এজনী মাইকী সিংহৰ সাধু-উজ্জ্বল দিপ্লু গগৈ
‘তাৰপাছত?’ – কথাখিনি শুনি আচলতে মোৰ হাঁহিম নে কান্দিম যেন লাগিল৷
‘হ’বলৈ কি থাকিল আৰু, যি কৰিবলৈ আছিল তায়ে কৰি পেলালে ন৷’ – বন্ধুৱে মুখখন তললৈ কৰিলে৷
খং আৰু লাজত ৰঙাচিঙা পৰা বন্ধুক মই আড্ডাটোৰ মাজৰপৰা তুলি আনিছিলোঁ৷ মই আড্ডালৈ গৈ পোৱাত সেইদিনা অলপমান দেৰি হৈছিল৷ ইতিমধ্যে বন্ধুক আনকেইটা লগৰে দিয়া কামোৰৰ কোবত সৰু-সুৰা তৰ্কাতৰ্কি এখনেই চলি আছিল৷ মই গৈ পায়ে তাক আনবোৰৰ মাজৰপৰা আঁতৰাই আনিছিলোঁ৷ অলপমান মগজুটো ঠাণ্ডা হোৱাৰ পাছত তাক সুধিছিলোঁ ঘটনাটোৰ কথা৷
বন্ধুৱে কৈ গ’ল, “জিলমিল আহিছিল৷ আহিছিল মানে ৰাতিপুৱাতে নাইট চুপাৰৰপৰা নামিছিলহি৷”
মই বুজি পালোঁ, জিলমিল মানে তাৰ অনলাইনত হোৱা প্ৰেমিকাজনী৷ কথাই প্ৰতি চিৰিয়াচ হৈ পৰা বন্ধুৰ স্বভাৱটো মই ভালদৰেই জানোঁ৷ জিলমিল নামৰ ছোৱালীজনীক পাবৰ কাৰণে সি কিমান ৰুটি বেলিব লগা হৈছিল সেইবিষয়ে মই প্ৰায় সকলোবোৰ কথাই জানিছিলোঁ৷ অনলাইনত প্ৰেম ষ্টাৰ্ট হোৱাৰ প্ৰায় তিনিমাহৰ পাছত তাই কিবা পৰীক্ষাৰ বাহানা দি গুৱাহাটীলৈ অহাৰ কথা আছিল বুলি জানিছিলোঁ কিন্তু কোনদিনা অহাৰ কথা সেয়াহে নাজানিছিলোঁ৷ যি কি নহওক, জিলমিল ডিব্ৰুগড়ৰপৰা আহি পাইছিলহি, বন্ধুৰ লগত ডেটিঙতো গৈছিল, কিন্তু তাৰপাছৰ পৰ্য্যায়ত বন্ধুৰ চাৰিত্ৰিক আকস্মিক পৰিৱৰ্তনটোহে মোক আচৰিত কৰি তুলিছিল৷ তাক সুধিলোঁ, “ঘটনাটো ডিটেইলচ কচোন কি হ’ল?”
