপ মনােবল দি আহিবও পৰা যাব। পিছে ইমানবােৰ কথা
সি ভাবি থকা যে নাই সেয়া ধুৰূপ। ৰােমিঅ’টোক তাতে এৰি মই আগবাঢ়িলােঁ ৱার্ড অভিমুখে। ঠিক বাৰাণ্ডাৰ কেঁকুৰিটো ল’ব খুজিছােঁহে, কাণত পৰিলেহি – “তেৰে চেহেৰে ছে নজৰ নেহী হতটি, নজাৰে হম ক্যা দেখে’ ইফালে এবাৰ চালোঁ সিফালে এবাৰ চালােঁ। একো দেখোন নজৰত নপৰিল৷ ক’ৰ পৰা আহিছে
মাতটো? ধৰিব নােৱাৰি গৈ থাকিলােঁ। দেখিলােঁ দীঘল বাৰাণ্ডাখনেৰে চকা থকা, চলাই নিব পৰা এলুমিনিয়ামৰ বাকচ এটা চলাই চলাই ল’ৰা এটাই, খাপ পিতি থকা ৰােগীৰ অভিভাৱকসকলক পুৱাৰ পাওৰুটি আৰু চাহ বিলাই ফুৰিছে। তাৰ কাষেদি পাৰ হ’ব খুজিছোঁহে – “তেৰে চেহেৰে ছে”ৰ শব্দকইটা আহি চিধাই কর্ণ গহ্বৰত খুন্দা মাৰিলেহি। ল’ৰাটোৱে দুই হাতৰে চাহ আৰু পাওৰুটি বিলােৱাত ব্যস্ত। জেপতে জিঅ’টো ভৰাই লৈ, কামৰ মাজত তাৰমানে বৰডেকা গান শুনাতো মচগুল। এৰা ঠিকেইতাে মন লগাই কাম কৰিবলৈ হ’লে, এটা প্ৰেৰণাদায়ক পৰিবেশো লাগিবই। যদি সেয়া নাথাকে, হাত সাৱতি থাকিলে জানো হ’ব? পৰিবেশ তৈয়াৰ কৰি ল’লেই হ’ল। ল’ৰাটোৱে সিমানখিনিলৈকে নভবাটোৱেই স্বাভাৱিক। মই তাৰ হৈ কথাখিনি ভাবি ফূৰ্তি অকণমান পালােঁ। চাহ বিলাই থকাৰ মাজে মাজে সি শুনি থকা গানটো গুণগুণায়ো থাকিল। তাক তাতে এৰি মই মােৰ বাট ল’লােঁ। ৱাৰ্ডলৈ সােমাই যােৱাৰ লগে লগে ৰােগীৰ ফাইলকেইটা লৈ নাৰ্ছগৰাকী কাষ পালেহি। এক নম্বৰ বিচনাৰ ৰােগীজনৰ কাষ চাপি গ’লােঁ। বুঢ়া মানুহ। একেবাৰে লেবেজান। কপালত হাতখন থৈ সুধিলােঁ – ‘দেউতা কেনে পাইছে? কালি কৰিবলৈ দিয়া তেজ পৰীক্ষাৰ ৰিপৰ্টটো অনা হ’লনে?” অৱশ মানুহজনে সেহাই সেহাই ক’লে – ‘ছাৰ ল’ৰাইহে ক’ব পাৰিব। মই একো নাজানো – ক’ত জানো মৰিলগৈ এইটো!’ ল’ৰাক মাতিবলৈ কোৱাত তেখেতে মূৰটো লৰোৱাৰ নিচিনাকৈ অকণমান ইফালে সিফালে চালে। ওচৰ-পাজৰ ক’তাে ল’ৰাটোক নেদেখিলােঁ। ছেঃ তেজৰ ৰিপৰ্টটো বৰ জৰুৰী আছিল চিকিৎসাৰ কাৰণে। নাৰ্ছগৰাকীয়ে ইফালে সিফালে চাই থাকোতেই একোবত চিঞৰ মৰাৰ দৰেই মাত লগালে – ‘ছাৰ, সৌ ল’ৰাটো – চুইটছ বােৰ্ডখনৰ কাষত যে, সিয়েই এখেতৰ লগত থকা ল’ৰাজন।’ নাৰ্ছগৰাকীয়ে দেখুৱাই দিয়াৰ ফালে চাই দেখিলােঁ – হয় হালধীয়া পেণ্ট আৰু ৰঙা চোলা পিন্ধা ল’ৰা এটাই, এফালে প্লাগত মােবাইলটো চার্জত লগাই, আনফালে হেডফোনত কিবা শুনাত ব্যস্ত। নাৰ্ছগৰাকীয়ে দুবাৰমান মতাৰ পিছতো বপুৰাই কোনো সাৰ-সিকতি নেদেখুওৱাত, সৰু নাৰ্ছগৰাকীয়ে ওচৰলৈ গৈ তাক আঙুলিৰ খুচ এটা মাৰি দিয়াতহে যেনিবা সি হুচলৈ আহিল। সি লৰালৰিকৈ হেডফোনডাল কাণৰ পৰা এৰুৱাই, পৰিস্থিতিটো অনুধাৱন কৰি একজাপে আহি দেউতাকৰ কাষ পাই তলমুৱা হৈ থাকিল। ‘কি নাম তোমাৰ?’ – মই ল’ৰাটোক সুধিলােঁ। সি সেমেনা সেমেনিকৈ উত্তৰ দিলে – “বিন্দাছ, বিন্দাছ তাঁতী”। মই অকণমান ৰগৰ কৰো বুলিয়েই তাক সুধিলােঁ – “বাঃ বঢ়িয়া নাম। বাৰু বিন্দাচ ইমান সময়ে তুমি কি শুনি আছিলানো?” সি একো নামাতি তলমুৱা হৈয়েই থাকিল৷ মই আকৌ এবাৰ সােধাত সি সেমেনা সেমেনিকৈ ক’লে – ‘ছাৰ এনেয়ে গান এটা শুনি আছিলোঁ মােবাইলত।’ তাৰ চোলাৰ ওপৰৰ জেপত তেতিয়াও তাৰ ‘জিও’তো অকণমান ওলাই আছিল। মই ক’লােঁ, ‘বঢ়িয়া বাবা, গান শুনা ভাল কথা। পিছে এতিয়া মােক দেউতাৰাৰ ৰিপৰ্টটো দেখুউৱা। গান বাৰু পিছত আকৌ শুনিবা। গান শুনা ভাল।’ সি ৰিপৰ্টখিনি উলিয়াই দিলে। চশমাযোৰৰ অলপ পােনাই মেলি একান্তমনে ল’ৰাটোৱে দিয়া ৰিপৰ্টটো চাবলৈ ধৰিলােঁ। কাষত তিনিগৰাকী নাৰ্ছ থিয় হৈ আছে। অস্থি চৰ্মসাৰ
ৰোগীজনে উৎসুক দুচকুৰে মােৰ ফালে চাই আছে। গাত কথা নলগা পুতেকটোৱে বেপেৰুৱা চাৱনি এটাৰে ইফালে সিফালে চাই থাকিল।
‘তু প্যাৰ হে কিছি আউৰ কা, তুজে ছাহতা কোয়ি আউৰ হে’ – হঠাৎ ডাঙৰকৈ বাজি উঠা গানৰ
কলি এটাই গােটেইখন ৰজনজনাই গ’ল। মই ৰিপৰ্টখিনিৰ পৰা মূৰ তুলি ইফালে সিফালে চালােঁ৷ আকৌ গান। ক’ত বাজিল এইবাৰ। আজি গানৰ দিন হে নেকি? মিউজিক ডে নহয়তো! ‘তই আকৌ…’ তেনেকুৱা এটা মুডত মই অলপ কাঢ়াকৈ এইবাৰ বিন্দাছৰ ফালে চালােঁ। পিছে সি তেতিয়াও তলমুৱাটো
হৈয়েই আছিল। মানে বিন্দাচৰ জীওটোৰ পৰা ওলােৱা নাই গানটো। তেনেহ’লে? মই ইফালে সিফালে চোৱা দেখি এগৰাকী কম বয়সীয়া নাৰ্ছে ফিচিককৈ হাঁহি এটা মৰা মােৰ চকুত পৰিল। তাৰ পিছত বাকী দুগৰাকীয়েও। “তু পছন্দ হে কিছি অউৰ কা, তুজে মাংগতা কয়ী আউৰ হে…’ – গান চলি থাকিল। ফুল ভলিউমত। এইবাৰ বয়ষষ্ঠ নাৰ্ছগৰাকীয়ে লাহেকৈ মাত লগালে – ‘ছাৰ, আপােনাৰ মােবাইলটোহে বাজিছে
নেকি? চাওকচোন” তেতিয়াহে মােৰ হুঁচ আহিল৷ এৰা হয়তো – এইবাৰ দেখােন এয়া মােৰেই জিওতো। যোৱা ৰাতি মানুহজনীৰ লগত কিবা এখুন্দা লাগি, তেওঁকে শুনাই শুনাই কালি কেইবাবাৰাে বজাইছিলোঁ গানটো। তেনেকৈয়ে শুই থাকিলােঁ। এতিয়া পকেটত থোৱা অৱস্থাত হেঁচা খাই আকৌ জুৰিছে এৰাখিনিৰ
পৰাই — ‘তু প্যাৰ হে কিচি অউৰ কা..”
লৰালৰিকৈ জেপৰ পৰা উলিয়াই জীওটো বন্ধ কৰি দিলােঁ। একেবাৰে অফেই কৰি দিলােঁ৷ নাক আৰু ওঁঠৰ চৌপাশকণ অকণমান গৰম গৰম লাগিল। অলপ গহীনকৈ কৈ থ’লােঁ – “মােৰ ল’ৰা দুটাৰে কাৰবাৰ এইবােৰ, বৰ অঘাইতং।” নাৰ্ছকেইগৰাকী আৰু ল’ৰাটোৱেও মুখটিপি হাঁহিয়েই আছিল। গহীনকৈ ক’লেও মােৰ কথাষাৰ যে বৰ এটা আশ্বস্তজনক নহ’ল সেয়া ময়ো ঠিকেই বুজিলােঁ। বুঢ়া ৰােগীজনকহে হঁহা নেদেখিলােঁ। হয়তাে হাঁহি উঠিছিল, হাঁহিবহে পৰা নাছিল। আজি বিনা পইছাতে গম পাই গ’লােঁ – আম্বানীবাবুৰ বকছিচটো যিমান মজাৰ, সিমান ভয় লগাও। হ’লে কি হ’ব জীওটো এৰিবও নােৱাৰােঁ। জীও বিনা জাউ কাঁহা.. বুলি গানৰ কলি এটা আপোনা আপুনি মুখেৰে ওলাই আহিবই খুজিছিল। হঠাৎ ব্রেক মাৰি বুঢ়া ৰােগীজনৰ মুখলৈ চাই গহীনকৈ ক’লােঁ – “চাওঁ, অকণমান মুখখন মেলকচোন, অা-অা-আ…”
☆ ★ ☆ ★ ☆
10:58 pm
বৰ ধুনীয়া লিখিছা।ভাল লাগিল।
12:40 am
ধন্যবাদ জনালোঁ ?
4:56 pm
বঢ়িয়া লাগিল দাদা, সুন্দৰ ব্যংগ