ফটাঢোল

ফটাপ্ৰশ্ন

১)দিপ্তী শৰ্মা:

ফেচবুকত “কেৱল মহিলাৰ বাবে” বিভিন্ন গ্ৰুপ থাকে।তেনেকুৱাকে পুৰুষসকলৰো “কেৱল পুৰুষৰ বাবে” গ্ৰুপ আছেনে?যদি আছে ঠিকে আছে। যদি নাই কিয় নাই বাৰু?

উত্তৰঃ- উত্তৰ দিবলৈ লাজেই লাগিছে নহয়। আচলতে আমি পুৰুষ বিলাক ফেচবুকত থকাৰ মূল প্ৰেৰণাটোৱেই হ’ল মহিলাসকল। মহিলা নথকা গ্ৰুপ এটা খুলি কিডাল হ’ব? তেনে গ্ৰুপত আড্ডা মৰাতকৈ সন্ধিয়া বহি দিয়া হাজাৰ গুণে ভাল হ’ব।

 ২)বিনীতা বৰশইকীয়া (তাবিনী য়াচেং )

ক) তলত উল্লেখ কৰা ‘প্ৰেমিকাৰ বাক্যশাৰী ‘পত্নী’ ৰ বাক্যলৈ পৰিৱৰ্তন কৰা :-

” ভালতো মই তোমাকেই পাওঁ ন । ব’লানা অলপ ফুৰি আহোঁ।”

উত্তৰঃ- তোমাক বিয়া পাতি মোৰ জীৱন বৰবাদ হৈ গ’ল, তাৰ ওপৰত আকৌ কি এই অলৈ যাওঁ, তলৈ যাওঁ! 

খ) ভেকুলীৰ পিঠিত নোম গজিলে সংসাৰত  কেনেধৰণৰ পৰিৱৰ্তন আশা কৰিব পাৰি?

উত্তৰঃ- পৰিৱৰ্তনৰ কথা ভাবিলেই ভয় লগা হ’ল হে! নেলাগে দিয়ক, ভেকুলীবিলাকো নোম নোহোৱাকৈয়ে সুখত থাকক, সিহঁ‌তৰ থ্ৰেডিং, ৱেক্সিঙৰ খৰছ বাচক, আমিও যেনেকে আছোঁ তেনেকৈয়ে থাকোঁ, নেলাগে পৰিৱৰ্তন।

 ৩)জয়ন্ত কুমাৰ ডেকা:

দুৰ্গাপূজাৰ প্ৰতীকিৰ ( কল্পনাৰ ) দ্বাৰা প্ৰকৃতাৰ্থত কাক বেছি শক্তিশালী ৰূপে প্ৰদৰ্শিত কৰা হয় ? নাৰী ৰূপৰ ন্যায় শক্তিক নে পুৰুষ ৰূপী অহংকাৰক? যিহেতু মূৰ্তিত আসুৰিক প্ৰতীকিৰ পুৰুষৰ হাত দুখন কিন্তু দূৰ্গা দেৱীৰ দহখন ….. , অসুৰৰ এখন হাতত এখনে খৰ্গ, দূৰ্গাৰ দহখন হাতত দহবিধ অস্ত্ৰ। প্ৰতীকিৰ ৰূপে প্ৰতিষ্ঠিত এই অসামঞ্জস্য‌ই কেনে বাৰ্তানো প্ৰকৃততে  দিয়ে?

উত্তৰঃ- ন্যায়ৰ অস্ত্ৰ বহুত, আনহাতে অন্যায়ৰ অস্ত্ৰ তেনেই সীমাবদ্ধ। আমি ভাৱো অন্যায় শক্তিশালী, অসুৰৰ খৰ্গখন কি ভয়ংকৰ। কিন্তু আমি বুজি নেপাওঁ যে অন্যায়ৰ ভয়ংকৰ অস্ত্ৰ নিবাৰণ কৰিবলৈ সত্য আৰু ন্যায়ৰ হাতত অনেক অস্ত্ৰ থাকে।

 ৪)শ্ৰুতিমালা মিশ্ৰ:

– পুলিছে যে মাৰাথান জেৰা অব্যাহত ৰখা বুলি কোৱা হয় সেই জেৰাটো কিমান কিঃমিঃ দীঘল হয় বাৰু?

উত্তৰঃ- ওপৰ মহলাৰ লগত অপৰাধীৰ বুজাপৰা কেনে তাৰ ওপৰত নিৰ্ভৰ কৰিব কথাটো, কেতিয়াবা মুঠেই দহ মিটাৰ মানতে মাৰাথন শেষ হয়, কেতিয়াবা আকৌ হেজাৰ কিলোমিটাৰো হ’ব পাৰে।

 ৫)কমলা দাস:

ইয়াৰ সৰা চুলি, তাৰ সৰা চুলি আনি

বান্ধি যাওঁ নেঘেৰি খোপা। 

এই নেঘেৰী খোপাটো কেনেকুৱা আৰু কিমান ডাঙৰ আছিল বাৰু?

উত্তৰঃ- কাৰ কাৰ চুলি আনিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব, কেনেবাকৈ হেকাদাৰ চুলিৰে নেঘেৰী খোপা বান্ধিম বুলি আশা কৰি আছে যদি সেইফালে আধ্যাই পৰিল।


৬) বিপুল শৰ্মা:

প্ৰশ্ন: জয়ৰ অন্ত মানে আৰু আগলৈ কেতিয়াও নিজিকা নেকি? মানে ‘ৱাটাৰ্লুত নেপোলিয়নৰ জয়ন্ত হ’ল’ বাক্যটি শুদ্ধ নে?

উত্তৰঃ- জয়ন্ত শব্দৰ অৰ্থ হ’ল বিজয়ী, জয়ৰ অন্তত যি থাকি যায়। গতিকে ৱাটাৰ্লুত নেলচন হে জয়ন্ত, নেপোলিয়ন নহয়।


৭)ভূপালী দেৱী:

খোজ কাঢ়িলে শৰীৰৰ ওজন কমে। হাতীয়ে দেখোন অনবৰতে খোজ কাঢ়িয়ে আহাৰ বিচাৰি ফুৰে, তেন্তে হাতী কিয় নিক্ষীণাই?

উত্তৰঃ- খোজ কাঢ়িলেই ওজন নকমে, খাদ্যও কমাব লাগিব। আপুনি যিমানে খোজ নেকাঢ়ক, নদৌৰক, চাৰিবেলা চাৰিসাঁ‌জ মাছে মাংসই, ঘিঁৱে, মৌৱে, সাঁ‌জে গাহৰিয়ে ডবাই থাকিলে ওজন বাঢ়িবহে, নকমে। হাতীৰো একে গতি।


৮)জ্যোৎস্না ৰাণী দাস:

 Black আৰু white দুয়োটাই কালাৰ কিন্তু কালাৰ টিভি আৰু ব্লেক এণ্ড হোৱাইট টিভিক কিয় বেলেগকৈ কয় বাৰু?

উত্তৰঃ-এই দুবিধ টিভি পৃথক নহয় জানো?  এতিয়া সেই পাৰ্থক্যটো বুজাবলৈ দুটা বেলেগ শব্দ নেলাগিব জানো? ঠিক আছে বাৰু ব্লেক এণ্ড হোৱাইট বুলি নকওঁ, আপুনিয়ে সেই টিভিটো বুজাবলৈ আন শব্দ এটা দিয়কচোন!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *