ফটাঢোল

ক’ভিদ মহামাৰীয়ে ভৰাই তোলা জীৱনবোৰ- শিৱানী বৰা

বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক’ভিদ মহামাৰীয়ে মানুহৰ জীৱনলৈ শংকা কঢ়িয়াই অনাৰ লগতে অৰ্থনৈতিক ব্যৱস্থাক বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে। জীৱনৰ ভৰষা নাইকিয়া হোৱা সময়তে কিছুমান জীৱন পোহৰমুখী হৈ উঠিছে। 

লকডাউনত ভাৰাক্ৰান্ত মনবোৰক ব্যস্ত ৰাখিবলৈ বহুতো লোকে নিজৰ প্ৰিয় কামসমূহৰ সৈতে জড়িত হৈ পৰিছিল। ছবি অঁকা, সাহিত্য চৰ্চা, ৰন্ধন কাৰ্য্য, ক্ৰাফ্ট বনোৱা আদি  মন পছন্দৰ কামত ৰাপ বাঢ়িছিল। 

এই মন পছন্দৰ কামসমূহে বহুতো লোকৰ বাবে উপাৰ্জনৰ পথ মুকলি কৰিছে। কেক বনাই ভাল পোৱা মহিলাই এতিয়া ব্যৱসায়িক ভিত্তিত কেক বনাবলৈ আৰম্ভ কৰিছে। কোনো মহিলাই টিফিন চাৰ্ভিছ আৰম্ভ কৰিছে। বহুতো যুৱক যুৱতীয়ে ৰন্ধা বঢ়াক এতিয়া বৃত্তি হিচাপে বাছি লৈছে।

সময় পাৰ কৰিবলৈ বুলি শিকা নতুন কামবোৰে অৰ্থৰ চাহিদা পূৰণ কৰিছে। ঘৰতে প্ৰাকৃতিকভাৱে নিৰ্মাণ কৰা চাবোন, গহনা, ঘৰ সজাবলৈ বিভিন্ন সামগ্ৰী আদিক এতিয়া জীৱিকা হিচাপে বাচি লৈছে ।

ক’ভিদে জুৰুলা কৰা অৰ্থনৈতিক ব্যৱস্থাৰ পৰিণতিত বহুতো লোকে নিজৰ চাকৰি হেৰুৱাবলগীয়া হৈছিল। সেইসকল লোকে এতিয়া চাকৰিৰ বাবে আশা নকৰি নিজাববীয়াকৈ সৰু সৰু উদ্যোগ গঢ়ি তোলাত গুৰুত্ব দিছে।

ছবি অঁকা, সাহিত্য চৰ্চা আদি লুকাই থকা প্ৰতিভাসমূহ বাহিৰলৈ আহিছে। বহুতে নিজৰ হবিসমূহক অৰ্থ উপাৰ্জনৰ বাবে ব্যৱহাৰ কৰি সফলতা লাভ কৰিছে। জীৱনলৈ এক গতি আহিছে।

কেৱল চাকৰিৰ বাবে অপেক্ষা কৰি থকা অসমৰ নৱ প্ৰজন্মৰ মানসিকতা ক’ভিদ মহামাৰীয়ে সলনি কৰিলে। আত্মনিৰ্ভৰশীল হৈ আত্মনিৰ্ভৰ অসম গঢ়াৰ ক্ষেত্ৰত ই এক বলিষ্ঠ পদক্ষেপ। মানুহৰ জীৱন জুৰুলা কৰিলেও কভিদে পোহৰমুখী কৰি তোলা এনে হাজাৰ জীৱনৰ কথাও আমি আওকাণ কৰিব নোৱাৰোঁ।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *