ফটাঢোল

একো নজনাকে একো নুবুজাকে-জ্যোতিৰ্ময় শৰ্মা

একো নজনাকে একো নুবুজাকে আপুনি হয়তো কেতিয়াবা মস্ত চেনী, লেতেৰা চৰিত্ৰৰ মানুহ হৈ যাব পাৰে! কেনেকৈ? এই বিশেষণকেইটা পাবলৈ আপুনি বেছি কষ্ট কৰিব নালাগে। এটা সম্ভাব্য পৰিস্থিতিৰ কথা কৈছোঁ দেই।

বন্ধৰ দিন। আপুনি ঘৰতে আছে। দহমান বজাত মায়ে আপোনাক ক’লে, “তোৰতো আজি অফিচ নাই। এনেয়ে থকাতকৈ জয়ন্তী খুৰীহঁতৰ বিয়াখনলৈ তয়ে যা। বিয়ালৈ মাতিবলৈ আহোতেই কৈ থৈ গৈছে এইবাৰো যদি কোনো নাযায়, সম্পৰ্ক শেষ বুলি ধৰি ল’ম।” জয়ন্তী খুৰী কোন, ক’ত ঘৰ, আচলতে কাৰ বিয়া, জয়ন্তী খুৰীৰ নে তেখেতৰ পুতেকৰ এই গোটেই কথাবোৰ জানি লৈ আপুনি ওলাল বিয়া খাবলৈ আপোনাৰ পুৰণি, ঘেগেলা হিৰো হোণ্ডা বাইকখন লৈ। বাইকখনত যদিও দুজন মানুহ উঠিব পাৰে, বৰ্তমান অৱস্থাত সি এজন মানুহহে কঢ়িয়াব পাৰে। কাৰণ পিছফালৰ শ্বক এৱজৰ্বাৰ বেয়া হোৱা বহুদিনেই হ’ল। ঘটক ঘটক শব্দ ওলায়। আপুনিও ভাল কৰা নাই। পিছৰ চিটত বহা মানুহেই নাই। থাকক। পংকজ মেকানিকে কৈ কৈ ভাগৰি গ’ল। দৰকাৰ নাই। থাকক। পিছফালে উঠা মানুহেই নাই। বিয়াঘৰত “বাপৰে, আমাৰ কি ভাগ্য! তুমি আহিছা!” এনেকুৱা অনেক সাদৰ-সম্ভাষণ, লগতে “এইবাৰ পাতা আৰু। কিমান আৰু অকলে অকলে এনেকৈ….. নে ক’ৰবাত কিবা ঠিক কৰি থৈছা? দেৰীয়েই হৈছে দেই…” এনেকুৱা অনেক অপ্ৰস্তুত হ’ব লগা পৰিস্থিতি পাৰ কৰাৰ পিছত এটা সময়ত আপুনি ঘূৰি আহিবলৈ ওলাল। বাইকখন ষ্টাৰ্ট দিছেহে, ক’ৰপৰা জানো আপোনাৰ চুবুৰীৰে প্ৰশান্ত‍ই আহি মাত লগালে – “ময়ো যাওঁ ৰ’ব আপোনাৰ লগত। আহোঁতে বৰ কষ্ট পালোঁ মেজিকত।” আপুনি সেমেনা-সেমেনিকৈ আপোনাৰ বাইকখনৰ যে দুজন মানুহ কঢ়িয়াব পৰা সক্ষমতা নাই সেই কথাটো বুজাই মেলি অকলে অকলে গুচি আহিল।

“চেঃ! কি বুলি বা ভাবিলে প্ৰশান্ত‍ই? এঃ, একো নাই , বুজি পাইছে চাগে।” এনেকুৱা অনেক কথা ভাবি-চিন্তি মনত এটা অপৰাধবোধ আৰু দুখৰ মিক্সাৰ বনাই লৈ আপুনি আহি আছে। বাটতে পংকজৰ গেৰেজ। কিবা এটা ভাবি আপুনি বাইক সুমুৱাই দিলে গেৰেজত। “ঐ পংকজ, কি লগাব লাগে লগা। য’তে ততে লাজ পাওঁ চাল্লা।” পংকজ কামত লাগি গ’ল। বিশ মিনিটমানৰ ভিতৰত আপোনাৰ এজনীয়া বাইক দুজনৰ বাবে উপযোগী হৈ উঠিল। 

ঘৰলৈ বুলি আহি থাকোতে ৰাম মন্দিৰৰ সন্মুখৰ পৰা লতা বাইদেৱে আপোনাক মাতিছে, “এ, ৰ’বা ৰ’বা, ময়ো যাওঁ ৰ’বা তোমাৰ লগত। মোক অসম বুক হাউচত নমাই দিবা।” 

লতা বাইদেউ সম্পৰ্কে আকৌ চহৰত অনেক মুখৰোচক কাহিনী প্ৰচলিত। কোন ইঞ্জিনিয়াৰ, বিয়াগোম বিষয়াক লতাৰ নিচিনাকৈ মেৰিয়াই ধৰি অনেক সা-সুবিধা ল’লে, কিদৰে পুতেকক চাকৰি দিলে, কোন কোন নেতাৰ লগত একচেপচনেলী ভাল এনেকুৱা বহুত কাহিনী! 

আপুনি লতা বাইদেউক পিছফালে বহুৱাই লৈ আহি আছে। আপোনাৰ বাইক এতিয়া দুজনৰ বাবে উপযোগী। ঘটং ঘটং শব্দও নাই! লতা বাইদেউ আপোনাৰ বাইকৰ পিছফালে বহি অহা কথাটোত আপোনাৰ ভাবিবলগীয়া একো নাই। আপুনি আকৌ তেখেতৰ সৰু ভায়েক মলয়ৰ লগত একেলগে পঢ়া। গতিকে একো নাই। 

অসম বুক হাউচ পোৱাৰ পিছত আপোনাক মাত চাত লগাই সোনকালে বিয়াখন পতাৰ কথাটো আকৌ এবাৰ সোঁৱৰাই দি বাইদেৱে ঠিক বাইকৰ পৰা নমাৰ সময়তেই সেইখিনিতে এখন মেজিক ৰ’লহি। আপোনাক সাংঘাতিক বিব্ৰত অবস্থাত পেলাই দি মেজিকখনৰ পৰা ধূলিয়ে চুলিয়ে বিধ্বস্ত চেহেৰা এটা লৈ নামি আহিল সেই বিয়া ঘৰত লগ পোৱা আপোনাৰ চুবুৰীৰ প্ৰশান্ত! প্ৰশান্ত‍ই আপোনাক নামাতিলেই। আপোনাৰ কাষেৰে আপোনাক যেন দেখাই নাই তেনেকুৱা ধৰণে গুচি গ’ল। 

সেইদিনা সন্ধিয়া প্ৰশান্তই আড্ডাত গোটেই কথাটো বৰ্ণনা কৰি উঠি ক’লে যে সি আচলতে আপোনাক তেনেকুৱা মানুহ বুলি ভবাই নাছিল। এতিয়াহে সি বুজি পালে এই বয়সলৈ আপুনি বিয়া নপতাৰ ৰহস্য। ল’ৰা উঠাবলৈ আপোনাৰ বাইক বেয়া হয়, কিন্তু আধাঘণ্টাৰ পিছতে সেই একেখন বাইক মাইকী মানুহ উঠাব পৰাকৈ ভাল হৈ যায়। কিবা এটা জেং আছে আপোনাৰ। আড্ডাত থকা দাদুলে ক’লে, “মস্ত চেনী এটা! এনেকুৱা লেতেৰা কেৰেক্টাৰৰ মানুহক কোনে ছোৱালী দিব? সেই কাৰণে এইটো বয়সলৈ…….!”

নয়নেতো আপোনাক গুৱাহাটীত কোনোবা সন্দেহজনক মহিলাৰ লগত এদিন দেখা পোৱা বুলিয়েই কৈ দিলে। 

একো নজনাকে, একো নুবুজাকে মাত্ৰ আধা ঘণ্টাৰ ভিতৰত আপুনি এটা “মস্ত চেনী, লেতেৰা চৰিত্ৰ”ৰ মানুহত পৰিণত হ’ল।

☆ ★ ☆ ★ ☆

3 Comments

  • সুস্মিতা

    আপোনাৰ লেখাবোৰ সদায়েই সুস্বাদু ।

    ধন্যবাদ থাকিল

    Reply
  • ডলী

    ভাল লাগিল

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বৰ বঢ়িয়া৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *