ফটাঢোল

প্রথম কৰ’ণাৰ নোপোৱা বিধান-ধনজিত বৰুৱা

একাদশীৰ ৰাতি শিমলুৰ ডালত উভতাকৈ উলমি যমডাকিনীৰ পাখি পিন্ধি যখিনীৰ চুলি ছিঙি তাবিজ বনোৱা ফুলচন বেজ।

তাণ্ডবত কৈলাশ নহ’লেও কঠালগুড়িৰ দূৰ দূৰলৈ হিলাই থাকে। সপোনত পোৱা প্ৰায় ২৪টা মান দৰৱৰ পেটেণ্ট আছে। 

মই বোলো,

: গুৰৰৰৰৰু সপোনত তেৰাই কৰ’নাৰ দৰৱ দিয়া নাই নে। 

মুখত মণিপুৰী ভাঙৰ নিচা আৰু ৰহস্যৰ তৃষ্ণা জগোৱা বিস্ময় কৰা মায়াময় হাঁহি। 

তাৰ পাছত নিৰাপত্তা পৰিষদৰ বৈঠকৰ  সদস্যৰ সভাৰ দৰে গোপন টিপ্পনি ওপৰৰ ফালে চাই,

“আহিছে, তেওঁ দি গ’ল “

যেন দত্ত ডক্টৰ আহিল আৰু পেলু বেজি মাৰি গ’ল।

 মই বোলো,

: কি! কোন! 

তেওঁ বোলে,

: ঔষধ, ভোলানাথে দি গ’ল ব’হাগী পূৰ্ণিমাৰ  দিনা। হৰি ঔঁ।

ৰুদ্ৰাক্ষৰ মালাৰ শাৰীৰ পৰা নিৰ্দিষ্ট এডাল চকুত লগাই চুমা খাই ইজিকৈ গলত ল’লে। 

মোৰ কাণত ক’লে,

: মালকেইটা গোটাই লৈয়ে ষ্টাৰ্ট কৰিম। 

মই বোলো,

: কি কি ! ( আগতেও পাই থৈছোঁ)।

বাঘৰ মুখৰ নোম, ঢেকীয়া  পতীয়াৰ। ই ৰেয়াৰ বস্তু, ৰেয়াৰত ধৰিছে। খঙত বোলো ‘আৰু’ জীয়া ফেটিসাপৰ ফণাৰ ছাল। 

বিষাক্ত, ফুলচন মানে কমপ্লিট বিষাক্ত টিঙিচকে মাৰিছে খংটো ।  

: আৰু কি?

: হিমালয়ৰ গুহাত  থকা বগা কাছৰ নখ। 

: হয়নে (অশ্লীল)?

মোৰ বেয়া মাতক নিৰ্বোধ বালকক মাফ কৰাৰ দৰে কৰি ফুলচন গুৰুৱে উদাসকৈ পৃথিৱীলৈ চালে। গভীৰ নিৰাশাৰে  ক’লে,

: সেই মালটো চাগৈ চীনে লৈ গ’ল আৰু কোৰিয়াৰ কিম জোং নে ডোং সেইটোক দি দিলে। 

ক’বলৈ কি থাকিলনো! 

কথা নবহাই  ‘দে বাৰু’ বুলি চাদা এপালি ভৰাই খোঁচনিৰ পৰা মাস্কখন উলিয়াই ভালকৈ লগাই খৰখোজ ধৰিলে। 

পুতেকে কেৰেলাৰ পৰা পঠিওৱা পইচাৰে টিভি আনিছিল।  এই  মজাৰ চাইক’টোৱে  কেনেবাকৈ কুংফু পাণ্ডা চোৱা নাইতো লকডাউনত। প্ৰভু এইবাৰলৈ  মাফ কৰা, দুখো আছে যদিও সমাজৰ এই সৰু সৰু চৰিত্ৰবোৰত এটা ৰসবোধো আছে। ইয়াত এই আমাৰ চাৰিওফালে কিবা এটা আছে। মোহ, মায়া…বুজাব নোৱাৰা।

☆ ★ ☆ ★ ☆

13 Comments

Leave a Reply

Your email address will not be published.

error: Content is protected !!