অমলেট খাব নেকি-কমলা দাস
আমাৰ ঠাইখনত সেই সময়ত কুকুৰা ফাৰ্ম খোলা ট্ৰেণ্ডটো লাহে লাহে আৰম্ভ হৈছিলহে মাত্ৰ। থলুৱা কুকুৰাৰ বাদেও যে কৃত্ৰিম ভাৱে জগোৱা পোৱালি মগাই আনি ডাঙৰ দীঘল কৰি কণী আৰু মাংসৰ ব্যৱসায় কৰিব পাৰি, সেইয়া দুই এজন উদ্যোমী যুৱকে বুজি পাই, সেই ব্যৱসায়ত মনোযোগ দিবলৈ আৰম্ভ কৰিছিল।
আমাৰ ঘৰৰে ল’ৰা এজনেও পঢ়া শুনা শেষ কৰি ব্যৱসায়ত মন মেলিলে। ঠিৰাং কৰিলে যে সি কুকুৰাৰ ফাৰ্ম খুলিব। উন্নত জাতৰ কুকুৰা পালন কৰি স্বাৱলম্বী হ’ব। ভাল কথা। ঘৰৰ মানুহেও তাক উৎসাহিত কৰিলে। তাৰ শূন্য পাৰ্চেণ্টো অভিজ্ঞতা নথকা ব্যৱসায়টো কৰাৰ আগতে তাক অভিজ্ঞ ব্যক্তি দুই এজনৰ পৰা পৰামৰ্শ ল’বলৈ দিলে।
কৈছোঁৱেই নহয়, সেই সময়ত মগাই অনা পোৱালিৰে কুকুৰা পালন কৰা ব্যৱসায় আৰম্ভ হ’বলৈ ধৰিছিলহে মাত্ৰ! যি কেইজনে কৰিছিল, অভিজ্ঞতা জানিবলৈ, তেওঁলোককো বিচাৰি পোৱাটো সিমান সহজ নাছিল। মোবাইলৰ প্ৰচলন সেই সময়ত খুব সীমাবদ্ধ আছিল। আৰু ছয় সাত মাইল দূৰ চাইকেল মাৰি গৈ, তেওঁলোকক লগ ধৰিলেও, কেঁকোৰা জাতিৰ মানসিকতাৰেই কোনেও কাকো ভালদৰে বুজাই নকয়। আন এজনক শিকাই বুজাই ব্যৱসায়টো কৰিবলৈ উৎসাহ দিলে যেন তেওঁৰ ব্যৱসায়টো কোনোবাই কাঢ়িহে লৈ যাব! আমাৰ ল’ৰাটোৱে কষ্ট কৰি গৈ দুই এজনক সুধি পুচি আহিল যদিও বিশেষ জ্ঞান নাপালে।
এনেতে খবৰ পালোঁ যে আমাৰ বংশৰে এজনে কুকুৰা ফাৰ্ম এখন খুলিছে হেনো কেইমাহমানৰ আগতে! জানিব পাৰি ভালেই হ’ল। সি অন্ততঃ কিছু দিহা পৰামৰ্শ দিব পাৰিব! তাক লগ কৰিবলৈ যাবলৈ গুণাগথা কৰি থাকোতেই হঠাতে এদিন সি আহি হাজিৰ হ’ল আমাৰ ঘৰত। কিবা কামত এইফালে আহোঁতে আমাৰ ঘৰতো সোমাল।
চাহ পানী খাই উঠাৰ পাছত তাৰ লগত এই বিষয়ে আলোচনা কৰা হ’ল। সি ওঁ একেবাৰে নাক মুখ কোঁচাই ক’লে যে – বেপাৰটোত, তেজে মুতা হোৱা কষ্টৰ তুলনাত, লাভ সিমান নহয়!
যি নহওক, বহুত কষ্টৰ মূৰত, আমাৰ ঘৰত অৱশেষত কুকুৰা ফাৰ্ম খোলা হ’ল। বাঁহেৰে দুমহলীয়া ঘৰ এটা সাজি তাতে তলৰ অংশত ব্ৰইলাৰ আৰু ওপৰৰ অংশত লেয়াৰৰ মগাই অনা পোৱালিবোৰ ৰখা হ’ল।
ভাল যত্ন আৰু দানা পানী খাই কুকুৰাবোৰ ঠন ধৰি উঠিল। ব্ৰইলাৰবোৰ বিক্ৰী কৰিব পৰা হ’ল। সময়ত লেয়াৰবোৰে কণী দিবলৈ আৰম্ভ কৰিলে। সিহঁতে কণী দিবলৈ আৰম্ভ কৰাৰ পৰা এনেকুৱা হ’ল যে – দানা দিয়াৰ সময় পাঁচ মিনিট দেৰি হ’লেই চিঞৰ বাখৰ কৰি ইফালৰ পৰা সিফাললৈ দৌৰা দৌৰি বেছি হয় আৰু নিজে পৰা কণীবোৰকে খাবলৈ ধৰে। সেই সময়ত দানা দিবলৈ যোৱাটোক খুটিয়াই খাবলৈ হে বাকী এৰে! সেয়ে আমি সিহঁতৰ দানা দিয়া সময়টো লৰচৰ কৰিবলৈ ভয় খাওঁ।
সিহঁতক দানা খাবলৈ দি, কণীবোৰ বুটলিব লাগে। দানা দিবলৈ নিয়া মস্ত পাচিটোত এক পাচি কণী হয়। কণীৰে ভৰা পাচিটো লৈ ওপৰ মহলাৰ পৰা বাঁহৰ জখলাৰে বৰ সাৱধানে নামি আহিব লাগে। ভৰি পিছল খাই পৰিব লাগিলে গোটেইগালেই শেষ!
আৰু এদিন ভয় কৰি থকা ঘটনাটোৱেই ঘটিল! কণী লৈ ওপৰৰ পৰা নামি আহি থাকোতে ভাৰসাম্য ৰাখিব নোৱাৰি, কণীৰ মালিকৰ মূৰৰ পৰা কণীৰ পাচি চিধাই তলত!
তাৰ পিছৰখিনি একেবাৰে উজু! কমেও দেৰশটামান কণীৰ আধামান মাটিত চেপেটা হৈ চাৰিদিন মান গেলা পচা কণীৰ দুৰ্গন্ধৰ সৃষ্টি হ’ল। পানী মাৰি চাফা কৰি তৎ নোপোৱা অৱস্থা! বাকীখিনি ডাঙৰ চৰিয়া এটাত ওপৰে ওপৰে যি পাৰো, উঠালোঁ। ফাটি থকাবিলাক বেলেগে থলোঁ!
এতিয়া আহিল অমলেট খোৱাৰ পাল! আগতে কণী খাব লাগিলে কণীৰ মালিকৰ অনুমতি ল’ব লাগিছিল! আজি এতিয়া কিমানখিনি কণী খাব পাৰি তাৰে বাজি লগাব পৰা হৈছে। প্ৰথমে বৰ উৎসাহেৰে দহ বাৰটামান পিয়াঁজ কাটি চাৰি গণ্ডামান কণী লৈ অমলেট বনাই পুৱাৰ ভাতৰ লগত খালোঁ। মজা লাগিল। ফাটি যোৱা বাবে কণীবোৰ যিহেতু সাঁচি থ’ব নোৱাৰি, গতিকে দুপৰীয়া পুনৰ ভাতৰ লগত একৰাহী কুৰকুৰি ভাজা! প্ৰথমবাৰ খোৱাৰ দৰে দ্বিতীয়বাৰ সেই সোৱাদ নাপালোঁ! অলপ আমুৱাইছে! ওচৰৰ মানুহকো বিলাইছোঁ। কণী বোলা বস্তু! পেলাবলৈও সত নাযায়! সেই কেইদিনতে আকৌ ফ্ৰিজটোও বেয়া হৈ, ভাল কৰা দোকানত সোমাই আছিল! এতিয়াও বহুত ফটা কণী বাকী আছে! ছয়জনীয়া পৰিয়ালটোৱে দিনটোত কিমাননো কণী খাই শেষ কৰিম! নষ্ট হৈ যোৱাৰ ভয়ত আবেলি বগা অংশখিনি পেলাই দি অকল কুহুমখিনিৰে অমলেট বনাইছোঁ। অকণমান অকণমান খাই পেটলৈ নাযায় আৰু! ওকালি আহিব ধৰিছে। আধা খাই আধা পেলালোঁ। ইতিমধ্যে ঘৰৰ সকলোৰে উগাৰ মাৰোতেও কণী কণী গোন্ধ ওলাব ধৰিছে!
ৰাতিলৈ ৰৈ যোৱা কণীবোৰ চাই বেয়াই লাগিছে। খাবৰো মন যোৱা নাই আৰু কাৰোৱেই। ইফালে আজিয়েই খাই শেষ কৰিব নোৱাৰিলে, কাইলৈ এইসোপা তেনেই পেলাব লাগিব! দিনটো কণী খাই আমনিও লাগিছে! তথাপিও ৰাতিৰ সাজ ভাতৰ লগত অমলেট এখন এখন ভাজি দিম নেকি বুলি লাহেকৈ সোধোতে ঘৰৰ সৰু, ডাঙৰ সকলোৱে একেলগে সমস্বৰে চিঞৰিছে – নাখাওঁ.. নাখাওঁ.. নাখাওঁ..
আমি আৰু এবছৰমান কণীৰ অমলেট নাখাওঁ!
☆ ★ ☆ ★ ☆
10:47 am
ভাল লাগিল
2:41 pm
?ভাল লাগিল।
4:00 pm
ভাল লাগিল পঢ়ি বৰমা
4:09 pm
লেখাটো পঢ়ি চোৱা সকলোকে ধন্যবাদ জনালো