বন্ধুৰ আকৌ বিমৰ্ষভৰা উত্তৰ, “দেখা নাইনি চবেই কামুৰি আছে, তোকো চাঞ্চ লাগে হ’বলা জোকাবলে৷”
দুখৰ সময়ত বন্ধুৰ কান্ধত হাত এখন ৰাখিব পৰাটোহে প্ৰকৃত বন্ধুত্বৰ চিন৷ বাকী লগৰকেইটালৈ মোৰ খং উঠিল, “আৰে বেচেৰাৰ মন বেয়া, তাৰে ওপৰত অযথা চুপতি মাৰিবলৈ কি দৰ্কাৰ তাহাঁতৰ৷”
বন্ধুলৈ চিগাৰেটৰ পেকেটৰপৰা চিগাৰেট এডাল উলিয়াই দি ক’লোঁ, “ল, এডাল টান, তাৰপাছত লাহে-ধীৰে সমস্যাটো ক মোক৷” গল্ডফ্লেকৰ পেকেটটোৰপৰা সি এডাল চিগাৰেট উলিয়াই লৈ প্ৰথমে জ্বলাই দুটামান পাফ মাৰি ল’লে তাৰপাছত লাহেকৈ তাৰ কথাখিনি আৰম্ভ কৰিলে –
“জিলমিল পালেহি ৰাতিপুৱাতে৷ পোনতে স্কুটীখন লৈ মই তাইক খানাপাৰাৰপৰা আনি জুৰ’ডত থকা তাইৰ পেহীয়েকৰ ঘৰত নমাই থৈ আহিলোঁ৷ জানিছই নহয় প্ৰথমবাৰ লগ পাইছোঁ৷”
মই বোলো কৈ যা শুনি আছোঁ৷
“অ’ তাৰপাছত আমাৰ দুইটাৰে লাজ লাজ ভাব৷ কি পাতিম কি নাপাতিম, তায়ো লাজৰ কোবত স্কুটীত দুয়োটাৰে মাজত বেগটো দিহে বহিছে৷ মুঠৰ ওপৰত ওঁ, আ, হ’ব, ভাল এনেধৰণৰ শব্দকেইটামানৰ বাহিৰে বেলেগ কথা একো নোলাল৷ শেষত যেনিবা তাইক পেহীয়েকৰ ঘৰৰ দুশমিটাৰমান আগত নমাবলৈ লওঁতে তাই ক’লে, ”আজি যে ফুৰিবলৈ যাম, ৰেষ্টুৰেণ্টবোৰলৈ নাযাওঁ দিয়া, চিনাকি মানুহ কম যোৱা ঠাইলৈ যাম, নহ’লে পেহীহঁতৰ দাদাকেইটাই দেখা পালে থ’ব মোক জেগাতে৷”
মইও ভাবিলোঁ কথাটো হয়, প্ৰেমৰ ফুলপাহ ফুলাৰ আগতেই যদি ককায়েককেইটাই মোহাৰি লৈ মোৰ পিঠিত ফুল বাচে সন্মানটো দেখোন বৰ বেয়াকৈ যাব৷ গতিকে ভাবি-গুণি ঠিক কৰি তাইক ক’লোঁ, “চিৰিয়াখানাতে সোমাম দুয়োটাই, তোমাৰ দাদাহঁত তালৈ চাগে বাঘ-সিংহ চাবলৈ নাহিব৷” তাইও সন্মতিসূচকভাবে মূৰ দুপিয়ালে৷
চিগাৰেটৰ পাবটো কেৰমবৰ্ডৰ ষ্ট্ৰাইকাৰটো মৰাৰ দৰে আঙুলি দুটাৰে দূৰলৈ চিটিকাই বন্ধুৱে শেষৰ ধোঁৱাখিনি এৰি মোক ক’লে,
“কাহিনী ষ্টাৰ্ট হ’ল তাৰপাছৰপৰাহে৷ দুয়োটাই দুইমান বজাত চিৰিয়াখানাৰ গেটৰ ভিতৰত সোমাই লৈ লগ হ’লোঁ৷ কথা পাতি পাতি মানুহৰ মাজেৰে আগবাঢ়ি গৈ বহিবলৈ ঠাই এটুকুৰা বিচাৰি ল’লোঁগৈ৷ জানই নহয় প্ৰথম লগপোৱা৷ তাইও তেতিয়ালৈকে ফ্ৰি হৈ পৰিছে, মোৰ মুখৰপৰাও কথা ওলাবলৈ ধৰিছিল৷ মনলৈ ভাব আহিছিল যেন আমাৰ আজি প্ৰথম মুখামুখি হ’বই নোৱাৰে, এয়া যেন জন্ম জন্মান্তৰৰ চিনাকি৷ এপাকত তাইৰ হাতখন মোৰ হাতৰ তলুৱাত নি ধৰি চালোঁ৷ তায়ো লাজুক লাজুক হাঁহিৰে হাতখন মোৰ হাতত দি মুখখন আন এফালে ঘূৰাই দিলে৷ মুহূৰ্তৰ ভিতৰতে মই হস্তৰেখাবিদ হৈ পৰিছিলোঁ৷ জমনি কৰিবলৈ তাইৰ হাতৰ ৰেখাবিলাক চাই চাই কৈ গ’লোঁ, তোমাৰ বিদ্যাৰেখা ইমান ভাল, তোমাৰ আয়ুসৰেখাডালো দীঘল৷
তাই সুধিলে, ‘আৰু প্ৰেম, বিবাহৰ কেইডাল?’
মই ক’লোঁ, “তাত দেখোন মোৰ নামটোৰ প্ৰথম আখৰটোৱেই লিখা আছে৷”
ৰঙাচিঙা পৰা মুখখনেৰে ‘যাঃ এইটো’ বুলি তাই মোক লাহেকৈ ঠেলা এটা মাৰি দিলে৷’
এইবাৰ মোৰ মানে এই লেখকৰ মূৰটো গৰম হ’বলৈ আৰম্ভ কৰি তাৰ গাল দুখনত হস্তৰেখা কেইডালৰ চিন বহাবলৈ মন গ’ল৷ তাক ক’লোঁ, “হেৰৌ এই পেনপেনীয়া কাহিনী শুনাবলৈ গ’লে তোক কোনে কামোৰ নিদিব কচোন৷ তাৰপাছৰ প্ৰেমৰ লেকচাৰখিনিও চাগে লাহেকে তাই মোৰ কান্ধত মূৰটো থ’লে, হাতখনত চুমা এটা দিলোঁ, লাহেকৈ গালত………৷”
বন্ধু জকজকাই উঠিল, “ঐ মূৰ্খ চিৰিয়াখানাৰ অপেন এৰিয়াত বহি লৈ চুমা খাব নোৱাৰি নহয়, পাব্লিকৰ পিটন খাব লাগিব আৰু কথাখিনি তেনেকুৱা নহয় তই যি ভাবিছ, গতিকে বাকীখিনি চুপচাপ শুনি ল, নহ’লে মই একোডাল ক’বলৈ নাই৷”
মইও ততভত খাই তাক ক’লোঁ, “হ’ব হৈছে, কৈ যা বাকীখিনি৷”
বন্ধুৱে আকৌ আৰম্ভ কৰিলে,”ঠিক সেইসময়তে আমি বহি থকা ঠাইখিনিতে গাড়ী এখন ৰৈছিলহি৷ গাড়ীখনৰ পাছফালটো ডাঠ সেউজীয়া কাপোৰেৰে ঢকা৷ ড্ৰাইভাৰটোৱে আমাৰ ফালে চাই আঁতৰিবলৈ কৈ থৈ গ’ল৷ তাৰ কথালৈ পাত্তা নিদি আমি আমাৰ কথাত বিজি হৈ থাকিলোঁ৷ হঠাৎ জিলমিলে ক’লে,
‘গাড়ীখনৰ পাছফালটো কিয় ঢাকি থৈছেনো?’
মইনো আৰু ক’ৰ বনবিষয়াটো! কি আনিছে কেনেকৈ জানিম! তথাপিও তাইক ক’লোঁ পিঞ্জৰাত ভৰাই কিবা জন্তু আনিছে চাগৈ৷ তাই ক’লে বোলে তাইৰ চাবৰ মন৷ মই বোলো সেইবোৰ কাম কৰিলে ইয়াত গালি খাব লাগিব৷
তাই ওলোটাই মোক কয় ‘মনে মনে চালে কোনেও নেদেখে, ব’লানা চাই দিয়া প্লিজ৷’
শেষত উপায়হীন হৈ মই গাড়ীখনৰ পাছফালে গৈ লাহেকৈ কাপোৰখন অকণমান আঁতৰাই ভিতৰলৈ চালোঁ৷ জীৱনত সিংহ ইমান ওচৰৰপৰা চাগে প্ৰথমবাৰ দেখা পালোঁ৷ মাইকী সিংহ এজনী আমাৰফালে পাছটো দি ঠেং-ঠুং মেলি শুই আছিল৷
জিলমিলক ক’লোঁহি, ‘সিংহ এজনী শুই আছে৷’
তাই বোলে শুই আছেনে সাৰ পাই আছে৷ মই ক’লোঁ, শুই আছে৷
“তুমি চিউৰ?”
মই ক’লোঁ য়েচ৷
এইবাৰ তাই মোক ক’লে “ব’লাচোন মনে মনে দুইটাই চেল্ফি এখন মাৰো সিংহজনীৰ লগত৷” মই বুজিলোঁ কথা চেটেপ, কিবাকৈ ৰখীয়াবোৰে দেখিবলৈ হ’লে যে কুকুৰে কাঁইট নোখোৱা গালি পাৰিব সেইয়া ধুৰূপ৷ তথাপিও জিলমিলক প্ৰথম দিনা লগ পোৱাৰ সুবাদতে ইফালে-সিফালে চাই লাহেকৈ গাড়ীখনৰ পাছফাল পালোঁগৈ৷ জিলমিল মোৰ বাহুত জোৰেৰে ধৰি মোৰ কাষে কাষে৷
বুকুখনত দুটা প্ৰকাৰৰ ধপধপনি সমানে বাজিছিল, ‘এটা জিলমিলে মোৰ বাহুত কৰা স্পৰ্শৰ মিঠা মিঠা ধপধপনি, আনটো সিংহৰ লগত চেলফি মৰা ভয়ৰ ধপধপনি৷’
যি কি নহওক, মই লাহেকৈ কাপোৰখন আঁতৰালো৷ জিলমিলে তাইৰ ফ্ৰণ্ট কেমেৰা অন কৰিলে৷ মই এখন হাতেৰে কাপোৰখন অকণমান আঁতৰাই থিয় দিলোঁ, জিলমিলে কেমেৰা ৰেডী কৰি ”ৰেডীনে, স্মাইল বুলি কৈ কেমেৰাৰ বাটন ডবালে, ঠিক সেই চেকেণ্ডৰ মুহূৰ্ততে সিংহজনী থিয় হৈ মোৰ মূৰত পৰাকৈ পিঞ্জৰাৰ ভিতৰৰপৰা চৰচৰাই মুতি দিলে৷”
”তাৰপাছত?” (কাহিনীটোৰ আৰম্ভণিতে লিখা পেৰাগ্ৰাফ দুটা পাঠকে এইখিনিতে সোমোৱাব লৈ পঢ়িব পাৰিব)
“গোটেই গাটোত বীভৎস গোন্ধ, আনফালে জিলমিল কেইচেকেণ্ডমানৰ বাবে স্তব্ধ, তাৰপাছতে তাইৰ হাঁহি নহয়হে বন্ধ৷” এবাৰ মোৰ মুখলৈ চাই আনবাৰ তাইৰ হাতৰ ম’বাইললৈ চাই পেটত হেঁচা মাৰি ধৰি হাঁহিবলৈ ধৰিলে৷ আনফালে মই প্ৰেমৰ আবতৰীয়া বৰষুণত তিতিবলৈ গৈ সিংহৰ মুতত তিতি দুৰ্গন্ধত ভেচভেচীয়া হ’লোঁ৷”
পাছৰ কাহিনীখিনি বন্ধুৱে কিবাকিবি কৈছিল, জিলমিল হেনো খোজকাঢ়ি গ’ল, ইত্যাদি ইত্যাদি৷ মই আৰু সেইখিনিত ৰ’ব নোৱাৰিলোঁ, “ঐ মাইকী সিংহই মূৰত মুতি দিয়াটো ঐ” বুলি আড্ডাটোৰ আনকেইটাৰ লগত যোগ দিলোঁগৈ৷
☆ ★ ☆ ★ ☆
2:40 pm
?????
ইচ্ কি বিলৈ হ’ল!